মাজনী, ভগৱানে তোৰ মংগল কৰক (দ্বিজেন্দ্ৰ নাথ শৰ্মা)

মান্যবৰ,
যদিও আজি মই অসহায়, মোৰ নাম শ্ৰীসত্যবান সহায়৷ বয়স‍, নয়নপুৰ ভোলানাথ বিদ্যামন্দিৰ প্ৰদত্ত নৱম মানৰ প্ৰমানপত্ৰ মতে ৫৯ বছৰ ২ মাহ৷ জন্ম সোঁৱৰণী পত্ৰিকা এখনো মোৰ আছে৷ জন্ম সোঁৱৰণী আৰু স্কুলৰ প্ৰমানপত্ৰৰ বয়সৰ পাৰ্থক্য আমাৰ সময়ত প্ৰায়ভাগৰে হৈছিল৷ মই ৰান্ধনী হৈ থকা সময়ৰ কথা৷ বৰচাহাবে এদিন মোক কৈছিল –“তোৰ স্কুলৰ প্ৰমানপত্ৰ এখন মোক দি থবিচোন৷ ” তাৰো আগতে বাইদেৱে, মানে বৰচাহাবৰ ঘৈণীয়েকে, বৰচাহাবক প্ৰায়ে মোৰ হকে ফৰমাইচ কৰি কৈছিল- “আমাৰ ইয়াক‍, সত্যক, আপোনাৰ অফিচৰে কাম এটাত সুমুৱাই নিদিয়ে কিয়? ” বাইদেৱে কিন্তু সঁছাকৈয়ে মোক মৰম কৰিছিল৷ ভগৱান সৰ্বোপৰি৷ তথাপিও কও, বাইদেউৰ দয়া অবিহনে ৰজাৰ চাউল খোৱাৰ ভাগ্য মোৰ নহ’লহেতেন৷
মান্যবৰ, আপোনাৰ কাৰণে বিৰক্তিকৰ হ’ব৷ কিন্তু মই নিৰূপায়৷ বিশ্বাসৰ হুতাত নহয়, মাথোঁ প্ৰকাশৰ তাগিদা‌ত, মোৰ বিবৰ্ণ জীৱনৰ অংশবিশেষ টুকুৰা টুকুৰকৈ আপোনাৰ ওচৰত ডাঙি ধৰাৰ হেপাঁহটো সামৰিব নোৱাৰিলোঁ৷ কথাখিনি ব্যক্ত কৰিবলৈ মোৰ মানুহজনী আছিল৷ তাইও মোৰ কোনো কথা নুশুনাকৈয়ে নিজৰ সিদ্ধান্ত লৈ গুছি গ’ল৷ মই দোষ কাকোৱেই নিদিও৷ আজি অনুভব কৰিছোঁ শাস্তি দেখোন বিচাৰৰ আগতেই হয়৷ লিখা মেলাৰ অভ্যাসৰ ভিতৰত চহীটোৰ বাহিৰে‍, মাজে মাজে লোৱা চুটিৰ দৰ্খাষ্টখন লিখাতেই সীমিত৷ প্ৰথম অৱস্থাত চুটিৰ দৰ্খাষ্টখনো বৰচাহাবৰ হাতত পৰোতে, চিৰি দলিয়াই দি দিয়া গালি খাব লগা হৈছিল৷ বুদ্ধিবৃত্তিত মই তেনে বাৰু নহয়৷ বৰচাহাবৰ বাইদেউৰ আৰ্জিটো বৰচাহাবে গুৰুত্ব নিদিয়া হলে, মই হয়তো এতিয়া কোনো ডাঙৰীয়াৰ ৰান্ধনি হৈ থাকিলোঁহেতন অথবা তাৰ পৰা এৰা খাই কোনো হোটেলে-চোতেলে কাম কৰি থাকিলোঁহেতেন৷ লিখিব খোজা কথাবিলাক ইমান অসংলগ্ন ভাবে আহি থুপ খাইছে যে জুকিয়াই লিখাৰ মোৰ সামৰ্থ নাই৷ গতিকে এই নিৰ্বোধৰ কথাখিনি স্ব-জ্ঞানে চালি জাৰি চাই বুজি ল’ব৷ আমাৰ সময়ত মেট্ৰিক পৰীক্ষাৰ সময়ত ফৰ্ম ফিলাপ কৰোঁতে হেডছাৰে ছাত্ৰ-ছাত্ৰীৰ বয়স বহুৱাই দিছিল৷ ময়ো চাৰ্টিফিকেটখন আনিব যোৱাৰ সময়ত ছাৰে সুধিছিল- “তোৰ বয়স কিমান অ’৷ ” আৰু মই কোৱা মতে বয়সটো বহুৱাই দিছিল৷
