মানুহৰ দৰে মানুহ – ৰাজীৱ ডেকা
ইয়াতেই আছে মানুহৰ দৰে মানুহ
যুদ্ধৰ দিনবোৰতো যিয়ে সোধে শইচৰ খবৰ
কথাৰ মাজৰ হাঁহিত যাৰ চকুত খলকে পুৱানৰ মাছ
মানুহৰ দৰে এনে মানুহে
ৰাতিও দুৱাৰ খুলি অচিনাকীক বাকি দিয়ে পিয়াহৰ পানী
তেওঁলোকৰ ঘৰৰ মুধচলৈ এহাল চৰায়ে কুটা কঢ়িয়ায়
চোতালৰ ডাঁহেচীয়া বগৰীলৈ শিশুহঁতে নিঃসংকোচে ফৰ্মুটিয়ায়
তেওঁলোক জীৱনৰ প্ৰেমিক মানুহৰ উপাসক
মুৰত আঙুলি বুলাই অসুখৰ দিনবোৰত
তেওঁলোকেই পৃথিৱীক ফিনিক্সৰ সাধু শুনায়
মানুহৰ দৰে এনে মানুহে
বাটৰ দাঁতিত ৰৈ আপোনালৈয়ে বাট চায়
তেওঁলোকেও জানে-
মানুহৰ দৰে কোনোবা মানুহ ইয়াত এতিয়াও আছে
যি এই বাটেৰেই অকলে আহে-যায়। ■