মাৰফৎঃ পাঠশালা- (প্ৰিয়ংকা দাস)

(অলপ প্ৰস্তাৱনা)

ৰাষ্টা এটা আছিল৷ মসৃণ৷ মিহি, কিচকিচিয়া ক’লা সাপ এডালৰ দৰে অকাই-পকাই ৰাষ্টাটো গৈ থাকে আগলৈ৷ ৰাষ্টাটোৰ এসোপা ইতিহাস আছিল৷ এসোপা কাহিনী৷ কাহিনীবোৰ সাধাৰণতে দুখলগা অথবা সুখৰ হয়৷ ৰাষ্টাটোৰ কাহিনী সুখৰ নহয় অথবা দুখৰ নহয়৷ সম্পূৰ্ণৰূপে বগা অথবা সম্পূৰ্ণৰূপে ক’লা নহয় কাহিনীবোৰ৷ গ্ৰে’ কালাৰ্‌ড কাহিনী৷ ছাই বৰণীয়া কাহিনী৷ কাহিনীবোৰত উঠি উঠি ৰাষ্টাটোৰে পথিকবোৰ গৈ থাকে৷ আৰু শেষ নোহোৱা ৰাষ্টাটোৰে পথিকবোৰ এদিন ঘূৰি আহি ৰাষ্টাটোৰ দাঁতিত ঘৰ পাতে৷ চাপৰ চাপৰ ঘৰ৷ টিঙপাত দিয়া ঘৰ, টিঙপাত নিদিয়া ঘৰ৷ এই ৰাষ্টাটোৰেই কাহিনীবোৰে খোজ কাঢ়ে৷ মসৃণ পথ৷ একাবেকা পথ৷ এই কাহিনীময় ৰাষ্টাটোত এদিন বান আহিল৷ ঘৰবোৰ উটি গ’ল, ৰাষ্টাটো ভগা চিগাবোৰেৰে ভৰি পৰিল আৰু কাহিনীবোৰে বানৰ লগত উটি গৈ ঠায়ে ঠায়ে পলস পেলালে৷ পলসবোৰত গজি উঠা পাচলিত পিছলৈ সেই ৰাষ্টাটোৰ গোন্ধ পোৱা গ’ল৷
(১)
প্ৰায়েই এনেকুৱা সাধু এটাৰে মানুহজনে কথাবোৰৰ পাতনি মেলিছিল৷ মানুহজনে কথা ক’লে ৰৈ ৰৈ কয়৷ প্ৰায়েই মানুহজনে নীল বৰণীয়া কাপোৰ পিন্ধে৷ কেতিয়াবা আকাশী নীলা, অথবা কেতিয়াবা ডাঠ নীলা৷ কথা ক’লে হাত দুখনৰে আকৃতি বিকৃতি কৰি কথাখিনিৰ পৰিৱেশ-পৰিস্থিতি বুজাবৰ আপ্ৰাণ চেষ্টা কৰে৷ কেণ্টিনত বহা আধাঘণ্টা আমি তন্ময় হৈ মানুহজনৰ কথা শুনো৷ চাহ খাওঁ, কফি খাওঁ বা কোকাকোলা৷ কেতিয়াবা ৰেডবুল৷ অস্মিত আৰু বসুধাই প্ৰায়েই ধোঁৱা উৰুৱাই, মানুহজনৰ কথাবোৰ উভটি ধৰে অথবা ঠাট্টা কৰি ধোঁৱাৰ সৈতে ৰিং সাজি উৰুৱাই দিয়ে৷
: ৰাষ্টাটো আজিকালি আছেনে?
: নাজানো৷
: কি জানে আৰু?
: প্ৰত্যেকৰে ৰাষ্টা বেলেগ, কাৰ ৰাষ্টা ক’ত সেয়া বিচাৰি লোৱাটো প্ৰতিজনৰ দ্বায়িত্ব৷
: যদি বিচাৰি নলয়?
: ৰৈ যাব… ৰৈ থকাত জুতি নাই৷
ৱৰ্কশ্বপৰ শেষৰ দিনাখন মানুহজনক দেখা নগ’ল৷ বসুধাই অহৌবলিয়া ধৰণৰ কথা কিছুমান সজাই লৈছিল, মানুহজনক বিব্ৰত কৰিবলৈ৷ সেইদিনা নীল বৰণীয়া কাপোৰ পিন্ধা মানুহজনক বিচাৰি পোৱা নগ’ল৷ পাঁচমিনিটমান চিগাৰ এটা হুপি হুপি বসুধা কেণ্টিনৰ পৰা উঠি গ’ল৷
: ৰাস্ক্যাল… চাল্লা কাৱাৰ্ড৷
: কোন?
: তহঁতৰ পণ্ডিতজী৷ পলাল আগতেই৷
মিচিকিয়া হাঁহিৰে মই তাইক লাহেকৈ পিঠিত থপৰিয়াই লৈ আহিলোঁ৷ ৱৰ্কশ্বপৰ কাম সামৰি আমি গুচি আহিলোঁ৷ আমাৰ ৰাষ্টাত৷
পিছৰটো সোমবাৰে আমি অফিচত সোমাওঁতেই ন’টিচ ব’ৰ্ডত কিবা এটা ওলমি থকা যেন পালোঁ৷ পিছলৈ গম পাম বুলি বৰ এটা আগ্ৰহ কৰি নাচালোঁ৷ পাছদিনাৰ ষ্ট’ৰী এটা কভাৰ কৰিবলৈ নিতুলক নিৰ্দেশ দি চাহকাপত চুমুক দিওঁতেই অনিৰ্বাণৰ মাতত পাছফালে ঘূৰি চালোঁ৷
: আপোনাক ক’লৈ পঠাইছে বাইদেউ?
: কি ক’লৈ?
: কিয়? চাৰে নাই কোৱা একো?
: নাইতো!
: ৱৰ্কশ্বপ এটেণ্ড কৰি অহা প্ৰত্যেককে ফিল্ড ষ্টাডী কৰি ষ্ট’ৰী একোটা ক’ভাৰ কৰিবলৈ ঠাই নিৰ্বাচন কৰি দিছে৷ মোক আৰু বসুধাক পলাশবাৰীৰ ফালে যাব দিছে… জানো, নামটোৱেই পাহৰি থাকিলোঁ ঠাইকণৰ৷ ন’টিছ চোৱা নাই?