পেৰেগ্ৰাফ ক’ত দিব লাগে নাজানো৷ গতিকে কিছু লিখি উঠি দীঘল হোৱা যেন লাগিলে পেৰেগ্ৰাফ বনাই দিম৷ দায় দোষ মৰিষণ কৰিব৷ গতিকে মোৰ সোঁৱৰণী মতে বয়স আৰু স্কুলৰ প্ৰমানপত্ৰৰ বয়সৰ পাৰ্থক্য আছে৷ সেই অপৰাধতো যদি মই দোষী সাব্যস্ত হলোহেতেন তেতিয়াও অন্তত মনে এটা সান্তনা পালেহেতেন৷ মই মানুটো যে হেবাং ধৰণৰ, সেইটো আনে মোক কৈ দিব নালাগে৷ নহলে চালু বিধৰ প্ৰাণী হোৱা হলে যদিও নাইনৰ পৰা উধাব নোৱাৰিলেও ভগৱানৰ কৃপাত যিখিনি পাইছোঁ তাত চালুগিৰিৰ গ্ৰীজ লগাব পাৰিলে ঘৈণীৰ খটা দিয়া কথা শুনিব নালাগিলেহেতেন৷ “একেলগে কাম কৰা জগ্গুলৈ নাচায় কিয়? ” “পাছটা ৰুমৰ ঘৰো সজালে৷ এইবাৰ পুতেকক ফটফটি এখনো কিনি দিছে৷ “ –ৰূপহীৰ লেঠেৰী নিচিগা অভিযোগ৷ মই পিছে বৰ এটা বাৰুকৈ নাভাবো৷ বোলো ইশ্বৰ প্ৰদত্ত চকৰীটো নাপালে দুবেলাৰে টনাটনি হ’লহেতেন৷ হওতে, ইটো কথাও নোহোৱা নহয় যে যোগেন দোকানীয়ে জীয়েক ৰুপহীক লগুৱা সত্যক দিয়াৰ কথা তেতিয়া মনলৈও নানিলেহেতেন৷ মই নিজকে প্ৰবোধ দিও- “বোলো সত্য, পিতৃ প্ৰদত্ত নামটো পাইছ সত্য৷ সত্যত থাকিয়ে দেখা-নেদেখা জনৰ কৃপাদৃষ্টি লাভ কৰিছ৷ জীৱনটো পো-পোৱালীৰে সৈতে পেট পুৰাব পাইছ৷ স্ত্ৰী জাতিক পালন কৰ৷ কিন্তু বৰ বেছি আসৈ নিদিবি৷ অভাব অভিযোগ এইবোৰ থাকিবই৷ “ বুঢ়া মৰাৰ আগতে কৈ যোৱা কথাষাৰ মই শিলৰ ৰেখা বুলিয়েই মানো- “বোলো হেপাঁহৰ জোলোঙাখন বঢ়োৱাৰ আগতে দোল দুদালৰ সামৰ্থটো চাই লবি৷ কঢ়িয়াব পাৰে কি নাই৷ “ ৰুপহীক মই সন্তোষ লগাব যে পৰা নাই সেইটো কেটেৰা জেঙেৰা বিলাকতে উমান পাই থাকো৷ পিছে সাত-শতৰুৱেও ক’ব নোৱাৰে যে মই তাইক দুখ দিছোঁ৷ বোলো, পৰম সন্তোষনো কাৰ আছে?
