মানৱ যন্ত্ৰ (কল্প বিজ্ঞান ভিত্তিক গল্প)- (জ্যোৎস্না ৰাজখোৱা শৰ্মা)

:জিউ অ’ জিউ!

জিউ
জিউ অ’ জিউ!!
কাৰোবাৰ মাতত ডলি সাৰ পাই উঠিল। ডলিক আইতাকৰ বাহিৰেতো কোনেও জিউ বুলি নেমাতে। কিন্তু আইতাক ঢুকোৱাতো পঞ্চাছ বছৰৰো ওপৰ হ’ল! ডলী বিচনাতে বহিল। বিচনাখনৰ সিটো মূৰে চানি শুই আছে। তাৰ নাকৰ কৰ্কশ শব্দই তাইৰ কৰ্ণপটত আঘাত কৰিছে। তাক জগাই কিবা ক’বলৈয়ো সি আজি একচেঞ্জ অফাৰ পাই তাৰ হৃদয়খন সলাই আহিছিলগৈ। আগৰ হৃদয়খন অলপ ভাগিছিল যদিও, তাইৰ লগত এডজাষ্ট কৰি চলি আছিল। কিন্তু আজি হৃদয়খন সলাই অহাৰ পিছত তাই তাক পৰ্যবেক্ষনত ৰাখিছে। কেনেকুৱা হৃদয় এখন আনিলে বা!! যিমানেই যান্ত্ৰিক নহওক কিয় সিহঁত মানুহেইতো!!
চানিৰ নাকৰ শব্দই ডলীক অতিষ্ঠ কৰি তুলিলে। তাই বিচনাখনৰ পৰা নামি লাহে লাহে কন্ট্ৰ’ল ৰূমৰ ফালে গ’ল। ৰিম’টৰ সহায়ত লাহে লাহে তাৰ নাকৰ শব্দটো কন্ট্ৰ’ল কৰিলে। তাই তাৰ নাকৰ কৰ্কশ শব্দটো আইতাকে সৰুতে তাইক শুৱাওতে গোৱা” আমাৰে মইনা শুৱ এ এ…………” নিচুকনি গীতটোৰ সুৰলৈ ৰূপান্তৰ কৰিলে।
ডলী বিচনাখনত আকৌ বহি ল’লে। বেৰত জিলিকি উঠিল তাইৰ ৰুটীনখনৰ মতে জিৰাবলৈ আৰু এঘণ্টা আছে। তাই পিঠিত থকা অক্সিজেনৰ বটলটো সন্মুখলৈ আনি চালে। আৰু অলপ আছে। জিৰোৱা হোৱাৰ পিছত সলালেও হ’ব। চানিৰ নাকৰ শব্দটো গীতৰ সুৰলৈ ৰূপান্তৰিত হোৱাৰ পিছত ডলী যেন অতীতলৈ ঘূৰি গ’ল। তাইৰ এই জীৱন সহ্য নোহোৱা হৈ গৈছে। এই যান্ত্ৰিক জীৱন!!
কিমান ভাল আছিল সেই দিনবোৰ!! সেউজীয়া সেউজীয়া, চাৰিওফালে সেউজীয়া! আইতাক মনিমালাই তাইক বাৰু কম মৰম কৰিছিলনে! কিমান কথা যে পাতিছিল! মাকতকৈ তাই আইতাকৰ লগতেই বেছি ভাল পাইছিল। কেৰিয়াৰক বেছি প্ৰাধান্য দিয়া মাকৰ সেই শব্দবোৰ মনলৈ আহিলে এতিয়াও তাইৰ ব্ৰেইনৰ চাৰ্জ কমি যায়। হাঁহি এয়াৰ মেচিনটোত কৈ যায় কাৰোবাক” আমি উইকএণ্ডত লগ পাওঁ। হৈ যায় হৈ যায়! চব!!”
আই অ’ দেহি তাইৰ যে গোলো-মোলো আইতাকজনী! ডলী আচৰিত হৈ গ’ল। ক’ৰ পৰা আহিল এই ‘আই অ’ দেহি’ শব্দটো? নাই তাইৰ আৰু চাৰ্জ কৰি জানিবৰ মন যোৱা নাই। আছিল চাগৈ ষ্ট’ৰ হৈ মেমৰী’ত! তাইৰ দেহৰ মেচিনৰ কৃপাত অৰিজিনেল পাৰ্টছবোৰ সলাব লগা হোৱা নাই। হয়তো তাইৰ পূৰ্বপুৰুষৰ জিনবোৰ ষ্ট্ৰং আছিল!!
