মাঘ বিহু আৰু আমি- প্ৰণামিকা অধিকাৰী

এইযে ম’হ যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ আদিত এটা পক্ষ হাৰে আৰু বিজয়ীপক্ষই তাৰ জয়যাত্ৰা অক্ষুণ্ণ ৰাখি আগবাঢ়ি যায়; ইয়াত হাৰি যোৱা পক্ষও কিন্তু পৰম্পৰাটোৰ এৰাব নোৱৰা অংগ৷ সমাজত মূল্যবোধৰ সংঘাত অনিবাৰ্য৷ অতীতৰ পৰা এতিয়ালৈ সামাজিক মূল্যবোধৰ মাজৰ সংঘাতৰ ফলতেই সংস্কৃতি বোঁৱতী নদীৰ দৰে বৈ আহিছে৷ মাঘ বিহুৰ এই প্ৰথা কোন অতীতত আৰম্ভ হৈছিল, সঠিককৈ ক’ব পৰা নাযায়৷ অকল অসম নহয়, কৃষিভিত্তিক এই পৰম্পৰাবোৰ ভাৰতৰ বিভিন্ন প্ৰান্তত পালিত হৈ আহিছে৷ ইতিহাসে ঢুকি পোৱা দিনৰে পৰা অসমৰ জনজীৱনত ভোগালীয়ে গুৰুত্ব পাই আহিছে৷ গুৰুত্ব পাই আহিছে, মেজি, ভেলাঘৰ, ভোজ, পিঠা-পনা, দৈ-গুড় আদিয়ে৷ ইয়াৰে কোনো এটা বস্তু বাদ দি যেন ভোগালী হ’ব নোৱাৰে মাঘৰ বিহু৷ সেইকাৰণেইতো ভোগালী বিহু৷ বিহু আমাৰ সংস্কৃতি, আমাৰ পৰিচয়, আমাৰ আয়ুস ৰেখা৷ বিহুক বাদ দি কোনেও অসমৰ সাংস্কৃতিক পৰিচয় সম্পূৰ্ণকৈ দিব নোৱাৰে৷ কিন্তু, বৰ্তমান বিশ্বায়নৰ যুগত আমি বিহুক কিদৰে আমাৰ পৰিচয় কৰি জীয়াই ৰাখিম, যি সময়ত আমাৰ জীৱন আৰু জীৱিকাই সংকটপূৰ্ণ হৈ পৰিছে; ই ভাবিবলগীয়া বিষয়৷ গোলকীকৰণৰ প্ৰতিযোগিতাত আজিৰ অসমীয়াই নিজক তুলি ধৰিব নে অসমৰ সাতাম-পুৰুষীয়া সংস্কৃতিক সাৱতি থাকিব! এই দুয়োটাৰ মাজত সামঞ্জস্য বৰ্তাই ৰাখি বিহুত কিছু পৰিৱৰ্তন স্বীকাৰ কৰি আদৰিবই লাগিব৷ নহ’লে জীৱনো নৰ’ব; সংস্কৃতিও হেৰাই যাব৷ সেয়ে, বহু সমস্যাৰ মাজতো মাঘ বিহুক ভোগৰ উৎসৱ, সম্প্ৰীতিৰ উৎসৱ কৰি ৰাখিবই লাগিব৷ তেতিয়াহে অসমৰ আয়ুস ৰেখা উজলি থাকিব৷

সংঘাত ক’ত? কিয়? বহু ক্ষেত্ৰত বিতৰ্ক হোৱা দেখা যায় যে, আজিকালি মানুহৰ ঘৰত ঢেঁকীৰ মাতৰ লগত জীয়ৰী-বোৱাৰীৰ হাঁহি-খিকিন্দালি শুনা নাযায়৷ মূলতঃ আমি কি বিচাৰোঁ? ফচল৷ সেই ফচল পৰম্পৰাৰ দোহাই দি পুৰণি ব্যৱস্থাৰেই হ’ব লাগিব বুলি ভবাটো নিশ্চয় ভুল হ’ব৷ মানুহৰ জীৱন ধাৰণ প্ৰণালী সলনি হৈছে৷ আগৰ কালৰ জীয়ৰী-বোৱাৰীৰ অফুৰন্ত সময় আজিকালি নোহোৱা হৈছে৷ ফলত, সহায় ল’ব লগা হৈছে বজাৰৰ৷ বজাৰত উভৈনদীকৈ পোৱা ভোগালীৰ সামগ্ৰীয়ে বহু নিবনুৱাক কৰ্ম-সংস্থাপনো দিছে৷ অসমীয়া মানুহে তাকৰীয়াকৈ হ’লেও বণিজ কৰিবলৈ শিকিছে৷ ই আশাৰ বতৰা৷ অৱশ্য়ে এলাহৰ বশৱৰ্তী হৈ ভোগালী বিহুৰ খাদ্য প্ৰস্তুতকৰণ প্ৰণালীক সমূলি আওকাণ কৰাটো গ্ৰহণযোগ্য হ’ব নোৱাৰে; কাৰণ, ভোগৰ উপকৰণ প্ৰস্তুতিতো সংস্কৃতি লুকাই থাকে৷ সেয়ে, কোনো ক্ষেত্ৰত এনে কৰাও সম্ভৱপৰ হ’ব পাৰে যে, চাৰিঘৰমান মিলি প্ৰত্যেকে এবিধকৈ বিহুৰ উপকৰণ প্ৰস্তুত কৰি চাৰিওঘৰৰ মাজত ইঘৰে সিঘৰক দি মুঠ চাৰিবিধ খাদ্য নিজেই যোগাৰ কৰি ল’ব পাৰে৷ ইয়াৰ বাবে সদিচ্ছা হ’লে, বিহুৰ যোগাৰ হোৱাৰ লগতে সমিলমিলৰ পৰিৱেশ এটাও তৈয়াৰ হৈ যাব আৰু নতুন প্ৰজন্মই এইবোৰ প্ৰস্তুত প্ৰণালীও শিকি ভৱিষ্যতলৈ কঢ়িয়াই নিব পাৰিব৷ তেনেদৰে, ভেলাঘৰ আৰু মেজিও এক বিতৰ্কৰ ভিতৰত সোমাই পৰিছে৷ কোনোৱে ইয়াক সাজি দিয়াটো এক ব্যৱসায়ৰ ৰূপ দিয়াক সমৰ্থন কৰিছে আৰু কোনোৱে ইয়াৰ বিৰোধিতা কৰিছে৷ মেজি-ভেলাঘৰ মাঘ বিহুৰ এৰাব নোৱাৰা বিষয়৷ কিন্তু ই যদি কেৱল গ্ৰাম্য পৰিৱেশতহে থাকে তাত আপত্তি থাকিবলগীয়া কথা থাকিব নালাগে৷ আজিকালি বায়ু-প্ৰদূষণৰ ভয়ংকৰ অৱস্থাত গাঁৱে-চহৰে সমানে মেজি জ্বলোৱাতো বিপজ্জনক হৈ পৰিছে৷ বৰং আমি মন কৰিব লাগে যাতে, গাঁৱতো মেজিবোৰৰ আকাৰ সৰু হয় আৰু পাৰিলে দুই-তিনিখন গাঁও মিলি এটা মেজি সজাৰ ব্যৱস্থা কৰা হয়৷ মেজি সজাৰ অন্তৰালত কৃষক ৰাইজৰ ঐকান্তিকতাই একোখন সমাজৰ সম্প্ৰীতিৰ চিন আছিল, যিটো চহৰাঞ্চলত হ’ব ধৰা গাইগুটীয়া মেজিত নাথাকে৷ মেজি বা ভেলাঘৰ সাজিবলৈ চহৰত সমাজ ব্যৱস্থা থাকিব লাগিব৷ আধুনিক চিন্তা-চৰ্চাৰে চহৰতো একোখন গ্ৰাম্য- বৈশিষ্ট্যপূৰ্ণ সমাজ গঢ়িব পাৰি৷ অন্যথা, বলক, আমি ভোগালীৰ সময়তে সকলোৱে একোপাক গাঁৱলৈ যাওঁ; কাৰণ, আমি গাঁও এৰি চহৰমুখী হোৱা বেছিদিনৰ পুৰণি কথা নহয়৷ এই আপাহতে আমি এৰি অহা গাঁওখনৰ লগতো মৰমৰ এনাজৰীডাল কটকটীয়া কৰি ৰাখোঁ৷

