মহিষাসুৰৰ সংবাদ – দেবজিত শইকীয়া

দুৰ্গা পূজা মণ্ডপত ৰাতি শুই থকা বিশ্ব দেউৱে সৰুপানী চুবলৈ গৈ ঘূৰি আহি দেখে যে মণ্ডপত দেখোন মহিষাসুৰ নাই৷ চকুদুটা ভালদৰে মোহাৰি চাই দেখে হয়তো, এইয়া কি হ’ল? পূজা কমিটিৰ ল’ৰা কেইটাই ৰাতি পানীৰ লগত কিবা মিহলাই দিয়া নাছিলটো? পেটে পেটে অলপ ভয়ো খাইছিল পিছে যিমান বোৰ ভগৱানৰ নাম দেউৱে জানে সকলোৰে নাম লৈ ইফালে সিফালে মহিষাসুৰক বিচাৰিব লাগিল৷

এনেতে দেখিলে খালি গা, ৰঙা হাফপেণ্ট পিন্ধি মহিষাসুৰ দেউৰ আগত হাজিৰ৷ ভাগ্য ভাল দেউৱে অলপ আগত সৰুপানী চুই আহিছিল, ন’হলেতো?

দেউৱে মহিষাসুৰক অসমীয়াত নে সংস্কৃত ভাষাত সম্বোধন কৰিব একো ভাবি নাপালে৷ সংস্কৃত বুলিবলৈ পূজাত লাগি থকা শ্লোককেইটা হে জানে, তাকো মুখস্ত নাই, জোতাই জোতাই পঢ়িব লাগে তাকো বলে নোৱাৰা বানানটো নমতাকৈয়ে বাং বিং স্বাহা বুলি কৈ পাৰ হৈ যাই, তেনেক্ষেত্ৰত মহিষাসুৰৰ লগত সংস্কৃত ভাষাত কিদৰে কথা পাতিব ভাবি সৰ্ব শৰীৰত ঘামৰে জোল ব’ব ধৰিলে৷ এনেতে কিবা কোৱাৰ আগতেই দেউৰ অবস্থাটো দেখি মহিষাসুৰে মাত ল’গালে “বোলে দেউ ভয় নাখাবা, তোমাৰ প্ৰব্লেমটো মই বুজি পাইছো আৰু এটা কথা তোমালোকে ভবাৰ দৰে আমি অসুৰবোৰ ইমান বেয়া নহয়৷ আমাতকৈ বহুত বেয়া অসুৰ মানুহৰ ছদ্মবেশ ধৰি এই মৰ্তত্যত টিঘিল ঘিলাই ফুৰিছে৷ দেৱতা বোৰৰ লগত আমাৰ অলপ মতানৈক্য আছে সেইবোৰ আমাৰ পাৰ্চনেল প্ৰ’ব্লেম৷ আৰু মতানৈক্য ক’ত নাই দিছপুৰতো আছে, আমাৰ স্বৰ্গতো আছে৷ এইবোৰ কণ্টিনোৱাছ প্ৰছেচ৷ মই সেই বুলি কাকো বেয়া বুলি কোৱা নাই, ডেট ইচ অলচ’ ইম্পৰটেণ্ট মেটাৰ৷ মানুহক আমি ইমান বেয়া নাপাঁও, বিশেষকৈ কলি যুগৰ মানুহক আৰু তাতে আচামৰ মানুহক৷

বিশ্ব দেউৱে এইবাৰ সঁচাকে কনফিউছড হৈ গ’ল৷ এনেকুৱা ডাইলগটো আমাৰ পুৰণা চাৰেহে কৈছিল৷ কিবা সোধাৰ আগতেই মহিষাসুৰে ক’লে হাঃ হাঃ হাঃ দেউ তুমি মোৰ কথাবোৰ শুনি আচৰিত হৈছা, নহয় জানো? যোৱা ইমান বছৰে অসমত আহি কামৰ নামত কেৱল চৰকাৰী ডাইলগেই শুনি আছো, এইবোৰ শুনি শুনি এতিয়াটো মোৰো কথা বতৰা সলনিয়েই হৈ গৈছে৷