চকুৰ আগত আকৌ আইতাকজনীহে ভাঁহি আহিলঃ বুজিছা জিউ, মই যে এতিয়া ইমান শান্ত, পঢ়ি থাকোতে এনেকুৱা নাছিলোতো!
ডলীক আইতাকে বহুত দিন কৈছে। মাক বা তাই ৰিডিং ৰূমতে ষ্টাডি কৰাৰ দৰে আইতাকহঁতে ঘৰৰ ভিতৰতে ষ্টাডি কৰাৰ সুবিধা পোৱা নাছিল। কিতাপ-বহী নামৰ কিবা আছিল আৰু সেইবোৰ লৈ এঠাইতে বহুতো মানুহে পঢ়িছিল। আইতাক যে ইমান আবেগিক হৈ পৰিছিল। “লগৰ বোৰ লগৰ বোৰ” কৈ ফ্ৰেইণ্ডছ্ বোৰৰ কথা কৈ থাকোঁতে ডলীৰো ভাল লাগি গৈছিল। আইতাক বিৰাট ৰোমান্তিক আছিল। মনে মনে কবিতা লিখি বহীৰ পাতবোৰ শেষ কৰিছিল। লগৰ ছোৱালীৰ লগত চাইকেল নামৰ এবিধ যন্ত্ৰত উঠি খুউব ঘূৰি ফুৰিছিল। আইতাকৰ মুখত শুনি আইতাকৰ বান্ধৱীবোৰৰ নামবোৰ তাইৰ মেম’ৰীত ষ্ট’ৰ হৈ থাকি গ’ল – দিপীকা, জ্যোৎস্না, ৰূপান্বিতা, ভাৰতী, মাইনু, মমতা, মঞ্জুলা, জোনালী, ৰূপালী! কি যে অদ্ভূত নামবোৰ আছিল!!
ডলীয়ে চানিলৈ চালে। শোৱাৰ আগতে তাৰ ব্ৰেইনত চাৰি ঘণ্টা জিৰোৱাৰ এলাৰ্ম এডজাষ্ট কৰি থৈছিল। সেই হিচাবত আৰু দুঘণ্টা। শোৱাৰ পৰা উঠিয়ে ৰেচন প্ৰক্ৰিয়াৰ বাবে পাইপ ফিট কৰি ফ্ৰেছ হৈ ল’ব দিনটোলৈ। ষ্ট’ৰ ৰূমৰ ছেলফত থকা ব্ৰেকফাষ্টৰ টেমাটোৰ পৰা এটা টেবলেট খাই চিধা লেব’ৰটৰীত সোমাবগৈ। কি যে মানুহটো!! কি লাগে আৰু সিহঁতক! সিহঁতে মৃত্যু জয় কৰিছে। মানুহ নামৰ জীৱটোৰ প্ৰতিটো অংগৰে নিখুঁতভাৱে মেৰামতি কৰি কৰি সিহঁতে আইতাকৰ মুখত শুনা সাধু কথাৰ অসুৰ বোৰে ভগৱান নামৰ অতি কিবা এটাৰ পৰা বিচৰা “অমৰত্ব” সিহঁতে লাভ কৰিছে।
সময় হিচাপে তাইৰ আজি এশ পঞ্চাছ বছৰ আঠ মাহ এক সপ্তাহ পাঁচ দিন তেইশ ঘণ্টা পঞ্চলিছ মিনিট আৰু পচপন্ন ছেকেণ্ড। বেছিদিন তাই এই মানৱ যন্ত্ৰটো কঢ়িয়াই নুফুৰে। মাত্ৰ এক আলোকবৰ্ষ! তাই নিজেহে কথাটো ভাবি থৈছে।
তাই আইতাকৰ লগত থাকোঁতে আজিৰ দৰে খোৱা টেবলেটৰ ব্যৱস্থা নাছিল। আইতাকৰ লগত ভাত, ৰুটী আদি বস্তুবোৰ খাইছিল। খোৱাৰ টেষ্টটো মেম’ৰীত ৰৈ গৈছে। আজিকালি সেইবোৰ নাই। প্ৰয়োজনীয় সকলো উপাদান মিলাই দেহৰ বাবে লগা পৰিপুষ্টিৰ টেবলেট বনাই টেমা বোৰত সংৰক্ষণ কৰি ৰখা হৈছে। যাক যেতিয়া প্ৰয়োজন এটা এটা ল’লেই হৈ গ’ল।
এদিনৰ কথা যে মনত পৰিলে ডলীৰ হাঁহি নামৰ অনুভূতিটোৱে হৃদয় খনত খুন্দা মাৰি ধৰেহি। সেইদিনা ককাকে সৰু সৰু এটা জীৱ আনিছিল। আইতাকে “এই সৰু মাছ বোৰ কিয় আনা? মই বাচিব নোৱাৰোঁ দেই! তুমি খাবলৈ ভাল পোৱা বাবেই এনেকৈ সদায় নানিবাচোন।… আৰু সৰিয়হ বতা দি? হে প্ৰভু! কাৰেণ্ট নাই মিক্সিটো চলাবলৈ! পটাত পিচি মই তোমাক চৰ্চৰি খুৱাব নোৱাৰো দেই!”