: এৰা, মন নকৰিলোঁ৷
: চাবচোন… একে ঠাই হ’লে ভাল হয়৷
: অ’৷
চাৰেপাঁচটামানত ইয়াৰ পৰা ওলালেহে যদি জালুকবাৰীৰ জাম ফালি আঠ-নটামানত পাঠশালা পাওঁগৈ৷ দুদিনৰ লাগতিয়াল বস্তুখিনি বেগত ভৰাই ইতিমধ্যেই মই গাড়ীত অৱস্থান গ্ৰহণ কৰিছোঁ৷ আকৌ ৰাষ্টা৷ নীল বৰণীয়া মানুহজনৰ ৰাষ্টাৰ কাহিনীটোৱে মন-মগজুত থিতাপি ল’বলৈ চেষ্টা চলাইছে৷ অৱশ্যেই, যাত্ৰাটোত কৰিবলগীয়া কাম বিশেষ একো নথকাত মই ৰাষ্টাৰ কাহিনীত খোজকাঢ়িব ল’লোঁ৷
ৰাষ্টা এটা মোৰো আছিল৷ একেই মসৃণ৷ মিহি, কিচকিচিয়া ক’লা সাপ এডালৰ দৰে অকাই-পকাই ৰাষ্টাটো গৈ থাকে আগলৈ৷ ৰাষ্টাটোৰ এসোপা ইতিহাস আছিল৷ এসোপা কাহিনী৷ কাহিনীবোৰ সাধাৰণতে দুখলগা অথবা সুখৰ হয়৷ ৰাষ্টাটোৰ কাহিনী সুখৰ নহয় অথবা দুখৰ নহয়৷ সম্পূৰ্ণৰূপে বগা অথবা সম্পূৰ্ণৰূপে ক’লা নহয় কাহিনীবোৰ৷ গ্ৰে’ কালাৰ্‌ড কাহিনী৷ ছাই বৰণীয়া কাহিনী৷ কাহিনীবোৰত উঠি উঠি ৰাষ্টাটোৰে মই গৈ আছিলোঁ৷ আৰু শেষ নোহোৱা ৰাষ্টাটোৰে মই এদিন ঘূৰি আহি ৰাষ্টাটোৰ দাঁতিত ঘৰ পাতিছিলোঁ৷ এসোপামান বাঁহৰ খাঁজ কাটি কাটি নাম নজনা কিবাকিবি লতাফুল এসোপা লগোৱা আছিল ঘৰটোৰ সন্মুখৰ ফালে৷ এটোপ দুটোপকৈ বৰষুণ আৰম্ভ হৈছিল৷ সন্মুখৰফালৰ খিড়িকী দুখন খোলা৷ খিড়িকীৰ আইনাত টোপ টোপ বৰষুণে জ্যামিতি আঁকিছে৷ এই বৰষুণৰ টোপালবোৰ হাতৰ মুঠিত লৈ ইজনে সিজনক ছটিয়াইছিলোঁ৷ বাৰাণ্ডাৰ পৰা ইজনে সিজনক গতিয়াই দিছিলোঁ বৰষুণৰ পানীত পৰি তিতিবলৈ৷ এসোপা ল’ৰা-ছোৱালীৰ হৈ-হাল্লাৰ মাজত অদূৰত এযোৰ শুধ বগা ধুতি পাঞ্জাৱী অস্পষ্ট হৈ ক্ৰমাৎ স্পষ্টলৈ আহি থাকে৷ আহি আহি মুখখন স্পষ্ট হ’লেই দৌৰে চব, ভিতৰলৈ৷
নবীন চাৰে ক্লাছত সোমাই ল’ৰা-ছোৱালীখিনিৰ ফালে এবাৰ চায়৷ প্ৰায় প্ৰত্যেকৰে মুখকেইখন ওপৰে ওপৰে পঢ়ি লোৱাৰ পাছত ব্লেকব’ৰ্ডখন ডাষ্টাৰটোৰে খুব মিহিকৈ মচিলে, (যদিওবা ব’ৰ্ডখনত এডাল আঁক-বাঁকো নাছিল) ডাষ্টাৰটো টেবুলত ওখকৈ থৈ তৰ্জনী আৰু বুঢ়া আঙুলি দুটাৰে চেপি ধৰি দুবাৰমান লাহে লাহে টুকুৰিয়াই দিলে, ফলত যিখিনি বগাগুড়ি টেবুলত জমা হ’ল, সেইখিনি ফু মাৰি তলত পেলাই দিলে আৰু লগত অনা চক্ পেঞ্চিল দুডাল লম্ব সমদ্বিখণ্ডিতভাৱে ডাষ্টাৰটোৰ গাতে লগাকৈ থৈ দুটামান স্বসৃষ্ট কাঁহ জোৰকৈ মাৰি চকীখনত বহিলে৷ ল’ৰা-ছোৱালীখিনিৰ সৰু গুণগুণনিটো কমি গৈ লাহে লাহে নোহোৱা হৈ পৰিল আৰু সকলোৱে অপেক্ষা কৰিলে নবীন চাৰৰ চিৰপৰিচিত পৰৱৰ্তী সংলাপটোলৈ৷ শেষ বেঞ্চৰ ছোৱালীজনীৰ কাণ দুখন বেছি সৱল হৈ পৰিল, ভয়-শংকা-লাজৰ নিয়মীয়া ওৰণিখন লৈ নাক-কাণ ৰঙা কৰি তায়ো বাট চালে পৰৱৰ্তী কথাশাৰীলৈ৷
: এই ৰীতে… ,উঠি আহ৷
কাঁহ পৰি জীণ যোৱা ক্লাছৰূমটো হাঁহিত খিল্‌খিলাই উঠিল৷ ৰীতা উঠি আহিল, সোঁতমোচ খোৱা স্কাৰ্টটো টানি টানি৷
:তেলভৌকাই খাইছি বুলে চুলিকিডাল?
হাঁহিৰ ফোঁৱাৰাই ক্লাছৰূমটো আকৌ জোকাৰি গ’ল৷
কুশ্ৰিতবুলি ভৱা বস্তুবোৰ সাধাৰণতে জন্মতে উচিত আকাৰৰেই থাকে৷ পিছলৈ কদৰ্য্যময় পৰিৱেশৰ হেঁচাত নিজৰ কুশ্ৰীততাত(?) নিজেই সংকুচিত হৈ পৰে৷
: পালোঁহি?
গাড়ীৰ ব্ৰেকত মোৰ চিন্তাতো ব্ৰেক লাগিল৷ সোনকালে হাত-মুখ ধুই কামত লগাৰহে কথা৷
নাহিবলগীয়া চিন্তাবোৰ, অনৰ্থক কথা কিছুমান জোৰকৈ চিন্তাৰ পৰিধিৰ বাহিৰ কৰি গাড়ীৰ পৰা নামিলোঁ৷
(২)
: বাঘমাৰা কিমান দূৰ হ’ব ইয়াৰ পৰা?
প্ৰশ্নটো সোধো নোসোধোকৈ কেনেকৈ মুখৰ পৰা সৰি পৰিল গমেই নাপালোঁ৷ কি এটা বাজে প্ৰশ্ন! এই প্ৰশ্নই ভুমুকিয়াইছিল নেকি দুদিন আগত? বা তাৰ আগতেও কেতিয়াবা? এসময়ত উশাহ চুটি কৰি অনা পাঠশালা নামটোৰ অনুভৱ এতিয়া আগৰ দৰেই আছেনে? মুঠেও নাই৷ মইতো কোনো হাৰি যোৱা মানুহ নহওঁ৷ বাজে চিন্তা চব৷ কাম নোহোৱা৷ অলাগতিয়াল৷ মানুহজনৰ উত্তৰলৈ বাট চোৱাৰ কোনো অৱকাশেই নাছিল৷ নিজ বাটে খোজ ল’লো গেষ্ট হাউচলৈ৷ কৰিবলগীয়া কামবোৰ প্ৰায় শেষ৷ কাইলৈ উভতি যাম৷ কোনো ভগ্ন অতীতৰ ছায়াই চুব নোৱাৰা দূৰত্বত এতিয়া মই৷ ওখত৷ ওপৰত৷ আৰু নিৰাপদ৷ কোনো ৰাষ্টাই মোক বান্ধিব নোৱাৰে৷
: হো, লৌ৷
এমুঠি পকা বগৰী সৰু হাতখনত গটাই দি লৰ মাৰিলে শেঙুনমচা ল’ৰাটো৷ আঙুলিৰ ফাঁকেৰে দুটামান পৰিল৷ তাই বুটলি লৈ চোলাৰ জেপত ভৰালে আৰু নধৰাকেইটা কাষৰজনীক যাঁচিলে৷ সোঁ সোঁৱাই কাষৰজনীয়ে ৰাষ্টাটো পাৰ হৈ ঘৰলৈ লৰ মাৰিলে৷ কি হ’ল কি নহ’ল তৰ্কিব পৰাৰ আগতেই শেঙুনমচাই আহি তাইক টানি লৈ গ’ল৷ দেও দি দি দুয়ো কথা পাতিব লাগিল৷ স্কুলৰ ফিল্ড এৰি সিহঁতৰ ঘৰ৷ ৰাষ্টাৰ ইপাৰে৷
: মাত্‌লিয়ে ক্যা উঠি যাহ্‌নু তই?
: ও৷
জপৰা চুলি কেইডাল খজুৱাই খজুৱাই তাই উচ্চাৰিলে৷
: বুৰাক বহে দিম কিন্তু কিত্ত’বা মই৷
: ওঁহ
ডাঁহেচীয়া বগৰীত একামোৰ মাৰি তাইৰ উত্তৰ৷
: কি ও-হো কৰি আছা? নাজ’বি উঠি৷
: ঘৰ পালু যা৷ যাগে তই৷
আকৌ বগা ধুতি পাঞ্জাৱী৷ আকৌ এফোঁৱাৰা হাঁহি৷ আকৌ এখন কান্দোনমুৱা মুখ, এখন উত্তেজিত মুখ আৰু এখন ভাৱলেশহীন মুখ৷ মোৰ৷ তেতিয়াও কালি আৱেলিৰ পকা বগৰী মূৰত ঘূৰি আছিল৷ ময়োতো আছিলোঁ৷ কাষতেই!
