মাতৃভাষা (বেজবৰুৱালৈ) – কিশোৰ মনজিৎ বৰা

 

চুকভেকুলীৰো এটা স্বতন্ত্ৰ ভাষা আছে
তাত পোহৰৰ প্ৰলেপ থাকক নাথাকক

পুৱাৰ ধনেশ পখীহালৰ ভাষা
সূৰ্যৰ দৰে ফটফটীয়া

চেচুকৰ লাইজাবৰিয়েও
পোহৰাব পাৰে জগত সভা

মোৰ জতুৱা ভাষাৰ সাৰুৱা ভেটিত
এদিন শব্দশস্যৰ খেতি নদন-বদন হ’ব
তাত খেৰৰ খৰিকাৰে
নিজৰি জলকণা সৰিব

এনে সমাজিক মই
মাজে মাজে আপোন ভাষাত দেখোঁ
কাৰণ সপোনৰ ভাষা
সদায় মাতৃভাষা ■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!