মিৰি-জীয়ৰী (- ৰজনীকান্ত বৰদলৈ )

অসমীয়াত কথা-বতৰাৰ সদস্য নিতুল বৰাই ৰজনীকান্ত বৰদলৈৰ অনুপম উপন্যাস ‘মিৰি-জীয়ৰী’ খন অসমীয়া ইউনিক’ডলৈ ৰূপান্তৰণ কৰি অসমীয়া ৱিকী-ছৰ্ছৰ ভড়াল চহকী কৰাৰ লগতে সাহিত্য ডট্ অৰ্গৰ যোগেদি উপন্যাসখন বিশ্ববাসীলৈ বিনামূলীয়াকৈ উপলব্ধ কৰিবলৈ আমাক অনুমতি দিয়ে৷ সাহিত্য ডট অৰ্গৰ সংগ্ৰহালয়ত মিৰি-জীয়ৰীখন ৰাখিবলৈ দিয়াৰ বাবে আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ ৷ সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা স্বেচ্ছাসেৱকলৈ ধন্যবাদৰ শৰাই আগবঢ়ালো ৷

প্ৰথম অধ্যায় : নৈৰ পাৰত

এই অসম দেশৰ লক্ষীমপুৰ জিলাত সোৱণশিৰী নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা মিৰি আৰু ডফলাৰ পৰ্বতলানীৰ পৰা ওলাই উত্তৰ লক্ষীমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ।খেৰকটীয়া এখন বেলেগ নৈ নহয়। ব্ৰহ্মপুত্ৰ্ৰ ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰীত পৰিছে। আজিকালিও লক্ষীমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি, তেওঁৰ পৰম ৰূপৱতী সৰ্বগুণে বিভূষিতা ভাৰ্য্যা সোৱণশিৰীক বাটৰে পৰাই আদৰি নিছে। যি ঠাইত সোৱণশিৰী আৰু খেৰকটীয়া লগ লাগিছে, সেই ঠাইৰে পৰা যিখন নৈ হৈছে,তাৰ নাম লুইত।লুইত লক্ষীমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি পশ্চিম মুখে ব্ৰহ্মপুত্ৰত পৰিছে।
সোৱণশিৰী নৈখন বহলে ব্ৰহ্মপুত্ৰৰ পাঁচ জোখৰ এজোখমান হৱ। ব্ৰহ্মপুত্ৰৰ পানীতকৈ ইয়াৰ পানী নিৰ্মল। যিমান ওপৰৰ ফাললৈ যোৱা যায়, ইয়াৰ পানী সিমান নিৰ্মল পোৱা যায়। আনকি ওপৰৰ ফালে পানী ইমান ফটফটীয়া যে তললৈকে দেখি। এই পানীৰ লগত ঠায়ে ঠায়ে অলপ সোণ মিহলি আছে। আগেয়ে সোৱণশিৰী অসমৰ এখন প্ৰধান সোণ কমোৱা নৈ আছিল। আজিকালিও ঠায়ে ঠায়ে সোৱণশিৰীৰ পানীত সোণৰ ৰেণু আছে। কিন্তু আজিকালি অসমীয়া মানুহে সোণ ধুবলৈ এৰিছে। বৃত্তিটো বৰ কষ্টকৰ, লাভ নহয়। কপালত থাকিলেহে এমাহ বালি ধুই এসিকি সোণ উলিয়াব পাৰি। আগেয়ে ৰজাৰ দিনত ধান-চাউল বৰ সস্তা আছিল। এসিকি সোণেৰেই এপৰিয়াল মানুহৰ গোটেইটো মাহ খাবলৈ আটিছিল। কিন্তু আজিকালি পাঁট-ছয় টকা ৰূপ নহলে এটা মানুহকে খাবলৈ নটাত পৰিল। সেইদেখি আজিকালি অসমীয়া মানুহে বাধ্য হৈ এনেবিলাক বৃত্তি এৰি পেলাইছে।কিন্তু আজিকালিও সোৱণশিৰী আইৰ দুখীয়া অসমীয়া মানুহক সোণ দান কৰা পুণ্য-ফাঁকি ৰহিত হলেও, আইৰ আন আন গুণ সকলো আগৰ দৰেই আছে।সেই কাৰণে আৰু তেওঁৰ শীতল সুকোমল বেথালগা আদৰতেই অসমীয়া মানুহে এতিয়াও আইক বখানিবলৈ এৰিব পৰা নাই, আইৰ ৰূপৰো সীমা নাই। কতবা বৰ বিতোপন বিতোপন হাবিৰ মাজেদি বাগৰিছে। কতবা গাঁৱৰ মাজেদি গৈ পাৰত থকা মানুহবিলাকক তেওঁৰ শীতল বতাহ আৰু নিৰ্মল পানী দি দেহে মনে ভালে ৰাখিছে।
আইৰ অসমীয়া মানুহতকৈ পৰ্বতৰ পৰা অহা সৰল ভাবৰ মিৰি মানুহবিলাকৰ ওপৰত চেনেহ বেছি। স্বভাৱৰ এই অজলা-আজলী লৰা-ছোৱালী মিৰি জাতিয়ে আইক এৰি কেতিয়াও থাকিব নোৱাৰে।পৰ্বতৰ শীতল ঠাইৰ পৰা নামি অহা (ক) মিৰিহঁতৰ আইৰ কাষত নাথাকিলেই নহয়।”চৰগ পূজাত” (খ) সিহঁতক শীতল কৰিবলৈ “মুগলীং মিৰেমাক” (গ) তাঙ্গ লেছিনাক চিনেক তাঙ্গ একি ৰাক্ বেচিনেক্ বেচি তাম ৰনেক্ বিদাক বঙ্কে, চিনকে তাককনে, টুকুইয়া আকিয়ে, কিময়কা, আচাৰে বিবি মতৈকা (ঘ)ইত্যাদি বুলি তুতি কৰা মিৰিহঁতৰ সোৱণশিৰী আইৰ শীতল বতাহ নাপালে জীৱ নাথাকে। সোৱণশিৰীৰ শীতল পানী নাখালে সিহঁতৰ পিয়াহ নপলায়। আই সোৱণশিৰীৰ কোলাত সৰু সৰু নাৱত উঠি উমলিব নাপালে মিৰিহঁতৰ মনত ৰং নালাগে। সেইদেখি এই মিৰি জাতি অধিকাংশ মানুহেই আই সোৱণশিৰীৰ পাৰত বাস কৰে।ঠায়ে ঠায়ে সোৱণশিৰীৰ দুয়ো পাৰে মিৰিহঁতৰ গাঁও। কতবা হয়তো এপাৰে মিৰিৰ গাঁও আনপাৰে হাবি। সেই হাবি ভাঙি মিৰিহঁতে ভূঁই কৰে।
এনেকুৱা এখন মিৰি গাঁৱৰ পশ্চিম ফালে দুখন আহু ধানৰ ভূঁই আছিল। সেই ভূঁই দুখন সোৱণশিৰী নৈৰ পাৰতে। মুঠতে গড়াৰ পৰা দহ-বাৰ নল দূৰ। ভূঁই দুখনৰ মাজত দুখন চাঙ। মুঠেই পাঁচ-ছয় নলৰ আঁতৰা-আঁতৰি। এই চাঙ দুখনৰ এখনত এজনী আঠ-ন বছৰ বয়সীয়া ছোৱালী।আনখনত এটা তেৰ-চৈধ্য বছৰ বয়সীয়া লৰা। দুইৰো হাতত দুডাল টকা। মাজে মাজে টুনী টোকোৰা ইত্যাদি চৰাই ধানত পৰে। সেই চৰাইবিলাকক লৰা-ছোৱালীহালে টকা কোৱাই কোৱাই খেদিছে।
বেলি প্ৰায় চাইটামান বাজিল। সূৰুয দেৱতাই লাগে লাহে পশ্চিম আকাশত ঠাই ললেগৈ। ৰদৰ কিৰণ সোৱণশিৰী নৈত পৰি জিলমিলাইছে। লৰা-ছোৱালীহালে অকলৈ অকলৈ বহি আছে। এনেতে সিফালে হাবিৰ পৰা এটা ভালুক ওলাল। ভালুকটো ওলোৱা মাত্ৰেই লৰা-ছোৱালী হালৰ জীৱ উৰি গল। দুয়ো আতুৰ হৈ দৌৰ মাৰিলে। দৌৰত আঠ হাত নল গৈয়েই, ছোৱালীজনী উজুতি খাই পৰিল। কিন্তু তত্ক্ষনাত ভালুকৰ ভয় পাছ কৰিও লৰাটোৱে আহি ছোৱালীজনীক তুলিলে আৰু সুধিলে —“পানেই দুখ পালি নেকি ?”
লৰাটোৰ এই কথাত ছোৱালীজনীয়ে খিল খিল কৰি হাঁহি কলে,-“জঙ্কি মই একো দুখ পোৱা নাই।” লৰাটোৰ নাম জঙ্কি আৰু ছোৱালীজনীৰ নাম পানেই। তেতিয়া জঙ্কিয়ে কলে,- পানেই আমি আৰু ইয়াত নাথাকোঁ, যাওঁ বল। পানেই-এৰা বল গুচি যাওঁগৈ। গধূলিও হৈছে। তেতিয়া এই মিৰি লৰা-ছোৱালী হালেই দুয়ো নাৱত উঠিলগৈ। লৰাটোৱে গুৰিত থিয় হৈ গুৰি-বঠাপাট চলাব।ছোৱালীজনীয়েও আগত থিয় হৈ আগ-বঠাপাট চবিয়াব ধৰিলে।
নাঁৱৰ চাবে চাবে ছোৱালীজনীয়ে গাব ধৰিলেঃ-
(১)
(ঙ)
দূৰৈকৈ নলবি বূঁই ঐ চেনেঙা (চ)
দূৰৈকৈ নলবি বূঁই-
আয়োঁতে বিষাব লায়ৰী কঁকাল ঐ
যাওঁতে বিষাব বৰি-
তাৰ পিছত লৰাটোৱেও গালেঃ-

