মিলন- অঞ্জলি গগৈ বৰগোহাঞি
কলেজ শিক্ষক নাতিনী প্ৰিয়াংকী সোণালী জয়ন্তীৰ আহ্বায়ক সমিতিৰ সম্পাদিকা৷ মই আজি পঞ্চাছ বছৰৰ পাছত এইখন কলেজত ভৰি দিছো, চকু দুটা প্ৰেক্ষাগৃহৰ মানুহৰ মাজে মাজে ঘূৰি ফুৰিছে কিবা এটা বিচাৰি৷ হঠাতে মোৰ কাষত বঢ়া অনিৰ্বাণক দেখি বিস্ময়েৰে চাই ৰলোঁ৷ শীৰ্ণ তেওঁৰ দুহাতত মোৰ হাতখন লৈ ক’লে – “অৰুণিমা, তোমাক সেই তাহানিতে ডাঙৰ কথা এটা ক’বলৈ থাকিয়েই গ’ল!“
অৰ্নিবাণৰ হাতৰ উত্তাপ মোৰ হৃদ-স্পন্দনত ঘণ্টা এটাৰ দৰেই বাজিছিল৷ মোৰ কঁপি থকা আনখন হাত অৰ্নিবাণৰ হাতখনৰ ওপৰত ৰাখি কলোঁ – “এইখন হাতেৰে তুমি পঞ্চাছ বছৰৰ আগতে মোৰ হাত ধৰা হ’লে!”