মহাসঞ্জীৱনী ঘৃতকুমাৰী (Aloevera)- যতীন দাস
ঘৃতকুমাৰী বা চালকুঁৱৰী বা লেটিন ভাষাত পৃথিৱীৰ সৰ্বত্ৰে জনাজাত ALOEVERA অসমৰ
বহুতৰে পিৰালীত সৌন্দৰ্য্যৰ বাবে টাবত ৰোৱা দেখা যায়৷ ইয়াৰ পৰা তৈয়াৰ কৰা নানা ঔষধ বা প্ৰসাধন সামগ্ৰীও বহুতে ব্যৱহাৰ কৰি আহিছে৷ কিন্তু বহুতে ইয়াৰ ঘৰুৱা ব্যৱহাৰ আৰু গুণাগুণ সঠিকভাৱে নজনাৰ বাবে কিছু সংক্ষিপ্ত বিৱৰণ
ৰাইজলৈ বুলি আগবঢ়ালো৷
ঘৃতকুমাৰী হ’ল আমাৰ দেহৰ নানা ৰোগৰ বাবে ভগৱানে দিয়া এক সঞ্জীৱনীস্বৰূপ ঔষধি বনদৰব৷ ইয়াৰ বহুতো প্ৰজাতি আছে৷ চিকিৎসা বিজ্ঞানীৰ মতে ই এনে এবিধ ৰসায়ন যত ১২বিধ ভিটামিন, ১৮বিধ এমিনো এচিড, ২০বিধ খনিজ পদাৰ্থ থকাৰ লগতে ৭৫ বিধ পুষ্টিগুণযুক্ত পোষক দ্ৰব্য(Micro nutrient) আদিৰ লগতে ইয়াৰ এণ্টি বায়োটিক, এণ্টিচেপ্তিক, এণ্টি অক্সিডেণ্ট, আৰু এণ্টি বেক্টেৰিয়েল আদি গুণ থকাৰ বাবে আমাৰ শৰীৰৰ নানা ৰোগ আৰোগ্য তথা দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে৷
আজিকালি গোটেই বিশ্বত ঘৃতকুমাৰীৰ দ্বাৰা প্ৰস্তুত কৰা নানা দামী ঔষধ আৰু প্ৰসাধন সামগ্ৰীৰ বৃহত ব্যৱসায় গঢ়ি উঠিছে৷ সেইবোৰৰ নানা কাৰণত গুণগত মান কম হোৱাতো স্বাভাৱিক৷ সেয়ে ১০০% গুণাগুণ পাবলৈ সঠিক পদ্ধতিৰে ঘৰুৱা ভাবেও ইয়াক ব্যৱহাৰ কৰিব পাৰোহক৷
ব্যৱহাৰ — ঘৃতকুমাৰীৰ সদৃশ ২০০ৰো অধিক প্ৰজাতি আছে, তাৰে ৩/৪বিধ মানহে ঔষধ হিচাবে ব্যৱহৃত হয়৷ অঞ্চল ভেদে ইয়াৰ গুণাগুণৰো ব্যৱধান আছে৷ অসমত লিখনিৰ তলত দিয়া প্ৰজাতিটো উপযোগী বুলি ভাবো৷ (অন্য ভাল প্ৰজাতিৰ বিষয়ে মই অৱগত নহয়)
ঘৃতকুমাৰীৰ পাত দেখাত আনাৰসৰ দৰে হলেও পাতটো ডাঠ আৰু ফালিলে ভিতৰত ওলোৱা ৰসাল সাহখিনি বাহ্যিক প্ৰয়োগ আৰু খোৱা দৰব হিচাবে ব্যৱহৃত হয়৷ ঘৃতকুমাৰী গছ নাপালে আয়ুৰ্বেদিক দোকানত কুমাৰ্যাসৱ নামৰ দৰৱৰ বটলত পাব৷
খোৱাৰ পৰিমাণ—-বয়স অনুসৰি ৫ৰ পৰা ২০মিঃলিঃ(১ৰ পৰা ৪ চামুচ )৷ পৰিষ্কাৰ পানীত মিহলায়ো খাব পাৰি৷ খাবলৈ তিতা আৰু সাধাৰণ টেঙা৷ অসুবিধা পালে মৌ মিহলাই খাব পাৰে৷ খোৱাৰ সময় শুদাপেটত ৰাতিপুৱা/ গধূলি৷
ৰোগ আৰু গুণাগুণ—
১৷ পেটৰ পাচন ক্ৰিয়াজনিত যিকোনো ৰোগত
২চাঃ ৰস ২চাঃ মৌৰ লগত খাব৷
২৷ শৌচ কচা ৰোগ তথা ইয়াৰ পৰা হোৱা নানা উপসৰ্গত ঘৃতকুমাৰী উপকাৰী৷ সৰু কেঁচুৱা হলে অলপ হিং মিহলাই নাভিত লেপ দিব৷
৩৷ যিকোনো ঘাঁ, ফোঁহা হ’লে অলপ হালধি মিলাই লেপ দিলে ঘা শুকায় আৰু ফোঁহা পকি পুঁজ বাহিৰ হৈ যায়৷ মুখৰ ভিতৰত যিকোনো ঘাঁ, ছাল উঠা আদি হ’লে ঘৃতকুমাৰী লগালে উপসম হয়৷