(২)
বাৰে নৈৰ নিৰেমল পানী ঐ কনেঙ্ (ছ) ঐ
বাৰে নৈৰ নিৰমেল পানী-
তাতোকৈ নিৰেমল সৰুটি কনেঙ্ ঐ
যেন চৰিয়াৰে পানী-

এইদৰে নাম গাই গৈ থাকোঁতে নাও সিপাৰ পালেগৈ। তেতিয়া মিৰি লৰা-ছোৱালী হালেই পাৰত নাও এৰি নামিল। ঘৰাঘৰি যাবৰ পৰাত পানেয়ে জঙ্কিক কলে,-“হেৰ জঙ্কি! হেৰ জঙ্কি! কাইলৈ আমাৰ ঘৰত ধেমালি হৱ। তই আহিবি দেই।” জঙ্কি-“বাৰু যাম দেই পানেই।”
মিৰি সকলৰ বিষয়ে
(ক)মিৰিসকলৰ নিজৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে তেওঁবিলাক আগেয়ে শদিয়াৰ ওপৰৰ বৰ আবৰৰ লগৰ মানুহ আছিল।তাৰ পিছত দেশত, সদায় খেলে খেলে কটা-ছিঙা হৈ থকাত তাত থাকিবলৈ শঙ্কা যেন বিবেচনা কৰি আমাৰ ভৈয়ামলৈ নামি আহে।তেওঁবিলাকে হেনো যি বাটে তৰা, কচু ইত্যাদি গছ আছিল সেইবিলাক বাটৰেহে আহিছিল।আহোঁতে সেই গছবিলাক কাটি কাটি থৈছিল। এফালৰ পৰা কাটি আহে মানে সেই গছবিলাক আকৌ গজালি মেলিছিল। বৰ আবৰে গছবিলাকৰ গজালি মেলা দেখি “মিৰিহঁত বহুদিনৰ আগেয়ে পলাইছে;সিহঁতক আৰু খেদি লগ পোৱা নাযাব”ইত্যাদি বিবেচনা কৰি উলটি গল।মিৰিসকলে তেতিয়া আহি ভৈয়ামত বসতি কৰে। তেওঁবিলাকৰ প্ৰধান খেল দুটা,-দহ গামৰ খেল, আৰু বাৰে গামৰ খেল। বাৰে গামৰ খেলৰ ভিতৰত হেনো চুতীয়া, দৈতিয়াল ইত্যাদি সৰু সৰু খেল আছে।দহ গামৰ খেলত আয়েঙিয়া, মায়েঙিয়া, চাৰেঙিয়া, দামুকিয়াল, শামুগুৰিয়া ইত্যাদি খেল আছে।এই গোটেই বিলাকেই আমাৰ ভৈয়ামত থকা মিৰি খেল।পৰ্বতৰ ওপৰতো নানা জাতৰ মিৰি আছে।ইহঁত এতিয়াও বৰ অসভ্যই হৈ আছে।সিহঁতৰ অনেক খেল আছে শুনা যায়। গাসি, ঘাসি, সাৰোগ, চিলি ইত্যাদি পৰ্বতীয়া মিৰি খেলৰ কথা আমি শুনিছোহঁক।আচাৰ-ব্যৱহাৰ, চলন-ফুৰণ, খোৱা-লোৱা, আমাৰ ভৈয়ামৰ মিৰি আজিকালি অসমীয়া। তেওঁবিলাকৰ বেলেগ মাত থাকিলেও সকলোৱে অসমীয়া কথা কয়।কানি-কাপোৰ অসমীয়া মানুহৰ দৰে পিন্ধে।তেওঁবিলাকে হিন্দু ধৰ্মও লৈছে।
(খ)চৰগ পূজা-ই এটা মিৰি জাতীয় দৈবিক ক্ৰিয়া।ধন থকা যেই সেই মিৰিয়ে ইয়াক কৰিব পাৰে।পূজা বছৰেকে বা তিনি-চাৰি বছৰৰ আঁতৰে আঁতৰে কৰিব পাৰে। যি মানুহে এই পূজা এবাৰ কৰে সি সেই পূজা নিয়মিত সময়ত সদায় কৰি থাকিব লাগিব।পৰিয়ালটোৰ সকলোৰে ভালৰ অৰ্থে এই পূজাটো কৰে। ইয়াত মেঘ,বিজুলী,চন্দ্ৰ,সূৰ্য্য,তৰা,মাটি,পানী ইত্যাদি প্ৰকৃতিৰ দেৱতাসকলক মদ,গাহৰি,কুকুৰা দি পূজে।ক্ৰিয়া বহুত।ঠাইৰ অভাৱত ইয়াত বিস্তাৰিত বিৱৰণ দিব পৰা নগল।
(গ)মুগলীং মিৰেমা-এওঁলোক বিজুলী আৰু মেঘৰ দেৱতা।সোৱণশিৰী নৈৰ পাৰত থকা মিৰি গাঁওবিলাকত অনেক সময়তে চৰগ পৰে। সেইদেখি আৰু সাধাৰণতঃ বিজুলীৰ চকামকা দেখিলে, মেঘৰ গাজনি শুনিলে ভয় লাগে দেখি স্বভাৱত অজলা মিৰি জাতিয়ে বিজুলী আৰু মেঘক দুজনা ডাঙৰ দেৱতা বুলি ভাবে।গাহৰি এটাক ধুৱাই-পখলাই পাত এখনত জীয়াই জীয়াই পেলাই লয়।তাৰ পাছত মাৰি এডালেৰে মূৰত মৰিয়াবলৈ ধৰে।মূৰটো ফাটিলে যি তেজ ওলায় সেই তেজ টোপা আন এখন পাতত ধৰি মুগলীং মিৰেমাৰ নামেৰে ওপৰত লিখাৰ দৰে বচন মাতি উছৰ্গা কৰে।
(ঘ)বিজুলী আৰু মেঘ-আমি তোমালোকক এটা “৫ বছৰীয়া” “৪টা বগা খুৰা থকা” “শিঙাল” দঁতাল গাহৰি দিলো। তোমালোকে ইয়াকে খাই আমাক ভালে ৰাখা।আমাৰ যেন মূৰৰ কামোৰ, পেট বেয়া নহয়।আমাক শীতলে ৰাখা।
পাঁচ বছৰ বয়সিয়াল বুলিলেই গাহৰিটো প্ৰকৃত্বতে পাঁচ বছৰ বয়সীয়া সিটি নহয়।পাঁচ বছৰ বয়সীয়া অৰ্থে ডাঙৰ।মিৰিৰ হেচাপ মতে পাঁচ বছৰ হোৱাই গাহৰিৰ ডাঙৰ আৰু শকত হোৱাৰ চিন।দুবছৰীয়া গাহিৰ এটি দিলেও ৫ বছৰৰ নাম লয়।গাহৰিৰ দাঁত থাকে;শিং নাথাকে।শিঙাল বোলাৰ ভাব এই যে আগেয়ে মিৰিসকলে গৰু মহো পূজাত লগাইছিল আৰু খাইছিল, কিন্তু আজিকালি হিন্দুৰ সংসৰ্গত পৰি আমাৰ ভৈয়ামৰ মিৰিয়ে গৰু-মহ খাব এৰিছে।মূৰৰ কামোৰ মিৰিসকলৰ এটি সাধাৰণ ৰোগ।তেওঁবিলাকে বৰকৈ মদ খায়।সেইদেখি মূৰৰ কামোৰ সৰহ। পেট বেয়ালৈ মিৰিয়ে বৰ ভয় কৰে।আনকি জহনী লাগিলে মৰা মানুহকো পেলাই থৈ হাবিলৈ পলায়।যি বাটেদি পলায় সেই বাটটোও হাবি কাটি কাটি মাৰি যায়, যাতে জহনীৰ দেৱতাই বাট চিনি পাব নোৱাৰে।মিৰিসকলে অলপ গৰমকে বৰ গৰম বুলি ভাবে।কাৰণ প্ৰবাদ আছে তেওঁবিলাক আগেয়ে পৰ্বতৰ শীতল ঠাইৰ মানুহ আছিল।
(ঙ) মিৰি জাতিয়ে অসমীয়া কথা কলে সদায় ‘খ’ ৰ ঠাইত ‘ক’, ‘ঘ’ ৰ ঠাইত ‘গ’,’ঠ’ ৰ ঠাইত ‘ট’, ‘ঢ’ ৰ ঠাইত ‘ড’, ‘ফ’ ৰ ঠাইত ‘প’, ‘ভ’ ৰ ঠাইত ‘ব’, ‘হ’ আৰু ‘স’ ৰ ঠাইত ‘অ’ উচ্ছাৰণ কৰে। গীতত থকা মিৰি ভাষাৰ শব্দবিলাকৰ অৰ্থ-
(চ) “চেনেঙ”-মৰমৰ ডেকা।
(ছ) “কনঙা”-মৰমৰ গাভৰু।