ভোজ খোৱাটো মাঘ বিহুৰ এক এৰিব নোৱাৰা পৰম্পৰা৷ উৰুকাৰ ৰাতি ভোজ নহ’লে যেন উৰুঙা লাগে৷ ভোজৰ উদ্দেশ্য আছিল যাতে বিহুৰ সময়ত কোনো উপবাসে থাকিবলগীয়া নহয়৷ গাঁৱলীয়া সমাজত আগতে কিবা কাৰণত কোনো পৰিয়াল ভোজলৈ আহিব নোৱাৰিলে; তেওঁলোকলৈ খাদ্য দি পঠিওৱা হৈছিল৷ সময়ৰ পৰিৱৰ্তনত আমি অন্তৰ্নিহিত উদ্দেশ্যক পাহৰি কেৱল ৰং-ৰহইচ কৰি খোৱাত গুৰুত্ব দি, প্ৰয়োজনতকৈ অধিক দামত মাছ-মাংস ক্ৰয় কৰি এচাম সুবিধাবাদী ব্যৱসায়ীক অনৈতিকভাৱে লাভ কৰাৰ সুযোগ দিছোঁ৷ জেপৰ পৰা অধিক টকা উলিয়াই নিজে তৃপ্ত হৈছোঁ; অথচ কাষৰ ঘৰৰ কোনো দৰিদ্ৰৰ ঘৰৰ ভাতত আলু-দাইলো নাই৷ বৰ্তমান সময়ত মানুহৰ মাজত ধনী আৰু দুখীয়াৰ বৃহৎ প্ৰভেদ দেখা যায়৷ হতাশাত ভুগি বহু আৰ্থিক দৈন্যতাত ভোগা মানুহ বিপথে পৰিচালিতও হয়৷ সমাজৰ এজন বিপথগামী হোৱা মানে সমাজখনৰ উমৈহতীয়া ক্ষতি৷ ভোগালী বিহু ক্ষণত আমি ইজনে সিজনক মনত পেলাই সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰিব পাৰোঁ৷

পৰিৱৰ্তন হওক৷ সময়ৰ লগত মিলাই আমাৰ সংস্কৃতি আগবাঢ়ি যাওক৷ কিন্তু শিপা বিচ্ছিন্ন হৈ নহয়৷ শিপাক খামুচি ধৰি আধুনিক জীৱন যাত্ৰাৰ সৈতে মিলাই আমি আমাৰ ভোগালী মাঘ বিহুক প্ৰজন্মৰ পিছত প্ৰজন্মলৈ আগুৱাই নি থাকোঁ,তাতেই আমাৰ পৰিচয় জীয়াই থাকিব৷ ভোগালীৰ সৈতে পালিত বিভিন্ন খেল-ধেমালি, আচাৰ- অনুষ্ঠানবোৰক যিমান পাৰি, সিমানলৈ চৰ্চা কৰি সমাজৰ মূল্যবোধক জীয়াই ৰাখোঁ আহক৷
সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা আৰু সেৱা জনালোঁ৷

ধন্যবাদেৰে,

প্ৰণামিকা অধিকাৰী

সম্পাদক, সাহিত্য ডট অৰ্গ, দশম বৰ্ষ ষষ্ঠ সংখ্যা

One thought on “মাঘ বিহু আৰু আমি- প্ৰণামিকা অধিকাৰী

  • February 9, 2021 at 9:14 am
    Permalink

    এটা অতি সুন্দৰ আৰু শুভকামনাৰে পৰিপূৰ্ণ সম্পাদকীয়ৰ আন্তৰিক অংশীদাৰ হ’লোঁ৷ধন্যবাদ প্ৰণামিকা৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!