এইবাৰ দেউৰ অলপ মনতো পাতল পাতল লাগিল৷ মহিষাসুৰ মাটিতে বহি ক’বলৈ আৰম্ভ কৰিলে বোলে দুৰ্গা মেডামৰ জহতে প্ৰত্যেকবাৰ অসম অহাৰ সৌভাগ্য ঘটে৷ আচলতে আমাৰ মাজত এটা আন্দাৰষ্টেণ্ডিং আছে৷ তেওঁ ভালদৰে জানে যে মোক প্ৰদৰ্শন নকৰিলে তোমালোকে তেখেতৰ শক্তিৰ ওপৰত সন্দেহ কৰিবা৷ তোমালোকে নহলেনো দেৱীমাক এৰি অলৌকিক ভণ্ড বাবাৰ ভক্ত হোৱাগৈনে? বছৰত চাৰিদিন মেডামক পূজা কৰিবা আৰু তিনিশ ষাঠি দিনেই অলৌকিক বাবা, ভণ্ড বাবাক ঈশ্বৰ বুলি ভৰিয়ে হাতে ধৰি তাবিজ কবজ ডিঙিৰ পৰা কঁকাললৈকে লৈকে ওলোমাই ৰাখিবা৷ সেইয়াহে তোমালোকৰ ভগৱানৰ প্ৰতি বিশ্বাস৷

দেউৱে এটা হাতেৰে কঁকালৰ তাবিজটো পোনৰ তলত লুকুৱাই কিবা ক’ব লওতেই পুনৰ মহিষাসুৰে মাত দিলে বোলে এটা কথা কি জানা দেৱীয়ে মোক বধ কৰা দেখিছা জানো? ত্ৰিশুলৰে মোক আঘাত কৰে হয় কিন্তু মই দেখোন দা জোকাৰি ৰখিয়ে থাকো? আৰু ৰাইজে পূজা কৰোতে ফুল-তুলসী দেৱীৰ গাত নপৰি মোৰ গাত হে পৰে, তুলসীৰ লগতে কলপটুৱাৰো মুক্তি বুজিছা৷ হাঃ হাঃ হাঃ এতিয়া তুমিয়েই কোৱাচোন মইনো মৰো কি দৰে? তোমালোকেই চোন মোক জীয়াই ৰাখিছা৷

দেউৱে ভাবিলে ঠিক ঠিক, হয়তো কথাটো৷ মহিষাসুৰে আকৌ মাত দিলে, বোলে বুজিছা দেউ, দেৱী পূজা হাজাৰ পাতক, নাৰীক দেৱীৰ লগত হাজাৰ তুলনা কৰক পিছে এই মৰ্ত্যত মহিষাসুৰৰ মৃত্যু নহয় নিতৌ ক’ৰবাত নহয় কৰবাত দেৱীৰহে মহিষাসুৰৰ হাতত মৃত্যু হৈ থাকে৷ সেয়ে মই ক’বলৈ আহিছো যে দেৱী পূজা কৰিলেই নহয় প্ৰতিগৰাকী নাৰীযেই যে দুৰ্গাৰ ৰূপ সকলোৱে ভাবিবা৷

মহিষাসুৰে বোলে আৰু এটা কথা লক্ষ্য কৰিবা আমাৰ মাজতো বিসংবাদী বহুত আছে৷ মেডাম আৰু মোৰ বাহিৰে বাকী সকলক বিশ্বাসত ল’ব নোৱাৰি কিয়নো আমাৰ লগত তেওঁলোক থাকিও বিনা কাৰণত নিজৰ নিজৰ পূজাভাগ লবলৈ লক্ষ্মী, সৰস্বতী, গণেশ, কাৰ্তিক সকলোৱে অকলে অকলে আকৌ মৰ্ত্যলৈ আহে৷ তেওঁলোকক বিসংবাদী নকৈ কি ক’ম দেউ তুমিয়ে কোৱাচোন?