দ্বিতীয় অধ্যায় : লক্ষীমপুৰ নগৰৰ ওচৰত

আজি বহাগৰ ঘাই দিন।ঘৰে ঘৰে অসমীয়া কি ভাল মানুহ কি ইতৰ মানুহ সকলোৰে মনত ৰং-ধেমালি হৈছে। ঘৰে ঘৰে খোৱা-লোৱাৰ ধুমধাম পৰিছে। বছেৰেকৰ সকলো দুখ-ভাগৰ, হাই-দন এৰি আজি অসমীয়া মানুহে বছৰেকৰ বিহুত উত্ৰাৱল হৈছে। বন্ধ-বৰ্গৰ লগত সকলোৱে দেখা-শিনা হৈছে।গুৰুজনক তলতীয়াজনে সেৱা-সত্কাৰ কৰি বছেৰেকলৈকে ভালে-কুশলে থাকিবলৈ আশীৰ্বাদ লৈছে। সমনীয়া লৰাবিলাকে লগ লাগি হাঁহি-খিকিন্দালি পাতিছে। ভাল মানুহৰ ঘৰবিলাকৰ ভিতৰত মাইকী মানুহবিলাকে লগ লাগি পঁচি খেলিছে। সেই খেলুৱাই তিনি-চাৰিজনী মাইকী মানুহৰ লগত দুই-এজন মতা ডেকা বাবুও বিহছে। মাকে পুতেকে বিপৰীত ভাগে, কড়িৰ ঢালত বহি কড়ি মাৰিব লাগিছে। কড়ি পেলোৱাত মাইকী মানুহৰ হাত বৰ পাৰ্গত। ছটা কড়িৰ এটা বুঢ়া আঙুলিৰ টিপতে ধৰি এই পাঁচোটা বগৰাই দহ বোলোতে দহ পেলাইছে। তাকে দেখি চতুৰ পুতেকে মাকক ঘটুৱাবলৈ মন কৰি নিজেও সেইদৰে কড়ি গুঠি গুঠি লৈছে।মাকে পুতেকৰ চকুলৈ তাৰ পাছত হাতলৈ তত কৰিছে।তাকে দেখি মাকে পুতেকক পোনেই দাবি মাৰি ধৰিছে,”ওঁ তই কড়ি গুঠি লইছ?”পুতেকে নলওঁ দে বাৰু।এই চা মই কড়ি জোকাৰি লৈছোঁ,তইয়ো গুঠি নামাৰিবি এই বুলি ঢাল পেলালে।পুতেকৰ সৌভাগ্যত পঁচি পৰিল।মাকে তাকে দেখি গুঠি মৰা বিদ্যাটো এৰিব নোৱাৰিলে।দেখুৱাই কড়ি জোকাৰি ললে হয়,কিন্তু বগাৰাবৰ পৰত টিপতে বুঢ়া আঙুলিৰ মাজত এটা কড়ি লৈ দহ পেলালে।মাকৰ এই কাৰবাৰ দেখি চতুৰ পুতেকে মাকক ঘটুৱাবলৈ মন কৰি এটি নতুন উপায় স্ৰজিলে। তেওঁ ঢাল চুৰ কৰিবলৈ আৰম্ভ কৰিলে।দহঘৰ চলাব লাগিলে গুটি পোন্ধৰ ঘৰলৈকে নিয়ে।চাৰি পৰিলে ছয়ৰ ঘৰত দিয়ে।পাৰিলে মাকেও পুতেকৰ এই কাৰবাৰৰ আলেখলেখ কৰি চাবলৈ ধৰিলে।অৱশেষত ধেমালিতে খকৰা-মুকতি এটা মাৰি দিলে।পুতেকে খিল-খিল কৰি হাঁহি ও নেখেলো যা এই বুলি উঠি গুচি গল।তেতিয়া বাকীকেইজনী তিৰোতাৰ সৈতে আৰু এজনী জীয়াৰীক মাতি নি আকৌ খেল আৰম্ভ কৰিলে।ইফালে বাহিৰ মহলত তিনি-চাৰিজন বাবু লগ লাগি তাচ খেলাত বহিছে।খেলত বহিবলৈ নোপোৱা বা বিহু চাবলৈ যাব নোপোৱা অসুখীয়া মনৰ বেটী ছোৱালীজনীয়ে ধঁপাত যোগাই ওৰ কৰিব পৰা নাই।বাবুসকলৰ ভিতৰত এজন কোমল মুখেৰে মুখত ডাঢ়ি থকা, বৰণত বগা,বাবু বৰ ধেমেলীয়া।তেওঁৰ তাচ খেলাৰ উদ্দেশ্য নহয়;কেৱল ৰং কৰিবৰহে মন।তেওঁৰ বিপৰীতে এজন বাবু বহিছে, তেওঁৰ দীঘল, কোমল মুখখনত নতুনকৈ ডাঢ়ি ফুটি ওলাইছে মাথোন।মনটো বৰ সৰল অৰ্থাত্ তেওঁ হোজা বিধৰ মানুহ।তেওঁ তাচ খেলৰ বৰ ওজা।তাচ হাতত ললে সংসাৰ গোটেইখনকে পাহৰে।কেনেকৈ খৰখৰকৈ মাটিত পাত পাৰিব ইয়াৰেহে চিন্তা।নিজৰ হাতৰ পৰা পাত মাৰিব ধৰিলে পাত ভাঙিব খোজে আৰু মাজে মাজে বিপৰীতে বহা ডাঢ়ীয়াল বাবুজনক চাই “মল্লা” “মল্লা” (মৰিলা) বুলি একোটা চিঞৰ মাৰিছে।