মান্যবৰ, দুবেলা পেট পুৰাই খাই, পো-পোৱালী পালাৰ বহিৰেনো আৰু জীৱনটো কি? তথাপিও আমোদ-প্ৰমোদো লাগে৷ পুজা-ৰাস-সবাহ আহিলে, ৰুপহীক চাদৰ এখন বা ল’ছালি হালক দুসাজ কাপোৰ দিয়াৰ বাবে অভাৱ কেতিয়াও হোৱা নাই৷ কুঁৱৰী পথাৰত লক্ষীপুজাত অহা থিয়েটাৰ এপালা দেখুৱাবলৈও মই কেতিয়াও থেৰো-গেৰো কৰিব লগা অৱস্থা হোৱা নাই৷ সেইবাৰ দেখোন চৰ্কাচ আহোতে দুশ টকাকৈ টিকট কাটিও ইহত দুটাই খেং খেঙাই থকাৰ বাবে তিনি পালা দেখুৱাইছোঁ৷ এই শেৱালীজনী উঠন হৈ আহিছে৷ সবে মিলি চাৰ্কাচ চাই আজি-কালি অলপ আচাং-ইছিং লাগে৷ আমাৰ বিয়া হোৱাৰ বাৰে চাৰ্কাচ আহিছিল৷ তেতিয়া তেনেকুৱা লগা নাছিল৷ ইহত সৰু থাকোতেও চাইছিলোঁ৷ ৰুপহীৰ কোলাত পোণা আৰু মোৰ কোলাত শেৱালী৷ যোৱাবাৰ পিছে বৰ অস্বস্তি পাইছোঁ৷ তেতিয়াই ভাবিছিলোঁ আগলে চাৰ্কাচ আহিলেও ইহঁত দুটাক মাকৰ লগতে পঠাই দিব লাগিব৷ অ’, পাহৰিছিলোৱেই৷ তিনি পালা চৰ্কাচ চাব লগা হোৱাত দৰ্মহা নপোৱালৈ অৱশ্যে মাছ মাংস আনিব পৰা নাছিলোঁ৷
দহ মাহ বাকী আছিল৷ দহ মাহ চাবলৈ গলেনো কিমান সময়? আনহাতে দহ মাহ কমো নহয়৷ কলা কলা কৈ বাঢ়ি সন্তান এটা ভূমিস্থ হবলৈ লগা দহ মাহ বহুত৷ তেনেদৰে অৱসৰৰ বাবে অপেক্ষা কৰা দহ মাহ এটা যুগ৷ দুবছৰ বঢ়াই নিদিয়া হলে যোৱাবেলিয়ে অৱসৰ লৈ এতিয়া পেঞ্চনৰ পিছত দৌৰি থাকিলোঁহেতেন৷ ৰাতিপুৱাই অফিচলৈ ওলায়েই মনলৈ ভাবটো আহে- “আজি এদিন গ’ল৷ এনেকৈয়ে বাকীকেইটা দিন সুকলমে গলে মুক্তিৰ দিনলৈনো কিমান দিন৷ “ দুটা চিন্তা আছিল৷ শেৱালীক দিব লাগে আৰু ই মিণ্টুৱে খুটি খাব পৰা হলেই জীৱনৰ পৰা দায়মুক্তি৷ ভগবানে জন্ম দিছে যেতিয়া বাটো ঠিক কৰি থৈছে৷ আৰু মইটো আছোঁৱেই হাত ধৰিবলৈ৷ পিছে আমি সাধাৰণ নৰ-মনিষে কণা বিধাতাৰ খেলৰ পতুলাহে৷ সব নিয়তিৰে খেল৷ শেৱালী কোন বাটে গুছি গ’ল তলকিবই নোৱাৰিলোঁ৷ লগৰীয়াৰ সৈতে সবাহলৈ গৈছিল তাই, ঘৰলৈ ঘূৰিয়ে নাহিল৷ বহুত