মালভোগ-চেনীচম্পা সম্বাদ ( মিতালী বৰ্মন)
(সম্পূৰ্ণ নলবৰীয়া ঠাঁচত লিখা এটি কবিতা)
মালভোগ: অ’ চেনীচম্পা তোক ইমান মৰম লাগে ৷
তোক দেখলিয়ে আকপাক তোল্লগোত নাচু নাচু লাগে ৷৷
চেনীচম্পা: এনা কথা ক্যা নু কহ, কুম্বাই শুনা পাব ৷
শুনি ফালে ঘৰোক যাই মাই-পিতিক লাগে দিব ৷৷
মালভোগ: অ’ চেনীচম্পা তোক নাপলি মই মৰি যাম ৷
তই যদি মোৰ নহং বুলি ক চিধাই গলত জৰী লাগাম ৷৷
চেনীচম্পা: উল্টা কথা নকবি তই আজিয়েই খবদ্দাৰ ৷
তইতো নাজনা তোক নাপলি মোৰ কেনাই হ’ব হাহাকাৰ ৷৷
মালভোগ: অ’ চেনীচম্পা তই যদি কহ আজিয়ে তোৰ ঘৰোক যাম তোক খুজবা ৷
মায়ে-পিতে খেদি নেদেতো বুলি “আমাৰ আপি নিবা নৰা” ৷৷
চেনীচম্পা: লাভ নাই এ সিগলা কৰি, কুইনো আমাক নুবজে ৷
জাতি-কুলত ধৰি কথা ক’ব গা বেজবেজে উঠে ৷৷
মালভোগ: অ’ চেনীচম্পা মোল্লগত পলে যাবি নিকি তই ?
তেইতাই আৰু তোৰ লাগে নিকি সমাজোক লোগি ভয় ?
চেনীচম্পা: তোক পালি আৰ আকোৱে নালগে, নালগে মোক সমাজ ৷
যদি তই পোউলে লৈ যা মোক আজিয়ে ৰাতা-ৰাত ৷৷
মালভোগ: হাও চেনীচম্পা, ইমান ভাল তই কেইহনাৰ পাই হ’লি ৷
মই নককেও দুখুন বহু কথা বুজি প’ হ’লি ৷৷
চেনীচম্পা: এটু কথা বুজি পাবাক লোগি ইমান দিন লাগিল না তোৰ ?
যি দেখচু তই দুখুন আকো বুজি নাপা মোৰ ৷৷
মালভোগ: অ’ চেনীচম্পা কি ভাইবছা তই
আজিয়েই যাবি না কি মোল্লগত ?
দুইদিন পাচোত গেলিও প’বলেম নাই
টাকা দুটামানো আহাক মোৰ পকেটত ৷৷
চেনীচম্পা: ইংকে তই বহি থাক আকো কৰবা নাংগে ৷
টকায়ে ঘটি থাক তই মোৰ কথাও ভাববা নাংগে ৷৷
বাই-ভিনহিহাঁতে বচ্চাই আছে বিয়া দি দিব মোক
বছদ্দিন পাচত মোচ্চলি আহি মামা বুলি মাইতপো তোক ৷৷
মালভোগ: অ’ চেনীচম্পা সেৱা ক’চ্চু তোক ইংকে ন’কপি তই ৷
বৈহাগতে সাজু হৈ থাকপি পোউলে লৈ যাম মই ৷৷
চেনীচম্পা: আইঐহ মোৰ ডাৰ্লিংটু ৷
এনাই তোক মই কং না আই লাভ ইউ ৷৷
এই হ’ল আমাৰ মালভোগ-চেনীচম্পা ৷
কিনু ক’বা আৰ তাহাদ্দশা !!
আজিক লোগি ইমানে কলু আৰ, ঘুমটি লাগছি মস্তো ৷
বাকীখেনি পাচোত ক’ম ইতা গুড নাইট দোস্তো ৷৷
(and it continues…….. 🙂 )
(শব্দাৰ্থ: আকপাক>এপাক, তোল্লোগত>তোৰ লগত, সিগলা>সেইবোৰ, কুইনো>কোনোৱে, মোল্লোগত>মোৰ লগত, আকোৱে>একোৱে, পোউলে>পলুৱাই, কেইহনাৰ পাই>কোনদিনাৰ পৰা, ইংকে>এনেকৈ, আকো>একো, কৰবা>কৰিব, নাংগে>নালাগে, বচ্চাই আছে>বৰ(দৰা) চাই আছে, বছদ্দিন পাচত>বছৰ দিন পাচত, মোচ্চলি<মোৰ+ছ’লি>মোৰ ল’ৰা-ছোৱালী, মাইতপো>মাতিব, ক’চ্চু>কৰিছোঁ, কং না>কওঁনে, তাহাদ্দশা<তাহাৰ+দশা>সিহঁতৰ দশা)