বিপৰীতে বহা বাবুজনে মল্লা শব্দক পোনাই “মোল্লাজিত” পেলাইছে।আৰু মাজে মাজে তেওঁৰ শত্ৰুৰ (খেলৰ শত্ৰু)মুখলৈ চাই হাঁহি হাঁহি বাগৰি পৰিছে। চুটি-মুটিকৈ পাতল বাবু এজনে যদিও তাচ খেলাত বহিছে তথাচ তেওঁৰ তাচত সিমান হেঁপাহ নাই। তাচৰ পাত দিবৰ পৰত “অ মই দিব লাগে নেকি?”এইবুলি একোটা পাত নিজৰ হাতৰ পৰা মুঠেই পেলাই পেলাই দিছে আৰু তেওঁ কেৱল কথাহে পাতিছে। ভৰকিয়াল গায়ে গোটেৰে ৰবা বাবু এজনে এফালে পাতল বাবুজনৰ কথাও শুনিছে, কেতিয়াবা ৰঙিয়াল-বগা বাবুৰ আমোদত হাঁহিছেও আৰু কেতিয়াবা নিজেও গহীনে গহীনে দুই-চাৰি আষাৰ কথা কৈছে। বগা বাবুজনে মাজে মাজে হাতৰ বেয়া পাত একোটা থৈ পিঠৰ পৰা বাল ভাল পাত তুলি লৈ আকৌ ঘূৰাই মাৰিছে। তেওঁ সেই কাৰ্য্যত মাজে মাজে কৃতকাৰ্য্যও হৈছে। দুই-এবাৰ দীঘল বাবুৰ তীক্ষ্ণ কটাক্ষ দৃষ্টিত ধৰা পৰি দুইয়ো কঢ়া-আজোৰাও লগাইছে। এইদৰে খেল, গল্প, আমোদ, ধঁপাত খোৱা ইত্যাদি চলিছে। মফঃস্বলৰ ভিতৰত, ঠায়ে ঠায়ে ডেকা-গাভৰুবিলাকে লগ লাগি বিহু গাইছে। কোনোৱে ঢোপ খেলিছে। এইদৰে আমোদ-প্ৰমোদত লক্ষীমপুৰ খলকি পৰিছে। দিনটো গল;ক্ৰমে সাজ লাগি আহিল। দুই-এজনকৈ ওচৰৰ মিৰি ঢোল ডগৰ লৈ লক্ষীমপুৰ জিলা উঠিল আৰু ইঘৰ সিঘৰকৈ বিহু গাই গাই ফুৰিব ধৰিলে।
আজি বৰ বিহুৰ দিন। জাকে জাকে বিহু গোৱা মিৰি আহি লক্ষীমপুৰ ভৰিল। বাটে-পথে ঢোল, ডগৰ লৈ ফুৰা মিৰি ডেকা-গাভৰুৱে অনাই-বনাই ফুৰিছে। ভাল মানুহবিলাকৰ ঘৰে ঘৰে দুই-এজাককৈ মিৰিয়ে বিহু পাতিছে;আৰু টকা, আধলি, বাবুবিলাকৰ ঘৰৰ পৰা আদায় কৰিবলৈ আৰম্ভ কৰিছে। সেই মিৰিবিলাকৰ ভিতৰত এজাক মিৰিয়ে সকলোৰে মন আকৰ্ষিছে। সেই জাকটোৰ ডেকাবিলাকৰ ভিতৰত চাৰি-পাঁচোটামান ঢোল, তিনি-চাৰিযোৰ তাল, দুটা পেঁপা। সিহঁতৰ নাচনিয়াৰ গাভৰুও সৰহ। এইজাক মিৰিয়ে পোনেই বাবু এঘৰত বিহু পাতিলেগৈ। প্ৰথমেই ঢোলৰ নাচ চলিলি। চাৰি-পাঁচটা ঢোলত একেলগে কোব পৰিবলৈ ধৰিলে। লগে লগে তাল চলিল আৰু তাৰ লগে লগে গাভৰুহঁতে নাচিব ধৰিলে। তাৰ পাছত ঢুলীয়া-কালীয়াবিলাকে বেইত ঘূৰাৰ দৰে ঘূৰিবলৈ ধৰিলে। গাভৰুহঁতেও নাচি নাচি শাৰীয়ে শাৰীয়ে ঘূৰিবলৈ ধৰিলে। ঢুলীয়াহঁতে এবাৰ সোঁহাতৰ পৰা বাওঁহাতলৈ এবাৰ বাওঁহাতৰ পৰ সোঁহাতলৈ ঢোল বজাই বগিয়া-বগি নাচ পাতিলে। ঢোল-খোল বোৱা শেষ হল। বাবুসকলৰ হুকুম পৰিল “গাভৰুহঁতে হাতত চপৰিয়াই নাম গাই গাই নাচিব লাগে।” তত্ক্ষনাত্ ঢুলীয়া কালীয়াবিলাক এফলীয়া হল। গাভৰুহঁতে শাৰী পাতিলে। পোনেই এজনী গাভৰুৱে হাতত চাপৰ মাৰি লগাই দিলেঃ-
(৩)
“ৰঙা (ক) নৈৰ যে দেকিয়া তোৰালি যে তোৰালি
দিনত চাৰি আঙুল বাৰে।
চম্পাফুল যে লেদেহা (খ) তোৰালি যে তোৰালি-
নাচাই বা তাকিব কোনে।”
লগে লগে নাচ চলিল।
তাৰ পাছত আকৌ এজনীয়ে লগালেঃ