শুকাই যোৱা কান্দোনৰ চিনেৰে তাইৰ গাল দুখন কৰ্কৰীয়া হৈ উঠিছে৷ মই ৰুমালখন উলিয়াই দিলোঁ৷ এই নবীন চাৰটোও যে আৰু! খং উঠি যায়৷
ক’ব নোৱাৰাকৈয়ে মুখেৰে শেঁতা হাঁহি এটা ওলাল৷
খংটো মোৰ পানীৰ দৰে৷ তেতিয়াও,এতিয়াও৷ কেতিয়াবা বান ভাগি আহে আৰু কেতিয়াবা সামান্য ঢৌৱে উটুৱাই লৈ যায় ভাৱবোৰ৷
এইখিনিতে মোৰ ভাৱময় পৃথিৱীখনত যতি পেলালোঁ৷ জোৰকৈ৷ কোনোবা এক অসতৰ্ক মুহূৰ্তত যদি মই আন্ধাৰ দেখোঁ– যদি ভাপময় হৈ উঠে দুচকু– বা মোৰো যদি তাহানিৰ ৰীতাৰ দৰে শুকাই কৰ্কৰীয়া হৈ উঠে গাল! উহু, গলি যোৱাৰ প্ৰশ্নই নুঠে৷ এই ৰাষ্টাৰ পৰা হাজাৰমাইল দূৰত মোৰ অৱস্থান৷ কোনো ভাবাৱেগ নাই,শূন্য দৃষ্টিৰে মই বহি থাকোঁ৷ কোনো চিন্তাৰ আৱেগেই যেন আলোড়িত কৰিব নোৱাৰে মোক৷ কোনো পথৰ কথা ভাৱিবলগীয়াকৈ মই সিহঁতৰ দৰে পথিক নহওঁ৷ মই মোৰ ওখ ৰাষ্টা পাইছোঁ কেতিয়াবাই৷
ঠাণ্ডাটো বেছি হৈছে– আগৰদৰে এখন মাত্ৰ লেপে পাগ উঠাব পৰা নাই৷ ওচৰৰ কাবাৰ্ডটোতে আন এখন ব্লেংকেট আছে৷ হিচাপমতে, এতিয়া মই সেইখন ব্লেংকেটো ডাঙি আনি ইখনৰ ওপৰত জাপি ল’ব লাগিছিল৷ নোৱাৰোঁ৷ ধোদ-এলেহুৱাৰ টেগটো নিজকে কাহানিবাই পিন্ধাই থোৱা আছে৷ থাকক সি তাতেই৷ সিও চাগৈ শুইছে– মিছামিছি মোৰ পাগ বঢ়াবলৈ তাৰ টোপনি নাভাঙো৷
ম’বাইলটো উলিয়ালোঁ৷ বিশেষ এটা ফ’ল্ডাৰত আঙুলি স্থানু হৈ ৰ’ল৷ ফটোখনত আৰু অলপ জুম কৰিলোঁ৷ কাষৰ হাবি বননিবোৰ দূৰলৈ গ’ল৷ দুডাল শিৰিষৰ মাজেৰে নাতিদূৰত গাড়ীখন৷ আৰু অলপ জুম– দীঘল নাকটোৰ আগটোতে থকা তিলটো চিনিব পৰা হ’লগৈ এইবাৰ৷ ঠাণ্ডাত শিল যেন হৈ পৰা মোৰ চুটি নাকটোৰ আগটো ম’বাইল স্ক্ৰীনখনত, তিলটো জিলিকি থকাখিনিত লগাই দিব খুজি ৰৈ গ’লোঁ৷ লেপখন ডিঙিলৈ টানি ল’লোঁ৷ টোপনিটোক সুৰীয়াকৈ মাতিলোঁ৷ নাহে৷ অগ্যতা ম’বাইলৰ স্ক্ৰীনত নাক ঘঁহাৰ খেল খেলিয়েই ৰাতিটো পুৱাওঁ৷ নাই– তাকো নোৱাৰি৷ ঠাণ্ডাত মোৰ উশাহে স্ক্ৰীনখনত ধোঁৱা এসোপা সানি দিয়ে৷ তাৰ দীঘল নাকটো নেদেখা হৈ পৰে৷ কিমাননো ভাপবোৰ মচি মচি নাক যুঁজাম!
সিতো শুইয়ে আছে৷ কাহানিবাই শুইছে সি৷
মই অনুপমক জগাই ল’লোঁ৷
লাহে লাহে কোঠাটোত সুৰীয়া আৱেশ এটা বিয়পি পৰিল—–
“…… আমার মতে তোর মতন কেউ নেই…………”
ঘড়ীটোৰ টিক্‌টিক্‌বোৰ কিছুসময় নুশুনা হৈ পৰিল৷ অনুপমকে শুনা যাওঁক ৰাতিটো কটাবলৈ৷
(৩)
সময়বোৰ গৈ আছে৷ অথচ মই ৰৈ দিছোঁ৷ কোনো বিশেষ লাভালাভ অবিহনে৷ দস্তুৰমত এনেকুৱা আগজাননী বিহীন কথাবোৰতে মোৰ সাংঘাতিক খং উঠে৷ আবতৰীয়া বন্ধ৷ কাৰোবাৰ দাবী পূৰণ নোহোৱাৰ বাবে বন্ধ, অইন কাৰোবাৰ আকৌ বেলেগৰ দাবী পূৰণ হোৱাৰ বাবে বন্ধ৷ কি যে এটা পঁয়ালগা পৰিৱেশ৷ গাতত পৰা চুকভেকুলীৰ দৰে ইটোৱে সিটোৰ পিঠিত জপিয়াইছে৷ উঠিব নোৱাৰি আকৌ টোৰ্‌টোৰাইছে৷ অসহ্যকৰ৷ বিৰক্তিকৰ৷ ডিপ্ৰেছনত ভোগা চৰিত্ৰ৷ গোটেইবোৰ৷
কফিৰ দাগ লগা কাপটো টেবুলত চিৎভোলোঙা খাই পৰি আছে৷ টেবুলখন খিড়িকীৰ কাষত৷ খিড়িকীৰ পৰ্দাই লাহে লাহে কোবাই কোবাই কাপটোক টেবুলৰ পৰা পেলোৱাৰ যো-জা চলোৱা যেন লাগিছে৷ মোৰ ভৰিপথানত টেবুল৷ সোঁভৰিৰ বুঢ়া আঙুলি আৰু মধ্যমা আঙুলিৰে কাপটোৰ নালডালত ধৰি কায়দাৰে পৰি থকা কাপটো টেবুলত থিয়কৈ থ’লোঁ৷
চকুমুদি অলপ সময় বিছনাতে পৰি ৰ’লোঁ৷ বন্ধৰ দিন৷ গাড়ী-মটৰহীন ৰাষ্টাটোৱেও যেন বন্ধ মানি নিঃশব্দে পৰি ৰৈছে৷ অলসভাৱে৷ একেপাকত কিবা এটা মনত পৰাৰ নিচিনাকৈ উঠি আহি দুৱাৰখন খুলি তললৈ নামি গ’লোঁ৷ কামকৰা ল’ৰাজনে বাহিৰৰ ফুলত পানী দিছে৷
: বাইদৌ কিবা লাগ্‌বৌ নেকি?
: তোমাৰ ঘৰ ইয়াতেই নেকি?
: অলপ আগোত৷ বাঘমাৰাৰ ফালে৷
ডিঙিয়েদি কিবা এটা সৰকি যোৱা যেন লাগিল৷ সন্তৰ্পণে যেন অজগৰ এডালে মেৰিয়াই ধৰিছে ডিঙি, মুখ আৰু বুকু৷ ক্ৰমাৎ কোঙা লাগি গৈছোঁ থিয়ই থিয়ই৷
: ৰাষ্টাটো ভালনে তালৈ যোৱা?
