মাটিয়েই জীৱন (বিতোপন দাস)

মাটিয়েই জীৱন

By Bitopan Das

( মৃৎশিল্পৰ বিষয়ে এখন তথ্যচিত্ৰ নিৰ্মাণৰ বাবে মই আৰু মণিকংকনা মিৰ্জালৈ গৈছিলো। তাৰেই ফচল এয়া। )

মৃৎশিল্প। মানৱ সভ্যতাৰ আটাইতকৈ প্ৰাচীন শিল্প। প্ৰাগঐতিহাসিক যুগৰে পৰা মানুহে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আহিছে মৃৎশিল্পৰ দ্বাৰা উৎপাদিত বিভিন্ন মাটিৰ পাত্ৰ। অনুমান কৰা হৈছে যে খ্ৰী. পূ. প্ৰায় পঁচিশ হাজাৰ বছৰৰ আগৰে পৰা মানুহে দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰি আহিছে মাটিৰ পাত্ৰ। এক কথাত ক’বলৈ হ’লে মানৱ সভ্যতাৰ সমানে পুৰণি এই মৃৎশিল্পৰ চৰ্চা।

প্ৰাচীন কালত মানুহে কৃষি-কৰ্মত নিয়োজিত হোৱাৰ আগতে চিকাৰ কৰি জীৱিকা নিৰ্বাহ কৰিছিল। সাধাৰণতে পুৰুষসকল যিহেতু চিকাৰ কৰ্মত ঘূৰি ফুৰিছিল, মহিলাসকল নিয়োজিত হৈ পৰিছিল মৃৎশিল্পৰ চৰ্চাত।

লাহে-লাহে মানুহে কৃষি-কৰ্ম কৰিব শিকিলে আৰু ইয়াৰ লগত জড়িত মাটিৰ পাত্ৰবোৰো প্ৰয়োজন অনুসৰি বিভিন্ন আকাৰত উৎপাদন কৰিব আৰম্ভ কৰিলে। মৃৎশিল্পৰ দ্বাৰা উৎপাদিত অইন সামগ্ৰীসমূহৰ ধাৰণা আহিছিল দৈনন্দিন জীৱনৰ প্ৰয়োজনীয়তা আৰু ধৰ্মীয় কাম-কাজৰ পৰা।

পোনতে মাটিৰ পাত্ৰবোৰ একমাত্ৰ ব্যৱহাৰৰ উপযোগী কৰিয়েই তৈয়াৰ কৰা হৈছিল যদিও পিছলৈ মানুহৰ মনত সৌন্দৰ্যবোধৰ ধাৰণা অহাৰ পৰা এই পাত্ৰবোৰ নানা ধৰণে কাৰু-কাৰ্য খচিত কৰি আৰু বিভিন্ন ৰং-বিৰঙৰ প্ৰলেপ সানিও ব্যৱহাৰ কৰিব আৰম্ভ কৰিলে।

প্ৰথম অৱস্থাত মাটিৰ পাত্ৰবোৰ হাতেৰেই ভিন-ভিন আকাৰ দি গঢ়া হৈছিল আৰু এইটোত যথেষ্ট সময় খৰছ হৈছিল। খ্ৰী. পূ. তিনি হাজাৰ মান বছৰ আগৰে পৰাহে মাটিৰ পাত্ৰ তৈয়াৰ কৰা কামত চাক ব্যৱহাৰ কৰাৰ কথা অনুমান কৰা হয়। প্ৰথমে মেচ’পটেমিয়াত চাক ব্যৱহাৰ কৰাৰ তথ্য পোৱা গৈছে যদিও কোনে এই চাক উদ্ভাৱন কৰিছিল সেই সম্পৰ্কে ইতিহাস নিমাত।

পৃথিৱীৰ বিভিন্ন ঠাইৰ দৰে অসমৰ জন-জীৱনতো মৃৎশিল্পৰ গুৰুত্ব অধিক। অসমৰ বাসিন্দাসকলৰ বাবেও মৃৎশিল্পই হৈছে আটাইতকৈ প্ৰচীন কুটীৰ শিল্প। অসমৰ ইতিহাসৰ সমানেই পুৰণি এই শিল্পৰ চৰ্চা। অসমত মূলতঃ দুই ধৰণৰ সম্প্ৰদায় আছে যিয়ে অতীজৰে পৰা মাটিৰ পাত্ৰ নিৰ্মাণ কৰি আহিছে। কুমাৰ আৰু হীৰা। কুমাৰসকলে চাক ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে হীৰাসকলেই হৈছে একমাত্ৰ সম্প্ৰদায় যিয়ে চাক বৱহাৰ নকৰাকৈ হাতেৰেই বিভিন্ন আকাৰৰ মাটিৰ পাত্ৰ নিৰ্মাণ কৰে।

