মানুহৰ জীৱনত ফ্ল’ৰাইড আৰু আৰ্চেনিকৰ প্ৰভাৱ আৰু ইয়াৰ বাবে কেনেধৰণৰ সাৱধানতাৰ প্ৰয়োজন (নিতুল বৰা)

arsenic1

 

 

ভৌগোলিক সমীক্ষা মতে পৃথিৱীৰ উপৰিভাগৰ ৫ ভাগৰ ৩ ভাগেই পানী আৰু ২ ভাগহে মাটিৰে আবৃত্ত। তথাপিও বহু অঞ্চলত বিশুদ্ধ তথা খোৱাপানীৰ অভাৱত মানুহে জীয়াতু ভুগিব লাগিছে। নিত্যপ্ৰয়োজনীয় এই পানীয়ে আমাৰ দেহত থকা সকলোবোৰ কোষ সেমেকাই সতেজ কৰি ৰাখে। আমাৰ শৰীৰত তৰল পদাৰ্থ চলাচল কৰিবলৈ পানীয়ে সহায় কৰে আৰু শৰীৰটো শীতল কৰি ৰখাতো সহায় কৰে। খোৱা খাদ্য কোমল কৰি জীণ নিয়ায়। পানীয়ে ছ’ডিয়াম, পটাছিয়াম, কেলচিয়ামৰ দৰে প্ৰয়োজনীয় লৱণ আদি শৰীৰৰ প্ৰত্যেকটো কোষক নিয়মিতভাবে যোগান ধৰে। সেইদৰে মাটিৰ পৰা বিভিন্ন অত্যাৱশ্যকীয় খনিজ পদাৰ্থ, লৱণ আদি পানীয়ে উদ্ভিদৰ কাণ্ড, পাতলৈ কঢ়িয়াই নিয়াত সহায় কৰে। এই পানীৰ সহায়তে প্ৰতিজোপা গছে খাদ্য আহৰণ কৰে আৰু সেয়ে পানীৰ অবিহনে গছ-গছনিয়ে নিজৰ প্ৰয়োজনীয় খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। আৰু এই অতিকৈ আৱশ্যকীয় বাহক পানীত যদি প্ৰয়োজনীয় উপাদানতকৈ বিষাক্ত অপ্ৰয়োজনীয় উপাদানৰ পৰিমাণ বৃদ্ধি হৈ খোৱাৰ অনুপযোগী হৈ পৰে, তেনেহ’লে সেয়া জীৱজগতৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিব।
আন ঠাইৰ কথা একাষৰীয়াকৈ থৈ, বিভিন্ন ইলেকট্ৰনিক প্ৰচাৰ মাধ্যম, বাতৰি কাকত আদিৰ জৰিয়তে বিভিন্ন সময়ত বাতৰি প্ৰকাশ পোৱা, অসমৰে গুৱাহাটীৰ বিভিন্ন অঞ্চল, যেনে- লালগণেশ, ফটাশিল আমবাৰী, লখৰাকে আদি কৰি নগাঁও আৰু কাৰ্বি আংলং জিলাৰ অন্তৰ্গত আকাশীগঙ্গাৰ কাষতে লাগি থকা উৰ্দ্ধগাওঁ, হালধিআটি, তপতজুৰি, পাৰখোৱা, বাঘপানী আদি অঞ্চলৰ খোৱাপানী তথা ভূগৰ্ভৰ পানীত বিষাক্ত ফ্ল’ৰাইড আৰু আৰ্চেনিক উপলব্ধ বুলি চিনাক্ত হৈছে। তাৰোপৰি অসমৰ ২৭ খন জিলাৰ ভিতৰত ২০ খন জিলাত আৰু ৭৯৪ খন বিদ্যালয়ৰ পানীতেই এই দুয়োবিধ বিষাক্ত উপাদান আছে বুলি সমীক্ষাৰ দ্বাৰা ঠাৱৰ কৰা হৈছে। এই কথা প্ৰচাৰ মাধ্যমে কেৱল বাতৰি আকাৰে চৰকাৰ তথা চৰকাৰী বিভাগলৈ অভিযোগ কৰি বাতৰি পৰিবেশনতে নিজৰ দায়িত্ব সামৰা আমি সকলোৱে দেখি আহিছোহঁক। ফলস্বৰূপে এনে বাতৰি পৰিবেশনৰ পিছত সাধাৰণ খাটিখোৱা মানুহ আতঙ্কিত হৈ পৰা দেখা যায়। