মাই ফাৰ্ষ্ট লাভ লেটাৰ (দেৱজিৎ শইকীয়া)

মাই ফাৰ্ষ্ট লাভ লেটাৰ

মাই এইম ইন লাইফ লিখাৰ বয়সত শ্ৰেণী কোঠাৰ শেষৰ বেঞ্চত বহি, খৰচি মাৰি আৰু এবছৰ একেটা শ্ৰেণীতে পঢ়ি লওঁ বুলি ভবা আমাৰ এটা চাৰিজনীয়া গ্রুপ আছিল। ভাল বেয়া সকলো কামতে ইয়ে দোষ্টি হম নেহি তোৰেংগে টাইপ । পিছে মাৰ খাব লগীয়া হলে দোষ্ট দোষ্ট না ৰহা হৈ যায়। গ্ৰুপত বিবেক ভোলা ৰাহুল আৰু শান্ত শিষ্ট খীন মিন মহা দুষ্ট মই। বিবেক আৰু মই স্কুল সদায় একেলগে যাঁও। এদিন আমি স্কুল গৈ থাকোতে হঠাৎ সি ক’লে সখা পথৰ দাঁতিত চকু দিয়া। দেখিলো সাইলাখ মাধুৰী দিক্ষীত কান্ধত বেগ ওলোমাই সমনীয়াৰ লগত স্কুল গৈ আছে । কলডিলিয়া হৃদয় খনৰ আধা ফাল যেন মৰককৈ কোনোবাই খাই পেলালে তেনেকুৱা লাগিল। পিছে লেঠা লাগিল সেইখিনিতেই । বিবেকৰ বিবেকে কাম নকৰা হল । বন্ধুৰ ভাল লগা গৰাকী তাৰো ভাল লগা হৈ পৰিল। কথাতো গ্রুপৰ আন দুগৰাকীক নো নোকোৱাকৈ থাকো কি দৰে ? ক’বলেহে পালো পিছদিনা আমি সঠিক সময়ত গৈ দেখো….. কথা গুৰুতৰ…. আন দুই বন্ধু আমাতকৈও আগতেই গৈ যুদ্ধ ক্ষেত্ৰত উপস্থিত। চুলি মেলি পাৰ্বতী যেই আমাৰ আগত দেখা দিলে ফাঁট মেলা বসুমতী পাতালে লুকাও….. বাকী দুজনৰো হৃদয়ত ডম্বৰু বাজিল ডুম ডুম ডুম ডুম….. বাজীকৰৰ পিচে পিচে পোকৰ হিলাই খেল দেখু্ৱা বান্দৰ কেইটাৰ দৰে আমি চাৰিওটাই হাফ পেডেল মাৰি মাৰি পিচ ললো। প্ৰেম কি নাজানো কিন্ত মাধুৰীক পঢা টেবুলৰ কিতাপৰ ক’লা আখৰবোৰৰ মাজতো ১ ২ ৩ গানৰ তালে তালে নাচি থকা দেখা পোৱা হ’লো। সঘনাই স্কুল ক্ষতি কৰাৰ ৰেকৰ্ড থকা আমাৰ উপস্থিতি ৰেকৰ্ড ব্ৰেক কৰি বাঢ়নী পানী বঢ়া দি বাঢ়িব ধৰিলে, লগতে বাঢ়িল চাৰিটাৰ মাজত বৰশী মৰাৰ প্ৰেকটিচ্‌ অৰ্থাৎ কোনে প্ৰথমে চেঙেলীজনী ধৰিব পাৰে। ভোলাই এটা পৰামৰ্শ দিলে….. বোলে যিহেতু এইটো সৰ্বজন বিদিত যে আমি একেটা ঘাটতে পানী খাবলৈ মনস্থ কৰিছো গতিকে আমাৰ মাজত প্ৰতিযোগিতা কৰাতকৈ সয়ম্বৰৰ দৰে তাইকে দায়িত্ব দিয়া যাওক, যাৰ ডিঙিতে মালা পিন্ধাব সিয়েই হব তাইৰ আচলি হিৰো । আমি হয়ভৰ দিলো আৰু চিঠি এখনৰ দাৰা মনৰ কথাবোৰ জনোৱাৰ সিদ্ধান্ত ল’লো। আমি আছিলো কুৰবাণ, খুন ভৰি মাংগ চিনেমা চাই মেইনে প্যাৰ কিয়া কৰিবলে মন মেলা মানুহ গতিকে চিঠিখন তেজৰে লিখাৰ বাবে মনস্থ কৰিলো । কথা মতে কাম……… এদিন ৰাহুলৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ সকলো তাৰ ঘৰত উপস্থিত হ’লো । পিছে গণ্ডগোল লাগিল সেইখিনিতেই……….তেজ দিবলৈ ভয়ত কোনো এজনেই ৰাজি নহ’ল । উপাই নাপায় ৰাহুলৰ ঘৰৰ ভতুৱা ভুলুক আমাৰ বাবে এক চিৰিঞ্জ ৰক্তদান কৰিবলে একপেকেট বিস্কুট খোৱাই যেন তেন সন্মত কৰিলো। ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ লিখা আবেদন খনো বেলেগৰ দ্বাৰা লিখাব লাগে তেনে স্থলত প্ৰেম পত্ৰনো নিজে লিখো কেনেকৈ ? বহু কিতাপ মেলি পাত পাত কৰিও যেতিয়া এখনো প্ৰেম পত্ৰ বিচাৰি নাপালো। অৱশেষত আমাৰ কেইটাৰ ভিতৰত আটাইতকৈ ইন্টেলিজেন্ট বুলি খ্যাত ভোলাই কিবা এখন বিচাৰি আনিলে । লিখা হল আমাৰ জীৱনৰ প্ৰথম প্ৰেম পত্ৰ বা এক কথাত কবলৈ গ’লে প্ৰেম খুজি সমুহীয়া আবেদন পত্ৰ।

