মা : এক দস্তাবেজ (- দুৰ্লভ চন্দ্ৰ নাথ )
ঢেঁকীশালৰ খোবলীত ধান, পিঠিত কেঁচুৱা
কেঁচা খৰি ফুৱাই ফুৱাই চাউল সিজাই থাকোতেও
কোলাত লৈ পিয়াহ খুওৱা মাইনা কেইটা ডেকা-গাভৰুৰ মাক-বাপেক হ’ল
সিহঁতক মানুহ কৰিবলৈ কিমানযে নেৰা-নেপেৰা যুঁজ৷
সময়ৰ বালিত অতীতৰ খোজবোৰৰ চিনচাব নাইকিয়া হল।
তথাপিতো ঢেলা পৰা চকুৰ ধূসৰ দৃষ্টিত দেখা পাওঁ সিহঁতৰ থুপুক-থাপাক খোজ,
বধিৰ কাণত শুনাপাও থুনুক-থানাক মাত৷
সময়ৰ বালিত অতীতৰ খোজবোৰৰ চিনচাব নাইকিয়া হল
থৰক বৰক মোৰ আশীবছৰীয়া বৰ্তমান,
প্ৰস্ৰাবদ্বাৰত ‘কেথেটাৰ’লৈ শোৱাঘৰৰ পৰা গাধোৱা ঘৰ
আৰু গাধোৱা ঘৰৰ পৰা শোৱাঘৰেই মোৰ বৃত্তাকাৰ গতি।
চকুৰ আগতেই সময়বোৰ দুঃসময় হ’ল…
সেয়েহে, সিহত কামত বাহিৰলৈ গ’লে ঘূৰি নহা পৰ্য্যন্ত চিন্তা-দুঃচিন্তাৰ অন্ত নাই
জানিব বিচাৰো বিলম্বৰ কাৰণ…
সেৱা হেনো মোৰ অপৰাধ, বেমাৰৰ বাবে কৰা বয়সৰ অপৰাধ…
এনে অপৰাধ নকৰাকৈ মই কেনেকৈ থাকো ?
কাৰণ মই মা, মোৰ সন্তান বুঢ়া হলেও মই সিঁহতৰ মা…