বিচাৰ খোচাৰ কৰিছিলোঁ৷ পুং একো নাপালোঁ৷ কিছুমানে কয়- “কোনোবাৰ লগত পলাই গ’ল৷ “ এতিয়াও তাইৰ কথা মনলৈ আহিলে তপত হুমুনিয়াহ এটা ওলাই আহে৷ কিছুমানে কয়- “অপহৰণ হ’ল৷ ” মনে নকয় যদিও কিছুমানে কয়- “মাৰি পেলালে৷ ” তাই নহোৱা হোৱাৰ পৰা ৰুপহীৰ ৰূপটোও সলনি হ’ল৷ অভাৱৰ ফৰমাইচবোৰো নোহোৱা হ’ল৷ ডাঙৰ সপোন কেতিয়াও পালিয়ে নোপোৱা মনটোও লেৰেলা লাগিল৷ উতসাহত জীয়াই থকাৰ সলনি জীৱনটো বোজা হৈ পৰিল৷ পোণাটোৰ আৰু ৰূপহীৰ মোৰ অবিহনে কি আলৈ অথানি হ’ব সেই চিন্তোটোৱে শেৱালীক হেৰুৱাৰ শোকৰ ঘাঁৰ মলম হ’ল৷ আৰু নমৰালৈ নিজীইনো কৰো কি?

বুঢ়া মৰাৰ পিছত দেখোন, মোৰো দলনিত পোনা মেলা অৱস্থা হৈছিল৷ তথাপিও দেখোন জীয়ায়ে আছোঁ৷ কওতে আইয়ে পঢ়িবলৈ কৈছিল৷ ইঘৰ-সিঘৰত কাম কৰি খুজি মাগি হলেও পঢ়োৱাৰ পন লৈছিল৷ —“বোলো পাৰিলে পঢ়ি শুনি ডাঙৰ মানুহ হ’, ইচোৱাটো দুখতেই গ’ল, শেষ কালটো সুখত খাম৷ “ মোৰ নিজৰ বুদ্ধি বৃত্তিৰ ওপৰত থকা ধাৰণটোৰে বুজি পাইছিলোঁ দুখীনি আইক আৰু অকাৰণতে যাতনা দিয়া উচিত নহ’ব৷ পঢ়ি শুণি চাহাব হোৱাৰ ক্ষমতা কিমান, সেইটো ছাৰহতে বহী দিয়াৰ দিনা উপহাৰ দিয়া গালিবোৰতে বুজি পাইছিলোঁ৷ গতিকে মই বোলো- “শেষ কালৰ সোনৰ সালেঙৰ আশা বাদ দে আই৷ মই কিবা এটা কাম বিচাৰি লও৷ তই ইঘৰে-সিঘৰে গেবাৰি খাটি মৰিলেও মোৰ বৰমানুহ হোৱাৰ জোখেৰে সাধ্য-সামৰ্থ নাই৷ “
মান্যবৰ, মই এই যুগোপযোগী লায়েকৰ মানুহ নহও৷ তাৰ প্ৰমান কোনো চাহাবে মোক তেওঁলোকৰ কেবিনত নিবিচাৰে৷ বৰচাহাব থকালৈ মই বৰচাহাবৰ বাংলাতে আছিলোঁ৷ অফিচত মোৰ প্ৰথম মকৰল শইকীয়া চাহাবৰ কেবিনৰ বাহিৰত৷ টুল এখনত বহি থাকো৷ বেল বজালে সোমাই যাওঁ৷ তেতিয়া মোৰ চাকৰী মানে অফিচ দিউটি দহ পোন্ধৰদিনমানহে হৈছে৷ এজন মানুহ আহিল৷ মোক শুধিলে – “শইকীয়া ছাৰ আছেনে? ”
জিলাৰ পৰা কোনোবা ডাঙৰ চাহাব আহিছিল৷ মিটিং চলি আছিল৷ শইকীয়া চাহাবে মোক কাকো সোমাব দিব মানা কৰি থৈছিল৷