(৪)
“দেউতা ওলালে বাটচৰাৰ মুখলৈ
দুলীয়াই যে পাতিলে দোলা ঐ লাৱৰী
দুলীয়াই পাতিলে দোলা।
কাণতে জিলিঙিল (গ) নৰা-জাঙেপাই (ঘ)
গাতে গোমেচেঙৰ (ঙ) চোলা ঐ লাৱৰী
গাতে গামেচেঙৰ চোলা।”
আকৌ এজনীয়ে লগালেঃ-

(৫)
“চকলা যে কাটৰে মই পণি (চ) কাটিলোঁ-
লেডেহৰ কোঁপলৈ চাই।
আজি নিকা অপনত বেয়া কৈ দেখিলোঁ-
পণিকনে অৰাব পায়।”
তাৰ পাছত আকৌ এজনীয়ে ধৰিলেঃ-
(৬)
“নাচনী নৰিয়া পৰিল ঐ চেনেঙা
নাচনী নৰিয়া পৰিল।
নাচনীৰ অলনি কুকুৰা কাটিলো (ছ)
নাচনী উিয়ে বয়িল।”

এই গীত গোৱাৰ পিছতে ডেকা-গাভৰুৱে বাবুবিলাকক বৰঙণি গানালে। বাবুসকলৰ অজনে মাত লগালে- “ইহ, তহঁতে ফাকি দিলি। গোটেইবিলাক গাভৰুৱে নানাচিলে। সৌ সিহঁত দুজনীয়ে নচা নাই।” তেতিয়াই সেই গাভৰু দিজনীয়ে মাত লগালে, “আমি নাচিলে পাঁচ টকা পাঁচ টকা লাগিব।” বাবুহ্ঁতৰ এজনে হাঁহি হাঁহি কলে,-“দিম দে বাৰু নাচ তহঁতে।” এই গাভৰু দুয়োজনী পাতল। এজনিৰ বৰণ অলপ মিঠা। এজনী নিখুঁত বগা। দুইওজনীৰে মুখৰ গঢ় বাৰু। লাহৰি খোপাত ফুল খোহাঁ। চিকণ মুগাৰ ৰিহা-মেখেলা। গাত ৰঙা ফেলালিনৰ চোলা। সিহঁত দুজনী আগবঢ়া মাত্ৰেই ডেকাজাকৰ ভিতৰৰ পৰা এটা প্ৰায় কুৰি বছৰীয়া ডেকা পেঁপা এটা লৈ ওলাল। ডেকাটোৱেও চিকুণকৈ মূৰ মেলাইছে। তাৰ ওপৰত এটা পাগুৰি। গলত ডাঙৰ ডাঙৰ পোৱালে সৈতে এধাৰ সোণৰ মণি। কাণত দুটা সোণ পাতি বাখৰ সজা জাংফাইৰ কেৰু। গাত এটা চিনা কোট। ধুতীখনো চিকুঁ পিন্ধিছে। ডেকাজন বৰ ওখও নহয় বৰ চাপৰো নহয়। মুখখন চুচিকটা।
গাভৰু দুজনী আগবঢ়া মাত্ৰে ডেকাজনে পেঁপাত ফু দিলে। আৰু দিয়া মাত্ৰে সিহঁত দুজনী উত্ৰাৱল হল। পেঁপা বজাই বজাই এই তিনি মূৰ্তি নাচিবলৈ ধৰিলে। সিহঁতৰ নাচন, সিহঁতৰ ফুৰ্টি দেখি এনে বিবেচনা হোৱাত পৰিল যেন দুজনী অপেশ্বৰী গন্ধৰ্বৰাজ চিত্ৰৰথে সৈতে পৃথিৱীলৈ নামি আহিল। এই দুজনী গাভৰুৰ বগীজনীয়ে নাচোনটোৱে পতি ডেকাজনৰ চকুলৈ চাই চাই আন কেৱে নজনাকৈ মিচিককৈ হাঁহিব ধৰিলে। তাইৰ বয়স প্ৰায় তেৰ-চৈধ্য বছৰ। প্ৰথম অধ্যায়ৰ সোৱণশিৰী পাৰত থকা ভূঁইত টঙি ৰখা লৰাটোৱে এতিয়াৰ আমাৰ পেঁপা বজোৱা ডেকাজন, নাম “জঙ্কি”। বগী গাভৰুজনী “পানেই”। আজি পাঁচ বছৰৰ মূৰত দুইও সৰ্ম্পূন ডেকা-গাভৰু হৈ উঠিছে।
নাচ ভাঙিল; বাবুজনৰ ৰূপ এটকা দণ্ড হল। নাচনিয়াৰ মিৰি গাভৰুহঁত গুচি গল। বাবুসকলে তেতিয়া কোনে “ভাল নাচিছিল” কোনে “বেয়া নাচিছিল” ইত্যাদি কথাৰ আলোচনা কৰি দুই-তিনি চিলিমমান ধঁপাত উৰাই ঘৰা-ঘৰি গল।
দ্বিতীয় অধ্যায়ৰ মিৰি ভাষাৰ শব্দৰ ভাঙনি
 (ক) ৰঙা নৈ-এই নামেৰে লক্ষীমপুৰ নগৰৰ পশ্চিম ফালে তিনি মাইল দূৰৈত এখন নৈ আছে। ইয়াৰ পাৰতো বহুত মিৰি আছে।
 (খ) লেদেঙা-মৰমৰ গাভৰু।
 (গ) জিলিঙিল-জিলিকিল।
 (ঘ) নৰা জাঙেপাই-জাংফাই কেৰু।
 (ঙ) গোমেচেঙৰ-গোমচেঙ। অসমত গোমচেঙ নামৰ এবিধ বৰ উত্কৃষ্ট কাপোৰ আছিল;কিন্তু আজিকালি লোপ পৰি আহিছে।পাশ্চাত্য সভ্যাতৰ ফল।
 (চ) মিৰি প্ৰায় সকলো ডেকা-গাভৰুৱে সৰু সৰু কাঠৰ ফমিৰে মূৰ মেলায়। সেই ফণিক সিহঁতে প্ৰায় সদায় খোপাতে ৰাখে। মিৰি ডেকা-গাভৰুৰু এটা বৰ লাহৰ বস্তু।
 (ছ) “কুকুৰা কাটিলো” কেৱে কেৱে ‘দেও পূজা কৰিলো’ এই কথাও লগায়। দুয়োটা একে কথা। মিৰিয়ে বেমাৰত পৰিলে দৰব নাখায়। সিহঁতৰ দেওধাইৰ হতুৱাই মঙ্গল চোৱায়, কোন দেৱেনো বেমাৰ পেলাইছে। তেতিয়া সেই দেওক মদ, গাহৰি, কুকুৰা দি পূজে।

