মাননি (টুৱাৰাম দত্ত)

মাননি

টুৱাৰাম দত্ত

“আপোনাৰ মাটিখিনিত দুইমহলীয়া ঘৰৰ পাৰ্মিচন দিব পৰা নাযাব৷ প্ৰথম কথা আপোনাৰ মাটিৰ পৰিমাণ মাত্ৰ এঘাৰ লোচা৷ ইমান কম মাটিত আচলতে আৰ্ ছি ছি বিল্ডিংৰ প্ৰশ্নই আহিব নোৱাৰে৷ তাতে এতিয়া বিল্ডিং বাই ল’ খন নতুনকৈ ম’ডিফিকেশ্যন হোৱাৰ কথা আছে৷ বিল্ডিং এটাৰ বাবে নাই বুলিও অন্তত: পোন্ধৰ লোচা মাটি প্ৰয়োজনীয়৷” – বিৰক্তি ভৰা কন্ঠেৰে চলিহাক কথাখিনি কৈ উঠিল পৰিদৰ্শক ভৱেন ৰায়মেধিয়ে৷ ক্ষন্তেকৰ বাবে চলিহা অপ্ৰস্তুত হৈ পৰিল৷ পেন্টৰ জেপৰ পৰা ৰুমালখন উলিয়াই কপালৰ ঘামখিনি মোহাৰি ল’লে৷ কোঠাটোত পূৰ্ণোদ্যমে এ ছি চলি আছিল যদিও চলিহাৰ কপালৰ ঘামখিনি ৰোধ কৰিবলৈ এ ছি মেছিনটো যেন বাৰুকৈয়ে ব্যৰ্থ৷
“কিবা এটা বেলেগ ৰাস্তা নাইনে ?”- চলিহাৰ কন্ঠত কাকূতিৰ সুৰ৷
“ছ’ৰী, বেয়া নাপাব৷ তদুপৰি আপোনাৰ মাটিখিনিলৈ সোমোৱা ৰাস্তাটো৷ ৰাস্তা নহয় এটা ঠেক গলি৷ মাত্ৰ ছয় ফুটৰ সেই গলিটোৰে সোমাই আপুনি দুইমহলীয়া বিল্ডিং এটাৰ কথা কেনেকৈ কল্পনা কৰিব পাৰে ? সেইবাবে আপোনাৰ আৱেদন বিবেচনা কৰিব পৰা নহ’ব৷”
কথাখিনি কৈয়েই পৰিদৰ্শক মেধিয়ে টেবুলৰ ওপৰৰ বিশেষ এটা ফাইল মেলি লৈ একান্তমনে তাত মনোনিৱেশ কৰিলে৷ চলিহা যথেষ্ট হতাশ হৈ পৰিল৷ বেছিকৈ হতাশ হ’ল আচলতে পৰিদৰ্শক শৰ্মামেধিৰ নঞৰ্থক উত্তৰটোৰ উপৰিও চলিহাৰ উপস্থিতিক তেওঁ একপ্ৰকাৰ অগ্ৰাহ্য কৰাৰ চেষ্টাটোতহে৷
চলিহাই দুইমহলীয়া বিল্ডিং এটা নিৰ্মাণৰ বাবে মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ ওচৰত আৱেদন কৰিছিল৷ তেওঁৰ মাটি বেছি নহয়৷ পৈতৃক উত্তৰাধিকাৰী হিচাপে পোৱা মাটিখিনিৰ অৱশেষ মাত্ৰ এঘাৰ লোছা মাটি৷
গুৱাহাটীৰ কুমাৰপাৰা অঞ্চলৰ বাসিন্দা চলিহাহঁত আচলতে ককাকৰ দিনতেই মাটি কিনি মহানগৰত থিতাপি লোৱা পৰিয়াল৷ বৃটিছৰ দিনতেই কাছাৰীৰ মুন্সিফৰ চাকৰি কৰা ককাক লম্বোদৰ চলিহাৰ আচল ঘৰ আছিল উজনিৰ শিৱসাগৰৰ চাৰিংত৷ চাকৰিসূত্ৰে দেশ স্বাধীন নৌ হওঁতেই গুৱাহাটী গৰকা লম্বোদৰ চলিহাই কুমাৰপাৰা বুলিয়েই নহয়, উলুবাৰী, ভৰলু, ভঙাগড় আদি গুৱাহাটীৰ ভালেমান ঠাইত বহুতখিনি মাটি-সম্পত্তি সেই তাহানিৰ দিনতেই গঢ়ি তুলিছিল৷ তেওঁৰ পো-জী আছিল সাতোটি৷ সাতোটি সন্তানৰ মাজত সাতভাগ হোৱা সম্পত্তিবোৰ পিছলৈ নাতি-নাতিনীৰ দিনত ভাগ ভাগ হৈ টুটি আহিব ধৰিলে৷ বৰ্তমানৰ চলিহাৰ ভাগৰ এঘাৰ লোচা মাটিৰ প্লটটো আচলতে সেই বিশাল সম্পত্তিৰে এটা অৱশিষ্ট অংশ৷
কুমাৰপাৰা অঞ্চলৰ তৰুনৰাম ফুকন পথৰ পৰা ঠেক গলি এটাৰে কিছুদূৰ সোমাই গ’লেই চলিহাৰ মাটিখিনি৷ আচলতে মূল পথৰ পৰাই প্ৰায় একবিঘা মাটিৰ এটা সুন্দৰ প্লটেই আছিল চলিহাৰ৷ দুবছৰৰ আগতে হোৱা ভায়েকৰ কেঞ্চাৰত বৰদেউতাকৰ পৰা কেবালাখো টকা ধাৰলৈ লব লগা হৈছিল চলিহাই৷ চলিহাৰ ভায়েক দুজন৷ দুয়োজনেই আছিল কৰ্মহীন নিবনুৱা৷ তাৰে ডাঙৰজনৰ যেতিয়া কমবয়সতেই কেঞ্চাৰ ৰোগ ধৰা পৰিল , বৰদেউতাক নিজেই আগবাঢ়ি আহিছিল৷ মুম্বাইলৈ উৰাজাহাজেৰে লৈ গৈ বেমাৰ দেখুওৱা , বেমাৰৰ চিকিৎসা কৰা , দৰৱ-জাতি কিনা সকলোবোৰ খৰচ বৰদেউতাকে কোনো সংকোচ নোহোৱাকৈয়ে হাতখুলি হিয়া উজাৰি কৰিছিল৷ কৃতজ্ঞতাত বৰদেউতাকৰ প্ৰতি মূৰ দোঁ খাই পৰিছিল চলিহাৰ৷ বৰদেউতাক নথকা হ’লে তেওঁ কোনোদিনেই ভায়েকৰ চিকিৎসা কৰিব হয়তো নোৱাৰিলেহেঁতেন৷ চলিহাৰ উপাৰ্জন নগণ্য৷ চৰকাৰী অফিচ এটাত সামান্য এটা টাইপিষ্টৰ চাকৰি৷ টাইপিষ্টৰ বেতনেৰে কেঞ্চাৰৰ লগত যুঁজ দিয়াটো চলিহাৰ দৰে মানুহৰ বাবে অলীক কল্পনা৷ তেনেসময়ত বৰদেউতাকৰ সহায়ৰ হাত, হাততে সৰগ ঢুকি পোৱাৰ নিচিনা৷ হলেও চলিহাৰ ভায়েক বেছি দিন জীয়াই নাথাকিল৷ ভগৱানৰ ইচ্ছাত বিধিপথালি দিয়াৰ সামৰ্থ্য আচলতে কাৰোৱেই নাছিল৷ ভায়েকৰ মৃত্যুৰ পিছতহে বৰদেউতাকৰ আচল স্বৰূপটো চলিহাৰ সন্মুখত উন্মোচিত হৈছিল৷ ভায়েকৰ চিকিৎসাৰ বাবে খৰচ হোৱা সমুদায় ধন হিচাপ কৰিলে কেবালাখৰো ওপৰ হয়৷ চলিহাৰ দৰে নিমাখিত, নিঃকিন মানুহ এটাৰ পক্ষে সিমানখিনি টকা পৰিশোধ কৰা সপোনৰো অগোচৰ৷ সেয়েহে টকাখিনিৰ বিপৰীতে বৰদেউতাকে চলিহাৰ এক বিঘা মাটিৰ এটা বুজন অংশ প্ৰায় জোৰ কৰিয়েই নিজৰ নামত লিখাই লৈছিল৷ মূল পথৰ সন্মুখৰ অংশ নিজৰ নামত ৰাখি পিছৰখিনিৰ বাবে চলিহাহঁত অহা-যোৱা কৰিবলৈ এটা সামান্য গলি যেন ঠেক ৰাস্তা এটা তেওঁ এৰি দিছিল৷ তাৰ পিছত বেচ্ তৎপৰতাৰে মাটিডোখৰৰ চাৰিওসীমাত ওখ দেৱাল দিয়াৰ কামো শেষ কৰি পেলাইছিল বৰদেউতাকে৷ প্ৰায় ছয় ফুটমানৰ ঠেক গলি এটাৰে চলিহাহঁত যেতিয়া নিজৰ খেৰ-বাহঁৰ চালি ঘৰটোলৈ অহা যোৱা কৰিছিল নিজকে বৰ্হি-বিশ্বৰ পৰা বিছিন্ন , সমাজ জগতৰ পৰা নিলগৰ এক অচিন অজান দ্বীপৰ অকলশৰীয়া বাসিন্দা যেন অনুভৱ কৰিছিল চলিহাই৷ মহানগৰীত আচলতে চলিহাহঁতৰ দৰে মানুহৰ দাম নাই৷ তেওঁলোক একো একোটা অচল মুদ্ৰা৷ ককাকৰ দিনৰে অজস্ৰ মাটি-সম্পত্তিৰ অধিকাৰী বিখ্যাত চলিহা পৰিয়ালৰ এইজন চলিহাৰ ভাগত নিজৰ বুলিবলৈ ৰৈছিল মাথো এঘাৰ লোচাৰ এটুকুৰা সৰু মাটিত খেৰ-বাঁহৰ এটি জুপুৰি হেন চালিঘৰ৷
ৰহমানেই প্ৰথম কথাষাৰ উলিয়াইছিল৷ চলিহাৰ সৈতে একে অফিচৰে চাকৰিয়াল ৰহমান৷ হওঁতে পদৱীত অলপমান ওখ যদিও ৰহমানৰ চলিহাৰ প্ৰতি ব্যৱহাৰ সদায় বন্ধুৰ দৰে৷ আজিকালি বেংক লোন পাবলৈ সহজ৷ ৰহমানৰ সম্পৰ্কীয় ভায়েক এজন ষ্টেট বেংকৰ ওপৰ খাপৰ বিষয়া৷ ভঙাগড় শাখাতে কৰে৷ দৰকাৰী কাগজ পত্ৰবোৰ ঠিক-ঠাকে থাকিলে চলিহাৰ বাবে বিল্ডিং লোন এটা পাবলৈ বৰ এটা টান হ’ব নালাগে৷ বহল হৃদয়ৰ বন্ধু ৰহমানৰ মতে আজিৰ দিনত মহানগৰীত চলিহাৰ সাধাৰণভাৱে হলেও এখন কংক্ৰিটৰ ঘৰ থকা উচিত৷ নিজৰ দিনবোৰ বাৰু এনেকৈয়ে পাৰ হ’ল, কিন্তু উঠি অহা ল’ৰা-ছোৱালী দুটাৰ ভৱিষ্যতৰ দিনবোৰলৈ চাই চলিহাই সময় থাকোঁতেই কিবা এটা কৰা উচিত৷ ল’ৰা-ছোৱালী দুটাৰ কপাল দুখনত খেৰ-বাঁহৰ জুপুৰি এটা গতাই দি নিজ দায়িত্বৰ সামৰণি মৰাটো চলিহাৰ দৰে মানুহ এজনৰ পক্ষে কেতিয়াও উচিত নহ’ব৷
