মাহান্তৰৰ গীত – দিলীপ কুমাৰ বৰুৱা

দুৰ্যোগৰ সতে যুঁজি শৈশৱৰ গাঁওখনি
পণ ললা পোহৰ কৰাৰ
গোপনে হৃদয় কোণত জগালা সপোন
বিশ্ব বিজয়ী হোৱাৰ।।

সাধনাত ব্ৰতী হৈ
এটি নিকা মন লৈ
আকাশৰ পিনে চাই
জীৱনৰ গতি খেদি
গুণময় সৃষ্টিৰে
গ’লা তুমি আগুৱাই
দুৰ্বাৰ বাসনাৰ অংগীকাৰ লৈ
সীমাৰ পৰিধি ভঙাৰ।।

হিয়া চুই মানুহৰ
দেশ আৰু বিদেশৰ
যাবাগৈ সীমনা চেৰাই
যশ আৰু খ্যাতিৰে
জনম ভূমিৰ
কৃষ্টিৰ ভঁৰাল ভৰাই
আইৰ ওঁঠত বিৰিঙিব হাঁহি
উঠিব ৰঙৰ জোৱাৰ।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!