কোনো প্ৰাচীন ৰাজহাউলিৰ ভিতৰৰ পৰা ভাঁহি অহা শতাব্দী পুৰণি যেন নিজৰ মাতষাৰত নিজে উচপ খাই উঠিলোঁ৷
: ভালেই ৰাষ্টাটো৷ যাবো নেকি?
মই যিমানেই কথাবোৰ নিচুকাই থৈছোঁ, সিমানেই কথাবোৰে বাহিৰলৈ লৰ ধৰিছে৷ ভেটি ৰখা বান ভাগিলে শব্দ হয়৷ জোৰ বাঢ়ে বানত৷ ঢাঁহি-মুহি উটুৱাই লৈ যায় আটোলটোলকৈ বান্ধি ৰখা ভেটি৷
: সেইফালে গাড়ী লৈ যাব পৰা যাবনে?
: পাৰ্‌বৌ… গুহেটীৰ ফালে হি য’ৱা নাই গাড়ী, এতে ওচৰ’তে চলা ফিৰে কৰি আছে গাড়ীগিলা৷
এই যে, পৰিৱেশ পৰিস্থিতিৰ বিপৰীত হ’লেও কিছুমান কাম কৰিব মন যায়, হানি হ’ব বুলি ১০০ শতাংশই নিশ্চিতি স্বত্তেও; ঠিক তেনেকুৱাধৰণৰ এক বদঅভ্যাস এইটো মোৰ৷ এইটো বুলিয়েই নহয়, গণিলে এটা-দুটা-তিনিটাকৈ হাজাৰটা এনেকুৱা অভ্যাস, মানে বদঅভ্যাস ওলাব৷ এপদ এপদকৈ অভ্যাসবোৰ (বদঅভ্যাস) সাঁচি গৈছোঁ৷ নিজৰ বুলি কিবা এডোখৰ লাগে; বদঅভ্যাস, বদমেজাজেই হওক, একান্তই নিজৰ বুলিবলৈ৷ সকলোবোৰ সৎ হ’বই লাগিব বুলি হিচাপ কৰা নাই আজিলৈ, সৎ-অসৎৰ হিচাপটো বৰ এটা পছন্দৰ নহয় মোৰ৷ তথাপি সামাজিক স্থিতিৰ তুলাচনীখনত ‘মই’ বোলা সত্তাটোক জুখিলে, কাটাডাল ‘সৎ’ৰ ফালে হালিব বুলি ধাৰণা; ধাৰণাটো ভ্ৰান্তও হ’ব পাৰে অৱশ্যে৷ সামাজিক স্থিতি বোলা বস্তুটো বৰ এটা সুবিধাজনক নহয় বা লংলাষ্টিঙো নহয়, সময় সুবিধামতে ৰূপ-ৰং সলোৱাত পাকৈত, গতিকে এই বিষয়টোত বৰ এটা আগ্ৰহী নহওঁ৷
পাঠশালা চ’ক৷ এইখিনিতে ৰ’ব লাগিব অলপ৷ গাওঁখনলৈ সোমোৱা ৰাষ্টা এইটোৱে হ’ব লাগে৷ সুধি চাওঁ নেকি কাৰোবাক? নাই– গৈ থাকোঁ৷ কিবা এটাতো পাম৷ ভূটান সংযোগী ৰাষ্টা৷ আশা কৰাতকৈ বহুত ভাল ৰাষ্টা৷ ৰাষ্টাবোৰেইতো আশা; কিবা এটা পোৱাৰ বা নোপোৱাৰ বা গৈ থকাৰ৷ শেষৰটো অৱশ্যেই ইণ্টাৰেষ্টিং৷ নীলবৰণীয়া মানুহজনৰ কথালৈ ঘপ্‌কৈ মনত পৰিল৷ ৰৈ থকাত জুতি নাই, আছে গৈ থকাত৷ গৈ পোৱাতো জুতি নাই, আশা-আকাংক্ষাবোৰে ৰূপ এটা পায়৷ তাৰপিছত ভাল নলগা হয়৷ পৰিসীমাত ৰৈ যায় ভাৱবোৰ৷ কিন্তু এই যে গৈ থকাটো– মোৰ ভাৱ– এইটো চাগৈ এনেকুৱা নহয়৷ গৈ থকাৰ আমেজ আছে, ভাৱবোৰত যতি নপৰে৷ প্ৰত্যাশাবোৰে লানি পাতি এটা এটাকৈ ৰীল ঘূৰাদি ঘূৰে৷
: ৰীতা ইয়াতে নাথাকে জানো?
: হয়, হয়৷ বাইদেউ আজিকালি অলপ আঁতৰত থাকে, কিন্তু দিনটো ইয়াতে৷ পাবহি আৰু৷ বহক আপুনি৷
টনা টনা চকুৰে জনজাতীয় চেহেৰাৰ ছোৱালীজনীয়ে আথেবেথে বাঁহৰ চকী এখনলৈ আঙুলিয়ালে৷ বাঁহৰ কাৰুকাৰ্য্যৰে কোঠাটো চকুত লগা৷ খিড়িকীৰে ঠাণ্ডা বতাহৰ চিঁ-চিঁয়নি৷ অদূৰত বৌদ্ধ ভিক্ষুণীৰ দৰে কোনোবা এগৰাকী৷
: ইয়াতো বৌদ্ধ ধৰ্মৰ মানুহ আছে নেকি?
: হয়৷ নতুনকৈ বহুতে ধৰ্ম লৈছে৷
ৰেকত জাপ জাপ কিতাপ আৰু বেৰত ফটো৷ দুই এখন ধূসৰ৷ কিন্তু বেছ পৰিপাটী৷ অলপ আগুৱাই ফটোকেইখন জুপি চালোঁ৷ পকা বগৰী পাৰি দিয়া হাতদুখন! দুখ-কষ্ট-বেদনা নে খং-ক্ষোভ-অভিমানত নাজানো; নাকে কাণে গৰম ধোঁৱা এসোপা ওলাই যোৱা যেন লাগিল৷ কুঁজা হৈ পুনৰ চকীত বহি পৰিলোঁ৷
: দেৰি হ’ব নেকি?
: আহি পাব লাগিছিল দেখোন৷
: ফোন?
: বাইদেউৱে ফোন নাৰাখে নহয়!
পাহৰি গৈছিলোঁ৷ আমিবোৰে সময়ৰ লগত খোজ মিলাই দৌৰিও মৰীচিকা খেদিছোঁ৷ কোনোৱে সময়ক সুযোগেই দিয়া নাই নিজক সলাব পৰাকৈ৷
সুযোগ ময়ো দিয়া নাছিলোঁ৷ ভাগ্যক৷ মেট্ৰিকৰ ৰিজাল্টৰ দিনাই ঘৰত কৈ দিছিলোঁ, ‘ইয়াতে নপঢ়ো আৰু৷’ ইয়াত মোৰ ৰিজাল্টৰ লগত ফেৰ মাৰিব পৰা দ্বিতীয়জন নাছিল৷ বন্ধ পুখুৰীৰ পানীত খোদালি থকাতকৈ সাগৰ চোৱাৰ হেঁপাহেৰে মহানগৰমুখী মইজনীৰ লগত লৈ আহিছিলোঁ এসোপা ক্ষোভ, এবুকু অভিমান আৰু তাকেই সান্ত্বনা দিব পৰাকৈ আত্মগৌৰৱৰ বীজ অলপ৷
এই চহৰত মই অদ্বিতীয় আছিলোঁ৷ হয়তো ৰূপেৰেও৷ সেয়ে চাগৈ চাইকেলৰ টিলিঙাবোৰ ঘন হৈছিল আমাৰ পদূলিত৷ বতৰৰ ফল, ফুল যঁচা হাতবোৰৰ সৰহ সংখ্যকেই ৰৈ আছিল মোৰ সন্মুখত৷ এটা নামবিহীন স্ৱভাৱজাত অহমিকাৰে মই স্তব্ধ কৰি গৈছিলোঁ সকলোকে৷ হাতবোৰ নিজপথে ঘূৰিছিল৷ বিপৰীতে মোৰ মনে শুন নুশুনকৈ বিচাৰিছিল পকা বগৰী যঁচা হাতদুখন৷
ফেইল কৰা বুলি তাইৰ ৰিজাল্ট শুনি মই তাইৰ ঘৰ ওলাইছিলোঁ৷ ঘৰনো কি! ৰাষ্টাৰ ইপাৰ সিপাৰ৷ জেওৰা খুলি প্ৰথমেই চ’ৰাঘৰ৷
: নাকান্দ্‌বি৷
: মোক এৰি থৈ যাবি!