গতিকে মই কলো- “আছে৷ কিন্তু এতিয়া যাব নোৱাৰে৷ ছাৰে মানা কৰি থৈছে৷ “
– “এটা কাম কৰিবা৷ ইয়াত প্ৰেজেণ্ট এটা আছে তুমি চাহাবক দি দিবা৷ কাকতিয়ে দি যোৱা বুলি ক’বা৷ “
এটা উখহি থকা এনভেলাপ এটা দি মানুহজন গুছি গ’ল৷ দুদিনমানৰ পৰা সদায় আহি আছে মানুহজন৷ গতিকে একো চিন্তা নকৰাকৈ লৈ থোৱা এনভেলাপটো লৈ ভিতৰ সোমালো৷ লগৰ কাম লগে লগে কৰাই ভাল৷
“কাকতিয়ে এটা উপহাৰ”- বুলি কবলৈ পালো কি নাপালো, শইকীয়া চাহাবৰ চকুৰ পৰা ওলোৱা জুইখিনি এনে লাগিল যেন পুৰিহে মাৰিব৷ সাউতকৈ এনভেলাপটো চাহাবৰ দি বাহিৰ ওলাই আহিলোঁ৷
জিলাৰ পৰা অহা চাহাব যোৱাৰ পিছত, মোক মাতি নি উধাই-মুধাই গালি৷ সঁইত খাই কৈছোঁ, তেতিয়া কিন্তু মই শইকীয়া চাহাবৰ খঙৰ কাৰণ বুজি পোৱা নাছিলোঁ৷ তাৰ পিছত মোৰ দিউটি সলনি হ’ল বিল্ডিঙৰ মুল দুৱাৰলৈ৷ তেতিয়াৰ পৰাই তিনিখন গেটৰ ইখন পৰা সিখন সলনা-সলনিকৈ চাকৰীকাল কটাই অৱসৰৰ দুৱাৰদলিত৷
ৰূপহী আহিছিল মোক লগ কৰিবলৈ৷ তাৰ আগলৈ মই ভাগি পৰিছিলোঁ যদিও আশাহত হোৱা নাছিলোঁ৷ মনক প্ৰবোধ দিছিলোঁ যে এই কলংক এদিন মোচন হ’ব৷ জগ্গুও আহিছিল৷ মই সঁইত খাই কৈছো যে জগ্গুৰ চকুলৈ চাই মই ভৰষা পাইছিলোঁ৷ বিশ্বাস এটা জগিছিল যে গ্ৰহণ আঁতৰি পুণৰ সূৰুজে পোহৰ বিলাব৷ সি কৈছিল ভাল উকীল এজন ধৰিব লাগিব৷ তই যিহেতু দোষ কৰা নাই তই উচিত বিচাৰ পাবি৷ ভগবানৰ ওপৰত ভৰষা ৰাখ৷ ভগৱানৰ ওপৰত ভৰষা মোৰ অপাৰ৷ মোক নিঠৰুৱা কৰি আইক যাতনাৰ সাগৰত ডুবাই মোৰ পিতাইক আঁতৰাই নিয়াতো কপকপীয়াকৈ ধৰি থকা ভৰষাৰ দোল ডাল শেৱালী নিখোজ হওতেও মই সলোক-ধোলক হব দিয়া নাই৷ অদৃষ্টই যি কৰে মংগলে কৰে৷