শ্ৰী প্ৰজাপতেয় নমঃ
প্ৰতি
শ্ৰীমতী, নাম নজনা মৰমৰ মানুহজনী,
জয়জয়তে সমুহ বন্ধু্ বৰ্গৰ তৰফৰ পৰা তোমালৈ মোৰ আন্তৰিক মৰম যাঁচিলো । সবিনয় নিবেদন এই যে তোমাক দেখাৰ পৰা মোৰ ৰাতিৰ টোপনি দিনৰ বেচেইনি নোহোৱা হৈছে । তোমাক বৰ ভাল লাগে। নেদেখিলে এদিনো থাকিব নোৱাৰো । কিমান হাফ পেডেল মাৰিম? সোনকালে কিবা এটা সিদ্ধান্ত লৈ মোক জনাবা… অ.. আৰু এটা কথা, মোৰ বাহিৰেও তোমাক মোৰ বাকী তিনিজন বন্ধু্ৱেও ভাল পায় । পিছে তুমি আমাৰ সকলোলৈকে চাই মিচিকিয়াকৈ হাঁহা, গতিকে আমি নাজানো প্ৰকৃততে তুমি কাক ভাল পোৱা । গতিকে চিঠিখন পোৱাৰ পিছত যিটোকে ভাল লাগে সেইটোৰ নামত অহা ১৫ জেঠ বুধবাৰে (ইংৰাজী 30 মে ৱেডনেছ ডে) ডেকা চাৰৰ টিউচন যাওতে উত্তৰটো সহ এখন্তেক দেখাদি কৃতার্থ কৰা যেন ।
স্হান: ৰেলগেট
সময়: পুৱা ৬ বজাৰ পৰা ৮ বজালৈ
বি:দ্ৰ: ঘৰত নকবা কিন্ত মোৰে শপত ।আই লাভ ইউ
শেষত বিনয়াবনত
ভোলা (চচমা পিন্ধা জন)
ৰাহুল (অলপ চাপৰকৈ ৰেঞ্জাৰ চাইকেল চলো্ৱাজন)
বিবেক (কলা, কেকুৰা চুলিৰ, ডিঙিত ৰুমাল বান্ধে যে সেইজন) আৰু বাকি থকাজন মই

(প্ৰিয় পাঠক সকল, চেগ বুজি এদিন আমি চিঠি খন দিলো কিন্ত অধীৰ অপেক্ষাৰ পিছতো উত্তৰ নাহিল । পিছে এদিন স্কুলত প্ৰথম পিৰিয়ডতে পিয়নজনে হেডচাৰৰ ৰুমলৈ আমাক নিমন্ত্ৰণ জনোৱা পত্ৰ এখন লৈ আহিছিল । সুদীৰ্ঘ এঘন্টা গালি, পিটন আৰু কাণত ধৰি আঠুকঢ়াৰ পিছত হে পিয়নৰ মুখত গম পাইছিলো….. ভুলুৰ তেজৰে লিখি জীৱনৰ প্ৰথম প্ৰেমপত্ৰ দিয়া চুলি মেলি স্কুল যোৱা ছোৱালীজনী আন কোনো নহয়….. নতুনকৈ বদলি হৈ অহা আমাৰ স্কুলৰ প্ৰধান শিক্ষকৰ হে ছোৱালী আছিল)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!