মানে, বৰ লাজ পালোঁ (  ডা: কুমাৰ পাৰ্থপ্ৰতিম )

নক’ব আৰু বুজিছেনে, মানসী, মানে মোৰ শ্ৰীমতীৰ বাবে নতুন চুৰিদাৰ এযোৰ কিনিবলৈ গৈছিলোঁ আজি৷ ভাবিছিলোঁ, তেওঁক চাৰপ্ৰাইজ দিম৷ কিন্তু বৰ লাজ পালোঁ বুজিছে? মানে কি বুলি যে বুজাওঁ আপোনাক! বাৰু, অলপ আগৰপৰাই আৰম্ভ কৰা যাওক৷

পৰহি মোৰ লগৰ এজনৰ ঘৰত ৰাতি ভাত খাবলৈ মাতিছিল৷ মই অফিছৰপৰা ওলোৱাত অলপ দেৰিয়েই হৈছিল সেইদিনা৷ লগৰজনে কৈছিল, বোলে আজিকালি দেখোন লগা লগি হোৱাৰ সময়েই নহয়, গতিকে অলপমান সোনকালে আহিবি, অতীত ৰোমন্থন কৰিব পাৰিম৷ কিন্তু জানেই নহয়, য’তে বাঘৰ ভয়, ত’তে ৰাতি হয়৷ কিবা কাম থকা দিনাখন সংসাৰখনৰ লেঠা কিছুমান ওলায় অফিচত৷ অফিচতেই সন্ধিয়া সাত বাজিল সেইদিনা৷ মানসীলৈ ফোন কৰিলোঁ,

“শুনিছা, মই আধা ঘণ্টাৰ ভিতৰত ঘৰ গৈ পাম৷ তুমিও ওলোৱা আৰু সোণকো সাজু কৰি ৰাখা৷ গৈ পোৱাৰ পিছত আৰু দেৰি নকৰোঁ৷ ”

মানসীৰ উঠিল খং৷ অৱশ্যে উঠিবলগীয়াই দিয়কচোন৷

“তোমাৰ লগত আৰু নোৱাৰিছোঁ দেই চন্দন৷ আমি কেতিয়াবাই ৰেডী৷ চাৰে পাঁচবজাতে কাপোৰ কানি পিন্ধি সাজু হৈ থাকিবলৈ কোৱা নাছিলানে ৰাতিপুৱাই? আহা আহা, তুমিহে সোনকালে আহা৷ ইপিনে সোণ যাবলৈ ৰেডী হৈ তুমি কেতিয়া আহি পাবা বুলি সুধি সুধি থেনথেনাই আছে৷ দেউতাই উপায় নাপাই ফুৰাবলৈ লৈ গৈছে৷”

“কিয়নো খং খাইছা অ’?”

“খং খোৱা নাই৷ আহা তুমি৷”

“হেৰি নহয়, ঘৰত নেমু আছেনে?”

“আছে, কিয়?”

“এটা কাম কৰাচোন, ধুনীয়াকৈ নেমু চৰ্বত এগিলাচ বনাই ফ্ৰীজত থৈ দিয়ানা৷ চৰ্বত গিলাচ খায়েই বিপ্লৱহঁতৰ তালৈ বুলি ওলাই দিম৷”

“কাম নাই আৰু এতিয়া মোৰ৷ অতপৰে ৰৈ থাকি ব’ৰ হৈ আছোঁ, এতিয়া আকৌ তেওঁক নেমু চৰ্বত লাগে৷ নোৱাৰোঁ মই বনাব৷ ফ্ৰীজত ঠাণ্ডা পানী আছে, তাকে খাবাহি৷”

ফোনৰ সংযোগ বিচ্ছিন্ন কৰিলোঁ৷ আৰু কিবা কোৱা মানেই বিপদ চপাই লোৱা৷ ঘৰ গৈ পায়েই বেলেগ কিবা ওজৰ আপত্তি শুনাৰ ভয়তে চিধা চিধি চিঞৰ বাখৰ লগাই দিলোঁ,

“ওলোৱা ওলোৱা৷ যাও বুজিছা, দেৰিয়েই হ’ল৷ বিপ্লৱহ’তে বেয়াই পাব এতিয়া৷”

মানসীয়ে ওভতাই ধৰিলে,

“নিজেই দেৰিকৈ আহি কিহৰ চিঞৰ বাখৰখন কৰি দেখুৱাইছা? মুখখনটো কমচে কম ধুই লোৱা এবাৰ৷”

পেটে পেটে ভালেই পালোঁ যদিও বাহিৰত একো নেদেখুৱাই আমাৰ শোৱনি কোঠাৰ সংলগ্ন বাথৰুমটোলৈ বুলি আগবাঢ়িলোঁ৷ বাথৰুমৰপৰা ওলাই দেখোঁ, মানসীয়ে নেমু চৰ্বত এগিলাচ হাতত লৈ ৰৈ আছে৷ কৈছোঁ নহয়, এইবোৰেইটো বিবাহিত জীৱনৰ সুখ৷ এজনৰো খং বেছি সময় নাথাকে৷ তথাপি অলপ অভিমান প্ৰকাশ কৰি ক’লোঁ,

“নবনাও বুলি কৈছিলা দেখোন৷ ঠাণ্ডা পানীৰেই চলাই দিলোঁহেতেন৷ মিছা মিছি মোৰ বাবে কিয়নো কষ্ট কৰিব লাগে?”

