মন মোৰ! (দীপা ঠাকুৰীয়া)

মন মোৰ!

দীপা ঠাকুৰীয়া

মন মোৰ! তুমি কেতিয়া মাতিবা এষাৰি মৌ-সনা মাত ? মনৰ ধূলিবোৰ চ’তৰ ধুমুহাজাকে বহুদূৰলৈ উৰুৱাই লৈ গৈছে। এতিয়া পাহাৰীয়া জুৰিটোৰ দৰে ফট্-ফটীয়া বুকুখন। সকলো ফালৰ দুৱাৰ খুলি থৈছোঁ। ন-ন কুঁহিপাতবোৰতে তোমালৈ বতৰা পঠাইছোঁ।
অর্ধনগ্ন বিৰিখৰ বাহুত জাক জাক হাইঠা চৰাইৰ ডেউকাৰ নাচোনেৰে, হেটুলুকা-দহিকতৰা-কুলী-মইনাৰ গীতেৰে তোমাক আমন্ত্রণ জনাইছোঁ। প্রভাতৰ ৰিব-ৰিব মলয়াজাকেও গুলঞ্চ, গুটিমালতী, তগৰ, চম্পা ফুলবোৰৰ লগত চুপতি কৰিছে।আলিংগন আৰু চুমাৰে উপচাই পেলাইছে। আকাশখনো বেলিৰ পৰশত লাজুকী হৈ উঠিছে। সাতৰঙী ৰামধেনু বোলেৰে ভাকুট-কুটাই দিছে ডাৱৰ অপেশ্বৰীক।
শৰালি হাঁহকেইজনী নামি আহিছে পুখুৰীটোলৈ। সিহঁতৰ খিল-খিলনিত ভেঁটৰ পাতবোৰ কঁপি উঠিছে। একাঁজলি কোমল ৰ’দালিত উজলি উঠিছে সেউজীয়া বিৰিখ। মেল খাই উঠিছে গুলপীয়া ভেঁটফুলবোৰ। মন মোৰ! তুমি বাৰু কেতিয়া মাতিবা এষাৰি মৌসনা মাত ?
ভৰ দুপৰবেলা শেষ হ’ল। পশ্চিমৰ ৰক্তিম বেলিটো বাৰীচুকৰ বাঁহনিডৰাতে ঘুমটি গ’ল। চৰাইজাক নিজৰ বাঁহলৈ উভতি গৈছে। নৈশ প্ৰহৰীৰ সুহুৰিত উচপ খাই উঠিছে আন্ধাৰ। মন! সময় খোজকাঢ়ি গৈ আছে। কেতিয়া বাৰু তুমি মাতিবা এষাৰি মৌসনা মাত ?
আজি পূর্ণিমাৰ নিশা। গাভৰু জোনজনী তামোল গছজোপাত ওলমি আছে। তৰাবোৰে বাঁহনিডৰাত লুকা-ভাকু খেলি আছে। জোনাকী পৰুৱাবোৰে মোৰ চোতালতে মিচিক-মাচাককৈ হাঁহি আছে। ঝিলীকেইজনীয়েও বেহেলাত গুণ-গুণাই গীত জুৰিছে। জোনাকৰ এই মধুৰ উৎসৱত মন! তুমি ক’ত আছা ?

ভোগদৈ পাৰৰ চতিয়না জোপাৰ দৰে আজি মই নিঃসংগ। শূন্যতাই মোৰ কলিজাখন  কুটি কুটি খাইছে। তথাপিও বুকুত পুহি ৰাখিছোঁ কিছু আশা। উমনি দি ৰাখিছোঁ সপোনবোৰ। এদিন ৰ’দৰে বাখৰুৱা হৈ উঠিব। মন মোৰ! কেতিয়া মাতিবাহি এষাৰি মৌসনা মাত ?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!