: নাযাওঁ৷ এতেই পঢ়িম মই৷ বগ্‌ৰী লৌ৷
: নাখাওঁ৷
: খা৷
চকুপানীৰে তিতা ফুলা ফুলা ক’লা গালদুখন মচি সি বগৰী এটা তাইৰ মুখত হেঁচি দিছিল৷ কান্দি কান্দিয়েই মিচিকি হাঁহি এটাৰে তাই তাক সাৱটি ধৰিছিল৷
কিছুমান কথা বা কামত ক’ব নোৱাৰাকৈয়ে কাণে মূৰে গৰম সোঁত এসোতা উজাই অহা যেন লাগে– একে সময়তে উছাহ আনন্দই পাৰ ভাঙে অথচ ক’ৰবাত অচিনাকী দুখবোধ এটাই কুৰুকি কুৰুকি চিত্ত চঞ্চল কৰি তোলে– সংশয় আৰু অস্থিৰতাই দেহাটো শূন্যতে তুলি ধৰা যেন লাগে– সুখীও আৰু দুখীও– একেসময়তে সুখ-দুখৰ এক অদ্ভুত সংমিশ্ৰণে মুখত দোলা দি দি বাঁহ পাতে৷ মোৰো ঠিক তেনেকুৱাই লাগিল৷ একে উছাহে সিহঁতক কিৰিলি পাৰি জোকাওঁ যেন– পাছমুহূৰ্ততে অজানা সংশয় আৰু ক্ষোভে ভৰি দুখন যেন বান্ধি পেলালে৷ জোটপোট লাগি ৰ’লোঁ কেইমাইক্ৰ’চেকেণ্ডমান৷
ৰীতা জপৰী! তেলভৌকাই খোৱা জপৰা চুলিৰ ৰীতা৷ টেলেকা চকুৰে চেপেটা নাকৰ ৰীতা!
বাৰাণ্ডাৰ পৰা ভিতৰ সোমাব সত্ নগ’ল৷
কুঁৱলীৰ চামনিৰ দৰে বাষ্পময় চকুৰে মই ঘৰ পালোঁ৷
(৪)
স্মৃতিশক্তি প্ৰখৰ হ’লেও চব মনত ৰখাটো বৰ ভাল কথা নহয়৷ কিছু ক্ষেত্ৰত কিছুমান কথা পাহৰি যোৱাটো ভাল৷ বিশেষকৈ ব্ৰেইন হেং হোৱা মেম’ৰী ডিলিট কৰাই শ্ৰেয়৷
ময়ো পাৰিলোঁ ডিলিট কৰিব৷ মোৰ বাবে সেয়া আছিল ‘চাইল্ডহুড অৱচেছন’৷ সাগৰত সাঁতুৰিব অহা মইজনীয়ে পুখুৰীৰ মাছৰ চিন্তা কৰিলে নুশুৱায়৷ কমেও দহ-বাৰ বছৰৰ ব্যৱধান৷ এইকেইটা বছৰৰ ব্যৱধানত মই আগতকৈ পৰিপক্ক, শৃংখলাৱদ্ধ আৰু প্ৰতিষ্ঠিত৷
ৰাষ্ট্ৰীয় কাকতখনত যোগদান কৰাৰ পাছৰ দিনাখন ডিনাৰ পাৰ্টীত হাঁহি তামাচা ৰঙৰ সমাহাৰৰ মাজতে কোনোবাই কথাটো উলিয়াইছিল৷ অস্মিতহঁতে তাচপাত লৈ বহি আছিল৷ বসুধাই এটাৰ পিছত এটাকৈ চিগাৰেট শেষ কৰি ‘টাইম কিল’ কৰি আছিল৷ ৰঞ্জন আৰু অনুৱে মোৰ বেডৰূমৰ সংলগ্ন কোঠাটোৰ চাবিপাত লৈ আমাৰ পৰা আঁতৰি গৈছিল৷ মই আৰু অৰ্জুনে বাৰাণ্ডাত বহিছিলোঁ৷ বাদাম এমুঠি হাতত লৈ এটা এটাকৈ সি গালিয়াই আছিল আৰু ঠিক তেনেতে অনিৰ্বাণে ধাপ্ ধাপ্‌কৈ চেণ্ডেলৰ শব্দ তুলি চিৰি বগাই উঠি আহি ড্ৰয়িংৰূমৰ ছোফাত ঘন ঘনকৈ উশাহ্ লৈ কিবা এটা ক’ব খুজিছিল–
: কি হ’ল?
: শুন না– শুন– কি গৰম খৱৰ বে’– মুখেদি ফেন বাহিৰ হোৱাৰ নিচিনাকৈ অধৈৰ্য্য হৈ সি কথাষাৰ ক’লে৷
: কি? কি? কি?
পাঁচটামান ‘কি’ৰ প্ৰত্যুত্তৰত সি কোট্‌কোট্ কৈ পানী এগিলাছ খাই আৰম্ভ কৰিলে- “এই যে কি জেগা এইটো- অ’ অ’ পাঠশালা– তাৰ পৰা যে আগত– কি আছিল– বাঘমাৰা– দুটাক গুলিয়ালে খাড়া কৰাই কিনে– কাণৰ ইপাৰ সিপাৰ গুলী– লাওখোলা উৰি গৈছে বে’– তাতকৈ ডাঙৰ কথা কি জান’– তাৰে এটা আছিল লোকেল লীডাৰ টাইপৰ– হা– হা আমাৰ অখিল টাইপৰ—খেতি-বাতি কৰিছিল– মানুহবোৰ জংগী হৈ উঠিছে– এচডিচিক পহুখেদা দিছে বে’–”
তৎক্ষণাত খৱৰা-খৱৰি আৰম্ভ হৈছিল৷ নিজৰ নিজৰ কৰ্তব্যৰ খাতিৰত৷
তেতিয়াই কোনোবাজনে সুধিছিল-
: মাধু, তোমাৰ ঘৰ সেইফালেই নহয় জানো? লিংক পাবা চাগে’ ভাল৷
: নাই, তাত আছিলোঁহে দেউতাৰ চাকৰিসূত্ৰে, আমি কেতিয়াবাই এৰিলোঁ সেই ঠাই৷
পিছৰ বাক্যাংশৰ সুৰটো এনেকৈ টানি ক’লোঁ, যেন কাহানিও সেই ঠাই মোৰ আপোন নাছিল৷ যেন কাহানিও চিনি নোপোৱা অনাদৰৰ ঠাই৷ যেন দেখিলেই মুখ কোঁচ খাই অহা নাম– যেন–পা-ঠ-শা-লা– থাকক!
সুবিধা পায়ো সেইবাৰ নাহিলোঁ নিউজটো কভাৰ কৰিবলৈ৷ আচলতে আহিবলৈ কোনো আত্মীয়তা অনুভৱ নকৰিলোঁ৷ বা এক অজুহাত– চাব নিবিচৰাবোৰৰ মুখামুখি নোহোৱাৰ৷ পাছদিনাখন ডেক্সত নিউজটো চাই প্ৰিণ্ট কৰিবলৈ নিৰ্দেশ দি চাহ কাপত চুমুক দিলোঁ৷ বিশেষ জনগোষ্ঠীয় উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধাচাৰণ কৰি স্থানীয় ৰাইজক একগোট কৰি হাতেকামে লগাৰ ফলস্বৰূপে দুজন ব্যক্তিক গুলীয়াই হত্যা৷ গতানুগতিক এটা দিন৷ মানুহ মৰিছে, পেপাৰলৈ নিউজ আহিছে৷
: এই শিখা– নিউজটোৰ লগত ফটো নাই নেকি বডীৰ?
: মেম এই দুখন৷
ফটো দুখন অলপ মন দি চালোঁ৷ দেখিলেই গম পায়, সাধাৰণ মানুহ৷ দুবেলা দুমুঠি খাই জীৱন ধাৰণ কৰি আছিল; কোটৰত সোমাৱা চকু– কেইদিনমান নুখুৰোৱা অযত্নপালিত দাড়ি-গোঁফ–হনু ওলোৱা গাল–ফটো এখন জুম কৰিলোঁ– নিৰ্বিকাৰ চিত্তে চালোঁ– পকা বগৰীৰ গোন্ধ এটাই পেট পকাই ধৰিলে– আৰু– আৰু নাকৰ আগত এটা তিল– ঠিক আগটোত–
বুকুখনৰ ভিতৰত ক’ৰবাত কিবা এটাই মোচোৰ মাৰি উঠিল৷ নামটো আকৌ চালোঁ– গৌতম– গৌতম তালুকদাৰ৷ পূৰঠ হাত দুখন– বগৰী দিয়া হাত দুখন– নাকৰ আগৰ তিলটোৰে মিঠাবৰণীয়া ল’ৰাজন!
মই তেতিয়াও মৰি শিল হোৱা নাছিলোঁ৷
দহ-বাৰ বছৰৰ পৰিৱৰ্তনে বহুত কিবাকিবি সলাই পেলালেও হয়তো গোপন মনস্তাত্তিক কোঠা এটাৰ ভূ পোৱা নাছিল– সেয়ে হয়তো টেবুলত জৰ্ জৰ্ কৈ সৰিছিল টোপে টোপে নিমখীয়া পানী৷
দহোটা বছৰত এবাৰলৈও মই ভবা নাছিলোঁ, মোৰ লগৰীয়াহালৰ কথা– এবাৰলৈও মনত সোমোৱা নাছিল– কেনে আছে সিহঁত– অথচ এটা মৃত্যুৱে জোকাৰি শুদা কৰি থৈ গ’ল মোৰ বুকু৷ আত্মাভিমানৰ চূড়াটো ভাঙি তচ্‌নচ্ কৰি থৈ গুচি গ’ল গৌতম; যাৰ হাতৰ পকা বগৰী হেন গোন্ধে আমোলমোলাই ৰাখিছিল মোৰ মনৰ চৌহদ!
অনুশোচনাত দগ্ধ মইজনীক নতুন প্ৰশ্ন এটাই কুটি কুটি খাইছিল, ‘ৰীতা ক’ত? কি কৰিছে তাই? কেনে আছে মোৰ লগৰীজনী?’
ৰাষ্টাটো ময়ে বদলি কৰিছিলোঁ৷ মান-অভিমান-খং-ৰাগ অথবা পৰাজয়ৰ গ্লানি– যিয়েই নহওক, মই সিহঁতৰ সৈতে একেটা ৰাষ্টাত নাছিলোঁ৷ সিহঁতৰ শিল দিয়া ওখোৰা-মোখোৰা ৰাষ্টাটোতকৈ মোৰ ৰাষ্টা আছিল হাজাৰগুণে ভাল আৰু মসৃণ৷ অৱধাৰিতভাৱেই মোৰ আছিল পকী ৰাষ্টাৰ উচ্চাত্মিকাবোধ৷ অথচ বুকুৰ কাহানিও নগলা শিলটো জহি পমি গৈ এতিয়া মই নিজেই তাইৰ ৰাষ্টাত উঠিছোঁ৷
(৫)
: তোমাৰ বাইদেউৰ দেৰি হ’ব চাগৈ৷ মই উঠোঁ দিয়া৷
: আহি পাবতো লাগিছিল ইমান সময়লৈ৷ আপুনি নাম ঠিকনা লিখি দি যাওঁক, মই ক’ম বাইদেউক৷
কি লিখিম মই?
মামৰে ধৰা সম্পৰ্কবোৰক জানো ঘঁহি পিহি নতুন কৰিব পাৰি?
সন্মুখত পালে কি ক’লোঁহেঁতেন সেয়াও নাজানো!
হয়তো মই ক’ব লগা নহ’লহেঁতেন৷ সন্মুখত পালে– সন্মুখত পালে চাগৈ তায়ে সাৱটি ধৰিব মোক৷ গৌতমৰ কথাৰে কান্দি-কাটি আউলী-বাউলীজনী হৈ পৰিব৷
বিয়াৰ নিমন্ত্ৰণী পত্ৰখন দেউতাৰ পুৰণি ঘৰৰ ঠিকনাত পঠিয়াই দিছিল সিহঁতে৷ মায়ে আথেবেথে মোৰ হাতত তুলি দিছিল নিমন্ত্ৰণী পত্ৰৰ লগতে চাৰিজাপ কৰা এখন সৰু চিঠি৷ সেইদিনা আকৌ এবাৰ আহত হৈছিলোঁ মই৷ বুকুখনৰ গোপন কোঠাটোত জুই একুৰা জ্বলিছিল৷
” মাধু, তোৰ মনত আছেনে আমি যে চ’কৰ পৰা বাঘমাৰাৰ ৰাষ্টাটোলৈ দৌৰ দিছিলোঁ! তাতেই ঘৰ পাতিছোঁ৷ চিঠিখন তোৰ হাতত পৰিবনে নাই নাজানো৷ কিন্তু আমি দুয়ো তোলৈ বাট চাই থাকিম৷
তোৰ ৰীতা আৰু গৌতম”
এইখিনিয়ে লিখা আছিল চিঠিত৷ মোৰ এতিয়াও মনত আছে, কিদৰে মই চিঠিখন হাতেৰে সৰু লাডু এটা বনাই ডাষ্টবিনলৈ দলিয়াইছিলোঁ৷ অৰ্জুন আহি ৰৈ আছিল৷ ভগ্ন অতীত খুচৰি থাকিবলৈ মোৰ সময়ৰ ৰাহি হোৱা নাই৷ উইকেণ্ডৰ পাৰ্টী এটেণ্ড নকৰিলে বহুত গোপনীয় কথা জনাৰ পৰা বাদ পৰি যোৱাৰ চাঞ্চ থাকে৷ পাঁচটামান শ্বটৰ পিছত মাজৰাতি যেতিয়া ঘৰলৈ আহিব ওলাইছিলোঁ, অৰ্জুনে জোৰ কৰি ৰাখি থৈছিল মোক৷ মই অৱশ্যে বেয়া পোৱা নাছিলোঁ৷ কনট্ৰাচেপ্টিভ তাৰ লগত আছে বুলি জানিছিলোঁ৷ বিপৰীতে মোৰ অলস দেহাটোক টানি-টুনি নি সি বিছনাত পেলাই গৰম কাপোৰ এখনেৰে মেৰিয়াই দি ৰূমটোৰ পৰা ওলাই আহিছিল৷ — ই কি ইম্প’টেণ্ট নেকি? নে ইয়াৰো আছে কোনোবা জপৰা চুলিয়া, নাক চেপেটা ৰীতা? বা মোতকৈ ধুনীয়া কোনো মাধু?