তাৰ পিছৰখিনি ডলীৰ মেম’ৰীৰ পৰা ডিলিট হৈ গ’ল।
অতীতৰ আৱেষ্টনীত সোমাই থাকোঁতেই ডলীৰ নিৰ্দ্ধাৰিত ৰেষ্টৰ সময়খিনি পাৰ হৈ গ’ল ডলীয়ে গমেই নেপালে। তাই পাহৰিয়ে থাকিল তাইৰ অক্সিজেনৰ বটলটো যে সলাবৰ হৈ আছিল। তাই চানিক মাতিব ধৰিও নেমাতিলে। এতিয়া তাক মাতিও লাভ নাই। সি নিৰ্দিষ্ট সময়ৰ আগতে উঠিব নোৱাৰে। তাইৰ আবেগ নামৰ অনুভূতিটোৱে হৃদয়খন কঁপাই তুলিলে আৰু চকু নামৰ অংগটোৰে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। তাই অলপ আঁতৰত থকা টেবুলখনৰ ওপৰৰ পৰা অক্সিজেনৰ বটলটো আনিবলৈয়ো শক্তি নোহোৱা হ’ল। আইতাকৰ মুখত শুনা অতি কিবা শক্তি থকা সেই ভগৱানৰ কথা মনলৈ আহিল। তাই মুখৰে বিৰবিৰালে – “হে ভগৱান”!
নিৰ্দিষ্ট সময়ত চানি শোৱাৰ পৰা উঠিল। কাষত ডলীক শুই থকা অৱস্থাত দেখি আচৰিত ভাৱ জাগি উঠিল। ডলীৰটো এইখিনি সময় বেলেগ কামত নিৰ্দিষ্ট কৰি থোৱা আছিল। আগদিনা সি এখন বেলেগ হৃদয় সলাই আনিছিল। হৃদয়খনত ডলীৰ আইতাকৰ এটা পাৰ্ট ইনষ্টল কৰি আনিছিল, যিটো পাৰ্টত ডলী সোমাই আছিল। সি জানিছিল ভালপোৱা অনুভূতিটো ডলীৰ আইতাকৰ লগত বেছি সাঙোৰ খাই আছিল। সি তাইক ভাল পোৱা অনুভূতিটোতকৈয়ো বিচাৰিছিল ডলীৰ হৃদয়খনত অকল তাৰ অনুভূতিৰে সম্পূৰ্ণ হৈ থাকক! সি শোৱাৰ সময়ত প্ৰেকটিছ কৰিছিল আইতাকে ডলীক মতা মাতটোৰে “জিউ”!
চানি ডলীৰ কাষ চাপি আহি পালচ্ চাই চিঞৰি উঠিল “অহ্ ন’!!!”
বিষাদ নামৰ অনুভূতিটোৱে হৃদয়খন চানিৰ তোলপাৰ কৰি দিলে। প্ৰথমতে শ্ল’ মোচনত আৰু তাৰ পিচত ফাষ্ট ফাষ্ট ফাষ্ট ……
এটাও জীৱ নথকা ঘৰখনত চানি অনন্ত সময়লৈকে নেথাকে! চানিয়ে সিদ্ধান্ত লৈ পেলালে মুহূৰ্ততে। সি ডলীৰ ইনভেলিদ ব’ডীটো লৈ লেব’ৰটৰীত সোমালগৈ। সি আকৌ নতুন গৱেষণা আৰম্ভ কৰিব। ডলীক তাক ঘূৰাই লাগে। “জিউ মই তোমাক বিচাৰোঁ। তুমি অবিহনে মই জিৰ’! মই তোমাক ঘূৰাই আনিম নহ’লে মই শেষ হৈ যাম। অনন্ত জীৱন মই কেনেকৈ কটাম?”
চানিয়ে চকুদুটা মুদি যেন কাৰোবাক কিবা ক’বলৈ বিচাৰিলে। অসহায় চানিয়ে যেন কাৰোবাৰ সহায় বিচাৰিলে। সেয়াই নেকি বাৰু ডলীৰ আইতাক মনিমালাৰ “হে ভগৱান”!
হয়তো হ’ব পাৰে। আজি চানিয়েও যেন সহায় বিচাৰিলে “হে ভগৱান, মোক সহায় কৰা।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments