মহান বিজ্ঞানী লুই পেষ্ট’ৰৰ চমু জীৱন কাহিনী (ডাঃ ভূপেন্দ্ৰ শইকীয়া)
মহান বিজ্ঞানী লুই পেষ্ট’ৰৰ চমু জীৱন কাহিনী
ডাঃ ভূপেন্দ্ৰ শইকীয়া
২৭ ডিচেম্বৰ ১৮২২ তাৰিখে ফ্ৰান্সৰ পূৰ্ব দিশৰ পাহাৰীয়া অঞ্চলৰ ড’লে নামৰ এখন গাঁৱত এক দৰিদ্ৰ পৰিয়ালত এজন বিস্ময় বালকৰ জন্ম হৈছিল ৷ কোনেও কাহানিও ভবিষ্যবাণী কৰিব নোৱৰা সেই সেই বালক লুই পেষ্ট’ৰ এসময়ত বিশ্বৰ প্ৰসিদ্ধ বিজ্ঞানীৰূপে চিৰস্মৰণীয় হৈ ৰ’ল৷ তেওঁ জনম লোৱা ফৰাচী পৰিয়ালটোৱে মৃত জন্তুৰ চামৰাৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিছিল৷
সৰুৰে পৰাই বালক লুই পেষ্ট’ৰৰ ৰাপ আছিল চিত্ৰাংকণত৷ কালক্ৰমত মধ্যমীয়া প্ৰতিভাৰ ল’ৰাজনে স্কুলীয়া শিক্ষা সাং কৰি ১৮৪০চনত ক’লা বিষয়ত স্নাতক আৰু ১৮৪২চনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৮৪৭ চনত পেৰিচৰ এক শিক্ষানুষ্ঠানৰ পৰা ডক্টৰেট সন্মানেৰে বিভূষিত হোৱাৰ পিছত ফিজিস্ক আৰু কেমেস্ত্ৰি বিষয়ত অধ্যাপনা আৰম্ভ কৰে ষ্ট্ৰেচবাৰ্গ বিশ্ববিদ্যালয়ত৷ লগে লগে তেওঁ বিভিন্ন বিষয়ৰ গৱেষনাত মনোনিবেশ কৰিবলৈ ধৰে৷ ১৮৪৯ চনৰ ২৯ মেত বিশ্ববিদ্যালয়ৰ ৰেক্টৰ আৰু উপাচাৰ্য্যৰ কন্যা মেৰী ল’ৰেটৰ লগত লুই পেষ্ট’ৰৰ বিবাহ ধাৰ্য্য হয়৷ বিবাহৰ দিনাখন গীৰ্জাত সকলো গোট খোৱাৰ পিছতো যেতিয়া দৰাৰ দেখাদেখি নাইকীয়া, তেতিয়া এজন বন্ধুৱে লুই পেষ্ট’ৰক প্ৰয়োগশালাত বিচাৰি পায়৷ লুই পেষ্ট’ৰে নিজৰ কামখিনি সমাধা কৰিহে বন্ধুৰ লগত নিজৰ বিবাহথলীলৈ যায়৷ এনেকুৱাই আছিল কৰ্মৰ প্ৰতি তেওঁৰ ধাউতি৷
ব্যক্তিগত জীৱনত তেওঁ ৫টি সন্তানৰ পিতৃ হয় যদিও তিনিটি সন্তানেই টায়ফয়েড ৰোগত মৃত্যুবৰণ কৰে৷ দুখত ভাগি নপৰি তেওঁ ৰোগৰ নিৰাময়ৰ গবেষণাত মনোনিবেশ কৰিব ধৰে৷ লুই পেষ্ট’ৰৰ মতে সকলো ৰোগৰ উৎপত্তিৰ কাৰণ হ’ল – বীজাণু৷ ই সময়ত “জাৰ্ম থিয়ৰি” নামেৰে জনাজাত হ’ল৷ এইজনা মহান বিজ্ঞানীয়ে ৰেবিজ আৰু এনথ্ৰেস্কৰ ভেকচিনৰ উদ্ভাৱন কৰে৷
১৮৬৫চনত পেষ্টু’ৰে চিল্কৰ পলুসমূহক বেক্টেৰিয়াই ৰোগাক্ৰান্ত কৰে – সেই কথা ধৰা পেলায় আৰু প্ৰতিকাৰৰ পৰামৰ্শ আগবঢ়ায়৷ ১৮৬৮চনত তেওঁৰ এটা মগজুৰ গুৰুতৰ ষ্ট্ৰক হয়৷ ভগবানক অশেষ ধন্যবাদ তেওঁ সেই জীৱনৰ সংকটৰ পৰা মুক্ত হৈ আৰু দুকুৰিৰো অধিক কাল বাচি থাকি মানৱ জাতিৰ কল্যানৰ হকে গবেষণা চলাই যাবলৈ সক্ষম হৈ থাকিল৷
পেষ্টু’ৰৰ ধাৰনামতে বেচি ভাগ ৰোগৰ কাৰণ হ’ল বেক্টেৰিয়া আৰু তাৰ বিনাশ কৰিব পাৰিলেই ৰোগৰ পৰা উদ্ধাৰ পাব পাৰি ৷ তেওঁ একাণপতিয়াকৈ গবেষণা লাগি থাকোতে পোনতে মূৰ্গীৰ কলেৰাৰ প্ৰতিষেধক আবিস্কাৰ কৰিলে৷ তেওঁ পাগল কুকুৰে কামোৰাৰ বাবে প্ৰতিষেধক নিৰ্মাণ কৰিবলৈ সক্ষম হয় ১৮৮৫ চনত৷ জোচেফ মেইষ্টাৰ নামৰ ৯বছৰীয়া কিশোৰ এজনক ৬জুলাই, ১৮৮৫ ৰ দিনাখন ৰেবিজৰ প্ৰতিষেধক বেজী প্ৰদান কৰে৷ ইয়াৰদ্বাৰা লুই পেষ্টু’ৰৰ নাম জগতত জনাজাত হৈ পৰে৷ মূলত: পেষ্টু’ৰৰ জাৰ্ম থিয়ৰিৰ ওপৰত অধিক গবেষণাৰ ফলতেই এদিন সৰু আই আৰু যক্ষ্মা ৰোগৰ ভেকচিন উদ্ভাৱন সম্ভৱপৰ হয়৷
পেষ্টুৰাইজেচন – এনে এবিধ প্ৰক্ৰিয়া যাৰ দ্বাৰা খাদ্য-সামগ্ৰীসমূহ (বিশেষকৈ ডায়েৰীৰ সামগ্ৰী) অধিক দিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰি ৷ সাধাৰণতে এনে জুলীয়া খাদ্য-সামগ্ৰীক এটা নিৰ্দিষ্ট তাপমানত এক নিৰ্ধাৰিত সময়লৈ উত্তাপ দি লগে লগে শীতল কৰিলে জীবাণুৰ দ্বাৰা খাদ্য-সামগ্ৰীবিধ সোণকালে বিনষ্ট নহয়৷ পেষ্টুৰাইজেচনৰ দ্বাৰা অনিষ্টকাৰী জীবাণু নষ্ট হয়৷ অৱশ্যে এই প্ৰক্ৰিয়াত গাখীৰৰ কিছু ভিটামিন ক্ষয় হয়৷ পেষ্টুৰাইজেচনৰ উদ্ভাৱক আছিল লুইপেষ্ট’ৰ (এপ্ৰিল ১৮৬২ চন)৷ তেওঁক এইক্ষেত্ৰত সহযোগ কৰিছিল ক্লউড বাৰ্ণাডে৷ আজি গোটেই বিশ্বতে ডায়েৰী ইণ্ডাস্ত্ৰিত পেষ্টুৰাইজেচন নহলেই নচলে৷
১৮৮৫ চনৰ ২৮চেপ্তেম্বৰত তেওঁৰ দেহাবসান ঘটে যদিও মানৱ জাতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ অমৰ আৰু চিৰনমস্য হৈ থাকিব৷১৮৮৮ চনত পেৰিচত এইজনা মনিষীক সন্মান জনাবলৈ স্থাপন কৰা হয় পেষ্ট’ৰ ইন্সটিটিউট৷ কিশোৰ লুই পেষ্ট’ৰে অঁকা ছবিসমূহ ইয়াত সংৰক্ষিত কৰি ৰখা হৈছে ৷
আজি সমগ্ৰ মানৱ জাতিয়েই বৈজ্ঞানিক অৱদান সমূহৰ বাবে তেওঁৰ ওচৰত সৰ্বদা নতমস্তক হৈ থাকিব৷