পোণোটোৰ সতে থিয় হৈ থকা ৰূপহীৰ মুখলৈ মই চাব পৰা নাছিলোঁ৷ শলখাত খামোচ মাৰি ধৰি মই ঠিয় হৈ আছিলোঁ৷ হাতৰ মুঠি টান হৈ গৈছিল৷ ভৰিৰ আঙুলিকেইটাই পকাত খামুচি ধৰিছিল৷ বহু সময়৷ বহু সময় মই তেনেকৈ আছিলোঁ৷ লাহে লাহে চকু ওপৰলৈ অনাত, ওপৰ ওঁঠটো মেলখাই থকা, চেলাউৰী কোঁচখোৱা এটা অচিনাকী চাৱনীৰে মোলৈ চাই থকা, পোণাৰ চকুত চকু পৰি মোৰ কলিজা মোচৰ খাই গ’ল৷ ৰূপহীৰ চকুলৈ চাই এনে লাগিল যেন ধৰফৰাই উঠা মোৰ কলিজাটো পুৰি মাৰিবলৈহে ৰৈ থকা একুৰা জুইহে৷ মোৰ ভোটা বুদ্ধিৰো অনুভৱ কৰাত কঠিন নহল যে সেই মুহূৰ্তত জীৱন মৃত্যুতকৈও যন্ত্ৰণাদায়ক৷ জগ্গুৰ দৃষ্টিত পোৱা ভৰষাৰ নিজৰা ৰূপহীৰ অগ্নিবানে শুকুৱাই পেলালে৷ হুমুনিয়াহ জীৱনত বহুত কাঢ়িছোঁ কিন্তু সেই মুহূৰ্তত নিশ্ৰিত নিশ্বাসত পোৰা কলিজাৰ উত্তাপ অনুভৱ কৰিছিলোঁ৷
মান্যবৰ, তাৰ পিছৰখিনি পাহৰিব বিচৰা এটা দুস্বপ্নৰ দৰে জীয়া বাস্তৱ৷ নিস্তব্ধতাৰ মাজত, শলখাৰ সিটো পাৰে পোণাক হাতত ধৰি ৰূপহী আৰু ইটোপাৰে মই৷ মনত কলধপ কলধপকৈ উশাহ লৈ থকা আশাটো লাহে লাহে নিথৰ হৈ গৈ আছে৷ ৰূপহীয়ে মোৰ পিনে চাই ফোঁপাইছিল৷ কৱৰৰ ৰিক্ততাৰে শিক্ত মোৰ হৃদয়ৰ ভাষাবোৰ বৰষুণত তিতা খৱৰ কাকতৰ দৰে আউলি গৈছিল৷ ওঁঠ দুটা লৰিছিল যদিও মুখেৰে ভাষা ওলোৱা নাছিল৷ হঠাত তাই হাতখনেৰে কপালখন পিহি দি “বাপেৰ আজিৰ পৰা মৰা বুলি ধৰ”- বুলি কৈ পোণাক চোঁচৰাই টানি নিছিল৷ পোণাই দেউতা বুলি ফেঁকুৰি উঠিছিল৷
আবেলি জগ্গু আহিল৷ হাতত ফাইল লৈ অহা ক’লা কোট পৰিহিত লোক এজনো আহিছিল৷ ফাইলটো শলখাৰ মাজেৰে মোৰপিনে আগুৱাই দিলে৷ চহী কৰিবলৈ৷ মই চহী নকৰিলোঁ৷ কাৰণ এতিয়া আৰু মোক বিচাৰ নালাগে৷ মোৰ শাস্তি হৈয়ে গৈছে৷ এতিয়া মুক্তি মোৰ বাবে শাস্তিতকৈও দুৰ্বিসহ৷
কিছুদিন পিছত আন এজন উকীল আহিছিল৷ তেওঁ কৈছিল এয়া চৰকাৰী নিয়ম৷ মোৰ বাবে তেওঁক নিয়োগ কৰা হৈছে৷ বিচাৰ নহোৱাকৈ শাস্তি হ’ব নোৱাৰে৷ তেৱোও এটা ফাইল আগুৱাই দিছিল৷ মই তাতো চহী কৰা নাই৷ তেওঁক অনুনয় বিনয় কৰি চাৰিখিলা পাত আৰু এটা কলম বিচাৰিছিলোঁ৷