তৃতীয় অধ্যায় : মিৰি গাঁৱত

“The bashful virigin’s side-long looks of love-
The Matrons’ glance that would those looks reprove-
These were thy charms, sweet village
Spots like these with sweet succession-
Taught Even toil to please”
Goldsmith

আমি আগৰ অধ্যায়ত বিৱৰণ দিয়া ঘটনাবিলাক হৈ যাবৰ ছমাহ হল। আজি কাতি মাহৰ সাদিন যায়। শোৱণশিৰীৰ পাৰত থকা মিৰিগাঁৱত ৰাতি পুৱাইছে মাথোন। মিৰিগাঁৱত বৰ ধুমধাম। ডেকা-গাভৰুৱে চিকুণ চিকুণ কানি-কাপোৰ পিন্ধি ঘৰে ঘৰে হাতত খৰাহি লৈ চাউল, লোণ, তেল, মাহ তুলিছে। ঘৰে ঘৰে পাত, কাঁহী ইত্যাদি গোটাইছে। সিফালে বাৰটামান মানুহে ছটামান গাহৰি (ক) ভাৰ কৰি আনিছে। দুটা মানুহে এটা বৰ ডাঙৰ খাঙত প্ৰায় দুকুৰিমান কুকুৰা চৰা (খ) ভাৰ কৰি নিছে। ডাঙৰ ডাঙৰ টৌ, ঘটী, বাটি ঘৰে ঘৰে বুঢ়ী মাইকীবিলাকে উলিয়াই দিছে। আনন্দ উলাহতে ডেকা-গাভৰুৱে হতা-হাতি কৰি নিছে। কাচি ৰদ প্ৰায়ে পূৰঠ হল। সকলো মাল-বস্তু মৰঙ ঘৰত (গ) চাপিলগৈ। লাহে লাহে গাঁৱৰ বুঢ়া-বুঢ়ী, লৰা-ছোৱালী সকলো মৰঙ ঘৰলৈ লৰ ধৰিলে। এটাইবিলাক মানুহ মৰঙ ঘৰত উঠিলগৈ, আৰু দিহাদিহি বহিল। এই বুঢ়া মিৰিহঁতৰ অধিকাংশই ৰাতি সেৱাৰ ভকত। (ঘ) পকা ভকতসকলে কেঁচা ভকতসকলৰ পৰা সুকীয়া আসন ললে। তেওঁবিলাকৰ শৰীৰৰ পৰা অলপ আঁতৰি তেওঁবিলাকৰ সাধুৱে এখন বেলেগ আসন গ্ৰহণ কৰিলে। ইফালে দেওধাইকে (ঙ) প্ৰমুখ্য কৰি কেঁচা পন্থৰসকল বেলেগ এশাৰী হৈ বহিল। এইদৰে সকলোৱে দিহাদিহি বহা হলত পকা ভকতসকলে তেওঁবিলাকৰ সাধুৰ চকুলৈ চালে। সাধুৱে তেতিয়া “ও” এই শব্দটি উচ্চাৰণ কৰিলে। তত্ক্ষণাত্ পাঁচোটা কুকুৰা, দুটা গাহৰি ধুৱাই-পখলাই আনি ভকতৰ মাজত পেলালে। লগে লগে ৰান্ধোনৰ আন আন দ্ৰব্যবিলাকো ডেকা-গাভৰুৱে আনি ভকতৰ মাজত থাপিলে। থপা হলত সাধু পুৰুষজনে দুবাৰমান ইফালে-সিফালে চাই আকৌ “ও” উচ্চাৰণ কৰিলে; তেতিয়া মৰঙত থকা সকলো ডেকা-গাভৰুৱে শাৰী পাতি ভকতৰ আগত আঁঠু লৈ পৰিল। তেতিয়া ভকতজনে শ্ৰীগুৰু শঙ্কৰ-মাধৱৰ নাম স্মৰি ডেকা-গাভৰুক আশীৰ্বাদ কৰিবলৈ ধৰিলে।
“বোলা তোৰা সকলে শ্ৰীগুৰুৰ চৰণক চিন্তি তেওঁ যেন আমাৰ এই ডেকা-গাভৰুহঁতক আকৌ আহে বছৰলৈ তেওঁৰ চৰণত এনেকৈ সেৱা কৰিবলৈ শক্তি দিয়ে। এইবিলাক যেন ভালে-কুশলে থাকে, এটাইৰে মনত যেন সদায় ৰং-ধেমালি থাকে। আহে বছৰলৈ যেন খেতি-বাতি বাৰু হয়। মেঘে আৰু বিজুলীয়ে যেন অইনায় নকৰে। শ্ৰীগুৰুৰ চৰণে যে আমাক শীতলে ৰাখে-অ’ ৰাম, অ’ হৰি।”
এইদৰে আশীৰ্বাদ দিয়া শেষ হল। ডেকা-গাভৰু উঠিল। তেতিয়া অনুমতি লৈ ৰান্ধনি উঠিল। সাজ ৰান্ধিবলৈ ধৰিলে। ইফালে ভকতসকলে বাটিয়ে বাটিয়ে অমৃত পান কৰিবলৈ ধৰিলে। ভকতসকলে নিজে বাটি ধৰিব নোৱাৰে। একোজন ভকতনীয়ে তোৰাসকলক অমৃত পান কৰাই দিব লাগে। তেহে তেৰাসৰলৰ অমৃত পান হয়। এইদৰে অমৃতৰ শৰাধ শেষ হল। ভকতীয়া চিয়াৰ পাল পৰিল। সাধুৱে লগাই দিলেঃ-
 “মৰা নদীৰ পাৰ প্ৰভু জীৱই (চ) আছে ৰৈ ঐ
জাৱই আছে ৰৈ-