আমাৰ গণেশ ইমানেই খকুৱা যে কেইদিনমান আগত বুণ্ডিয়া লাডু এগালমান খাই গৈ আকৌ মাকক কয় “নাই মা মই আকৌ যাম প্লিজ, প্লিজ, প্লিজ মোৰ হেল্থটো চোৱা, ভালদৰে খাবলৈকে পোৱা নাই৷”

লক্ষ্মীৰ টো কথাই নকও, পূজাৰ এমাহ হ’বলৈকে নাপাই আকৌ অকলশৰে আহে৷ আৰু সৰস্বতীটো এখোপ চ’ৰা, কণ কণ লৰা-ছোৱালীবোৰৰ মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰি পৰীক্ষাৰ আগত ভয় দেখুৱাই পূজা এভাগ দকচি খাই যায়হি৷

কাৰ্তিকৰ কথা নকও, ধূনীয়া ল’ৰা, এনাৰজেতিক ল’ৰা, এনেও বেচেৰাক কোনেও বেলেগে পূজা পাতল নিদিয়ে, গতিকে এই চেগতে মেডামৰ লগতে অলপ চাল(দেহ-ৰূপ) দিবলৈ আহে, সেয়ে বেয়া নাপাও৷

কিন্তু কি ক’ম দুখৰ কথা পূজা খাই মেলি যেতিয়া আমাক ভাসানত লৈ যায় তেতিয়া জীৱটো কেলধোপ কেলধোপ কৰি থাকে৷ ঠিক ৰাজনীতিত নিৰ্বাচনৰ কাউণ্টিংত হোৱা অবস্থাৰ দৰে৷ ৰাইজে কোনে কাক কেতিয়া কেনেকৈ ভাসানত বিসৰ্জন দিয়ে বা মোৰ লেঙুটিখন টান মাৰি দিয়ে সেয়া ভাবি ভয়েই লাগে৷

ইমানপৰে মহিষাসুৰে বহু কথাই কলে৷ আমাৰ বিশ্ব দেউৱে কিবা এটা সুধিম বুলি ভাবি ৰৈ গ’ল, মহিষাসুৰক কি বুলি সম্বোধন কৰিব ভাবিকে নাপালে৷ প্ৰভু বুলি মাতিলেও লাগিব দেৱতাৰ জগৰ আৰু অসুৰ বুলি কলেও যদি জাঙুৰ খাই উঠে? সেয়ে বহু ভাৱি চাৰ বুলিয়ে মাতি দিলে, এনেয়ো চাৰ বুলি মাতিলে সকলোৱেই ভাল পায়৷

বিশ্ব দেউৱে বোলে চাৰ আপুনি এইদৰে হঠাৎ মোৰ আগত প্ৰকট হ’ল যে? মহিষাসুৰে বোলে ন’হম কিয় হে? এম এল এ, মিনিষ্টাৰে যদি হ’কে বিহকে সকলোতে বিনা কাৰণত নিউজ চেনেলত প্ৰকত হৈ যি ইচ্ছা বকি থাকিব পাৰে আমি কিয় নোৱাৰিমহে?

আৰু তোমালোকে আজিকালি আমাতকৈ তেওঁলোককহে বেছি গুৰুত্ব দিয়া৷ নিজে পূজা দিব নাহি লাইভ টিভিতে পূজা কৰা, পূজাৰ ৰিল কাটি কাটি পূজা দিয়া, তাৰ প্ৰতিবাদ কৰিবলৈকে মই প্ৰকট হৈছো৷ লাগিলে মই আন্দোলন কৰিম, তোমালোক অসমীয়াকেইটাই হে কেবল হকে বিহকে আন্দোলন কৰিব জানা নেকি?

বিশ্ব দেউৱে বোলে হয় চাৰ আপোনালোকৰ লীলা অপাৰ পিছে দেৱতা অসুৰৰ যুদ্ধত আমাৰ নৰমনিচ বোৰৰহে বৰ বেয়া অবস্থা হয়৷

মহিষাসুৰে বোলে বহু হ’ল আজিলৈ এৰিছো, কোন সময়ত নিউজ চেনেলৰ মানুহ আহি যায় ঠিক নাই, ন’হলে কালিলৈ আমাৰ পূজা এৰি সকলোৱে ব্ৰেকিং নিউজ চাইহে থাকিব, দেউ তুমিও যোৱা সাউতকৈ গাটো তিয়াই আহি পূজাত বহা৷ ময়ো মেডামৰ ওচৰলৈ যাঁও৷

বিশ্ব দেউৱে সেৱা এটা ল’বলৈ খোজোতেই জানো কি হ’ল ইলেক্চনত জয়হৈ এম এল এ, এম পি অন্তৰ্ধ্যান হোৱাৰ দৰে মহিষাসুৰ অদৃশ্য হৈ গ’ল …..

■■■

One thought on “মহিষাসুৰৰ সংবাদ – দেবজিত শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!