মামণি ৰয়চম গোস্বামী : ব্যক্তিত্বৰ আঁৰৰ ব্যক্তিগৰাকী- মিতালী বৰ্মন

(১)

“মোৰ মনত সেইখনেই আদর্শ সমাজ, য’ত মানুহে মানুহক মানুহ বুলি ভাবিব পাৰে ।”— এয়াই আছিল তেওঁৰ মনত এখন আদর্শ সমাজৰ সংজ্ঞা । অসমীয়া মানুহক, অসমীয়া জাতিক বিশ্বদৰবাৰত প্রতিষ্ঠা কৰি থৈ যোৱা দুয়োগৰাকী মানৱ-দৰদীয়ে তাৰমানে কথাবোৰ একেদৰেই ভাবিছিল ! ভূপেন হাজৰিকাই তেওঁৰ বহুতো গীতৰ মাজত প্রকাশ কৰি থৈ গৈছে মানৱ-জাতিৰ প্রতি তেওঁৰ দুর্বাৰ ভালপোৱা :

“মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে

অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া”

হয়তো সেই একেখন সমাজৰে সপোন দেখিছিল মামণি ৰয়চমে ! মানুহৰ দুখ-আর্তনাদ দেখি কান্দি উঠিছিল তেওঁৰ হৃদয় ! তেওঁৰ লিখনিৰ আঁহে আঁহে সেই কথা অনুভৱ কৰিব পাৰি ।

কোনে জানিছিল কাটি ব্রহ্মপুত্রত উটুৱাই দিবলৈ কোৱা ছোৱালীজনীয়েই এদিন প্রজ্জ্বলিত কৰিব সাহিত্য জগতৰ অক্ষয় বন্তিগছ ! হয়তো, যিগৰাকী জ্যোতিষীয়ে তেওঁৰ সোঁৱৰণি চাই উচ্চাৰণ কৰিছিল সেই নির্মম বাণী, তেওঁ কেতিয়াও পঢ়ি নাচালে মামণি গোস্বামীৰ সাহিত্যজগতৰ লগত জড়িত দিশটি নাইবা হয়তো তেওঁৰ আগন্তুক জীৱনৰ দুখ-বেদনাৰ আগজাননী পাই সেই জ্যোতিষীগৰাকী কঁপি উঠিছিল । হয়তো ভাবিছিল, পাৰিবনে ছোৱালী এজনীয়ে ইমান দুখৰ বোজা সহিব ! হয়তো…! হয়তো…!! কিন্তু পাচলৈ সেই জ্যোতিষীগৰাকীয়েই মামণিৰ ভাগি পৰা মনটোক সজীৱ কৰিবলৈ কৈছিল “তুমি ইচ্ছা কৰিলে পাহাৰ বগাব পাৰিবা । তোমাৰ মাজত মই অধ্যাৱসায়ৰ জ্যোতি দেখা পাইছোঁ”(আধা লেখা দস্তাবেজ) । হয়, ছোৱালীজনীয়ে ৰচি থৈ গ’ল ইতিহাস ! সিঁচি দিলে আশাৰ কঠিয়া । তেওঁৰ গৰিমাৰে মহীয়ান হ’লোঁ আমি ।