মান্যবৰ, মোৰ ওপৰত উত্থাপিত অভিযোগৰ দুয়োটায়ে সঁচা৷ সাতদিন আগতে নীলা চাটি তলত ৰঙা শাৰী পিন্ধা ছোৱালীজনীৰ, বেঙুণবুলীয়া বৰণ লোৱা মুখখন দেখি মই ৰহ লাগি চোৱাৰ পৰা নিজকে বাৰণ কৰিব পৰা নাছিলোঁ৷ বৰচাহবৰ সহকাৰী হিচাবে জইন কৰা তাইক গেটৰ পৰা মোৰ সন্মুখেৰে পাৰ হৈ নোযোৱালৈ ঘুটি পৰি চাই থকাৰ অভিযোগটো সঁচা৷ তাই মোৰ ছোৱালীৰ বয়সৰ৷ তাইক ৰহ লাগি চোৱাটো পাপ৷ মই সেই পাপৰ শাস্তি পোৱাৰ যোগ্য৷ মই ছোৱালীজনীক মাজনী বুলি মাতিছিলোঁ৷
দ্বিতীয়টো মহাভিযোগ আৰু গুৰুতৰ৷ গ্ৰেপ্তাৰ কৰাৰ পিছত মেডিকেল কৰোঁতে মোৰ টাচ টেষ্ট নে কিও কৰা হৈছে৷ ৰিজাল্ট পজিটিভ নলোৱাৰ কথাই নাই৷ ময়ো অস্বীকাৰ কৰা নাই৷ কাল হ’ল মোৰ মনত জাগি উঠা মমতা৷ তথাপিও মনটোক মই এতিয়াও দুষিব নোৱাৰো৷ কাৰণ মোৰ মনত কোনো পাপ নাছিল৷ তাই চিৰিত ভৰি থোৱাৰ লগে লগেই মোৰ মাজনী আহি পালা বুলি মাতষাৰ দিয়াটো মোৰ অভ্যাস হৈ গৈছিল৷ তাই কেতিয়াবা মোৰ পিনে চায়, কেতিয়াবা নোচোৱাকৈয়ে পাৰ হৈ যায়৷ ৰাতিপুৱা তাই আহি নোপোৱালৈ মই উচপিচাই থাকো৷ কিয় জনো এনে লাগিছিল তাইক মাতষাৰ নিদিলে যেন মোৰ দিনটো আধৰুৱা হৈ ৰ’ব৷
সেইদিনা ৰাতি সপোনত শেৱালী আহিছিল৷ পিৰালীত বহি ৰ’দৰ উম লৈ ৰূপালীয়ে তাইৰ ওকনী বাচি আছিল৷ পিছপিনৰ পৰা মই উধাতু খাই লৰি আহিছিলোঁ৷ “শেৱালী, তই ইমানদিন ক’ত আছিলি”- বুলি ক’বলৈ ওলাই ‘শেৱালী’- বুলি এটা গেঙণীৰে সাৰ পাই দেখোঁ, ৰুপালী সপোনতে উচুপি আছে৷ ৰূপালীক নজগালোঁ৷ ৰাতিপুৱালৈ বিছনাত উচপিচাই কটালোঁ৷
গেট খুলি টুলখনত বহি সন্মুখৰ এণ্ট্ৰি ৰোল থোৱা মেজখনত কিলাকূটি থৈ দুহাতেৰে কপালত ধৰি বহি থাকোতে বোধহয় অলপ চকু লাগিছিল৷ খট খট চেণ্ডেলৰ শব্দত জিকাৰ খাই উঠিলোঁ৷ মোৰ সন্মুখত শেৱালী৷ অকস্মাত থিয় হৈ পিছপিনৰ পৰা কৈ উঠিলোঁ – “শেৱালী আহিলি? ” কাল হ’ল মোৰ হাতখন৷ মোৰ অলক্ষিতে হাতখনে তাইৰ পিঠি চুই দিলে৷