মিচিকিয়া হাঁহি এটিৰে মোৰ গাল এখনত মিহিকৈ টিপা এটি মাৰি মানসীয়ে ক’লে,

“হ’ব দিয়া, ঠেঁহ পাতিব নালাগে এতিয়া৷ খাই লৈ ওলোৱা৷”

উস, মানসীৰ এনে এটি মৃদু টিপাই মোক যে শিহৰিত কৰি তোলে৷ ৰিমঝিম বৰষুণত তিতি বুৰি লুকাই চুৰকৈ প্ৰেম কৰা দিনবোৰলৈ উলটি যাবলৈ হৃদয় ব্যাকুল হৈ উঠে৷

চৰ্বত গিলাচ খাই থাকোতে মানসীলৈ চাই ৰ’লোঁ৷ সৰু বেগ এটাত সোণৰ কিবা কিবি খোৱা বস্তু ভৰোৱাত ব্যস্ত তেওঁ৷ পিছে তেওঁ পিন্ধি ওলোৱা কাপোৰযোৰহে মোৰ সিমান পচন্দ নহ’ল৷ মানে ঠিকেই আছিল পোচাকযোৰ, কিন্তু অলপ যেন পুৰণি৷

“এইযোৰ চুৰিদাৰেই পিন্ধি যাবানে মানসী?”

“অ’৷ কিয়? কিবা বেয়া লাগিছে নেকি?”

“বেয়া লগা নাই৷ কিন্তু বেলেগ, মানে অলপ নতুন এযোৰ পিন্ধা নেকি?”

“এইযোৰেই মোৰ আটাইতকৈ নতুন চুৰিদাৰ৷ মনত আছেনে কেতিয়া দিছিলা?”

“কেতিয়া?”

“দুবছৰেই হ’লহি৷ তাৰ পিছত দুবাৰকৈ পূজা গ’ল, কেইবাটাও বিহু গ’ল, এযোৰো নতুন কাপোৰ দিয়া নাই তুমি মোক৷”

মানসীৰ অন্তৰৰ দুখ বাৰুকৈয়ে প্ৰকাশ পাইছিল তেওঁৰ কথাখিনিত৷ তেওঁ আৰু একোৱেই নক’লে, আনটো ৰুমলৈ গৈ সোণক কোলাত লৈ মোৰ বাবে অপেক্ষা কৰিলে৷ কিন্তু তেওঁৰ অভিমানভৰা নীৰৱতাই মোৰ অন্তৰ সেমেকাই তুলিলে৷ বুজা পৰা কৰিব জনা মোৰ জীৱনৰ নাৰীগৰাকীয়ে মোৰ সীমিত উপাৰ্জনৰ কথা ভাবি মোক এযোৰ নতুন কাপোৰৰ কথা নক’লেই যেনিবা, মই গিৰিয়েকটো হৈ দুবছৰ ধৰি তেওঁক এযোৰো কাপোৰ নিদিয়াকৈ থাকিব পাইনে বাৰু? নকৰিবলগীয়া ঠাইতো ক’ত টকাৰ শ্ৰাদ্ধ কৰি আছোঁ৷ চেহ, নিজলৈয়ে ধিক্কাৰ জন্মিল৷ মানসীয়ে হয়তো ঠিকেই কয়, মোৰ তেওঁৰ প্ৰতি ৰাপ অলপ কমিছেই বোধকৰোঁ আগতকৈ৷ কিন্তু কৰিবনো কি? বস্তুৰ যিহে জুই চাই দাম, এই চাউল, দালি, সোণৰ ডায়েপাৰ আদিবোৰৰ খৰচৰ হিচাপৰ প্ৰকোপত ৰোমাঞ্চ বোলা বস্তুটো কিবা যেন লুপ্তপ্ৰায় হ’ব ধৰিছে লাহে লাহে৷ মনে মনে প্ৰতিজ্ঞা কৰিলোঁ, অতি সোণকালেই তেওঁৰ বাবে অলপ দাম দি ধুনীয়া কাপোৰ এযোৰ কিনি আনিম৷ আৰু তাৰ ফলশ্ৰুতিতেই আজি মোৰ এই চুৰিদাৰ কিনা অভিযান পৰ্ব৷

