মাহী আহিছে (গীতাৰ্থ গোস্বামী)

 
GITARTHA GOSWAMI  K
মাহীটি আহিছে আজি
কোঙা হৈ বিষত,
গাঁৱত সাতপুৰা মাটি
বাৰীৰ পিছফালে পোতনি পুখুৰী,
গাভিনী ম’হজনীয়ে
পথাৰত ঘুলি লওঁতে
বাঁহপাতবোৰ কঁপিছিল,
জোপোহাটোৰ আঁৰত
ম’হজনীয়ে দেখিছিল দুখন মুখ,
তাৰে এখন মহাদেউৰ!
ৰমলাক পুতি থৈছিল
বোকাৰ পুখুৰীটোত!!
মানুহ জমিছিল,
ভূতে পুতিলে
ভূতে মাৰিলে ঐ ৰমলাক!
ভূতটো মাহীটিৰ গাত লম্ভিছিল,
ওঠৰ বছৰৰ আগতে!
এতিয়া মাহীৰ বিষ,
বতাহে বতাহে, মাটিয়ে মাটিয়ে
পানীয়ে পানীয়ে বিষ।
জি এন আৰ চি, পলি ক্লিনিক
অথৱা ইন্টাৰনেচনেলত
ভাল নোহোৱা বিষ মাহীটিৰ,
কওঁ কেনেকৈ ??
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!