সহকৰ্মী ৰহমানৰ কথাবোৰে চলিহাৰ মন চুইছিল৷ কিবা এটা কৰা উচিত৷ অন্তত: ল’ৰা-ছোৱালী দুটাৰ বাবে৷ তেওঁৰ সৰু অকণমান মাটিটুকুৰাত মন থাকিলেও ডাঙৰ কালিৰ ঘৰ এখন কেতিয়াও নবহে৷ কিন্তু কংক্ৰিটৰ ঘৰ এখনত হাত দিবই যেতিয়া আজিৰ দিনৰ প্ৰায়বোৰ সুবিধাই তাত থকা উচিত৷ প্ৰয়োজনীয় কোঠা আৰু সুবিধাবোৰ পাবলৈ হ’লে ঘৰখন কমপক্ষেও দুইমহলা হোৱা প্ৰয়োজন৷ ভূমি মহলাত তেওঁ পৰিয়ালৰ সৈতে নিজে থাকি প্ৰথম মহলাটো ভাড়া দিয়াৰ কথাও চিন্তা কৰিব পাৰে৷ আজিকালি যিহে মহঙাৰ যুগ৷ এটা মহলা ভাড়া দিব পাৰিলে অন্তত: দুটা অতিৰিক্ত পইচাৰ মুখ দেখিব পাৰে৷ এবাৰ বেংক লোন ল’লে মাহে মাহে লগা কিস্তিৰ পইচাখিনিকে ভাড়াৰ পৰা যদি ওলাই আহে তেওঁ মানুহটোৱে যথেষ্ট সকাহ পায়৷
হাজাৰ হলেও চলিহাৰ দৰে মানুহ এজনে কংক্ৰিটৰ বিল্ডিং এটা কৰিম বুলি আগবঢ়াটো আকাশত চাং পতাৰ নিচিনা কথা৷ কিন্তু ৰহমান মানুহজন বেচ্ উৎসাহী৷ তেওঁৰ মতে আজিকালি কিছুমান বিষয়ত বিভিন্ন সুবিধা আছে৷ অলপমান চকু-কাণ মেলি ঠেং দাঙিলেই হ’ল৷ চলিহাৰ প্ৰভিডেন্দ ফান্দ, কিছু জমা টকা আদিৰে আৰম্ভনী টো কৰিব পাৰিলে বিল্ডিং টোৰ পিচৰ কামখিনি লোনৰ পইচাৰে আগবঢ়াই নিয়াত বিশেষ অসুবিধা হ’ব নালাগে৷ চাঁদ দুখন তুলি যেনেতেনে তৰ্জাৰ বেৰা দিয়েই সোমাই ল’ব পৰা যাব৷ পকা চাঁদৰ ওপৰত তৰ্জা বেৰাৰ সৰু কোঠাবোৰতো আজিকালিৰ মহানগৰত বেচ্ ভাড়া পোৱা যায়৷ তাৰ পইচাৰে বেংকৰ মাহিলী কিস্তিবোৰ নিয়মীয়াকৈ পৰিশোধ কৰি লোনটো পুনৰ অলপ এক্সটেনচন কৰি লব পাৰিলে সামৰণীৰ কামবোৰ অসুবিধা নোহোৱাকৈয়ে কৰিব পাৰি৷
আজিকালি মহানগৰীত ঘৰ বান্ধিবলৈ মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ কাৰ্য্যালয়ৰ পৰা অনুমতি লব লাগে৷ তাৰবাবে সম্ভাৱ্য ঘৰটোৰ নক্সা, ঘৰটো যিহেতু কংক্ৰিটৰ, ইয়াৰ প্ৰয়োজনীয় গাঁথনিৰ স্থায়িত্বৰ প্ৰমাণ পত্ৰ, নিৰ্মাণ খৰচৰ প্ৰাক্ কলন ইত্যাদিবোৰ স্বীকৃতিপ্ৰাপ্ত অভিযন্তা বা স্থপতিবিদৰ পৰা তৈয়াৰ কৰি প্ৰাধিকৰণৰ অফিচত দাখিল কৰিব লাগে৷ প্ৰাধিকৰণে মাটিৰ মূল নথি পত্ৰ,নক্সা আদি পৰীক্ষা কৰাৰ উপৰিও মাটিখিনিৰ চৰ-জমিন পৰিদৰ্শন কৰি আপত্তিবিহীন অনুমতি দিলেহে বেংকে ঘৰটোৰ বাবদ লোন মঞ্জুৰ কৰিব পাৰে৷ অফিচৰ পৰা ওলায়েই এদিন সন্ধিয়া এটাত চলিহাই ৰহমানৰ লগত একেলগে ৰাজগড় ৰোডৰ নাম থকা প্ৰাইভেট অভিযন্তা এজনৰ চেম্বাৰ পালেগৈ৷ নক্সা, প্ৰাক্ কলন ইত্যাদি দৰকাৰী নথিবোৰ লাহে লাহে প্ৰস্তুত হৈ উঠিল৷
মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ ওচৰত গৃহ নিৰ্মাণৰ আৱেদন কৰিয়েই চলিহাই এখন বিচিত্ৰ জগতৰ মুখামুখি হ’ল৷ নিজৰ অফিচৰ টাইপ-ৰাইটাৰৰ সন্মুখতেই দিনটোৰ সৰহভাগ সময় কটোৱা চলিহাৰ বাবে এইখন জগত সম্পূৰ্ণ অচিনাকি৷ চৰকাৰী অফিচ নহয়, যেন এখন দিয়া-লোৱাৰ বজাৰ৷ এইখন বজাৰত সোমাই নিজৰখিনি হাচিল কৰাৰ এক অঘোষিত প্ৰতিযোগিতাত মানুহবোৰ ব্যস্ত৷ আৱেদন কৰাৰ পৰা আৰম্ভ কৰি ক্ষেত্ৰ পৰিদৰ্শকক লৈ মাটি পৰিদৰ্শন , ডিলিং এছিচটেন্ট , নগৰ পৰিকল্পক , পিয়ন, কেৰাণী, চকীদাৰটোৰ পৰা অফিচৰ গেটৰ সন্মুখৰ চিকিউৰিটিটোলৈকে-আটাইবোৰ ঘটনা আৰু চৰিত্ৰই চলিহাৰ দৰে নিমাখিত, নিৰীহ চৰিত্ৰৰ মানুহটোক বিস্ময়ত হতবাক কৰি তুলিলে৷ আৰু সৰ্বশেষত এতিয়া ক্ষেত্ৰ পৰিদৰ্শক ভৱেন ৰায়মেধিয়ে চূড়ান্ত ঘোষণা কৰিলে-“আপোনাৰ আৱেদন বিবেচনা কৰিব পৰা নহ’ব৷”
ঠেক প্ৰৱেশ পথ আৰু কম পৰিমাণৰ মাটি – মূলতঃ এই দুটা অজুহাততে চলিহাৰ আৱেদন নাকচ হ’ব৷ এতিয়াও কথাবোৰ চূড়ান্ত হোৱা নাই৷ পৰিদৰ্শক ভৱেন ৰায়মেধিয়ে মৌখিক ভাৱেহে কৈছে৷ যোৱা চাৰি-পাঁচমাহ অফিচ খতি কৰি প্ৰাধিকৰণৰ অফিচলৈ তাঁত-বাতি কৰা চলিহা হতাশ হৈ পৰিল৷ বিমৰ্ষ মন এটা লৈ উভতাৰ পথত ৰহমানক কথাষাৰ জনাবৰ মন গ’ল৷ আজি ভালেমান দিন ৰহমান গুৱাহাটীৰ বাহিৰত আছিল৷ আচলতে সকলো ক্ষেত্ৰতে চলিহাক দিহা-পৰামৰ্শৰে সহায় কৰা ৰহমান প্ৰাধিকৰণৰ অফিচৰ আৱেদন পৰ্বৰ এই সমগ্ৰ সময়চোৱাত চলিহাৰ লগত নাছিল৷ অফিচৰে বিশেষ এটা ট্ৰেইনিংৰ কামত মুম্বাইত আছিল৷ সদ্যহতে তেওঁ গুৱাহাটীৰ অফিচলৈ আহি পুনৰ কামত ধৰিলে৷
“কিবা এটা হ’ব৷ ইমান সহজতে সকলো শেষ হৈ যাব দিব নোৱাৰি৷”- ৰহমানৰ এই গুণটোৱেই চলিহাৰ ভাল লাগে৷ সহজতে হাৰ মনা চৰিত্ৰৰ নহয়৷
“আপুনি কিবা-কিবি দিয়া লোৱা কৰিছিলে নেকি ?”
