ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

মাহী মা – ইন্দিমা বৰুৱা

১ /
লগৰ ছোৱালী দুই তিনিটাৰ মাক হ’ল বুলি ঘৰতে বয়স বাঢ়ি ৰৈ যাব বুলি ভয় কৰা নীৰুৰ মাকে সকাহ পালে যেতিয়া অমল চলিহাই মাক নাইকিয়া দুই পুত্ৰৰ বাবে দ্বিতীয় বিবাহৰ বাবে মন মেলি নীৰুক জীৱনলৈ আদৰি আনিব খুজিলে, নীৰুয়ে বুজা নুবুজাৰ আলি দোমোজাত ৰৈ ভাবি থাকিল কৈশোৰ গৰকা ল’ৰা দুটাৰ প্ৰয়োজন আছে জানো মাহী মাকৰ? ■■

২ /

ধনে ধানে ভৰপূৰ কলিতাই পত্নীৰ মৃত্যুত ল’ৰা ছোৱালী হালৰ মুখত হাঁহি ফুলাবলৈ বুকুত শিল বান্ধি মেনকাক সিহঁতৰ মাক বুলি আদৰি আনিলে, ল’ৰা ছোৱালী হালে মাহী মা ক পালে কলিতাৰ বুকুৰ শিলচটা সিহঁতৰ বুকুত খোপনি পুতিলে৷ ■■

৩ /

মলয়াই সেই তেতিয়াৰ পৰাই বিকি আৰু ৰিচাক সহ‍্য কৰিব নোৱাৰে যেতিয়া সৰুৰে পৰা সুখৰ মুখ নেদেখা বুলি তাইক পৰিয়ালৰ সকলোৱে প্ৰেমিক নিবনুৱা ৰতনৰ পৰা জোৰ কৰি আঁতৰাই পত্নী হীন ভাৰ্গৱৰ দুই
সন্তানৰ মাতৃ ( মাহী মা ) হোৱাটো পচন্দ কৰিলে অন্ততঃ তাইৰ জীৱনলৈ সুখৰ নৈ বব বুলি৷ ■■

৪/

নিজৰ সন্তান আহিলে ৰিকুৰ চোৱা চিতা অৱহেলা হ’ব বুলি নিজৰাই সন্তান ৰ চিন্তা নকৰিলে, মাহী মাৰ অপবাদ গুচাই মাকৰ মমতাৰে তাইক উপযুক্ত হিচাপে গঢ় দিলে, আজি তাই সাধাৰণ কথা এটাতে নিজৰালৈ চাই চিঞৰি উঠিল, নিজৰ মা হোৱা হ’লে এনেকৈ নকলাহেতেন৷ ■■

৫/

বিয়া হৈ আহি বিছনাৰ খৰিকাজাঁই ফুলৰ সুবাস বিচাৰি ফুৰা স্মৃতি জনীয়ে তিনিমহীয়া কেঁচুৱা টোৰ প্ৰচাৱৰ গোন্ধ লৈয়ে আহৰি নাপায় তাইৰ মনগহণত তাৰ প্ৰতি কেতিয়াবা যদি অপাৰ মৰম খন্তেকতে তীব্ৰ খংত জৰ্জড়িত হৈ পৰে যেতিয়া শাহু ৱেকে মাহীমাকৰ মৰম হে বুলি টিটকাৰি মাৰে৷ ■■

৬ /

নীলিমাৰ বায়েকে দুই বছৰীয়া বাবুটোক এনেদৰে অকলশৰীয়া কৰি এৰি যোৱাত গোটেই ঘৰখন ভাগি পৰিল, সৎ অমায়িক ভিনীয়েকৰ লগতে নীলিমাক বিবাহত বহিবলৈ মাক দেউতাকে ও জোৰ কৰিলে অন্তত বাবুটোৱে মাহীয়েকক মা হিচাপে পাব, নীলিমাৰ স্পষ্ট উত্তৰ মই তাৰ মাহী হিচাবে সকলো কৰিম লাগিলে মোৰ লগতে ৰাখিম কিন্তু তাৰ মাহী মাক নহও৷ ■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!