মানালী ভ্ৰমণৰ এটি বিশেষ অভিজ্ঞতা.. ‘ছিংগু’ৰ বিষয়ে একলম (-নিবেদিতা হাজৰিকা)

এইবাৰ পূজাৰ সময়ত প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ চিমলা,কুল্লু,মানালী ভ্ৰমনলৈ গৈছিলোঁ। এই তিনিওখন ঠাই ফুৰি হোৱা আমাৰ অনুভৱ আৰু ঠাই কেইখনৰ সৌন্দৰ্য বৰ্ণণাতীত। সেয়া ক’বলৈ গ’লে বহু দীঘলীয়া হ’ব। ইয়াত আমি মাত্ৰ আমাৰ মনত খোকোজা ৰৈ যোৱা এটি বিশেষ কথাহে আপোনালোকক অবগত কৰিব বিছাৰিছোঁ। কেইবাখনো ঠাই ভ্ৰমন কৰাৰ যাবতীয় পৰিকল্পনা সম্পূৰ্ণ কৰি গুৱাহাটীৰ পৰা শাৰদী সন্ধিয়াৰ আকাশ ফালি বিমানেৰে উৰা মাৰিছিলোঁ। দিল্লীত এৰাতি কটাই Make My Trip ৰ দ্বাৰা আগতীয়াকৈ বন্দবস্ত কৰি থোৱা ইন’ভা গাড়ীৰে পিছদিনা আমি আকৌ আৰম্ভ কৰিছিলোঁ আমাৰ যাত্ৰা। লগত আছিল আমাৰ মনে মিলা বন্ধুৰ পৰিয়াল। গতিকে যাত্ৰা দীঘলীয়া হ’লেও বিৰক্তিকৰ নাছিল।

সন্ধিয়া ৭ মান বজাত চিমলা পালোঁগৈ। এটি সুন্দৰ সতেজ অনুভৱে মনটো চুই গ’ল। এদিন চিমলাত ফুৰি পিচদিনা পাহাৰীয়া একা-বেকা বাটেৰে আমি যাত্ৰা আৰম্ভ  কৰিলো মনোমোহা মানালী অভিমূখে । সম্পূৰ্ণ বাটছোৱাত লাভ কৰিলোঁ বুজাব নোৱাৰা সুন্দৰ অনুভৱ। সেই কথা কিছু পিছলৈ থ’লো। ৰাতি চাৰে দহ মান বজাত মানালীত আমি গৈ উঠিলোগৈ কম্পেনিৰ (IOCL) Holyday Home ত । তাত ৰাতিটো কটাই পিছদিনা পুৱা ওলালো মানালী ফুৰিবলৈ। প্ৰথমেই দৰ্শন কৰিব’লৈ গ’লো এটি প্ৰাচীন মন্দিৰ । যাত্ৰাৰ আৰম্ভণিৰ পৰাই এটা শব্দই আমাৰ পিছ নেৰা হ’ল। সেইটো হ’ল “ছিংগু”। যি ফালেই যাওঁ, দোকান বোৰৰ সন্মুখত ৰৈ থকা দোকানৰ কৰ্মচাৰী কিছুমানে… ‘মেডাম ছিংগু…ছিংগু দেখ লিজীয়ে…মত লিজীয়ে…এক বাৰ দেখতো লিজীয়ে….দেখকৰ শুনতো লিজীয়ে এ ছিংগু হেই কিয়া ছিঝ….আদি বাক্যৰে আমাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কৰা ছেষ্টা অব্যাহত ৰাখিলে আমি ঠিক কৰি লৈছিলোঁ বজাৰ কৰাৰ বাবে আমি আচুতীয়াকৈ ঠিক কৰি ৰখা সময় খিনিৰ বাহিৰে বাকী সময়খিনি আমি নষ্ট নকৰোঁ। কিন্ত্ত এই ছিংগুৱে আমাৰ কৌতুহল বঢ়াই তুলিছিল। কাৰণ যি ফালেই যাওঁ সেই ফালেই ছিংগুৱে আমাৰ পিছ এৰা নাছিল। অৱশেষত দুই-তিনিটামান ঠাই চোৱাৰ পিচতে ছিংগুৰ কৰ্মচাৰীৰ আমন্ত্ৰণত সহাৰি জনাই চাবলৈ সোমালো। দোকানত সোমাই দেখিলোঁ এবিধ ফাৰৰ কোমল আৰু পাতল কম্বল দাম ৭ হাজাৰ তাৰ লগত আকৌ সাতবিধ বস্ত্ত বিনামূল্যে দিব। শুনিয়েই কিবা আচৰিত লাগিল। তেওঁলোকে ক’লে – ‘এইখন এবিধ জন্ত্তৰ নোমেৰে বনোৱা বহু মূল্যবান কম্বল..আমি বিক্ৰী নকৰো কেৱল সাত বছৰৰ বাবে ভাড়াতহে দিওঁ আদি বিভিন্ন কথা।‘ গ্ৰাহকৰ সৰু সৰু ফটো,নাম,ঠিকনা থকা এলবাম এটাও দেখুৱালে। কথাবোৰ শুনি কিবা এটা সন্দেহ হৈ আমি পিচত চাম বুলি কৈ দোকানৰ পৰা ওলাই আহিলো। মনৰ কৌতুহল দমাব নোৱাৰি গাড়ীত আহি থাকোতেই মোৰ ল’ৰাটোৱে মোবাইলত ইন্টাৰনেট খুলি ছিংগু নামৰ বস্ত্ত বিধৰ কিবা ইনফৰমেচন পাইনেকি বিচাৰিলে। নেটত যি পালোঁ সেয়া চাই আমি যে থগ নোখোৱাকৈ বাছি আহিলো তাৰ বাবে মনটো ভাল লাগিল। নেটৰ ইনফৰমেচন মতে ছিংগু বুলি কোনো জন্ত্তৱেই নাই। এইবোৰ সকলো মিছা কথা,এই ছিংগু নামটো লৈ সিহঁতে বাকী সাতবিধ বস্ত্ত বিক্ৰিৰ ব্যৱস্থাহে কৰে। তথাপিও গ্ৰাহকৰ অভাৱ নাই। তেওঁলোক এনদৰে বুজাই দিয়ে যে কিছু টকাৰ বিনিময়ত সাতবিধ (কোনো কোনোৱো বোলে দহ বিধলৈকো দিয়ে) বস্ত্তৰ লগতে সুন্দৰ পাতল ৰঙৰ কোমল মৰমলগা কম্বলখন ক্ৰয় কৰিবলৈ গ্ৰাহক বাধ্য হৈ পৰে। যি কি নহওক আমাৰ হ’লে ছিংগু লোৱা নহ’ল। ইমানখিনি গম পোৱাৰ পিচতো মনত কিন্ত্ত কৌতুহল এটা এতিয়াও ৰৈ গ’ল,সেয়েহে কথাখিনি চেয়াৰ কৰিলোঁ। কোনোবাই যদি এই কিবা জানে জনালে সুখী হ’ম।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!