মা তুমি অনন্যা (নয়নমণি শৰ্মা ৰিকু)

(অসমীয়া কথাছবিৰ নামৰ আধাৰত ৰচিত লঘু ৰচনা)

মণিৰাম দেৱান, কুশল কোঁৱৰ, পিয়লি ফুকন, কনলতা আদিৰ ইতিহাসেৰে মহীয়ান মাটিৰস্বৰ্গ অসমত আজি ইটো সিটো বহুতো বিভ্রাত আৰু লটি-ঘটি। সৰাপাতৰ দৰে পুঁৱতিনিশাৰ সপোনবোৰ শেষত নিমিলা অংক হয়গৈ। হৃদয়ৰ আঁৰে আঁৰে আপোনজন আবেলিৰ বেলিৰলগত এৰা বাটৰ সুৰে সুৰে অজলা ককাইৰ লগত ভাগ্যক ধিয়াই জীৱন নদীৰ দুটি পাৰৰঘাটেৰে আঁতৰি যায়।
চৌদিশে মাথোঁ অশান্ত ফিৰিঙতি। হালধীয়া চৰায়ে বাওঁধান খোৱাৰ বাবে পথাৰত সোণমইনা, দীনবন্ধু, শকুন্তলা শংকৰ আৰু যোছেফ আলিৰ মাজত লগা যুঁজ ভাঙিবলৈ কোনো আগবাঢ়ি নাযায় এতিয়া। ধৰ্মকাইহঁতৰ দৰে নিচলা ভূমিপুত্রসকলে সংগ্রাম কৰি কৰিও নিশাৰ চকুলো মচিব পৰা নাই। সিহঁতৰ দুখবোৰ যেন অদাহ্য। ৰঙা পুলিচ, আদালত আদি সকলো যেন অৰণ্যৰ বনজুই। হলধৰৰ দৰে নিঃস্বৰ বাবে এইবোৰ মাথোঁ দূৰণিৰ ৰং। তেওঁলোকেও জানে সন্ত্রাসৰ গৰম বতাহত মৃত্যুৱেই তেওঁলোকৰ সাৰথি। গঙা চিলনীৰ পাখিত জানো কোনোবাই অগ্নিস্নানৰ বতৰা পঠিয়াই?

ভাই-ভাইৰ মাজত অহংকাৰৰ দাগ। জয়মতীৰ দেশত যৌতুকৰ বাবে বোৱাৰীবোৰে জীৱন জলাঞ্জলি দিবলগীয়া হয়। হৃদয়ৰ প্রয়োজনত গুন গুন গানে গানে নতুন আশা লৈ ঘৰ সংসাৰ কৰা দেৱীসকলে ৰণাঙ্গিনী হৈ ধৰালৈ কঢ়িয়াই আনিব লাগিব চিকমিক বিজুলীৰ দৰে মেঘমুক্তিৰ সুৰুয। বাৰুদৰ ধোঁৱাত মতলীয়া হৈ আই কিল্ড হিম ছাৰ বুলি কোলাহল কৰা মানৱ আৰু দানৱবোৰক শেষ বিচাৰ কৰি অসমৰ অশান্ত প্রহৰৰ খলনায়ক হিচাপে চিনি থোৱা ভাল। আই মোৰ জনমে জনমে বুলি মাতৃভূমিক পূজা কৰা সকলহে ইতিহাসত কেঁচাসোণ হৈ সকলোৰে মন মন্দিৰৰ নয়নমণি হৈ ৰ’ব।
আমাৰগাঁৱৰ চিৰাজ ৰিক্সাৱালাৰ সন্তান দ্বীপজ্যোতিয়ে যোৱা বছৰেই এম এ পাছ কৰিলে।তাৰ সংকল্প মাটিৰ মানুহ হৈ থকাৰ। সি বিচাৰে তাৰ ওপজা সোণৰ মাটিত সংস্কাৰৰ সূত্রপাত। তাৰ লগত অৱশ্যে আমাৰ দেউতাৰ বিয়াৰ পুৰোহিতজনৰ ল’ৰাটো আৰু চুৰেনচোৰৰ পুতেক ৰজনীও আছে। চাকৰি নোপোৱাৰ অবুজ বেদনাই সিঁহতক যখিনীৰ দৰে খেদিফুৰে আৰু তেতিয়া সিহঁতে ৰেলৰ আলিৰ দুৱৰি বন গছকি গছকি ডাঃ বেজবৰুৱাৰ কথা পাতে। সূৰ্য তেজৰ অন্য নাম বুলি কৈ তেওঁ সিহঁতক প্রেৰণা যোগাইছিল।