মই সিহঁতক এৰি অহা বুলি নিজকে পতিয়ন নিয়াবৰ চেষ্টা কৰিলেও মোক এৰা নাছিল সিহঁতে৷ সৰু-সুৰা চিঠি, ফোনকল সকলোবোৰ উপেক্ষা কৰি উৰ্ধমুখী হৈছিলোঁ৷ যিমানেই ওপৰলৈ উঠিছিলোঁ, সিমানেই আত্মসন্তুষ্টিৰে নিজক ভৰাই পেলাইছিলোঁ৷ সিহঁতে ঢুকি নোপোৱা দূৰত্বলৈ নিজকে উত্তৰণ কৰাই সকাহ লৈছিলোঁ– কোনো গৌতম বা ৰীতাই ঢুকি নোপোৱা মোৰ সত্তা৷ সিহঁতেও চাগৈ বুজিছিল মই যে সিহঁতৰ মাত শুনিলেই জেওৰা মেলি ওলাই অহা মাধু হৈ থকা নাই– সেয়ে হয়তো সিহঁতেও নিলিখা হৈছিল চিঠি বা নোপোৱা হৈছিলোঁ ফোনকল৷ গৌতমৰ মৃত্যুও মোৰ বাবে কিজানি গুৰুত্বহীন! সেই ভাৱিয়েই চাগে’ ৰীতাই জনোৱাটো উচিত বুলিও নাভাৱিলে– বা নজনালে৷
সফল সময়বোৰে মোৰ আগে-পিছে সমদল কৰিছিল, আৰু মই– ক্ৰমাৎ পাহাৰখন বগাইছিলোঁ– যি পাহাৰ গঢ়া আছিল সিহঁতৰ প্ৰতি মোৰ অৱহেলা, খং আৰু নিজৰ আত্মাভিমানৰ ঠাচেৰে৷ অথচ জনা নাছিলোঁ, মোৰ পাহাৰৰ পৰা এদিন মই খহি পৰিম– ইয়াতে– এই ৰাষ্টাত– পাঠশালাৰ ৰাষ্টাত– পথাৰৰ মাজেৰে যোৱা ধুনীয়া ক’লা ৰাষ্টাত– আৰু জনা নাছিলোঁ এই ৰাষ্টাত–এই ৰাষ্টাৰে গৈ বাঘমাৰাত মোৰ বাবে ৰৈ আছিল আন এক চূড়া খহোৱা ৰাষ্টা–
ৰীতা নাহিল৷ পোষ্টেল এড্ৰেছটো লৈ মই গুচি আহিলোঁ৷ ক’ৰবাত যেন এক সকাহ৷ মানুহে যেতিয়া মুখামুখিৰ সাহস নাৰাখে, অথচ মুখামুখি হোৱাৰ সম্ভাৱনাই গ্ৰাস কৰি আনে চৌপাশ, ইপিনে-সিপিনে চাই যেতিয়া মানুহে মুক্তি লভিব বিচাৰে সেই গ্ৰাসৰ পৰা, তেতিয়াই ঘপ্‌কৈ মুক্তিৰ(পলোৱাৰ?) দৰ্জা এখন পালে যি ধৰণৰ সকাহে চকু মুখত হুমুনিয়াহ এটাৰে পাখি মেলি বহে, সেই একেই সকাহ অনুভৱ কৰিছিলোঁ ৰীতাৰ মুখামুখি হ’বলৈ নাপায়৷
উভতি আহোতে ড্ৰাইভিং চিটটো ল’ৰাজনক এৰি দিলোঁ৷ কমবয়সীয়া ল’ৰা৷ কথা বেছি৷
: বাইদৌ কাক লগ ধৰ্‌বা আইহ্‌ছিল নু?
: ৰীতা বোলা মানুহ এজনীক– চিনি নাপাবা কিজানি৷
: সেই যি বন্দুকআলাই মাৰা গৌতম’ৰ ঘৈণ্ণাক্‌টু?
: অ৷ চিনি পোৱা নেকি?
: কায় চিনি নাপাই তাহুন’ক… বৰ ভাল কাম কৰি আছে৷ ভয়-ভীত নাই৷ এওঁকো গুলী কৰি মাৰে বুলিহি ভয় হৈ কিত্ত’বা!
: কিয়?
: তাহুনে গিৰাক’ৰ ফাৰামখান যি চলে আছে, তাতে বহুত মানহুই কাম কৰে নহৈ‍… সৰুতেই বন্দুক লৱা কেটামান চলিও গুচি আইহ্‌চি… ফাৰাম’তে কাম কৰি মায়েক-বাপেকহাতোৰ লগ’তে থাকে তু ইতা… বাকী বন্দুকআলাকেটাৰ সেইকুন্তি খং ৰীতে বাইদৌৰ ওপ্‌ৰ’ত— আপ্‌নি কি ক’ল্লাক পাছে?
: লগেই নাপালোঁ৷ আজি ৰীতা অহা নাই নহয়৷
: ধেই– কি কইছি হে…… নিজে কথা পাতি আইহ্‌ছু মই৷ মই আৰ’ আপ্‌নি ফাৰাম’ৰ বস্তু নিবা আহা বুলিহি ভাব্‌ছিলোঁ…
: তুমি বেলেগ কাৰোবাক ৰীতা বুলি ভাৱিলা চাগৈ৷
: হেই– ন’হায় যাক্‌, আমাৰ বৰপিতিৰ আপিটু কাম কৰে এতে, আকালাগে গাড়ীৰ পাই নাম্‌চি…মোক দেখা পাই তাই মাত দিচি– বাইদৌতুইও– আপ্‌নাৰ এই ৰীতে বাইদৌৱে সেটু– মোক সুধ্‌চি ক’ত আইচ্‌লু, কাক লৈ আইহ্‌চু– অফিচ’ত হি নুসুমাল তাৰপাই! আপ্‌নিয়ে নেদখিলাক হ’পায় যাক্– আজিকালি চুলি খাটা কৰি দিচিটু… ভিক্ষু গিলাৰ দৰে একে কালাৰ’ৰ কাপোৰ মাৰি থাকে৷
কথাখিনি মোৰ কাণেৰে জুই হৈ সোমাল৷ জুইকুৰাই ক্ৰমান্বয়ে জ্বলাই পেলালে ভিতৰখন৷ ঢোক মাৰি গিলি থ’লোঁ কান্দোন হৈ ওলাব খোজা আশ্চৰ্য্যখিনি৷
তাই জানিছিল মই তাইক বিচাৰি অহা বুলি৷
মই বুজিলোঁ৷
সিহঁতক মই ঢুকি নোপাৱা দূৰত্বত ঠেলি দিওঁতে– ক’ৰবাত–কেনেবাকৈ মই নিজেই সংকুচিত হৈ গৈ থাকিলোঁ৷ মই ঢুকি পোৱা পৰিধিৰ বাহিৰত ৰীতা৷ বা মই ঢুকি পোৱাতো তাই নিবিচাৰে এতিয়া৷ বা যদি উভতি যাওঁ দহ-পোন্ধৰ বছৰ আগলৈ– এয়া হয়তো সবান্ধবে ইটোৱে সিটোৰ প্ৰতি কৰা ভেম– পকা বগৰীৰ আব্দাৰৰ অজুহাতত আমাৰ নমতা নমতি– সেই নমতা নমতিত পকা বগৰী যঁচা হাতদুখন হেৰাই যোৱাৰ অভিমান– সৰু সৰু চিঠিৰ টুকুৰাবোৰৰ উত্তৰ নোপোৱাৰ ক্ষোভ– হয়তো এনেই– হয়তো মাধুৰীমা বৰুৱা এতিয়া দাজ্‌ন’ট এক্সিস্ট ফ’ৰ হাৰ– হয়তো কাহানিবাই হৈ গৈছিল এই চৰ্ত– মাধুৰীমা বৰুৱা দাজন’ট মেটাৰ ফ’ৰ গৌতম এণ্ড ৰীতা– ন’ট এট অল্! ন’ট এট অল্ মাই ডিয়েৰ মাধু!
(৬)
কেবিনত অকলে মই৷ এটাৰ পিছত এটাকৈ ৰীল ঘূৰাদি ঘূৰি আছে কথাবোৰ, পাঠশালা–পকা বগৰী– প্ৰতিটো ক্লাছতে সেমেকি উঠা দুহালি চকু—হাত পাতি লোৱা বেতৰ কোব– আৰু জপৰা চুলিৰ ছোৱালীজনী– আৰু হেঁপাহৰ পাঠশালা৷ য’ৰ ৰঙা বেলিটো চাই চাই আমি বননিত বাগৰিছিলোঁ– য’ত হৃদয়ে হৃদয়ক বুজিছিল– য’ত নাছিল কপটতা– য’ত নাছিল আত্মভিমানৰ অহমিকাৰে গঢ়া পাহাৰৰ চূড়া– আৰু– আৰু য’ৰ ৰাষ্টাৰে আমি তিনিও দৌৰিছিলোঁ কোনো লক্ষ্যস্থান অবিহনে– কোনো প্ৰতিযোগিতা অবিহনে– যি ৰাষ্টাই কঢ়িয়াইছিল আমাৰ খিলখিলনিবোৰ আৰু পকা বগৰীৰ মেল– য’ত লেনিয়াই লেনিয়াই নেওঁতা মাতিছিলোঁ বেতৰ কোব খাই খাই– লেনিয়াই লেনিয়াই গাইছিলোঁ পাআআঠ–এ—শালাআআ৷ আমাৰ বাবে যি আছিল হৃদয়ৰ পানশালা– য’ত আমি ইটোৱে সিটোৰ মৰম, অকপট কথা পান কৰিছিলোঁ নিৰন্তৰে– সেই পাঠশালাতে কলিজাটোৰ এফাল থাকি যোৱাৰ কথাই মোক বহুদিন বহুৰাতি শুবলৈ নিদিলে৷
ৰীতাই নামাতিলে মোক৷
মোৰ খবৰ এটাও নল’লে মই থকা বুলি জনাৰ পাছতো৷
মই লাহে লাহে স্কাৰ্ট পিন্ধা মাধুজনীৰ খোলাত সোমাই গৈছোঁ৷
মই ক্ৰমাৎ এৰি অহা ৰাষ্টাটোত খোজকাঢ়িব ল’লোঁ৷ একেই মসৃণ ৰাষ্টা৷ মিহি, কিচকিচিয়া ক’লা সাপ এডালৰ দৰে অকাই-পকাই ৰাষ্টাটো গৈ থাকে আগলৈ৷ ৰাষ্টাটোৰ এসোপা ইতিহাস আছিল৷ মোৰো আছে৷ এসোপা কাহিনী৷ কাহিনীবোৰ সাধাৰণতে দুখ লগা অথবা সুখৰ হয়৷ ৰাষ্টাটোৰ কাহিনী সুখৰ নহয় অথবা দুখৰ নহয়৷ সম্পূৰ্ণৰূপে বগা অথবা সম্পূৰ্ণৰূপে ক’লা নহয় কাহিনীবোৰ৷ গ্ৰে’ কালাৰ্‌ড কাহিনী৷ ছাই বৰণীয়া কাহিনী৷ মোৰো আছে ছাইবৰণীয়া কাহিনী৷ কাহিনীবোৰত উঠি উঠি ৰাষ্টাটোৰে মই গৈ আছিলোঁ৷ আৰু শেষ নোহোৱা ৰাষ্টাটোৰে মই এদিন ঘূৰি আহি ৰাষ্টাটোৰ দাঁতিত ঘৰ পাতিছিলোঁ– উহু, ঘূৰি নাহিলোঁ মই৷ সিহঁতক পিছ পেলোৱাৰ দৌৰত মই বহুদূৰ গুচি আহিলোঁ– আৰু উভতি গৈ সিহঁতে ঘৰ পাতিলে– যি ঘৰত নাছিল মোৰ বাবে এটাও কোঠা– বা মই ফিট নহওঁ সিহঁতৰ ঘৰত– এই ভাৱিয়ে হয়তো মোৰ বাবে নাসাজিলে সিহঁতে এটাও কোঠা– অথবা মই সিহঁতৰ কোঠাত নোসোমোৱাৰ আপাহতে ভাঙি পেলালে সিহঁতে মোৰ কোঠাটো!
পণ্ডিতজীক সুধিম ৰাষ্টা হেৰুৱাই পেলোৱা মানুহবোৰৰ কি হয়… !
পিছৰখন ৱৰ্কশ্বপত মই কেণ্টিনত পণ্ডিতজীৰ বাবে অপেক্ষা কৰিলোঁ৷ ৰাষ্টাৰ কাহিনীবোৰ তেওঁ নখদৰ্পনত৷ হয়তো তেৱোঁ কেতিয়াবা ভুল কৰি পেলাইছিল ৰাষ্টা৷ হয়তোবা ভুল কৰা নাছিল৷ কিন্তু তেৱোঁ পথিক৷ পলস পেলোৱা পথিক৷ মই যে দৌৰাৰ আপাহত পলস বুটলিবও নাজানিলোঁ৷
সাংঘাতিকভাৱে নিঃসংগ, নিশ্ৰয় পথিকবোৰৰ কি হয় সেয়া মই নাজানো৷ কিন্তু তেনে পথিকবোৰৰ পলস বুটলাৰ সুযোগ দুনাই আহেনে পণ্ডিতজীয়ে জানিব৷
চিগাৰেটটো মোলৈ যাঁচি বসুধাই বিষন্নমনে মোৰ ওচৰৰ চকীখনত বহিল৷
: যাওঁ ব’ল৷
: অলপ ৰহ… পণ্ডিতজীক মাত লগাই যাওঁ৷
চকু দুটা বহল কৰি বসুধাই মোলৈ চালে৷
: গম নাপাৱ?
: কি?
: বুঢ়া যোৱাৰাতিয়েই অফ্৷
: হা????
চাচি এচাটিয়ে মোক কোবাই থৈ গ’ল৷
কাৰ ৰাষ্টা ক’ত সেয়া নিজে বিচৰাৰ কথা কৈছিল নীলবৰণীয়া কাপোৰ পিন্ধা পণ্ডিতজীয়ে৷
বসুধাই সুধিছিল-
: আপুনি নীলা কিয় পিন্ধে সদায়?
: নীলা আকাশ আৰু সাগৰৰ ৰং৷ গভীৰতা আৰু বিশ্বাসৰ ৰঙ নীলা৷
মই চাগৈ সেই বিশ্বাস হেৰুৱাই পেলাইছোঁ ৰীতাৰ ওচৰত৷ তাই নাভাৱে তাইৰ কোনোবা বুকুৰ কুটুম এজনীয়ে ক’ৰবাত আত্মগ্লানি আৰু সংশয়ৰ ভৰত দোঁ খাই পৰিছে৷
গাড়ীত বহি ম’বাইলটো উলিয়াই ল’লোঁ৷ বিশেষ নম্বৰ এটাৰ সেউজীয়া অপচনটোত আঙুলিৰে নিৰ্দেশাত্মক হেঁচা এটা মাৰিবলৈ উদ্যত হ’লোঁ– তৎমুহূৰ্ততে ক্ষীপ্ৰ গতিৰে ৰঙা চিনটো মোহাৰি দিলোঁ৷ কিছুমান কথা মুখেৰে নহয়, কলমেৰে কঢ়িয়াই ভাল লাগে৷
মোক তাই নিবিচাৰে, অথচ ময়েই এইটো বাট কাটি দিছিলোঁ তাইক৷ মোৰ ৰাষ্টাৰ কাহিনী মই নিজে গঢ়িলোঁ৷ কিন্তু সেই ৰাষ্টাত– মোৰ ৰাষ্টাটোৰ দুয়োপাৰে পলস নাছিল৷ তাইৰ ঘৰলৈ যোৱা ৰাষ্টাৰ চৌদিশে পথাৰ৷ পলসুৱা পথাৰ৷ পাঠশালাৰ ৰাষ্টাৰ দাঁতিয়ে দাঁতিয়ে তাইৰ পলস৷ আৰু মোৰ শুকান, ৰুক্ষ হৈ পৰা ৰাষ্টাটোৱে বাৰে বাৰে সোঁৱৰাই এৰি অহা মোৰ প্ৰিয় চহৰখনৰ, প্ৰিয় ৰাষ্টাটোৰ উম্৷
বিধ্বস্ত পাহাৰৰ চূড়াৰ কোনো এক ভগ্নাৱশেষৰ পৰা এধানিমান হেঁপাহ উলিয়াই–আত্মকেন্দ্ৰিকতাৰ খোলাটোৰ পৰা দুখোজমান ওলাই আহি–একাতীত্বৰ জীৱনবোধক অলপ আঁতৰাই থৈ স্কাৰ্ট পিন্ধা মাধুজনী হৈ মই বাষ্পময় চকুৰে–ঢোক মাৰি কান্দোনখিনি গিলি থৈ–উত্তৰ পোৱা নোপোৱাৰ দোমোজাৰ মাজেৰে চিঠিখন দুভাঁজ কৰি খামটোত ভৰাই লাহে লাহে পোষ্টবক্সটোত ঠেলি ঠেলি খামটো আকৌ এবাৰ চালোঁ–মোৰ আঙুলিয়ে ঢাকি ৰখা ঠিকনাটোৰ এফালৰ দুটা বুকু জুৰোৱা খহটা শব্দ দেখা গ’ল–
মাৰফৎঃ
পাঠশালা৷
৭৮১৩২৫
*****************

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!