মানুহৰ পৃথিৱীঃ গজেন্দ্ৰ- এক ব্যতিক্ৰমী চৰিত্ৰ- যোগ গগৈ
অসম সাহিত্য সভা, ডিব্ৰুগড়ৰ শাখাৰ কাৰ্য্যালয় সহকাৰী গজেন্দ্ৰ৷ নলবাৰীৰ ফালৰ ডেকা৷ আজৰি সময়ত বেনাৰ আদি লিখিও দুপইচা উলিয়ায়৷ তেওঁৰ সৈতে ঘনিষ্ঠতা বাঢ়িল তেনে কাৰণতে৷
ডিব্ৰুগড়লৈ অহাৰ আগতে তেওঁ স্থানীয় চক্ৰ বিষয়া কাৰ্য্যালয়ৰ বাৰাণ্ডাত টেবুল-চকী লৈ বহিছিল, উপভোক্তা সকলৰ দৰ্খাস্ত আদি লিখি দিয়াৰ বিনিময়ত পাঁচ টকা দহ টকা লৈছিল৷ মোমায়েক সম্বন্ধীয় এজনে লৈ গৈছিল তালৈ, দুপইচা হাতখৰচ ওলাব৷
তেওঁৰ ওচৰলৈ অহা প্ৰায়বোৰ মানুহ তেনেই নিঃকিন, দৰিদ্ৰ৷ কাৰোবাৰ যদি টাপলি মৰা চোলা, আন কাৰোবাৰ ছিগা চেণ্ডেলত নাৰিকল ৰচি বন্ধা৷ দৰ্খাস্ত লিখি দিয়াৰ বিনিময়ত দহ টকা এটা ল’বলৈ তেওঁৰ অন্তৰে হাহাকাৰ কৰি উঠে৷ বিনা পাৰিশ্ৰমিকে প্ৰায়েই লিখি দিয়ে দৰ্খাস্ত৷ আৰু এদিন য’ৰে টেবুল-চকী য’তেই এৰি ডিব্ৰুগড়ত পৰিলহি৷
সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ’ব ডিব্ৰুগড়ত৷ চনটো ২০০১, ফেব্ৰুৱাৰী৷ মাজে সময়ে ময়ো আড্ডা মাৰোঁগৈ কাৰ্যালয়ত৷ এদিনাখন এজনৰ সৈতে অসমীয়া বানান সম্বন্ধে কথা পাতি আছোঁ, কাষতে বহি থকা গজেন্দ্ৰই পেলনীয়া কাগজ পেলোৱা খৰাহিটোত কিবা খোঁচৰি আছে৷ লক্ষ্য কৰিলোঁ, খৰাহিৰ পৰা কাগজ এটুকুৰা বিচাৰি লৈ কিবা এটা লিখি পুনৰ কাগজ টুকুৰা মোহাৰি পেলাই দিলে৷ সুধিলোঁ-কি কৰিলা? তেওঁৰ উত্তৰ- বানান এটা ভুলকৈ লিখিছিলোঁ৷
পেলাই দিয়া অদৰকাৰী কাগজ টুকুৰাৰ বানানটোও যিজনে শুদ্ধ কৰাৰ কথা ভাবিব পাৰে তেওঁ বাৰু জীৱনটো কেনে এক পৰিশীলিত ৰূপ দিব পাৰে ভাবি অভিভূত হওঁ৷