মনৰ কথা.. –ৰিতুপৰ্ণ ডেকা
বিশ্বৰ শ্ৰেষ্ঠ শিক্ষা ব্যৱস্থাৰ দেশ ফিনলেণ্ডৰ ছাত্ৰী এগৰাকীক যেতিয়া আমেৰিকাৰ ডকুমেণ্ট্ৰী নিৰ্মাতা এজনে কৈছিল যে আমি পৰীক্ষাৰ বাবে কবিতা মুখস্থ কৰো তেতিয়া তাই আচৰিত হৈ সুধিছিল, কিয়? নিৰ্মাতাজনে একো উত্তৰ নাপাই কৈছিল, চাগে সময় নষ্ট কৰিবলৈ!
পৰুৱা এটাৰ বিষয়ে জানিবলৈ ডাঙৰ কিতাপ হাতত তুলি দিয়াৰ পৰিবৰ্তে পৰুৱা থকা গছত ছাত্ৰক উঠাই দিয়া শিক্ষা ব্যৱস্থা আছে ফিনলেণ্ডত৷ য’ত ছাত্ৰ- ছাত্ৰীৰ নাই কোনো হোমৱৰ্ক, য’ত স্কুলত থাকিব লাগে তিনিৰ পৰা চাৰিঘণ্টা৷ এনে এটা শিক্ষা ব্যৱস্থাক আমি নানা যুক্তিৰে গ্ৰহণযোগ্য নহয় প্ৰমাণ কৰিব পাৰো পিছে এনে পদ্ধতিৰে তেওঁলোক ১-নম্বৰত আৰু আমি ভাৰতীয় ৯২ নম্বৰত৷
আজি দেখিলো ৯২শতাংশ পাই কান্দোনত গগণ ফলা ছাত্ৰী, ঘৰৰ পৰিৱেশ সেমেকা, কিয় পালে ইমান কম নম্বৰ! মোৰ এনেকুৱা লাগে সিহঁত যেন ৯২ শতাংশৰ যোগ্যয়ে নহয়৷ ৯২শতাংশ পাইছে অথচ ইমানখিনি মেচিউৰিটিয়ে নাই যে ৯২শতাংশ পোৱা সহজ কথা নহয় বা যিমান পাইছো তাতে সন্তুষ্ট হ’ব এতিয়ালৈ শিকাই নাই৷ ইমান নম্বৰ পাইয়ো উপভোগ কৰিব নোৱাৰি কান্দি থকাবোৰক যেন ভৱিষ্যতৰ সুনাগৰিক হিচাপে চাবলৈ অলপ টান পাওঁ৷ সন্দেহ হয় এনে চিন্তালৈ যেতিয়া পিছত ডাঙৰ ডাঙৰ চৰকাৰী পদবী ল’ব তেতিয়া তেওঁলোকে ফিনলেণ্ড আদিৰ দৰে দেশৰ ব্যৱস্থা ভাৰতত প্ৰৱৰ্তন কৰিব চেষ্টা কৰিবনে? তেওঁলোকে নিজে যিহেতু সেই ব্যৱস্থাটোত ‘কমফৰ্টেবল’ তেনেস্থলত কেনেকৈ আনৰ সমস্যা উপলব্ধি কৰিব?
ষ্টেণ্ড কৰা ল’ৰাই কিয় ৰাজনীতিত নাযায়, কিয় নোৱেল পোৱা নাই, কিয় ষ্টেণ্ড কৰি কোনোয়ে অস্কাৰ আনিব পৰা নাই অলপ ভাবি চোৱা উচিত৷ নে কেৱল ডক্টৰ, প্ৰফেচৰ, ইঞ্জিনীয়াৰ হ’বলৈয়ে ষ্টেণ্ড কৰিব লাগে৷ যদি তেনেকুৱায়ে হয় বাকী বেলেগ ক্ষেত্ৰত জড়িত বা পাৰ্গতবোৰে এনেই দৌৰি আছে নেকি এই ব্যৱস্থাটোত?
থাকক, এই ব্যৱস্থাটো থাকক৷ এই ব্যৱস্থাই গ’গলৰ চি ই অ’ৰ দৰে ব্যক্তি জন্ম দিছে৷ কিন্তু লগতে সংলগ্ন হওঁক আন আন বিষয়৷ সকলোয়ে নিজৰ নিজৰ বিষয়ত দৌৰক৷ নিজৰ নিজৰ বিষয়ত ষ্টেণ্ড কৰক৷ গণিত বিজ্ঞান বেয়া পোৱা কোনোবাই মেট্ৰিকত থাৰ্ড ডিভিজন পোৱা বাবে তেওঁক ষ্টেণ্ড কৰা এজনৰ লগত ৰিজাই কি লাভ! যাৰ য’ত জ্ঞান সেই বিষয়ত পৰীক্ষা পাতক আৰু চাওঁক না৷ তেতিয়াহে …৷
যিসকলে সফল হৈছে তেওঁলোকক শুভকামনা, যিসকল বিফল তেওঁলোকে বুজক, এই যুঁজঁখন তেওঁলোকৰ নাছিলেই….!