দেখা দেখা বন্ধু সৱ মোৰ ভেলৰ বিলৈ ঐ ভেলৰ বিলৈ।
কাউৰী-শগুণি-শৃগাল মহাদানী ঐ-শৃগাল মহাদানী-
শগুণিয়ে দোকান দিয়ে মাংস খায় টানি ঐ
মাংস খায় টানি।”
এইদৰে চিয়া গোৱা শেষ হল। সিফালে ৰান্ধোন-বাঢ়োন চলিল। পকা ভকতসকলে আশীৰ্বাদ দিয়া ডেকা-গাভৰুসকলৰ ভিতৰত আমি দ্বিতীয় অধ্যায়ত উনুকিওৱা জঙ্কি আৰু পানেয়ো আছিল। কব নোৱাৰো কিৰ শক্তিতনো সিহঁত দইও আশীৰ্বাদ লওঁতেও লগালগি হৈহে আঁঠু লবলৈ পাৰিলে। আমি দুয়োটাৰ ভিতৰত ইটো-সিটোৱে কথা-বতৰা পতা মুঠেই নেদেখিলোঁ। তথাপি কি শক্তিৰ বলতনো এনেকুৱা এটা মহত্ ক্ৰিয়াতো ইহঁত দুইও একেলগে বৰ মাগিব পালে তাক আমি এতিয়াও তত ধৰিব নোৱাৰিলোঁ। যি কি নহওক যথা সময়ত সাজ তৈয়াৰ হল। সমস্ত দিহ তেনেই চৰুৱে হাড়ীয়ে আনি ভকতসকলৰ মাজত পেলালে। বাঢ়নী উঠিল। সাজ বাঁটি দিবলৈ ধৰিলে। গোটেই বিলাক বুঢ়া-বুঢী, পকা ভকত, কেঁচা ভকতে আনন্দ মনেৰে সাজ লব ধৰিলে। ডেকা-গাভৰুবিলাক নবহিল। ইবিলাকে সাজ লওঁতে সিহঁতে আঁঠু লৈ থাকিল।
এইদৰে ভকতীয়া ক্ৰিয়াৰ সমাপ্তি হল। আশীৰ্বাদ কৰি কৰি বেলি এটামান বজাত পকা ভকত-ভকতনীসকল ঘৰা-ঘৰি গল। তেতিয়া হাঁহি-খিকিন্দালি, ৰং-ধেমালি কৰি কৰি ডেকা-গাভৰুবিলাকে ভকতৰ অৱশিষ্ট লব ধৰিলে। ডেকাসকল এশাৰী হল। গাভৰুহঁতে এশাৰী হৈ খাব ধৰিলে; কিন্তু কি আচৰিত কথা। খাবৰ পৰতো পানেই-জঙ্কি দয়ো মুখা-মুখি হৈহে বহিব পাৰিলে। এইদৰে খাওঁতে-বওঁতে দিনটো গল। ৰাতি হল। ডেকা-গাভৰুবিলাকে কলহে কলহে মদ চালৰ পাছত ইমূৰৰ পৰা সিমূৰলৈ আঁৰিব ধৰিলে। তাৰ পাছত দেওধাই মহাপুৰুষে হাত-ভৰি ধুই মৰঙত উঠিল। ডেকা-গাভৰু, কেঁচা ভকত সকলোৱে তেওঁক মাজত সুমাই ললে। তত্ক্ষনাৎ দেওধায়ে লগাই দিলেঃ-
(ছ)
“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়”
মিৰি ডেকা-গাভৰুৱে সমস্বৰে ধৰিলেঃ-
“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়”
নাম গোৱা হলতে ঢোলৰ কোব পৰিল। দেওধাইক মাজ কৰি ডেকা-গাভৰুবিলাকে কছাৰীৰ মাদল কোৱোৱা নাচৰ দৰে বা চাওঁতালৰ জুম নচাৰ দৰে ঢোলৰ শব্দত এটি নতুন নিয়মে ঘূৰি ঘূৰি নাচ পাতিলে। নাচ শেষ হল। তেতিয়া আকৌ দেওধায়ে লগাই দিলেঃ-
“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়”
আগৰ দৰে আকৌ নাচ চলিল, আকৌ গান হল। আকৌ নাচ-গান শেষ হল। তেতিয়া দেওধায়ে চাঙত ডাঙৰকৈ এহাতমান ওপৰলৈ এটা জাপ মাৰি লগাই দিলেঃ-

(জ)
“ঙক্কেৰূমনে-তাৰে লিকৰে”
ডেকা-গাভৰুৱে গালেঃ-
“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়”
আকৌ দেওধায়ে জাঁপ মাৰি লগালেঃ-

(ঝ)
“কাংৰে বকায়গা”
ডেকা-গাভৰুৱে গালেঃ-
“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়”
এইবাৰ দেওধাই ডেকা-গাভৰু এটাইৰে ভাগৰ লাগিল। এটাইবিলাকে উঠি চালৰ কামীত আঁৰি থোৱা অমৃত বাটিয়ে বাটিয়ে পান কৰিব ধৰিলে। অমৃত পান কৰা শেষ হল। তেতিয়া আকৌ আগৰ দৰে সিহঁতে জুম পাতিলেগৈ। এইদৰে দেওধায়ে নতুন উত্সাহেৰে লগাই দিলেঃ-

