মিজোৰাম এটি মাথোঁ নাম নহয় ই এটা কাহিনী (মনজিৎ)
(পিছদিনা পুৱা ৰাজ্যপতিৰ আসনত বহি ৰাইজ গোটাই সকলোকে এটা এটাকৈ মাজুৰাম দি নামটোৰ কথা ক’লে। লগতে সপক্ষে যুক্তিও দর্শালে । প্রভূ শ্রীৰামৰ নাম শুনি কোনেও না নকৰিলে, চিয়েৰছ্ বুলি কৈ সকলোৱে সন্মতি জনালে । ককাক আৰু পাই কোনে! লগালগ টেলিফোন এক্সেঞ্জলৈ গৈ ৰাষ্ট্রপতিলৈ ফোনাই গৌৰৱেৰে ক’লে যে নামটো পাই গ’ল। এতিয়া সোনকালে এপ্র’ভ কৰিব লাগে।)
মিজোৰাম এটি মাথোঁ নাম নহয় ই এটা কাহিনী
মনজিৎ
মিজোৰাম, উত্তৰ-পূব ভাৰতৰূপে, সাতভনীৰূপে পৰিচিত ভূখণ্ডৰ এগৰাকী অন্যতম অংশীদাৰ। যোৱা শতিকাত অসমৰ বুকুৰ এখণ্ড লৈ মিজোৰামে দেশৰ ২৩ নম্বৰ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। অতি সুন্দৰ জলবায়ুৰ পাহাৰীয়া ৰাজ্যখন পর্যটনৰ বাবে বেছ আকর্ষণীয় । আমি পিছে ইয়াত সেইবোৰ একো আলোচনা কৰিব বিচৰা নাই। মিজোৰাম নামটো কেনেকে আহিল, সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম।
বহু গোপন সুত্রৰ পমখেদি, বুৰঞ্জী ,ভূগোল হিষ্ট’ৰী, জিঅ’গ্রাফি সকলো ছেদেলি-ভেদেলি কৰিহে সেই নামৰ আচল ৰহস্যটো গম পোৱা গ’ল । সুখৰ তথা আমাৰ বাবে অতি গৌৰৱৰ কথা যে এই নামটোৰ উদ্ভাৱনৰ সৈতে আমাৰ অতিকে মৰমৰ দিগন্ত বৰা পৰোক্ষভাৱে সাঙোৰ খাই আছে । মানে তেওঁৰ একমাত্র ককাকগৰাকী সেই নামটোৰ আৱিষ্কাৰক অথবা উদ্ভাৱক । বেছি ছাছপেন্সত নেৰাখি কাহিনীটোকে কৈ দিওঁ। শুনক । দিগুৰ ককাক যেতিয়া, আমাৰো ককা। সেয়ে কাহিনীত অনলি ককা বুলিহে ক’ম দেই ।
সেই তাহানিৰ দিনৰ কথা, সাতভনী এক হৈ থাকোতেই আমাৰ ৰোমান্টিক ককাই পাহাৰী ছোৱালী এজনীক প্রাণ ভৰি ভাল পাইছিল । পিছে বিধিৰ বিপাক প্রেম চূড়ান্ত শিখৰত (নট চিখৰ) থাকোঁতেই ভাগ ভাগ হ’ল । সাতভনী হ’ল। সেয়ে তেওৰ প্রেয়সীয়েও বর্ডাৰৰ সিপাৰলে যাবলগীয়া হ’ল । প্রভূ শ্রীৰামৰ বিৰাট ডাঙৰ ফেন আমাৰ ককাই ৰামে সীতাক আনিবলে লংকালে’ যোৱাৰ দৰে তেৱোঁ পিছে পিছে গৈ প্রেয়সীৰ ঘৰ ওলালগৈ । মুহূর্ততে মানুহৰ মন মুহি নিব পৰা ব্যক্তিত্বৰ বাবে ককাই কম সময়তে আটাইকে আপোন কৰি পেলালে । আনকি বিদেশী হোৱাৰ পিচতো ছোনিয়া গান্ধীক হাইকমান্ড পতা দি অসমৰ হোৱাৰ পিচতো ককাক সকলো ৰাইজে মিলি সেই ঠাইৰ ৰাজ্যপতি পদবীত বহুৱাই দিলে । ককাই না নুই কৰিছিল যদিও তেওৰ প্রেয়সীয়ে তেওঁলৈ চাই মিচিকিয়াই দিয়াত একেষাৰে ‘হা’ বুলি কৈ ৰাজ্যপতি হৈ পৰিল । ৰাজ্যপতি হ’লেটো বহু দায়িত্ব আহে। নতুন ৰাজ্য হিচাপে প্রথম কাম আছিল ভাল চাই নাম এটা দিয়া । গোটেই ৰাজ্যখনে তেওঁৰ মুখলৈকে চাই ৰ’ল । সকলোৰে আশা-আকাংক্ষাক সন্মান জনাই তেওঁ এসপ্তাহ সময় বিচাৰি ক’লে সপ্তাহটোৰ শেষত নাম এটা লৈহে ৰাজ্যপতিৰ আসনত বঢ়িব। তাৰ আগেয়ে নব’হে। কথা মতেই কাম, সদায় এটাই চিন্তা কৰি থাকিল কি নাম দিয়া যায় বাৰু। পাহাৰগঞ্জ ?? অ’হো নহ’ব । ভাল নালাগিব । প্রেমলংকা ? অ’হো বেছি পেনপেনীয়া হ’ব । তেনেতে আহিল নহয় আইডিয়া এটা হঠাতে । ককাই যিহেতু প্রভূ শ্রীৰামৰ ভক্ত