মহৰ কামোৰ (দিগন্ত বৰা)

(পঞ্চায়ত ইলেকচন আহি আছে। সেই মহজাক তোমাৰ ঘৰৰ আশে পাশে উৰিছে। পাৰা যদি ধৰা। ভাল সুযোগ এটা পাইছা। এনে সুযোগ সহজে আৰু নাহে…)

 

মহৰ কামোৰ

দিগন্ত বৰা

 

 

পুৱা কাকতখন চাই থাকোতেই ভৰিত মহ এজনীয়ে কামোৰ মাৰি দিলে। এক ঢকা দিলোঁ যদিও ঢকাটো ভালকৈ নপৰিল চাগৈ। মহজনী নিহত নহৈ আহতহে হ’ল। আকৌ এক ঢকা মাৰি একেবাৰে চেটেপ কৰোঁ বুলি ভাবোতেই মহজনীয়ে হাতযোৰ কৰি কলে—‘মোক নামাৰিবা। মই তেজ খোৱা নাই। এনেয়েহে পৰিছিলো।’

খঙেৰে কলো—তেজ নাখাই তই মোৰ বি পি জুখি আছিলি নেকি?
মহজনীয়ে কলে—খং নকৰিবা। তেজ অকণ খালো বুলিয়েনো ইমান অত্যাচাৰ কৰিব লাগেনে?
টেম্পাৰটো আকৌ উঠিল।
:তেজবোৰ তোৰ বাপেৰৰ সম্পত্তি নেকি?
:সেইবুলিতো কোৱা নাই। কিন্তু তোমালোকৰ তেজ অকল আমিয়েই নাখাও। আৰু বহুতে খায়
: তহঁতৰ বাদে আৰু কোনে খাব?
:তোমালোকৰ জ্ঞাতিয়েই তোমালোকৰ তেজ পীয়ে। আমিতো মাইক্ৰ’ মিলিগ্ৰামত খাও। তেঁওলোকে যে লিটাৰে লিটাৰে তেজ পী আছে।
আও, পোৱালিটোৰ ইমান কথা! মূৰটো গৰম হৈ গ’ল।
:কথা নক’বি। নিজকে তুলসী বুলি ভাবিছ?
:নহয়। মই সঁচা কৈছোঁ। তোমালোকে আমাক মাৰিবলৈ বহুত টেকনিক কৰা। পাৰা যদি সিহঁতক মাৰা।
:কোন সিহঁত?
:তোমাৰ কাষতে আছে। কোনো আঁঠুৱা, কোনো মহ মৰা কয়লেৰে সেই মানৱৰূপী মহক মাৰিব নোৱাৰা।
:দেখুৱাই দে।
:নেদেখুৱালেও হ’ব। পঞ্চায়ত ইলেকচন আহি আছে। সেই মহজাক তোমাৰ ঘৰৰ আশে পাশে উৰিছে। পাৰা যদি ধৰা। ভাল সুযোগ এটা পাইছা। এনে সুযোগ সহজে আৰু নাহে।

…………………………………………………………….

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!