মাটি (বিদ্যুৎৰঞ্জন বৰা)

বৰ নিমাখিত এই মাটিবোৰ,
যুগে যুগে দেশে দেশে মাটি
বিনয়ী বুকুত তাৰ কত ইতিহাস
সিন্ধু গ্ৰীক ইনকা এজটেক।
ভৰি আহে ভৰি যায়
খোজ কাঢ়ি গুছি যায় মাটিৰ বালিত
মাটি বিচাৰিয়েই কত যে মানুহ
মহাভাৰত
অশোক নেপোলিয়ন হিটলাৰ
আলেক্সেণ্ডাৰ-

কিমান সহজে মাটিয়ে সাৱটি লয়
সহস্ৰ বৰ্ষৰ অৰ্থহীন ৰক্তৰ বেনাম বুৰঞ্জী
জঠৰ নিঠৰ নিস্তব্ধ নিৰৱ,
শত শত শতিকাৰ নিৰ্মোহ স্বাক্ষৰ এই মাটি
নিৰ্লিপ্ত বুকুত যাৰ ৰহস্যৰ গোপন ইস্তাহাৰ
ইতিহাস কাঞ্চনজঙ্ঘা ছাহাৰাৰ
নীল কঙ্গো ভল্গা গঙ্গা
প্ৰশান্ত ভূমধ্য লণ্ডন মস্কো টকিঅ’ৰ
অনন্ত প্ৰসৱিনী মাতৃ।

একো নোকোৱাটো একো নোখোজাটো
মাটিৰ নিজৰ প্ৰাচীন নিয়ম
নিবিড়ে গোপনে মাটিয়ে কেৱল জনায়
কিমান গভীৰ হ’লে বুকুৰ দাগ
হৈ ৰ’ব পাৰি আই বসুমতী।
শিপাৰ পোত কিমান গভীৰ হ’লে
মৰুৰ বৃক্ষই কঢ়িয়াই ফুৰে
বসন্তৰ কাঁইটীয়া বেদনা
মাটি শিল্প মাটি বৃক্ষ
শৰশয্যাত বহি যেন
অনন্ত পিতামহ ভীষ্ম।

মাটি প্ৰাজ্ঞ মাটি যুদ্ধ
আমি অঙ্গুলিমাল
মাটি বুদ্ধ
দিয়াৰেই আন এক নাম মাটি।
খুজি খুজি আনি হেৰুৱাওঁ নিজৰে ঠিকনা
কেৱল মাটিয়ে একো নাপাহৰে।
যুগ-যুগান্তৰৰ মৃণ্ময় বুৰঞ্জী
পাহৰি পাহৰি আমি বিচাৰি ফুৰোঁ
একাকাৰ মাটিৰ দেওলগা ভূগোল
শূন্যৰ পৰা আহি পাওঁ শূন্য
মাটিৰ পৰা কেৱল মাটি।

আমাৰ পথ কেৱল বৃত্তৰ পূৰ্ণ পৰিধি
নীড়মুখী পখীৰ দৰে সেয়ে
সময়ৰ দিনবোৰ শেষ হ’লে
উদাসী আবেলি আমি ঘূৰি আহোঁ
মায়াময় মাটিৰ বুকুলৈ…

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!