সেয়ে তেও মদ, ভাং, চিগাৰেট একো নাখাই মাথোঁ প্রভু শ্রী ৰামৰ নামেৰে নামাংকৃত গৰমপানীৰ স’তে পেয় বিশেষ সুৰাবিধহে পান কৰে। আনবোৰৰ দৰে সেই সুৰাবিধ ফুল, হাফ আৰু কোৱাটাৰ তিনিটা প্রজাতিত বিভক্ত । হৃদয়েৰে খাটি অসমীয়া ককাই এই ইংৰাজী প্রজাতিকেইটা বেয়া পায় । ৰোমাণ্টিক মানুহ। তেওঁ ফুল মানে গোলাপ ফুলহে বুজে, হাফ মানে হাফপেন্ট আৰু কোৱাটাৰ মানে মানুহ থকা আবাস বুলিহে বুজে । সেয়ে তেওঁ নিজাকৈ তিনিটা নাম দি ৰাখিছে— ডাঙৰ ৰাম , মাজু ৰাম, সৰু ৰাম । সৰু ৰামটো খালে পিলে লাগিব লাগিব খোজা নিচা যেন লাগিও নেলাগে । ডাঙৰ ৰাম খালে আকৌ নিচাটো হোল-স্কোৱেৰ হৈ নিশাটোৱে বৰবাদ কৰি দিয়ে । একমাত্র মাজু ৰামেই ভাল। না য্যাদা না কম । একদম পাৰফেক্ট নিচা । কুহুমীয়া গৰম হৈ ৰিমঝিমাই থাকে সময়খিনি । টোপনিও বৰাবৰ আহে । মাজুৰামক সেয়ে ককায়ে খুব ভাল পায় । সিদিনা মাজুৰামৰ শেষ পেগ লৈয়েই ককাই আইডিয়াটো পাই গ’ল নহয় । আইডিয়া পাই বিহুগীত মাফিক এফাঁকি জুৰিয়েই দিলে—
পাৰফেক্ট নিচাতহে ওলায় ৰিয়েল পাৰফেক্ট নাম …..
আজিৰ পৰা আটায়ে এই ঠাইক মাতিব মাজুৰাম…মাজুৰাম…মাজুৰাম … লা লা লা লা…
বছ পিছদিনা পুৱা ৰাজ্যপতিৰ আসনত বহি ৰাইজ গোটাই সকলোকে এটা এটাকৈ মাজুৰাম দি নামটোৰ কথা ক’লে। লগতে সপক্ষে যুক্তিও দর্শালে । প্রভূ শ্রীৰামৰ নাম শুনি কোনেও না নকৰিলে, চিয়েৰছ্ বুলি কৈ সকলোৱে সন্মতি জনালে । ককাক আৰু পাই কোনে! লগালগ টেলিফোন এক্সেঞ্জলৈ গৈ ৰাষ্ট্রপতিলৈ ফোনাই গৌৰৱেৰে ক’লে যে নামটো পাই গ’ল। এতিয়া সোনকালে এপ্র’ভ কৰিব লাগে। ফোনটো আকৌ ধৰিছিল ৰাষ্ট্রপতিৰ পি এ জনে। তেওঁ আছিল চাউথ ইণ্ডিয়ান । ককাই কোৱা ‘মাজুৰাম’ তেওঁ ঠিকেই শুনিলে। পিছে ৰাষ্ট্রপতিৰ ওচৰ পায় মানে নামটোৱে অলপ বেলেগ ৰূপ পালে । ‘ম’ ত থকা ‘আ’-কাৰে জিভাত পাক খাই ‘ ই’-কাৰ হৈ গ’ল আৰু জ’ত ওলমি থকা ’‘উ’কাৰডালে দক্ষিণীয়া উচ্চাৰণৰ প্রভাৱত ‘ও’-কাৰৰ ৰূপ ল’লে। তাৰেই ফলশ্রুতিত ককালে এখন টেলিগ্রাম আহিল য’ত লিখা আছিল—‘ইউৰ ষ্টেট ইজ নেইমড এজ মিজোৰাম’। নামটোত খেলিমেলি দেখি ককাৰ প্রথমে প্রথমে তাঁৰ চিঙিছিল যদিও ‘ৰাম’ৰ কোনো সাল-সলনি নোহোৱাত সন্তুষ্টিৰ হাঁহি মাৰি ১০১টা হাঁহ আৰু মাজুৰামেৰে আটাইকে পার্টি দিলে। সেইদিন ধৰি ৰাজ্যখন নাম মিজোৰাম নামেৰে জাকত-জিলিকা হ’ল । ৰাজধানীৰ নাম ৰাখিলে আইজল । সেই নামটোও আকৌ ককায়েই দিয়া । মিজোৰাম নাম কনর্ফাম হোৱাৰ পার্টীৰ দিনা ককাৰ বেংগলী বন্ধু এজনে খাই বৈ উঠি ককাৰ শাহুৰেকক পানী অলপ খুজি কৈছিল ‘আই জল দেন?’। কথাষাৰ শুনক নহয় ককাই। আইডিয়াই আৰু এবাৰ ককাৰ মূৰত ভৰ দিলে। ৰাজ্যৰ নামত প্রভু ৰামৰ আর্শীবাদ আৰু ৰাজধানীৰ নামত আইৰ আর্শীবাদ। তাতকৈ কিবা ভাল হ’ব পাৰে নেকি বাৰু । এক মিনিটো নৰৈ ঘোষণা কৰিয়েই দিলে যে ৰাজধানীৰ নাম হ’ব আইজল । ককাৰ সোঁৱৰণত আজিলৈকে সেইকেইটা নামেই চলি আছে । এতিয়া বুজিলে নে বাৰু মিজোৰামৰ নামৰ ৰহস্য?
————————————————————————————————————————