“অসভ্য বুঢ়া গাত হাত দিছ কিয়? নিলাজ পিশাচ৷ “ পৰিস্থিতিটো মোৰ বাবে মুঠেই প্ৰত্যাশিত নাছিল৷ ঘামি জামি লেবেজান হৈ পৰা তাইৰ মুখলৈ মই অপৰাধীৰ দৰে চাই থাকিলোঁ৷ নিজকে ফেঁট তোলা সাপৰ সন্মুখত ঠিয় হৈ থকাৰ দৰে লাগিল৷ প্ৰচণ্ড ধুমুহা এজাক কাণৰ কাষেৰে পাৰ হৈ গ’ল৷ কৰবাত যেন এহেজাৰ ঘণ্টা ঠং ঠং কৈ একেলগে বাজি উঠিল৷ এনে লাগিল, মই যেন একো যেন বুজা নাই, একো দেখা নাই, একো শুণা নাই৷ মাথোঁ সন্মুখত এহাল অগ্নি বৰষা চকু৷ মোৰ ভৰি দুখন থৰ থৰকৈ কঁপিছিল৷ এনে লাগিছিল বিল্ডিঙৰ মজিয়াখন কঁপি আছে৷ কিছুসময় মেজখনত ধৰি থাকিলোঁ৷
ক্ষণিকৰ অন্তৰালত কৰিডোৰেৰে ফোঁ-ফোঁৱাই গৈ থকা মাজনীৰ সন্মুখলৈ দৌৰি গলোঁ৷ মই হাতে-ভৰিয়ে ধৰিলোঁ৷ মোৰ হেৰাই যোৱা ছোৱালীৰ দোহাই দিলোঁ৷ তাই কেৰেপেই নকৰিলে৷ উচাত মাৰি আঁতৰি গ’ল৷
তাৰ পিছত …………………………………………..
মান্যবৰ, আটাইতকৈ অদৰ্কাৰী কথাটো হ’ল, মই মাজনীৰ মুখত মোৰ হেৰাই যোৱা শেৱালীক দেখিছিলোঁ৷

মান্যবৰ‍, মোৰ শাস্তি হৈ গৈছে৷ শাস্তি হৈ যোৱাৰ পিছত বিচাৰৰ কি প্ৰয়োজন? মই জেলৰ চাৰিদুৱাৰৰ বহিৰলৈ যাব নিবিছাৰোঁ৷ মই ৰূপহীৰ ওচৰত থিয় দিব নিবিছাৰোঁ৷ মই পোণাটিৰ চকুত চকু থব নোৱাৰো৷ বিনা বিচাৰে মোক মুক্তি দিয়ক৷ কাঠগড়াত থিয় কৰাই বাৰে বাৰে মোক শাস্তি নিদিবৰ বাবে কাতৰ প্ৰাৰ্থনা জনাইছোঁ৷ মই মোৰ অপৰাধ স্বীকাৰ কৰিছোঁ৷ মোক পোটাশালতে থাকিব দিয়ক৷ পোহৰত বিয়পি থকা ঘৃণাৰ দাবানলত মই উশাহ ল’ব নোৱাৰিম৷ কাল কুঠুৰীত আন্ধাৰত মোক শান্তিৰে উশাহ ল’বলৈ দিয়ক৷ দয়া কৰক মান্যবৰ, এধানী দয়া কৰক৷ পাৰিলে ফাঁচি কাঠত ওলোমাই মোক এই যন্ত্ৰণাৰ পৰা চিৰমুক্তি দিয়ক৷ মোৰ কোনো আক্ষেপ নাই মান্যবৰ৷ এয়া মাথো মুক্তি ভিক্ষা প্ৰৰ্থনা৷ মোৰ কোনো বিদ্বেষো নাই৷ কাৰো প্ৰতিয়ে৷ আনকি মাজনীৰ প্ৰতিও৷ ভগৱানৰ প্ৰতি বিশ্বাস মোৰ এতিয়াও অটু……………মাজনী, তোৰ বাবেও খাটিছোঁ- ভগৱানে তোৰ মংগল কৰক৷
(এটা সত্য ঘটনাৰ ছাঁ পৰিছে)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!