বছ, ভবা মতেই কাম৷ আজি অফিচৰপৰা ওলায়েই কাপোৰৰ বজাৰখনলৈ বুলি বাইক ষ্টাৰ্ট দিলোঁ৷ মোৰ সহকৰ্মী এজনে কৈয়েই পঠাইছে, কাপোৰৰ নতুন শ্ব’ৰুম এখন খুলিছে বোলে তাত৷ বহুতৰ মাজত ভালৰো ভাল কাপোৰযোৰ বিচাৰি উলিয়াবলৈ উজু, তদুপৰি দামবোৰো খুব এটা বেছি নহয় বোলে, তাতোকৈ ভাল কথা, দৰ দামৰ কথা নাই, দামবোৰ লিখাই থাকে৷ বাইকখন পাৰ্ক কৰি আঁতৰৰপৰাই দেখিলোঁ দোকানখন৷ সন্মুখ ভাগটো সম্পূৰ্ণৰূপে কাঁচেৰে বনাইছে৷ ভিতৰৰ উজ্জ্বল লাইটৰ পোহৰত বাহিৰৰপৰা ভিতৰখন স্পষ্টভাৱে দেখা যায়৷ একেবাৰে সন্মুখত বাহিৰলৈ মুখ কৰাই ‘লাইফ চাইজ’ পুতলা চাৰিজনীক ধুনীয়া ধুনীয়া চুৰিদাৰ একোযোৰ পিন্ধাই ৰাখিছে৷ গোটেই কেইযোৰেই ধুনীয়া, কিন্তু গ্লাচৰ দৰ্জাখনৰ লগতেই থকা পুতলাজনীক পিন্ধাই ৰখা কাপোৰযোৰে মোৰ মন মুহি পেলালে৷ বঢ়িয়া, মনতে থিৰাং কৰিলোঁ, সেইযোৰেই লৈ ল’ম৷ নহ’লে ভিতৰত সোমোৱাৰ পিছত মোৰ যে ‘অধিক মাছত বগলী কণা’ ধৰণৰ সমস্যা নহ’ব, তাৰ কি মানে আছে? আঁতৰৰপৰা অলপ সময় আকৌ এবাৰ চাই ৰ’লোঁ পুতলাজনীলৈ৷ কোনো কথাই নাই, এইযোৰ কাপোৰেৰে মানসীক বেছ ধুনীয়া লাগিব৷ তদুপৰি কাপোৰযোৰ তেওঁ পচণ্ড কৰা কিবা সেই ‘বেবী পিংক’ বৰণীয়া৷ অৱশ্যে কপাহী হ’লে সোণত সুৱগা চৰিব৷ পুতলাজনীলৈ চাই চাই দৰ্জাখন ঠেলি ভিতৰলৈ সোমালোঁ৷ কপাহী হয়নে নহয় এবাৰ চাই লোৱা ভাল হ’ব, সেইবুলি কাপোৰযোৰলৈ বুলি সোঁহাতখন আগুৱাওঁ বুলি ভাবোতেই পুতলাজনীয়ে মাত লগালে,

“কিবা ক’ব?”

মই থতমত খালোঁ৷ হায় বিধি! ইমানপৰে মই চাই থকা পুতলাজনী দেখোন এগৰাকী জীৱন্ত নাৰীহে৷ হ’ল বুলিনো তেখেতে ইমানপৰে একেথৰে তেনেকৈ ৰৈ বাহিৰলৈ চাই থাকিব লাগেনে? বোধকৰোঁ কাৰোবাৰ অপেক্ষাত আছিল৷ হয়তোবা কাৰোবাৰ কথা একান্ত মনে ভাবি আছিল৷ আৰু মই তেওঁৰ কাপোৰযোৰেই পেকিং কৰি মানসীলৈ লৈ অনাৰ কথা ভাবি আছিলোঁ অতপৰে৷ বৰ লাজ পালোঁ বুজিছেনে? মানে জঘন্য লাজ৷ তেখেতৰ কথাৰ উত্তৰ দিওঁ বুলি ভাবিবলৈ নাপাওতেই মোৰ এই ফটা মুখখনৰপৰা মই গম নোপোৱাকৈয়ে নিজে নিজে ওলাই গ’ল,

“মানে আপোনাৰ কাপোৰযোৰ বৰ ধুনীয়া৷”

“কি ক’লে?”

ফাঁট মেলা বসুমতী পাতালে লুকাওঁ৷ কাণতলীয়া এটা যে নপৰিল গালত, সেয়াই বহুত৷

“নাই নাই, একো নাই৷ আপুনি ৰখক, মই পিছত আহিম৷”

ততাতৈয়াকৈ দৰ্জা খুলি যোৱা বাটেৰেই খৰধৰকৈ ওলাই আহিলোঁ৷ এবাৰ উজুটি খোৱা আঙুলিটোতে বাৰেপতি উজুটি খোৱা যায়৷ সন্ধিয়াটো ভাল দেখা নাই, আৰু বা ক’ত কেনেকৈ লাজত পৰিব লগা হয়? ভাবি চিন্তি চিধা চিধি ঘৰলৈ বুলি বাইক ষ্টাৰ্ট দিলোঁ৷ আৰু মানসীলৈ কাপোৰ? হ’ব, বেলেগ এদিন৷ প্ৰতিজ্ঞা কৰিলোঁ, এইবাৰ তেওঁক লগত লৈহে কাপোৰ কিনিবলৈ আহিম৷ আৰু কোনোবা কাপোৰৰ দোকানৰ পুতলালৈ সইত সইত তিনি সইত খাই কৈছোঁ, কেতিয়াও নাচাওঁ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!