মাক চিলনীৰ সাধু – নিৰ্মালী সন্দিকৈ

মই কৈছিলো, মই মা হ’ম৷

তই কৈছিলি, নালাগে নালাগে!

তোক লগত লৈ ক’ৰবালৈ যাবলৈ মোৰ লাজ লাগিব৷

লগৰবোৰে হাঁহিব, জোকাব,

ক’ব তোৰ ঘৈণীয়েৰৰ ঢোল যেন পেট!

মই সুধিছিলো, মনত পৰেনে দিনটোত এবাৰ হলেও

অকণমান মুখ এখন, এধানমান ওঁঠ দুটি,

দেতা দেতা বুলি ৰাতি হেঁপাহেৰে দুৱাৰ খুলি দিয়া

হাত দুখনি

পৰেনে পৰেনে পৰেনে?

তই উত্তৰ নিদিছিলি

মই মনত পেলাই দিওঁ

তাই তোক বৰ ভাল পায়

জ্বৰত ভুল বকি তোকে মাতি পায়

তাই মাতে, আঁহা দেতা মোক আখৰ লিখি দিয়া
ব’লা দেতা ফু ফু নিবা৷

দেওবাৰে পাৰ্ক নিনিয়া?

সাধু এটা ক’বা নেকি দে’তা!

তই একো নেমাত

তোৰ মবাইলৰ স্ক্ৰীণত হৰ হৰ মোদী

গুগল চাৰ্ছত ব্লু ফিল্ম

হোৱাটচ্ এপত বিনামূলীয়া বেশ্যাৰ সতে
প্ৰলাপ সংলাপ অথবা বিলাপ!

তই যেতিয়া আড্ডাত বহি

ত্ৰিশবছৰীয়া বন্ধুত্বক উমাল কৰ

মই তেতিয়া এধানমান সপোন এটাৰ হাতত ৰং তুলিকা তুলি দিওঁ

তাই অঁকা বৰষুণৰ ছবিখন চাবলৈ তই নাহ৷

তই যেতিয়া লেতেৰা পলিটিক্সৰ

বোকাত লেটিপেটি হৈ নিলাজ হাঁহিটো মাৰ

মই তেতিয়া আকৌ এবাৰ ক ফলা পঢ়ো৷

চিলনীৰ জীয়েকৰ বৰ দুখ আছিল৷

চিলনীৰ জীয়েকে মানুহ দেখা নাছিল৷

মই চিলনীৰ মাক

মই জানো, মানুহৰ মনৰ লেতেৰা পাক

মাক চিলনীয়ে তোলা জীজনী

যিদিনা ডাঙৰ হ’ব

সিদিনা তাই তোক ভালকৈ চিনি পাব৷

ল’ৰালিৰ আটাইতকৈ ধুনীয়া সময়বোৰ

মোহাৰি পেলোৱা মানুহটোক তাই ঘিণ
কৰিবলৈ শিকিব৷

মাক চিলনীৰ বাটটো বৰ পোন

বৰ পোন৷

সেই বাটেৰে জীয়েকজনী গৈ থাকিব,
গৈ থাকিব৷

গৈ গৈ এদিন তাই নিজৰাটো পাব৷

নিজৰাটো চালেই তাই মাকক পাব৷
মাক চিলনীয়ে জীয়েকক লৈ ফুৰিব,
বৈ ফুৰিব৷

চিলনীৰ জীয়েকৰ সাধুত দেউতাক নাছিল

মাক চিলনীৰ সাধুত এজনী মাক থাকিব৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!