“না-নাই, আচলতে ভালদৰে কথা পতাৰ কোনদিনানো সুযোগ পালো ? -পৰিদৰ্শক জন যিহে গোঙোৰা স্বভাৱৰ৷ আমাৰ নিচিনা বোৰৰ ফালে মূৰ দাঙিয়েই চাব নিবিচাৰে৷”
ৰহমান যুগৰ সৈতে তাল মিলাই চলা মানুহ৷ কাক কিদৰে সুধিব লাগে সেয়া তেওঁৰ নখ-দৰ্পণত৷ আজিৰ যুগৰ দিয়া লোৱা, ভাগ-বতৰা সংস্কৃতিৰ ৰেহ-ৰূপৰ সৈতে ৰহমান বাৰুকৈয়ে পৰিচিত৷ আৰু এনে এজন ৰহমান থাকোঁতে চলিহাৰ আৱেদন নাকচ হ’ব ! না: হ’বই নোৱাৰে৷ …….
কাছাৰীৰ গছজোপাৰ তলত চলিহা ৰৈ আছে৷ এফিডেফিট দুখন ন’টাৰীৰ পৰা চহী কৰাই উকিল জন এই আহেহে লাগে৷ এখন এফিডেফিটত তেওঁৰ বক্তব্য হ’ল- যিহেতু তেওঁৰ মহানগৰৰ অন্য কোনো ঠাইত বেলেগ মাটি নাই…সামৰ্থ্যও নাই…এয়া সম্পূৰ্ণ ৰূপে পৈতৃক সূত্ৰে পোৱা জমিন গতিকে ঘৰ এখন সাজিবলৈ অনুমতি পাবই লাগিব৷ সিখন বৰদেউতাকে কৰা৷ আচলতে বেলেগ এজনৰ ভুৱা চহীৰে ভুৱা বৰদেউতাকে ঘোষণা কৰিছে যে –যিহেতু চলিহাৰ প্ৰৱেশ পথৰ ঠেক গলিটোৰ সন্মুখৰ মাটিখিনি তেওঁৰ নিজা, গতিকে ভতিজাকে ভৱিষ্যতে গাড়ী থ’বলৈ ( যদি নিজৰ হয়গৈ বা ভাৰাতীয়াৰ থাকে ) তেওঁৰ চোঁতাল খন বিনা অনুমতিৰে ব্যৱহাৰ কৰিব পাৰিব৷
একে অফিচৰে সহকৰ্মী ৰহমান চলিহাৰ বাবে সঁচাকে পৰম বিস্ময়৷ আজিৰ যুগৰ প্ৰকৃত প্ৰতিনিধি৷ এফিডেফিট দুখন লৈ উকিল জন আহিল৷ চলিহাই পাচশ টকাৰ নোট এখন উলিয়াই দিলে ; মাননি হিচাপে৷ এই এফিডেফিট দুখন দাখিল কৰাৰ পৰামৰ্শ দিয়াৰ বাবদ কালি ৰহমানে পৰিদৰ্শক ভৱেন ৰায়মেধিক বিশ হাজাৰ দিছিল ; মাননি হিচাপে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!