মাজুলী (ৰূপালী গগৈ বৰুৱা)
মাজুলী, মৰমৰ মাজুলী। ব্ৰহ্মপূত্ৰই নিজৰ বুকুত স্থাপন কৰিছে এই মাজুলীক। অসমৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ “মাজুলী” নামটোতেই যেন আছে এক দুৰ্বাৰ আকৰ্ষণ।
দুয়োপাৰে ৰূপালী বালিৰে, স্বচ্ছ ধাৰাৰে বৈ আছে সেয়া বৰলুইত। ফাগুনৰ বৰলুইতৰ সৌন্দৰ্যই যদি আমাৰ মন মতলীয়া কৰিছে, তেন্তে এই বৰলুইতৰ বিধ্বংসী ৰূপেও আমাক শিহঁৰিত কৰিছে। বাৰিষাৰ ভৰা লুইতে দিনে দিনে চমুৱাই আনিছে মাজুলীৰ দৈহিক বিশালতা। কষ্ট হৈছে মাজুলীৰ, হতাশা বাঢ়িছে মাজুলীবাসীৰ।
প্ৰতি বছৰে সলনি হৈছে মাজুলীৰ ৰূপ। কিন্তু সেই ৰূপৰো আছে এক সুকীয়া সৌন্দৰ্য।
ৰং-তুলিকাৰে এয়া মোৰ এক নম্ৰ প্ৰয়াস – “মাজুলী”।