মাজুলী -(ত্ৰিলোচন গগৈ)
দিনে দিনে তই আপোন হৈ আহিছ
অ’ সেউজীয়াৰ পৃথিৱী
আপোন হৈ আহিছে তোৰ সপোন, তোৰ বিষাদ
তোৰ বুকুৰ সেউজীয়া সাগৰত
মই সাঁতুৰিব খোজোঁ
বিচৰণ কৰিব খোজোঁ
তোৰ সেউজ আকাশ
জুমি চাব খোজোঁ তোৰ
চকুৰ পানীৰে উফন্দি উঠা
বুকুৰ পাহাৰ ..
অ’ মোৰ সেউজ মাটি
আহা আমি নাচোঁ শংকৰী নৃত্য
”খিত্ দিত্ ধেই দাও”
বৰগীতেৰে মুখৰিত কৰোঁ হৃদয়
”পাৱে পৰি হৰি”..
আহা আমি স্মৰণ কৰোঁ গুৰু
”কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম”
আৰু আৰম্ভ কৰোঁ
অংকীয়া ভাওনা
চামগুৰিলৈ গৈ সাজি আনো ৰাম ৰাৱণৰ মুখা
অথবা আমি যাওঁ আউনী আটী সত্ৰ লৈ
বেতৰ বিচনীৰ বিচ লওঁ
পাল নামেৰে মুখৰিত কৰোঁ আকাশ
অথবা গড়মূৰত পাতোঁ
সহ অভিনয়ৰ ৰাস লীলা
চিনাকী হৈ আহোঁ
পীতাম্বৰ দেৱগোস্বামীৰ জ্যোতিৰ
শালমৰাত এজাৰ কাঠেৰে নাও সাজোঁ ব’লা
নিৰ্ভয়ে পাৰ কৰোঁ বানৰ দিন
মৃৎশিল্পৰ শিক্ষাও ল’ব পাৰোঁ তাত
আহা আমি গাওঁ ঐঃনিতম
আলি আই লৃগাং পাতোঁ
পূজা দিওঁ চন্দ্ৰ সূৰ্য্যক
গাহৰি আৰু পৰঃআপঙেৰে ৰঙীয়াল হওঁ
বিচাৰি লওঁ পচন্দৰ কনেং
জানো, খহনীয়াই খহাই আনিছে তোৰ উঠন বুকু
তোৰ সপোন
হাঁহি
বান আৰু চকুৰ পানীৰে একাকাৰ হৈছে বাট
বিশ্বায়নৰ হাতোৰাই কিন্তু
বিধ্বস্ত কৰিব পৰা নাই
তোৰ সৰলতাৰ সৌন্দৰ্য্য
অ’ মোৰ সেউজ মাটি
অ’ মোৰ সেউজ পৃথিৱী
অজানিতে হৈ পৰিলি মোৰ বুকুৰ কুটুম
মোৰ সপোন
হাঁহি
মোৰ বুকুৰ সেউজীয়া সাগৰখনৰ স’তে
একাকাৰ হ’ল তোৰ সেউজীয়া
আহা ডঃ ভূপেন হাজৰিকাৰ স’তে একেলগে গাওঁ
“মহাবাহু ব্ৰহ্মপুত্ৰ
মহামিলনৰ তীৰ্থ…”
ভাল পালো৷