মামণি ৰয়চমক সাহিত্য সৃষ্টিত অনুপ্রেৰণা যোগাইছিল ধর্মীয়, সামাজিক, ৰাজনৈতিক আৰু লগতে মহাকাব্যৰ অধ্যয়ন আৰু ভ্রমণ অভিজ্ঞতাই । আমৰঙা সত্রৰ পৰা আৰম্ভ কৰি দেশৰ আৰু দেশৰ বাহিৰৰ বিভিন্ন প্রান্তৰ মানুহৰ দুখ-দুর্দশা নিগৰিছে তেওঁৰ কলমৰ চিঞাহী হৈ । দেশৰ সীমাৰ ভিতৰত গিৰিবালা, দুর্গা, সৰু গোঁসানী, সৌদামিনী, মৃণালিনী, বিধিবালা, দময়ন্তী, সোণী, ৰাঘামা, নাৰায়ণী, নির্মলাৰ কথা যিদৰে লিখিছে, একেদৰে লিখিছে চীনৰ কহ-বিহং, জাপানৰ মিচ কেইকি, ইংলেণ্ডৰ ৰ’জ মেৰী, এলিজাবেথ, ডৰথী ব্রাউনৰ কথা । উচ্চ বংশজাত গিৰিবালা, দুর্গা, সৰু গোঁসানী, দময়ন্তী, সৌদামিনীৰ অথবা নিম্নবংশজাত হৰিজন সম্প্রদায়ৰ নাৰায়ণী, বসুমতী— সকলোৰে দুখ-যন্ত্রণাৰ ছৱি নির্মোহভাবে অংকণ কৰিছে মামণি ৰয়চমে । বিদ্রোহী আছিল তেওঁ । কথা-প্রসংগত তেওঁ কোৱা মনত আছে, তেওঁৰ স্বামীৰ অকাল মৃত্যুৰ পাচত চুবুৰীয়াৰ ঘৰত সকাম খাবলৈ যাওঁতে তেওঁক আঁচুতীয়াকৈ খাবলৈ দিয়াৰ বাবে মনত দুখ পাই সেই ঠাই পৰিত্যাগ কৰিছিল । তাৰ প্রতিফলন দেখোঁ তেওঁৰ লিখনিত… স্বামীৰ বিয়োগৰ পাচত পিতৃগৃহলৈ প্রত্যাৱর্তন কৰা গিৰিবালাক চাবলৈ অহা তিৰোতাজাকক উদ্দেশ্যি কোৱা হ’ল :

“নুচুবি ! নুচুবি ! এইমাত্র বাৰী হোৱা তিৰী ঐ কপালত সেন্দুৰ পিন্ধা তিৰীহঁত” (দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা)

ঘৰত হোৱা কাজ-কর্মৰ সময়তো গিৰিবালাক বান্ধি দিয়া হ’ল নিয়মৰ কঠোৰ শিকলিৰে :

“মাছুৱা চৰু আছে, সহাই যাবা নৰাহ” (দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা)

কিন্তু সেই কঠোৰ নিয়ম ভংগ কৰি গিৰিবালাই আতাকৰ শ্রাদ্ধৰ মাংস খাই পৰাচিত হ’বলগীয়া হ’ল । সমাজৰ এই “প্রায়চিত্ত কৰা” বিধানটো যে এক প্রকাৰৰ মানসিক অশান্তি হ’ব পাৰে তাক কোনেও ভাবি নাচায় । সেয়ে মার্ক চাহাবৰ কোঠালিত উপস্থিত হোৱা গিৰিবালাক প্রায়চিত্তৰ বাবে যেতিয়া বাধ্য কৰোৱা হ’ল বিদ্রোহ কৰি তাই ওলাই নাহিল জ্বলন্ত অগ্নিকুণ্ডৰ মাজৰ পৰা ।

তেওঁৰ হৃদয়ে কান্দি উঠিছিল আর্তজনৰ বাবে ! কেৱল যে নাৰীয়েই তেওঁৰ লিখনিত আগস্থান পাইছে তেনে নহয় । তেওঁৰ আছে পুৰুষৰ প্রতিও সমবেদনা । “সংস্কাৰ” গল্পত আছে আমাৰ সমাজ ব্যৱস্থাই সৃষ্টি কৰা প্রাচীৰ অতিক্রম কৰিবলৈ বিচৰা এজন হতভগাৰ পিতৃত্বৰ কৰুণ আর্তনাদ । বংশ ৰক্ষা কৰিবলৈ পীতাম্বৰ মহাজনে দময়ন্তীৰ দৰে সমাজৰ ক্ষুধাৰ বলি হোৱা এগৰাকী বিধবাক বিয়া কৰাবলৈ আগবাঢ়ি আহিছে । কিন্তু মহাজনৰ সকলো আশা তচ-নচ কৰি ভাঙি পেলাইছে দময়ন্তীৰ সংস্কাৰবোধে “শূদিৰীয়াৰ বীজ তাই নকঢ়িয়ায় । তাই শাণ্ডিল্য গোত্রীয় বামুণ”। জীৱনৰ পৰিস্থিতি যে কেতিয়াবা ইমান নির্মম হ’ব পাৰে তাক অংকণ কৰাত মামণি ৰয়চম সিদ্ধহস্ত ।

