মনৰ কথা—কৃষ্ণা বৈশ্য
পি পি ই শব্দটো শুনিলেই আমাৰ স্বাস্থ্যকৰ্মীসকলৰ মনবোৰত জ্বৰ উঠি আহে। ক’ভিড ৱাৰ্ডত সোমাবৰ সময়ত ড্ৰেছটোৰ অংশবোৰ এটা এটাকৈ পিন্ধি থাকোঁতে গাটো লাহে লাহে বেয়া লাগি আহিবলৈ ধৰে। গ্লভছ, ছু ক’ভাৰ, কেপ, গাগলছ, গাউন, মাস্ক, আকৌ গ্লভছ একেবাৰে শেষত এপ্ৰনটো পিন্ধি উঠি যেতিয়া ড’নিং ৰুমত থকা আইনাখনত নিজকে চাওঁ তেতিয়া নিজকে কিবা অন্য গ্ৰহৰ প্ৰাণী যেন অনুভৱ হয়। পি পি ই পিন্ধা সম্পূৰ্ণ হ’লে ৱাৰ্ডত সোমোৱাৰ আগতে নিজকে ষ্ট্ৰেছ কৰি ড্ৰেছযোৰৰ ফ্লেক্সিবিলিটি চাই ল’ব লাগে। নহ’লে কেতিয়াবা ডিউটিৰ মাজতে ড্ৰেছটো ফাটি যোৱাৰ ভয় থাকে।
ৱাৰ্ডবোৰত সোমালে মোৰ ভাৱ হয়, স্পেছ চুট পিন্ধি বৰ্হি বিশ্বৰ মানুহ কিছুমানে যন্ত্ৰ কিছুমান ( জ্বৰ চোৱা থাৰ্মেল স্কেনাৰ আৰু পালচ অক্সিমিটাৰ ) লৈ ঘূৰা ফুৰা কৰি আছে। ইফালে মই নিজেও কিন্তু সেই ড্ৰেছতেই। অলপ সময় কাম কৰাৰ পাছতে আমাৰ ঘামবোৰ টুপ টুপকৈ সৰি পৰিবলৈ ধৰে। বাহিৰ ওলাবলৈ বাট বিচাৰি নাপাই ঘামবোৰে শৰীৰ আৰু পিন্ধি থকা কাপোৰ যোৰকে সম্পূৰ্ণকৈ তিয়াই পেলায়। চকু মুখবোৰ খজুৱাবলৈ ধৰে। গাগলছৰ গ্লাছবোৰ লাহে লাহে বাষ্পাকুল হৈ পৰে। টিকটত লিখা থকা আখৰবোৰ পঢ়ি চাবলৈ অসুবিধা হয়।
”পেচাব কৰা লাগিছে? নাই যাব নোৱাৰা। পাৰিলে ডিউটিলৈ আহিলে ডাইপাৰ এটা পিন্ধি আহিবা। পিয়াহত কণ্ঠ কণ্ঠ শুকাই গৈছে? জিভা কৰ্কৰীয়া হৈছে? উপায় নাই। তেনেকেই তুমি অলপ ডিহাইদ্ৰেটেদ ৰোগীবোৰক অ’ আৰ’এছৰ পেকট বিলাই থাকা। মূৰ ঘূৰাইছে, গা বেয়া লাগিছে? অকমাণ ফেনৰ তলত বহি লোৱা। খবৰদাৰ, ভুলতো মাস্কখনত হাত নিদিবা।” নিজৰ মনটোৱে আমাক অনবৰতে সকিয়াই থাকে।
ডিউটি কৰিও ৰুমলৈ খৰধৰকৈ ঘূৰি আহিব নোৱাৰোঁ। ৰুমলৈ অহাৰ আগতে ‘ড’ফিং’ নামৰ পাহাৰখন বগাই আহিব লগা হয়। ক’ভিড যোদ্ধাৰ পি পি ই ড্ৰেছৰ লগত জড়িত আটাইতকৈ ভয়ঙ্কৰ শব্দটোৱে হৈছে ‘ড’ফিং’। ড’ফিং হৈছে পি পি ই খোলা প্ৰ’চেছটো। এই প্ৰ’চেছটোত যথেষ্ট সময় লাগে আৰু অকমান ভুল হ’লেই ক’ভিড19 ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ ভয় থাকে।
মোৰ কেতিয়াবা আধা ৰাউণ্ড দি ওলাই আহিম যেন লাগে। ড’ফিঙৰ সময়ত সদায় কান্দি দিবলৈ মন যায়। লাহে লাহে এটা এটাকৈ পি পি ইঅংশবোৰ সোলোকাই ৰুম আহি পাওঁতে ভাগৰে পিয়াহে হেঁচা মাৰি ধৰে। মন হয়, টেবুলত থকা ৰিয়েলৰ পেকেটকেইটা, পানীৰ বটলটো ঘোটঘোটকৈ পি পেলাম। কিন্তু হঠাতে অকমাণি কেইটাৰ মুখকেইখনলৈ মনত পৰে। অকমান ভুলৰ বাবে মোৰ শৰীৰলৈ ক’ভিদৰ সংক্ৰমণ হ’লে কি হ’ব? আকৌ হস্পিতেলত ভৰ্তি হ’ব লাগিব। সিহঁতে যে চৈধ্য দিন পাছত মই ঘৰলৈ উভতি যাম বুলি আশাৰে বাট চাই আছে। মনটোক সামৰি আনোঁ। পানী বা জুছ নোখোৱাকৈয়ে বাথৰুমত সোমাওঁ। এপৰলৈ ঘহি ঘহি গা মূৰ ধুইহে মনটোত শান্তি পাওঁ। তাৰ পাছতহে নিজৰ শৰীৰটোৰ ভোক, পিয়াহ, ভাগৰৰ খবৰ লওঁ।
তাৰ বাহিৰে আমাৰ ওচৰত উপায়ে বা কি আছে? যুদ্ধৰ বাবে আহিছোঁ যেতিয়া পলাবতো নোৱাৰাঁ। শেষ মুহূৰ্তলৈকে যুদ্ধক্ষেত্ৰত তিষ্ঠি থাকিব পাৰিব লাগিব!
সেই কাৰণেই ক’ভিড ৱাৰ্ডত সদায় এটা পজিটিভ মন লৈ সোমাব লাগে। কিন্তু ইমান কষ্ট আৰু ভয়ৰ মাজত আমাৰ মনটোক পজিটিভ কৰি ৰাখিম কেনেকৈ? ক’ৰ পৰা আহিব পজিটিভ এনাৰ্জি?
যি কামে আমাৰ মনটোক প্ৰফুল্ল কৰি ৰাখে, যি চিন্তাধাৰাই আমাৰ হৃদয়লৈ ৰ’দৰ চিঠি কঢ়িয়াই আনে, সেইবোৰেই হৈছে পজিটিভ এনাৰ্জি। তাৰেই চেষ্টাৰে আজি ক’ভিড ৱাৰ্ডত সোমোৱাৰ আগতে পিপিই পিন্ধি লৈ ষ্ট্ৰেছ কৰি ফ্লেক্সিবিলিটি চোৱাৰ সলনি অকমান নাচিয়েই ফ্লেক্সিবিলিটি টেষ্টটো কৰি পেলালোঁ। মই ভাল নানাচোঁ। কিন্তু নাচি ভাল পাওঁ। হৃদয়েৰে!