পৰীক্ষাত নকল কৰা বাবে যে ৰাজা আৰু ৰতনলালক শ্রীমতী মহিমাময়ী বাইদেৱে হলৰপৰা উলিয়াই দিছিল তাৰেই প্রতিশোধত সিহঁতে বাইদেউৰ শিৰৰ সেন্দুৰ মচি বাইদেউৰ জীৱন সুৰভি কাঁচঘৰৰ দৰে থানবান কৰি দিলে। বৰুৱা সংসাৰৰ বোৱাৰী কিন্তু আজিও অনিৰ্বাণ।
কোনেওচোন অসমখনৰ বাতৰিকেই নৰখা হ’ল। মিছা ৰাগ-বিৰাগৰ বলি হৈ কাৰোবাৰ আজলী নবৌজনীয়ে হেৰুৱালে তেওঁৰ প্রিয়জন। অলেখ মাতৃয়ে হেৰুৱালে সন্তান। ৰাজা হৰিশ্চন্দ্রৰ আদৰ্শৰে জীৱন সংগ্রাম কৰা বহুতৰ আশা পুতলা ঘৰহ’ল। পিতা-পুত্রৰ সম্পৰ্ক আজি একত্রিশ জুনৰ সাঁথৰ। অনুৰাগ, মমতা, সপোন সকলোতে মাথোঁ প্রতিধ্বনি হয় চাইলেন্ত ফৰেষ্টৰ ভয়লগা পখীৰ ক্রন্দন। বনৰীয়াফুল, জীৱ-জন্তুৰ আশ্রয় কাজিৰঙাৰ কাহিনী এতিয়া দুখ লগা।
যৌৱনে আমনি কৰেবাবেই ডাৱৰে এটুকুৰা উকা কাগজত আই লাভ ইউ বুলি লিখি তৰামাইৰ হাতত মামনিলৈদি পঠিয়াইছিল। কদম তলে কৃষ্ণ নচাৰ দৰে তাৰো ইচ্ছা আছিল কৃষ্ণচূড়াৰ তলত তাইৰস’তে বহিবলৈ। অহা মাঘত মামনিৰ বিয়া। বেকাৰ ডাৱৰৰ আশা মৰহি গ’ল।
আজিকালি ডাৱৰৰ বুকুৰ মাজত জ্বলে অযুত প্রেমৰ বাগিচা। কাদম্বৰী সেই বাগিচাৰনতুন গোলাপ। তুমি মোৰ মাথো মোৰ বুলিবলৈ মৰম নদীৰ গাভৰু ঘাটত মৰমৰ বৃষ্টিহ’বলৈ মামনি নাই। সাগৰলৈ বহু দূৰৰ দৰে তুমি আনৰ হ’লাগৈ। তথাপিও ক’লা মেঘৰআঁৰৰ পৰাইতো পূবেৰুণৰ পোহৰে ব’হাগৰ দুপৰীয়াটো ৰোমান্তিক কৰি থৈ যায়। তুমিনহলেও জোন জ্বলে কপালত বুলিবলৈ কোনোবাটো আহিবই। কইনা মোৰ ধুনিয়া বুলিম তেতিয়া।
এয়াটো ইতিহাস ৰচাৰ সময়। ভয়ংকৰ বিস্ফোৰণৰ শব্দত আঁতৰি যোৱা সোণৰ হৰিণ জাকৰ পাছত দৌৰি ফুৰিলে জীৱনৰ ওমলা ঘৰ ৰামধেনুৱে সজাই নোতোলে। প্রভাতী পখীৰ গান শুনিবলৈ হ’লে আমি স্বাৰ্থ ত্যাগ কৰিব লাগিব। আমাৰ ঘৰৰ পৰাই আৰম্ভকৰো আহা এই অভিযান। আহা অৰ্পণ কৰো আমাৰ আজিবোৰ কালিৰ বাবে। অসমী আই তুমি অনন্যা। মা তুমি অনন্যা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!