কেৱল মানুহেইনে ? জীৱ-জন্তুৰ প্রতিও আছিল তেওঁৰ প্রৱল মৰম । যদিও তেওঁৰ মংগলৰ বাবেই কামাখ্যাৰ ওচৰৰ বগলাদেৱী মন্দিৰত ছাগলীটো বলি দিয়া হৈছিল, সেই মুহূর্ততো তেওঁৰ চকুৰে বৈ আহিছিল তপত চকুলোৰ ধাৰ ।

“খুটিটোৰ আশে-পাশে থকা কোমল ঘাঁহবোৰ সি বৰ নিশ্চিন্ত মনে খাই আছে । তাৰ ক’লা নোমবোৰত ৰ’দৰ পোহৰ পৰি চিকমিকাই আছে।… পূজা আৰম্ভ হ’ল ।… মোৰ মন দেৱী আৰু পূজাত নেথাকিল । দূৰৈত নিশ্চিন্ত মনে ঘাঁহ খাই থকা পশুটোৰ বাবে হৃদয় ছটফটাবলৈ ধৰিলে…যেতিয়াই বলিকটা দাখন লৈ পূজাৰী এটাই বাহিৰলৈ ওলাই গ’ল তেতিয়াই মোৰ দুয়ো নয়নেৰে ধাৰাসাৰে লোতক বাগৰি পৰিবলৈ ধৰিলে” (আধা লেখা দস্তাবেজ)

একেধৰণৰ কথাকেই যেন তেওঁ ক’বলৈ বিচাৰছে “ছিন্নমস্তাৰ মানুহটো” উপন্যাসত:

“নাৱৰ পৰা এটা জবৰজং মানুহ নামিল । সি কোলাত লৈ আহিছে তিনিবছৰমান বয়সীয়া এটা ল’ৰা । বাওঁ কোলাত তুলি আনিছে বলিৰ পাঠা ছাগলী । শিশুটোৱে ছাগলীটোৰ সৈতে খেলি আহিছে । পখৰা নোদোকা ছাগলীটোৱে এই জবৰজং পুৰুষটোৰ কোলাত উঠি কাণ-মূৰ জোঁকাৰি যেন শিশুটিৰ সৈতে খেলিবলৈহে আৰম্ভ কৰিছে । এৰা বেচেৰাই কেনেকৈ জানিব যে আৰু কিছু ক্ষণৰ পিছতেই তাৰ তেজেৰে এই শিশুটিৰ কপাল তিতি যাব !”

কেনে এক মর্মান্তুদ বিৱৰণ ! দেৱীক তেজেৰে নহয়, ফুলেৰে পূজা কৰাতহে তেওঁ বিশ্বাসী । সেয়ে “ছিন্নমস্তাৰ মানুহটো”ৰ চৰিত্র বিশেষৰ মুখেৰে ব্যক্ত কৰাইছে কিছুমান বিশেষ সংলাপ :

“যি শাস্ত্রৰ দ্বাৰা দেৱী পূজা হয় সেই শাস্ত্রই ফুলৰ মাহাত্ম্য প্রচাৰ কৰি গৈছে । তেজতকৈ ফুলৰ স্থান ওপৰত থৈছে । এটা ম’হৰ তেজেৰে দেৱীয়ে এশ বছৰ তৃপ্তি লাভৰ কথা শাস্ত্রই লেখিছিল । কিন্তু মাত্র এটি কৰবী ফুলৰ দানেৰে অশ্বমেধ যজ্ঞৰ সমান ফল লাভ কৰাৰ কথা দেৱী শাস্ত্রই কৈ গৈছে ।…”

(২)

