মিঠৈ লাড়ু–তৰু ফুকন

সমগ্ৰ অসমতে ভাদ মাহতো পৱিত্ৰ মাহ হিচাপে গণ্য কৰি নামঘৰত প্ৰতিদিনাই ভকত-বৈষ্ণৱ, আই-গোপিনী মিলি নাম-প্ৰসংগ কৰে। সেয়েহে “আখল”লৈ মিঠৈ ৰেচিপিকে প্ৰেৰণ কৰিলোঁ।

মিঠৈ দুবিধঃ পকামিঠৈ আৰু কেঁচামিঠৈ।

পকামিঠৈৰ উপকৰণঃ

ভাত খোৱা চাউল ১কেজি
গুড় আধা কেজি
জালুক নিজৰ পৰিমাণত

প্ৰস্তুত প্ৰণালীঃ

চাউল ধুই ৩/৪ ঘণ্টা তিয়াই থৈ ১ঘণ্টামান ফুটা খৰাহিত তুলি মিক্সিত, ঢেঁকী বা উৰালত খুন্দি ল’ব। পিঠাগুড়ি কেঁচাকৈ বা আধা ভজাকৈ ল’ব পাৰে। জালুক আধা খুন্দি ল’ব। কেৰাহিত গুড়ৰ পাগ উঠাই ল’ব। পাগ উঠিল নে নাই চাবলৈ এগিলাচ পানীত গুড় এটোপ পেলাই চাব। গোট খাই পৰিলে জানিব পাগ উঠিল। তেতিয়াই জালুক মিহলাই দিব। বহল গামলাত নমাই বা কেৰাহিতে প্ৰথমে কমকৈ পিঠা গুড়ি লৈ পাগ উঠা গুড়খিনিত মিলাই যাব। পিঠা গুড়ি লাগিলে পুনৰ দিব। কিন্তু গুড় কম হ’লে দিগদাৰ হয়।এতিয়া গৰমে গৰমে মথিব। ভালদৰে মিলাই লৈ নিজ ইচ্ছাৰে লাড়ু বান্ধক। ওপৰত ভজা পিঠাগুড়ি ছটিয়াই দিয়ক। মাহ ধৰি থ’ব পাৰিব।

কেঁচামিঠৈৰ উপকৰণঃ

জহা চাউল ১ কেজি
গুড়ি কৰি লোৱা চেনি বা গুড় ২কাপ
ৰুকি লোৱা নাৰিকল ১টা
মনোৰমা ঘিউ ১০০ গ্ৰাম
মৌ ৰস ২চামুচ
গাখীৰ বা নাৰিকল পানী ১টেবুল চামুচ(প্ৰয়োজন হ’লেহে)

প্ৰস্তুত প্ৰণালীঃ

জহা চাউল ৩ঘণ্টা তিয়াই থলোঁ। ১ঘণ্টা সময় ফুটা খৰাহিত তুলি থ’ব। এতিয়া মিক্সিত গুড়ি কৰি ঘন চালনিত খুব মিহিকৈ চালিব। খুন্দা শেষ হ’লে পিঠাখিনি ফ্ৰীজত থ’ব। এতিয়া পিঠাখিনিত মনোৰমা ঘিউ, ৰুকা নাৰিকল, মৌ দি খুব ভালদৰে মিলাই ল’ব। মিলাই লোৱা হ’লে পিঠাখিনি দুভাগ কৰি লৈ এভাগত গুড় আৰু আনভাগত চেনি মিহলাই সানিব। সানোতে যদি অলপ জৰজৰীয়া হয় তেতিয়াহে ১চামুচ মান গাখীৰ বা নাৰিকলৰ পানী দি ভালদৰে মথিব। কেঁচা মিঠৈ বান্ধিব পৰা মিশ্ৰণ তৈয়াৰ হৈ গ’ল। নিজৰ জোখমতে সৰু-ডাঙৰকৈ লাড়ু বান্ধক। বন্ধা হ’লে ওপৰত অলপ পিঠাগুড়ি ছটিয়াই দিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!