মৃৎশিল্পৰ দ্বাৰা উৎপাদিত হোৱা বিভিন্ন সামগ্ৰীবোৰৰ ভিতৰত আছে- মাটিৰ চাকি, চৰু, কলহ, টেকেলি, ঘট, ভুৰুকা ইত্যাদি। প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন আকাৰত এই পাত্ৰবোৰ তৈয়াৰ কৰা হয়।

ধৰ্মীয় কাম-কাজৰ পৰা আৰম্ভ কৰি বিয়া-সবাহ আৰু দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত মাটিৰ পাত্ৰৰ বৱহাৰ অপৰিহাৰ্য যদিও লাহে-লাহে যেন ঔদ্যোগিকৰণৰ ফলত এই শিল্পবিধৰ চমু সময় চাপি আহিছে। মূলতঃ সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটি আৰু কেচাঁ পাত্ৰবোৰ পুৰিবলৈ ব্যৱহাৰ হোৱা খেৰৰ অত্যাধিক মূল্যবৃদ্ধিৰ বাবে কুমাৰ আৰু হীৰাসকলে মাটিৰ পাত্ৰ নিৰ্মাণৰ পৰিমাণটো বহু পৰিমাণে কমাই দিবলগীয়া হৈছে।আমাৰ আগত বহুকেইজন লোকে এই বিষয়ত চৰকাৰেও কোনোধৰণৰ সহায় আগ নবঢ়োবাৰ কথা উল্লেখ কৰি দুখ প্ৰকাশ কৰে। তদুপৰি বৰ্তমানে বজাৰত মাটিৰ পাত্ৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা বিভিন্ন প্লাষ্টিকজাতীয় সামগ্ৰীয়েও তেওঁলোকৰ ব্যৱসায়ত যে মাধমাৰ সোধাইছে সেই কথাও দোহাৰে। অৱশ্যে দেৱালীৰ সময়ত মাটিৰ চাকিৰ বিক্ৰী এতিয়াও লাভজনক অৱস্থাতে থকিলেও বজাৰত উপলব্ধ হোৱা বিকল্পবোৰৰ বাবে অতিশীঘ্ৰে যে ইয়াৰো মুধা মৰিব তাক লৈয়ো তেওঁলোক শংকিত।

প্ৰাচীন কালৰে পৰা এই শিল্পৰ সাধনা চলি আহিছে যদিও বৰ্তমানৰ জটিল অৰ্থনৈতিক পৰিস্থিতি আৰু ঔদ্যোগিকৰণৰ ফলত এই শিল্প মৃতপ্ৰায় অৱস্থাত। প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু আনুসংগিক খৰছৰ মাত্ৰা বাঢ়ি যোৱাৰ লগে-লগে মৃৎশিল্পৰ লগত জড়িত শিল্পীসকলো বহুতো কষ্টৰ সন্মূখীন হ’ব লগাত পৰিছে। ফলত এই ব্যৱসায়তো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু শিল্পীসকলেও উৎপাদনৰ মাত্ৰা কমাই দিবলগীয়া হৈছে। আমাক জনোৱা মতে দেৱালীৰ সময়ত প্ৰয়োজনীয় চাকিও হেনো বহু পৰিমাণে আমদানি কৃত হয় পশ্চিমবংগৰ বিভিন্ন অঞ্চলৰ পৰা। এওঁলোকে মাত্ৰ ৰং সনা কামটো কৰিয়েই বজাৰত মেলি দিবলগীয়া হয়।

অতি দুখ আৰু পৰিতাপৰ কথা যে একমাত্ৰ মৃৎশিল্পকে জীৱিকা উপাৰ্জনৰ মূল উৎস হিচাপে গ্ৰহণ কৰা এইসকল লোকক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই চৰকাৰ অথবা কোনো সংগঠন। ক্ৰম বৰ্ধিত প্লাষ্টিকজাত সামগ্ৰীৰ ব্যৱহাৰৰ ফলত পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰা বুলি জানিও আমি মাটিৰ পাত্ৰ গঢ়োতাসকলক সহায় কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ বাবে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিবলৈ মানসিক ভাৱে প্ৰস্তুত হ’ব পৰা নাই। বিজ্ঞানৰ চৰম উন্নতিৰ সময়তো এইসকল লোকৰ জীৱন ধাৰণৰ মান অতি নিম্ন। মাটিৰ পাত্ৰ গঢ়িয়েই এওঁলোকে উপাৰ্জন কৰে জীৱিকা। মাটিক লৈয়েই এওঁলোকে জীয়াই আছে। এওঁলোকৰ বাবে মাটিয়েই জীৱন।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!