মাতাল নিশাৰ শগুণ (মনোহৰ দত্ত)
গুচি যোৱা তুমি/ সিহঁতক এৰি/ নাহিবা পুনৰ উভতি।/ নিপাত যাওক মানুহৰ/ নিষিদ্ধ কামনাৰ বুৰঞ্জী।/ দিল্লীৰ মাতাল ৰাতি…
১৯ ডিচেম্বৰ’২০১২-ৰ নিশা দিল্লীৰ নৈশ বাছত এগৰাকী যুৱতীৰ ওপৰত হোৱা বলাৎকাৰৰ বৰ্বৰোচিত ঘটনাটো এটা ঘৃণা হৈ, তীব্ৰ প্ৰতিবাদ হৈ চিত্ৰিত
হৈছে কবি মনোহৰ দত্তৰ অনুভৱৰ সমদলত—
মাতাল নিশাৰ শগুণ
মনোহৰ দত্ত
সিদিনা
ৰাজধানী এক্সপ্ৰেছৰ দৰে
বুকুৰ ওপৰেৰে
… পাৰ হৈ গ’ল
তীব্ৰ বেগী
দিল্লীৰ
মাতাল ৰাতি।
আকাশে বতাহে তাৰ
বিষবাষ্প উৰিছে।
নাযাবা ওলাই পদূলি এৰি
এতিয়া জয়াল ভয়াল
পৰম্পৰাহীন উলংগ ৰাতি।
তুমি নাৰী, তুমি জননী
ভগ্নী, পত্নী, পুত্ৰী তুমিয়েই।
আখৰহীন সময়ৰ পৰাই
লাঞ্ছিত বঞ্চিত তুমি।
সকলো নীৰৱে সহি সহি
পখীৰ পাখিৰে সাঁচিপাতত
তুমিয়েই লিখিলা মানুহৰ বুৰঞ্জী।
ইতিহাসৰ পাতে পাতে
তোমাৰ ৰক্তমাংস
শগুণৰ দৰে সিহঁতে
চিৰাচিৰ কৰে
টানি আঁজুৰি।
গুচি যোৱা তুমি
সিহঁতক এৰি
নাহিবা পুনৰ উভতি।
নিপাত যাওক মানুহৰ
নিষিদ্ধ কামনাৰ বুৰঞ্জী।
এতিয়া নিতৌ
ৰাজধানী এক্সপ্ৰেছৰ দৰে
বুকুৰ ওপৰেৰে
পাৰ হৈ যায়
তীব্ৰ বেগী
দিল্লীৰ
মাতাল ৰাতি।