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বা ল’ব লগা সাৱধানতাৰ বিষয়ে আজিকোপতি কোনেও কেতিয়াও সাধাৰণ ৰাইজক বুজাই দিবলৈ চেষ্টা কৰা নাই, বা এই বিষয়ে ৰাইজৰ মাজত সৃষ্টি হোৱা আতঙ্ক দূৰ কৰিবলৈ প্ৰয়াস কৰা নাই।
কিন্তু প্ৰকৃততে কি এই ফ্ল’ৰাইড আৰু কি এই আৰ্চেনিক? সঁচাকৈয়ে পানীত ফ্ল’ৰাইড আৰু আৰ্চেনিক থাকিলে বা তেনে পানী সেৱন কৰিলে জীৱনলৈ ভয়াবহতা আহিব নেকি? এনে কিছুমান দোধোৰ-মোধোৰ প্ৰশ্নৰে বিভ্ৰান্তি সৃষ্টি কৰা সাধাৰণ ৰাইজৰ খু-দুৱনি দুৰ কৰিবলৈকে এই সমস্যাৰ বিষয়ে কিছু ফঁহিয়াই আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ।
প্ৰথম কথা, এক বিশেষ ভূ-তাত্বিক গঠনসম্পন্ন অঞ্চলত মাটিৰ স্তৰৰ পৰাই প্ৰাকৃতিক ভাবেই ভূ-গৰ্ভৰ পানীত ফ্ল’ৰাইড আৰু আৰ্চেনিক উৎপন্ন হয়। আমি জীৱিত কালত ব্যৱহাৰ কৰা খোৱাপানীত ফ্ল’ৰাইড, ক্ল’ৰাইড, আৰ্চেনিক, আইৰণ আদি উপাদানসমূহ থকাটো অতিকৈ প্ৰয়োজনীয়, কিন্তু ইয়াৰ প্ৰতিটোৰে মাত্ৰা প্ৰয়োজনতকৈ অধিক হ’লেই ই খোৱাৰ অনুপযোগী হৈ পৰে। শিশুৰ হাড় আৰু দাঁত মজবুত হোৱাত ফ্ল’ৰাইডে সহায় কৰে আৰু দাঁতৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে। সেয়ে ফ্ল’ৰাইডযুক্ত খোৱাপানী খাবলৈ ব্যৱহাৰ কৰাটো প্ৰয়োজন। কিন্তু আমি খোৱাপানীত কোনটো উপাদান কিমান পৰিমাণৰ থাকিব লাগে, সেইটো জনাটো অত্যন্ত প্ৰয়োজনীয়। সেইবাবে কোনো উৎসৰপৰা খোৱাপানী ব্যৱহাৰ কৰাৰ আগতে কিমান পৰিমাণৰ ফ্ল’ৰাইড, আৰ্চেনিক আছে সেয়া নিৰূপণ কৰাটো প্ৰয়োজনীয়। ইয়াৰ বাবে পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰত বিনামুলীয়াকৈ পৰীক্ষা কৰিব পৰা যায়। বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষণা আৰু সমীক্ষাৰ মতে পানীত ফ্ল’ৰাইড, আৰ্চেনিক, ক্ল’ৰাইড, নাইট্ৰেট আদিৰ প্ৰয়োজনীয় মাত্ৰা বা নিৰীখ তলত উল্লেখ কৰা হৈছে।

   ফ্ল’ৰাইডৰ মাত্ৰা – প্ৰতি লিটাৰ পানীত ১.০ ৰ পৰা ১.৫ মি.গ্ৰামতকৈ অধিক হ’ব নালাগে।
আৰ্চেনিকৰ মাত্ৰা—প্ৰতি লিটাৰ পানীত .০৫ মি.গ্ৰামতকৈ অধিক হ’ব নালাগে।
ক্ল’ৰাইডৰ মাত্ৰা—প্ৰতি লিটাৰ পানীত ২৫০ ৰ পৰা ১০০০ মি.গ্ৰা.তকৈ বেছি হ’ব নালাগে। ক্ল’ৰাইডৰ পৰিমাণ অধিক হলেও ই কেতিয়াও মানুহৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে।
নাইট্ৰেটৰ মাত্ৰা—প্ৰতি লিটাৰ পানীত ১০০ মি.গ্ৰা. তকৈ অধিক হ’ব নালাগে।

   ওপৰত উল্লেখ কৰা মাত্ৰাতকৈ পানীত এই উপাদানসমূহ অধিক হ’লেই সেইপানী খোৱাৰ অনুপযোগী হৈ পৰে। অধিক ফ্ল’ৰাইডযুক্ত পানী দীৰ্ঘ দিন (অতি কমেও ৫-১০ বছৰ একেৰাহে) খোৱাপানী হিচাবে ব্যৱহাৰ কৰি থাকিলে মানুহৰ দেহৰ হাড় (Skeletal Flurosis), দাঁতবোৰ ক্ষয়ৰোগত আক্ৰান্ত হ’ব পাৰে। প্ৰথম অৱস্থাত হাড়, দাঁত আৰু মাংসপেশী আক্ৰান্ত হয়। ফ্ল’ৰাইডে দেহৰ মাংসপেশীৰ কোমল কোষসমূহ ধ্বংস কৰাৰ উপৰিও অংগ-প্ৰত্যংগ বিকল কৰাৰ লগতে দেহৰ সমস্ত প্ৰক্ৰিয়াটোকেই আক্ৰান্ত কৰিব পাৰে। ইয়াৰ ফলত কম বয়সতে জীৱনলৈ বাৰ্দ্ধক্য নামি অহা দেখা যায়। দাঁত আক্ৰান্ত হ’লে প্ৰথম অৱস্থাত দাঁতৰ ৰং হালধীয়া, মুগা বা ক’লা বৰণৰ হয়, দাঁতবোৰৰ মাজত খহটা গাঁত হ’বলৈ ধৰে, দাঁত ক্ষয় হয় আৰু থুনুকা হৈ পৰে। তদুপৰি শৰীৰৰ হাড়, গাঁঠি আদিত অত্যন্ত বিষ অনুভৱ কৰে, ভৰি-হাতৰ হাড় ধেনুৰ দৰে বেঁকা হৈ পৰা দেখা যায়, কেতিয়াবা অ-স্বাভাবিক ভাবে হাড় বাঢ়িবলৈ ধৰে। সমস্ত শৰীৰৰ হাড়ৰ গঠন অস্বাভাবিক হৈ পৰে।

arsenic2

    সেইদৰে আৰ্চেনিক যুক্ত পানী মানুহে দীৰ্ঘ দিন খাবলৈ ব্যৱহাৰ কৰিলে জ্বলাবন্ধ (Lesions) ৰোগ, পেশীৰ দুৰ্বলতা আৰু দীৰ্ঘকাল ধৰি আৰ্চেনিকৰ বিষক্ৰিয়াৰ ফলত ছাল, বৃক্ক আৰু হাঁওফাওঁ আদিত কেন্সাৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

    এই দুয়োবিধ ভয়ানক ৰোগৰ আজিলৈকে কোনো ধৰণৰ ঔষধ চিকিৎসা বিজ্ঞানে উলিয়াব পৰা নাই বুলি জানিব পৰা গৈছে। সেয়ে ইয়াৰ পৰা বাচি থাকিবলৈ হ’লে সাৱধানতা বা প্ৰতিকাৰেই একমাত্ৰ উপায়। কিন্তু কি সাৱধানতা অৱলম্বন কৰিব?   প্ৰতিকাৰ………………………..