৪৷ চৰ্দি কাহ হলে ৫গ্ৰাম ৰস আৰু মৌ মিহলাই খাব
৫৷ বেচিকৈ জ্বৰ মূৰত উঠিলে আৰু মূৰৰ বিষ হ’লে মূৰত /কপালত ভৰণ বা ৰস লগালে আৰাম পায়৷
৬৷ চুলি সৰা, পকা, ফটা, টকৌৱে খোৱা, শুকান হোৱা আদি যিকোনো সমস্যাত ঘৃতকুমাৰী খাব আৰু সপ্তাহত ১দিন মূৰত ঘঁহিব৷ লগত আমলখি মিহলাব পাৰে৷
৭৷ চালৰ বাবে ঘৃতকুমাৰী অতি উত্তম মহৌষধ৷
ছাল সোতোৰা, ৰুক্ষ, দাগ, ৰ’দৰ তাপত চালৰ ৰোগ বা যিকোনো সমস্যা হলে ইয়াৰ ৰস মুখত বা গাত ঘঁহিলে (কেঁচুৱাৰ গা ধোৱা পানীত মিহলাই ধুৱালে) চালৰ ৰোগ আৰোগ্য হোৱাৰ লগতে চাল নিমজ মসৃণ আৰু চালৰ পৰা হ’ব পৰা ৰোগ প্ৰতিৰোধ কৰায়৷
সৌন্দৰ্য্যৰ বাবে নানা প্ৰসাধন ব্যৱহাৰ কৰি বহুতৰে চালৰ ৰোগ বা পাৰ্শক্ৰিয়া হোৱা দেখা যায়৷ ঘৃতকুমাৰী এই ক্ষেত্ৰত যথেষ্ট ফলপ্ৰসূ৷ নিয়মিত খোৱা আৰু ছালত ঘঁহিলে মুখৰ বা গাৰ চাল সুন্দৰ মসৃণ হৈ পৰে৷ এণ্টি এজিং জেল হিচাবে ছালত ঘঁহিলে আৰু নিয়মিত খালে বয়সৰ চাপ নপৰে৷
৮৷ দাড়ি খুৰাই উঠি ইয়াৰ ৰস চেভিং লোচন হিচাবে ব্যৱহাৰ কৰিলে গালৰ কোনো সমস্যা নহয়৷
৯৷ শৰীৰত ভিটামিন, কেলচিয়াম, ফলিক এচিদ, আইৰন, জিংক বা বিভিন্ন খনিজৰ অভাৱত হব পৰা ৰোগ নিৰাময় হয়৷
১০ চকু, দাঁত, হাড় আদিৰ ৰোগত উপকাৰী
১১৷ গাঁঠিৰ বিষ হলে হালধিসহ এই ৰস লেপ দিব অৰু নিয়মিত খাব৷
১২৷ ঘৃতকুমাৰী খালে দেহৰ ব্লাড কলেষ্টেৰল কমি যায়৷ তেজ পৰিষ্কাৰ কৰে আৰু দেহৰ অপ-পদাৰ্থ বাহিৰ কৰায়৷
১৩৷ দেহৰ ওজন নিয়ন্ত্ৰণ কৰে৷ নিয়মিত সেবন কৰিলে অধিক শকত বা ক্ষীণ লোক স্বাভাৱিক ওজনৰ হয়৷ বিশেষ ৰোগজনিত কাৰণত হলে ডক্তৰক সুধি খাব৷
১৪৷ মধুমেহ ৰোগত ১০গ্ৰামকৈ ঘৃতকুমাৰী আৰু কেৰেলা নিয়মিত খালে উপসম হয়৷ ( কিছুদিন খাই পৰীক্ষা কৰাব)
১৫৷ ঘৃত কুমাৰী কৰ্কট ৰোগ প্ৰতিৰোধক, এই ৰোগ হোৱাৰ পিচতো ডাক্তৰৰ পৰামৰ্শ লৈ খাব পাৰে ১৬৷ হৃদৰোগতো ইয়াৰ ৰস উপকাৰী৷
ক’বলৈ গলে ঘৃতকুমাৰী দেহৰ বিভিন্ন ৰোগত উপকাৰী তথা দেহত হব পৰা ৰোগ প্ৰতিৰোধকাৰী৷
নিৰোগী লোকেও মাজে মাজে খালে দেহ মন প্ৰফুল্ল থাকে৷ বয়সিয়াল লোকে খাই থাকিলে বিভিন্ন বৃদ্ধাৱস্থাৰ ৰোগৰ সমস্যা দূৰ হ্য়৷
সাৱধানতা—
১৷ সঠিক প্ৰজাতি চিনিহে খাব ২৷ বহুদিনলৈ একেৰাহে নাখাব ৩৷ গৰ্ভৱতী বা মাহেকীয়া ঋতুস্ৰাবৰ সময়ত মহিলা সকলে নাখাব৷ ৪৷ জটিল কোনো ৰোগত চিকিৎসকক নোসোধাকৈ নাখাব৷ ৫৷ পিত্তাশয় বা গলব্লাডাৰৰ ৰোগ থাকিলে নাখাব৷ ৬৷ কেঁচা পাত অধিক দিনলৈ সাঁচি থৈ নাখাব৷
মোৰ অনুৰোধ –প্ৰত্যেক গৃহস্থই এনেহেন মহৌষধিৰ পোখা এটি সযতনে ৰোৱক আৰু নিয়মিত ব্যৱহাৰ কৰিব৷
শেষত সকলোৰে সুস্বাস্থ্য কামনা কৰিলো৷