মানৱতাবাদ: চন্দ্রকুমাৰ আগৰৱালাৰ কবিতাত আৰু ড.ভূপেন হাজৰিকাৰ গীতত (- প্ৰীতিমা চাংমাই নেওগ)

ঈশ্বৰ,দেৱতা – নহয় য’ত মানুহক প্রথম স্থান দিয়া হয়, সেইয়াই মানৱতাবাদ । মানুহ দুৰাচাৰী পাপী নহয়, মানুহৰ নৈতিক অৰু বৌদ্ধিক মূল্য সদায় অছে । মানুহেই এই পৃথিৱীৰ অসীম শক্তিৰ গৰাকী । মানুহৰ অসীম সম্ভাৱনাৰ ওপৰত আস্থা ৰাখে মানৱিকতাবাদে । মানুহক ভাল পাব লাগে, মানুহক সেৱা কৰিব লাগে,মানুহৰ বাবে অকনমান ভাৱিব লাগে । এনে সুৰকেই চন্দ্রকুমাৰ আগৰৱালাৰ কবিতাত আৰু ড.ভূপেন হাজৰিকাৰ গীতত বিভিন্ন ৰূপত ফুটি উঠিছে ।
কবি চণ্ডীদাসে কোৱাৰ দৰে “সবাৰ ওপৰে মানুষ সত্য তাহাৰ ওপৰে কেহ নেই”। চন্দ্রকুমাৰেও কৈছে –
“মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ”
ঠিক একেদৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ পৰাও নিগৰিছে –
“মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাবে
অকণি সহানুভূতিৰে ভাৱিব কোনেনো কোৱা ? সমনীয়া ?”
চন্দ্রকুমাৰ আগৰৱালাৰ কবিতাৰ ‘মুকলি বিশ্ব’ৰ মাজত নিহিত হৈ অছে মানুহৰ মুক্তিৰ কথা । এই মুক্তি কেৱল ৰাজনৈতিক মুক্তিয়েই নাছিল ই অছিল মানুহে মানুহৰ বাবে মৰতত সৰগ ৰচিবলৈ বিচৰা মুক্তি । নৱজাগৰণে আনি দিয়া স্বাধীনচিতীয়া মানসিকতা ।ড.হাজৰিকাদেৱেও গাইছিল – “সময়ৰ সাহেৰে লিখি যাম অজি মই মানুহৰ মুকুতিৰ কথা” ।
সুন্দৰৰ আৰাধনা কৰা দুয়োজন মানৱতাবাদী পুৰুষৰ ৰচনাতে প্রকাশ পাইছে কপটতা ভৰা সমাজৰ প্রতি তীব্র বিতৃষ্ণা আৰু তাৰ লগে লগে নতুন সমাজ গঢ়াৰ বাসনা । চন্দ্রকুমাৰৰ বীণব’ৰাগীয়ে বিচাৰিছিল ব্যাধিগ্রস্ত সমাজক ভাঙি চিঙি চুৰমাৰ কৰিবলৈ –
“আঙুলি বুলাব জনা হলে আজুৰি পেলালোহেঁতেন টানি
হিমালয়ৰ চূড়া বুৰালোহেঁতেন উছালি কলীয়া পানী ।”

ড.ভূপেন হাজৰিকাই কৈছে
“নামি আহাঁ সুন্দৰৰে সেনা শিল্পীদল
এৰা সপোন ধেমালি
বাধা যদি নিদিয়া পিশাচী এন্ধাৰক
ধৰা হ’ব ৰণেৰে ৰাঙলী ।”
এইদৰে দুয়োজন ব্যক্তিয়ে নতুন চেতনাৰে, মানৱতাবাদী চিন্তাধাৰাৰে অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰিছে । আগৰৱালাদেৱৰ অনেক কবিতাত মানৱ প্রেম বিচিত্র ৰূপত প্রকাশ পোৱাৰ দৰে ড. হাজৰিকাৰ অনেক গীতত প্রকাশিত হৈছে মানৱীয় কোমলতা তথা ঐকান্তিক মানৱ প্রেমৰ অমিয়া..।
আজিৰ এই অসূয়া-অপ্রীতিৰ পৃথিৱীত মানৱতাৰ বধ্যভুমিত চন্দ্রকুমাৰ আগৰৱালাৰ কবিতা তথা ড.ভূপেন হাজৰিকাৰ গীতসমুহ অতি প্রাসংগিক হৈ পৰিছে । সেইবাবেই ভূপেনদাৰ মৃত্যুত অসমীয়া সমাজ জীৱনত হোৱা বিৰাট শুন্যতাৰ কথা অসমৰ মানুহে মর্মে মর্মে উপলব্ধি কৰিছিল । এনে ক্ষণজন্মা প্রবাদ পুৰুষৰ জীৱনাদর্শ শিল্পকৃতিৰ সঠিক মূল্যায়ণ হোৱা উচিত । এই মুহুর্তত এই ক্ষুদ্র প্রয়াসেৰে তেখেতসকলৰ প্রতি আমাৰ গভীৰ শ্রদ্ধা নিবেদিলোঁ….।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!