মাজে মধ্যে অলপ হাঁহিবও লাগে (ভাস্কৰজ্যোতি দাস)
এজন মানুহৰ “জিন” পুহি ৰখাৰ চখ। আগৰ “জিন”টো বুঢ়া হোৱা দেখি তাক আঁতৰাই আন এটা জিন পুহিছে। নতুন জিনটো ডেকা আৰু বৰ কৰ্মী। জিনটোক নিজৰ হাতলৈ অনাৰ সময়তে জিনে এটা চৰ্ত দিছিল যে সকলো সময়তে তাক কিবা নহয় কিবা কামত ব্যস্ত ৰাখিব লাগিব। অন্যথাই সি তাৰ মালিককে মাৰি পেলাব। মালিক সন্মত হ’ল।
সমস্যাও তাতেই হ’ল। তাক যি কামেই দিয়া হয় তাক নিমিষতে সম্পাদন কৰে। ঘৰৰ কামবোৰ কৰোৱাৰ পাছতে তেওঁ জিনটোক চৌহদটো চাফ কৰিবলৈ দিলে। নিমিষতে কাম শেষ কৰি নতুন কাম বিচাৰি জিন হাজিৰ। প্ৰাণে মৰাৰ ভয়ত এইবাৰ মালিকে চহৰখনৰ জাৱৰ-জোথৰ চাফ কৰিবলৈ দিলে। সেয়াও কেই চেকেণ্ডমানতে শেষ কৰিলে। তাৰ পাছত জিলাখনৰ মানুহবোৰৰ নাম আৰু মুৰত থকা চুলিৰ সংখ্যাৰ ডাটাবেচ তৈয়াৰ কৰাৰ কাম। অলপ সময়তে সেই কামো শেষ। মালিকে যি কামেই দিয়ে, সেই কাম চেকেণ্ডতে কৰি দিয়ে জিনে।
চিন্তিত জিন মালিকে বন্ধু এজনক ফ’ন কৰিলে। বন্ধুজনে চল চাই শৰ মাৰিবৰ নিমিত্তে জনালে- “মোৰ বিল এখন অসম সচিবালয়ত বহুদিনৰ পৰা পৰি আছে। জিনটোক কৈ এই কামটো কৰাই দে না ভাই। যদি এই কামটো কৰাই দিব পাৰ, তেন্তে তোক মই এটা ভাল বুদ্ধি দিম।”
জিনক দায়িত্ব দিয়া হ’ল। জিন সচিবালয়লৈ গ’ল। আৰু গ’ল যি গ’ল আজিলৈকে দেখাদেখি নাই।
বন্ধু ৰকচ, জিনৰ মালিক শ্বকচ্।
(অসম সচিবালয়ৰ বিষয়া-কৰ্মচাৰীয়ে নপঢ়ে যেন)
Great one…..