মামণি ৰয়চমৰ বিশাল সাহিত্যৰাজিৰ সাহিত্যিক দিশৰ বিশ্লেষণ কৰাৰ ধৃষ্টতা আমাৰ নাই ! ব্যক্তি হিচাপে মামণি ৰয়চমক প্রথম লগ পাইছিলোঁ ২০০৫ চনৰ ১৬ আগষ্ট তাৰিখে । সেয়াই আছিল আৰম্ভণি ! ইমান মৰমীয়াল, ইমান সৰলমনা মানুহজনী… চাক্ষুক অভিজ্ঞতাক ভিত্তি কৰি লিখিলেহে লেখাবোৰে প্রাণ পায় বুলি আছিল তেওঁৰ দৃঢ় বিশ্বাস । সেয়ে গৈছিল বহু ঠাইলৈ অভিজ্ঞতাৰ লেচেৰি বুটলিবলৈ । ঘ্রাণৰ অনুভূতি কেনেধৰণৰ তাক সহজতে ব্যাখ্যা কৰিব নোৱাৰি… কিন্তু মামণি ৰয়চমে কেতিয়াবা ফুলৰ সুবাসেৰে, কেতিয়াবা জবা-কুসুম তেলৰ সুবাসেৰে, কেতিয়াবা শুকাই পঁচি যোৱা নির্মালিৰ গোন্ধেৰে নাইবা আন বহুতো ব্যাখ্যাৰে সেইবোৰ আমাৰ অনুধাৱনযোগ্য কৰি তুলিছে ।

যেতিয়াই তেওঁৰ ঘৰলৈ গৈছোঁ সদায় তেওঁ আদৰণি জনায় এমুখ হাঁহিৰে । নিজ হাতে বাকি খুৱায় চাহ । যিকোনো ক্ষেত্রতে মেলি দিয়ে মমতাৰ বহল আঁচল । “বাইদেউ, চেমিনাৰ পেপাৰ এখন এখন লিখিব লাগে । তথ্য পোৱা নাই । কি কৰোঁ ?” “মাজনী, মোৰ ওচৰত কিবা কিবি আছে । আহিবা আবেলিলৈ ।” আবেলি গৈ দেখোঁ তেওঁৰ ওচৰত থকা সকলো তথ্য ফটো কপি কৰাই থৈ দিছে । “বাইদেউ, আজি গাটো ভাল লগা নাই” “মাজনী, ডা° চন্দন বৰতামুলীক ফোন কৰি মোৰ কথা ক’বা । তেওঁ তোমাক চাই দিব”— এয়াই হ’ল আমাৰ বাইদেউৰ ৰূপত “মা” । কিমান যে মানুহক তেওঁ সহায় কৰিলে তাৰ লেখ দিব নোৱাৰি । কিমান যে ছাত্র-ছাত্রীক আর্থিকভাবেও সহায় কৰিলে হিচাপ নাই ! এদিন বাইদেউৰ ঘৰত কোনো এটা চেনেলৰ সাক্ষাৎকাৰ হৈ আছে, মাজতে তেওঁ কিছু সময়ৰ বাবে নাইকিয়া হ’ল । পাচত গম পোৱা গ’ল, ছাত্রী এগৰাকী বৰ বিপদত পৰিছে, তাইৰ যাৱতীয় কাগজ-পত্রত স্থানীয় অভিভাবকৰ চহী কৰিবলৈ বাইদেৱে সাক্ষাৎকাৰ পর্যন্ত এৰি গ’ল ।

