“মা” (মনজিত্)
“মা”
মনজিত্
প্রায় এমাহ আগতে দ্বিতীয় বিবাহ কৰোৱা সমৰেন্দ্র কাকতিয়ে তেওৰ ৬ বছৰীয়া পুত্র অভিমন্যুক কোলাত বহুৱাই মৰমেৰে সুধিলে
” কোৱাচোন অভি মা ভাল আছিল নে নতুন মা ভাল ? ”
” ভাল নে বেয়া নাজানো পাপা। পিছে মায়ে সদায় মিছা কথা কৈছিল কিন্তু নতুন মায়ে সদায় সঁচা কথাই কয়। ” অভিমন্যুৱে নির্বিকাৰ ভাৱত উত্তৰ দিলে
” সেয়াতো তোমাক জন্ম দিয়া মা আছিল। তেওৰ বিষয়ে তেনেকে ক’ব নাপাই নহয়।কিয় তেনেকে ক’লা ? ” কাকতি আচৰিত হৈ অভিমন্যুক প্রশ্ন কৰিলে
” মই সঁচাকে কৈছো পাপা। মায়ে আগতে সদায় মোক ধমকি দি মিছাকে কয় যদি বেছিকে দুষ্টামি কৰা ভাত খাবলে নোপোৱা। কিন্তু মই মাৰ কথা নুশুনি আৰু বেচিকৈ উৎপাত কৰিছিলো আৰু দুষ্টামি কৰি মাক দিগদাৰি দিছিলো। অথচ মায়ে মোক খং নকৰি নিজ হাতেৰে মৰম কৰি কৰি ভাত খুৱাইছিল। পিছে নতুন মায়ে কিন্তু সদায় সঁচা কথাই কয় আৰু সেয়ে আজি তিনিদিনে মই ভাতেই খোৱা নাই। ” অভিৰ তেনেই সৰল উত্তৰ।
(অনুবাদ)