১) নিয়মিতভাবে প্ৰচুৰ পৰিমাণৰ গাখীৰ খোৱাৰ প্ৰয়োজন।
২) নিয়মিতভাবে আমলখি খাবলৈ অভ্যাস কৰিব লাগে।
৩) চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেলচিয়াম টেবলেট খোৱাটো প্ৰয়োজনীয়।
৪) পানীত অধিক ফ্ল’ৰাইড, আৰ্চেনিক থকাটো প্ৰমাণিত হোৱা অঞ্চলৰ মানুহে ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰিব নালাগে। কিয়নো ভূ-গৰ্ভৰ পানীতহে ফ্ল’ৰাইড বা আৰ্চেনিক আদি থাকে। খেতি পথাৰত বা বাৰীৰ শাক-পাচলিত ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰিব নালাগে।
৫) পাহাৰৰ পৰা বৈ অহা, জান- জুৰি, নিজৰাৰ পানী ব্যৱহাৰ কৰিব পাৰে।
৬) বৰষুণৰ পানী সংগ্ৰহ, আটাইতকৈ সহজ উপায়। এই পানীত কোনো ধৰণৰ বিষাক্ত উপাদান নাথাকে। Rain Water Harvesting এটা বৰষুণৰ পানী সংগ্ৰহ কৰা প্ৰকল্প। এই প্ৰকল্প ব্যৱহাৰ কৰি টিঙৰ ঘৰৰ চালত পৰা বৰষুণৰ পানী প্লাষ্টিকৰ নাওৰা ব্যৱহাৰ কৰি ডাঙৰ টেঙ্কত বহুদিনলৈ সংগ্ৰহ কৰি ৰাখিব পাৰি।

    এতিয়া কথা হৈছে, কোনো এক অঞ্চলৰ পানীত বিষাক্ত ফ্ল’ৰাইড বা আৰ্চেনিক আছে বুলি প্ৰচাৰ মাধ্যমত প্ৰকাশ পোৱাৰ পিছৰে পৰা সাধাৰণ মানুহ আতঙ্কিত হৈ পৰা দেখা যায়। প্ৰকৃততে অধিক পৰিমানৰ ফ্ল’ৰাইড বা আৰ্চেনিক থকা পানী এদিন দুদিন ব্যৱহাৰ কৰিলে মানুহৰ দেহত কোনো ধৰিণৰ ক্ষতি নহয়। এনে পানী অতি কমেও ৫ ৰ পৰা ১০ বছৰ কাল একেধাৰে সেৱন কৰিলেহে মানুহৰ জীৱনত ওপৰত উল্লেখ কৰা ধৰণৰ ৰোগে দেখা দিব পাৰে। তাৰোপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি উপযুক্ত পুষ্টিকৰ খোৱা খাদ্য (Nutrition), যেনে- কেলচিয়াম, মেগনেচিয়াম যুক্ত খাদ্য শৰীৰটোক নিয়মিত যোগান ধৰিব পাৰিলে জীৱনজুৰি এনে পানী ব্যৱহাৰ কৰিও এনে ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। এই লেখাটিৰ লগতে কেইখনমান এনে ৰোগত আক্ৰান্ত ৰোগী, কণকণ শিশুৰ আলোকচিত্ৰ সংযোজিত কৰা হৈছে।

    শেষত সকলো প্ৰকাৰৰ প্ৰচাৰ মাধ্যমৰ সংশ্লিষ্ট লোকলৈ অনুৰোধ, যাতে কেৱল মুনাফাৰ খাটিৰত দূষিত বা প্ৰদূষিত পানী, ভঙা পানীৰ পাইপেৰে ওলোৱা ছবি আদি প্ৰকাশ নকৰি, ইয়াৰ প্ৰতিকাৰৰ উপায়, সজাগতাসমূহো আতঙ্কিত জনসাধাৰণৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিবলৈ এই মঞ্চৰ পৰাই অনুৰোধ জনালোঁ।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
nathi
8 years ago

সচাকৈ বহু খিনি শিকিলো ।

Copying is Prohibited!