মানুহৰ প্রশংসা কৰিবলৈ পালে যেন বাইদেউক আন একো নালাগে । সৰু সৰু কথা একোটাক বিচাৰি উলিয়াই তাকেই তেওঁ ইমানকৈ প্রশংসা কৰে যে ভাবিলেও আচৰিত লাগে । পাচত বুজি পাইছিলোঁ যে মানুহবোৰক উৎসাহ যোগাবলৈয়ে বোৱাই দিয়ে তেওঁ প্রশংসাৰ বন্যা । “the student is extremely brilliant, you should admit him/her in your college” সময়ে সময়ে এয়া আছিল তেওঁৰ দিল্লী বিশ্ববিদ্যালয়ৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষলৈ আবেদন… ইফালে লাগিলে ছাত্র বা ছাত্রীগৰাকীক তেওঁ ভালকৈ নাজানকেই ! তেওঁ আছিল আত্মাৰ সৌন্দর্যৰে মহীয়ান এগৰাকী সুন্দৰী নাৰী । কাজল সনা সুন্দৰ বিশাল দুচকুৰ গৰাকী । তেওঁৰ সুন্দৰ চকুযুৰিয়ে যেন অহৰহ কৰিছিল সত্য-শিৱ আৰু সুন্দৰৰ সন্ধান । “এই সুন্দৰ নয়ন তোমাৰ শৰীৰৰ প্রদীপ । তোমাৰ নয়ন সৰল হ’লে শৰীৰ দীপ্তিমান হ’ব—কিন্তু তোমাৰ নয়ন মলিন হ’লে তোমাৰ শৰীৰ অন্ধকাৰময় হৈ পৰিব । তোমাৰ হৃদয়ৰ দীপ্তিক যদি অন্ধকাৰে ঢাকি ধৰে তেনেহ’লে তুমি কোন পথেৰে গমন কৰিবা” (আধা লেখা দস্তাবেজ) ধর্ম-শাস্ত্রৰ শ্রেণীত পঢ়া এই কথাবোৰে যেন তেওঁৰ মগজুৰ গভীৰলৈ শিপাই আছিল ! সেয়ে অসুন্দৰবোৰ আঁতৰ কৰি অহর্নিশে বিচাৰিছিল এখন সমাজ, “য’ত মানুহে মানুহক মানুহ বুলি ভাবিব পাৰে”।

বাইদেউ আছিল কবি-গল্পকাৰ-ঔপন্যাসিক । কিন্তু আচৰিত ধৰণে আজি তেওঁৰ আন এটা দিশ উন্মুক্ত হ’ল আমাৰ চকুত । আজি ডিপার্টমেণ্ট(আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, দিল্লী বিশ্ববিদ্যালয়)লৈ আহিছিল শ্রীমান বিৰিঞ্চি কাশ্যপ । প্রায় দুবছৰ ধৰি লাগি লাগি তেওঁ বাইদেউৰ পৰা লৈছিল সন্মতিৰ স্বাক্ষৰ “স্বাধীন অসম”(protest against crime) নামৰ ডিজিটেল ছবিখনৰ বাবে । চিত্রপট লিখক শ্রীমান কাশ্যপৰ মতে ““স্বাধীন অসম”ত বাইদেউৰ ভাগত পৰিছে এগৰাকী লেখিকাৰ ভাও । “স্বাধীন অসম”ৰ ২য় ভাগত তেওঁ এটা পূর্ণাংগ চৰিত্রৰ ৰূপায়ণ কৰাৰ কথা আছিল । কিন্তু ইতিমধ্যে তেওঁ অসুস্থ হৈ পৰিছিল…”। হয়তো সমগ্র অসম তথা ভাৰতবাসীৰ লগতে নতুন বছৰৰ কোনো এটা দিনত আমি দেখিবলৈ পাম মামণি বাইদেউৰ নতুন দিশটো !

এয়াই আমাৰ বাইদেউ…! বহুতো প্রেমিকৰ কল্পনাৰ প্রতিমা ! নিটোল শব্দৰ মায়াজালৰ ইটো পাৰে থকা মমতাৰ বিশাল ভাণ্ডাৰ । কাকো “না” ক’ব নোৱাৰা এগৰাকী সৰলমনা মানুহ ! কপালত দগমগীয়া সুৰুয পিন্ধা, কাজল সনা উদাসী বহল চকুযুৰিৰে ৰঙা কাপোৰসাজ পিন্ধা ধুনীয়া চৌখিন এগৰাকী মানুহ… কপালত পৰি থাকে কুঞ্চিত অলকাৰ মেঘালী,ওঁঠত লমালমে ফুলি থাকে হাঁহিৰ জোনাক…

“(১)

যেতিয়াই মন যায়

বুকুৰ পৰা উলিয়াই লওঁ

তোমাৰ মুখখন

(২)

তেওঁৰ সেওতাৰে যিসকল আহে

সকলো মৰে

তেওঁৰ ফোঁটত পৰি” (নীলিম কুমাৰ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments