মহান শিল্পী তোমালৈ…. ( – অভিজিত কুমাৰ হাজৰিকা )

হে মহান প্ৰতাপ, অসমীয়াৰ অভিমান

হে মহামানৱ,

তুমি আঁতৰি গ’লাগৈ দূৰ দিগন্তলৈ

উলটি নহাৰ প্ৰতিশ্ৰুতিৰে………….

 

উলটি নাহিলেও

ইতিহাসৰ আকাশত জিলিকি থাকিবা

এটা উজ্জ্বল তৰা হৈ………..

তুমি ঝংকাৰ, তুমি ঝংকাৰ, তুমি ঝংকাৰ

তুমি শ্বিলঙৰ মনালিচাৰ

গীটাৰৰ ঝংকাৰ……….

বুঢ়া লুইতৰ গৌৰৱৰ খলখলনি

তুমি অসমী আইৰ পূজাৰ বুকুৰ তেজ

খেতিয়কৰ ঘাম সৰা

চহ কৰা মাটিডৰা তুমি ……উৰ্ব্বৰা

 

মহামানৱৰ

উদাহৰণ দিবলৈ এতিয়া আৰু বুৰঞ্জীৰ

দিহিঙে দিপাঙে নামবোৰ বিচাৰি

ফুৰিব নালাগিব অসমীয়াই……..

লুইতৰ পাৰৰ প্ৰ্তিটো জিলিঙনিত

উচ্চাৰিত হ’ব তোমাৰ জয় গান…..

 

চিৰযুগমীয়া ঢৌ তুলি গানৰ

সুৰবোৰক পক্ষীৰাজ ঘোঁৰাত বহাই

খটবট, খটবট, খটবট কৈ

শব্দবোৰক লৈ গ’লা উচ্চতাৰ পৰা উচ্চতালৈ

হিমালয়তকৈও উচ্চ উচ্চতালৈ……

 

তুমি আৰু তোমাৰ ছাঁ হৈ ৰ’ব

প্ৰতি প্ৰজন্ম নৱপ্ৰজন্মৰ

উত্‍সাহ উদ্দীপনা, মুক্তিক লক্ষ্য ৰাখি…..

তোমাৰ স্নেহে নমাই আনিব মানুহে মানুহৰ বাবে

ভবাৰ অৱ্কাশ……..

 

কিয় গাইছিলা “মই যেতিয়া এই জীবনৰ মায়া এৰি

গুছি যাম/ তোমাৰ এটুপি চকুলো পালেও মই পাম

মোৰ দাম” ?

তুমি যাযাবৰী হৈ ঘূৰি ফুৰিলা বুলিয়েই আমি তোমাক

পাহৰি গ’লো বুলিয়েই এটুপি চকুলো বিচাৰিছিলা ?

তোমাৰ কাষত আজি নিযুত চকুলো

ঘৰে ঘৰে কোটি কোটি সিক্ত নয়নৰ অশ্ৰু……

তুমি যিমানখিনি দিলা আমাক, সকলোখিনি চকুলো দিও

তোমাৰ ঋণ সুজিব নোৱাৰোঁ আমি অসমীয়াই……..

 

তুমি অসমীয়াৰ দৰ্প, পূৰ্ব্বাঞ্চলৰ গৰ্ব

ভাৰতৰ মুকুতা

অসমৰ সংস্কৃতিৰ অৰ্জ্জুন তুমি

অসমীয়াৰ প্ৰাণ তুমি প্ৰেৰণা, আমাৰ চেতনা

তুমি মহাপ্ৰতাপ, তুমি মহামানৱ

আমাৰ দম্ভ,  আমাৰ অহংকাৰ……

 

ক্ৰিচেন্থিমামতকৈও বেছি ৰঙা হৈ ৰ’ব

তোমাৰ সোঁৱৰণি……… হে যাযাবৰী সুধাকন্ঠ

তোমাক শতকোটি নমস্কাৰ………….

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!