(ঞ)
দাদাম্ বনেঙ বনেঙ দাদিঙ
পেকামা কামদামা কলপি-কলপি
কামদাঙ নিতুঙা কলপি-কলপি

তত্ক্ষণাত্ ডেকা-গাভৰুৱে সমস্বৰে ধৰিলেঃ-

দাদাম্ বনেঙ বনেঙ দাদিঙ
পেকামা কামদামা কলপি-কলপি
কামদাঙ নিতুঙা কলপি-কলপি

আকৌ ঢোল-খোল বাজিলয ডেকা-গাভৰুবিলাকে নাচিব ধৰিলে। লাওবাহি (ট) তাল ইত্যাদিৰ শব্দত গাঁওখন খলকি পৰিল। ৰাতিও বেছি হৈ আহিল। এইদৰে মিৰিৰ চাঙদোপ (ঠ) ক্ৰিয়া চলিব ধৰিলে। এই চাঙদোপ ক্ৰিয়াৰ লগে লগে মদ চলিব ধৰিলে। দেওধাইৰ গাত দেও চৰি আহিল। ক্ৰমে মিৰি দেৱতাৰ নাচবিলাক আৰু দেওধাইৰ পদবিলাক আৰু গহীন হবলৈ ধৰিলে। ৰাতি পুৱাওঁ পুৱাও হল। তত্ক্ষণাত্ দেওধায়ে লগালেঃ-
(ড)
“পাঙ্কেয়া ৰেগৰেগে
পামিয়া ৰেগৰেগে”
এইদৰে দেওধাইৰ গাত দেৱে সৰ্ম্পূণে লম্ভিল। ৰেগি ৰেগামৰ পৰা কাৰ্চিং কাৰ্টান নামি আহি দেওধাইক লাগ দিলে। দেওধাই তেতিয়া অচেতন হৈ পৰিল। ডেকা-গাভৰুৱে আঁঠু লৈ সুধিব ধৰিলেঃ-
হে প্ৰভু। কওকচোন আহে বছৰলৈ আমাৰ খেতি-বাতি বাৰু হৱনে?
দেওধাই-“হৱ”।
ডেকা-গাভৰু-“মেঘে বিজুলীয়ে আমাক একো অইনাই নকৰিবনে?”
দেওধাই-“মোক ভালকৈ পূজা দিলে একো হানি-বিঘিনিয়ে নাপাব।”
ডেকা-গাভৰু-“গাঁৱত পানী লগা জ্বৰ নৰিয়া নহবতো?”
দেওধাই-“নহব। কিন্তু মোক ভালকৈ পূজা দিব লাগিব।”
ডেকা-গাভৰু-“দিম বাৰু কওকচোন আমি সকলো ডেকা-গাভৰু ভালে থাকিম নে?”
দেওধাই-(কিছুমান পৰ ৰৈ) “ও থাকিবি কিন্তু এটা বেয়াও আছে।”
ডেকা-গাভৰু-“কওকচোন প্ৰভু! বেয়াটোনো কি?” ডেকা-গাভৰুৰ এই প্ৰশ্নত দেওধাই ভালেমান পৰ মনে মনে খাকিল। অৱশেষত কিছুমান আইলাং বাইলাং বকিব ধৰিলে। ডেকা-গাভৰুৱে তাক বুজিব নোৱাৰিলে। এনেতে তাৰ গাৰ পৰা দেৱে এৰা দিলে। দেওধাই উঠি বহিল আৰু একোকে কব নোৱাৰাত পৰিল। (ঢ) এইদৰে চাঙদুপি ঠিকনা চোৱাৰ লগে লগে ৰাতি পুৱাল। তেতিয়া এটাইবিলাকে নৈত গা-পা ধুই আহি জুৰৰ পূজাৰ (ণ) আৰম্ভ কৰিলে। সেই পূজা কৰোতে বেলি দুপৰীয়া হল। কাৰ্চিং-কাৰ্টান, মত্তবে, চিনেক, দহমুখ, দঙকঙ, লৌজি-লেইতাং, মুগলীং-মিৰেমা, ইত্যাদি সকলো দেৱতাই মদ, গাহৰি, কুকুৰা ইত্যাদিৰ পূজা খাই স্বস্থানলৈ গুচি গল। দেওধায়ে পূজাৰ অৱশিষ্ট খাই-বই উঠি ৰূপ পাঁচ টকা, কাপোৰ এযুৰি পাই ঘৰ পালেগৈ। আন আন বয়সিয়াল মিৰিবিলাক ঘৰাঘৰি গল। কিন্তু ডেকা-গাভৰুৰ বিহু নাভাঙিল। বেলি ভাটী দিলে। ডেকা-গাভৰুৱে মৰঙৰ আগতে আনন্দেৰে বিহু পাতি তোলপাৰ লগালে। জুমে জুমে নাচ চলিল, যি যি জাকলৈ যাবলৈ বাল পালে সি সেই জাকলৈকে গল। পানেই আৰু জঙ্কি দুইও একে জাকতে থাকিল, এৰা-এৰি নকৰিলে। এইবাৰ পোনেই জঙ্কিয়ে বিহু লগাই দিলেঃ-

চতে যাই যাই বয়াগে পালেয়ি-
পুলিলে বেবেলি লতা।
কইনো তাকে মানে ওৰকৈ নপৰে-
সৰুটি লেদেঙৰ কতা।।
জঙ্কিৰ গোৱা শেষ হল। ঢোল বাজিল। পানেইকে প্ৰমুখ্য কৰি গাভৰুহঁতে নাচিব ধৰিলে। নাচ শেষ হল-এইবাৰ পানেয়ে লগালেঃ-


চৰাই মনেমতি শুয়ুৰি মাৰিলে-
কোটায়ি বেঙেনাৰ তলত।
কিনো দায়ে জগৰ লগালো চেনেঙ ঐ
নামাতে গদূলি পুৱা।
আকৌ এজাকত এজন ডেকায়ে লগালেঃ-


কাকিনী তামোলত কুপৌ বায়েঁ ললে-
পৰে যেন পৰে যেন দেকোঁ।
সৰুটি মনেমা নৰিয়া পৰিলে-
মৰে যেন মৰে যেন দেকোঁ।।

ইয়াৰ পাছতে এজনী গাভৰুৱে লগালেঃ-
১০
চাপৰি চাপৰি মই তোলো বাবৰি-
আৰাম (ত) বিৰিকৰে কৰি।
যাকে চাই পুৰো তাকে যে নেদেকো
কিনো জুয়ে লগা চকু।।

এনেকুৱাবিলাক নৃত্য-গীত চলিল। নৃত্যৰো ওৰ নপৰে; গীতৰো ওৰ নপৰে। এনেয়ে মিৰি ডেকা-গাভৰু সদায় ৰঙিয়াল। এতিয়া আকৌ তাতে অমৃত ৰসে সিহঁতক উত্ৰাৱল কৰি তুলিছে।
এইদৰে নাচি থাকোঁতে জঙ্কিয়ে ছেগ চাই এবাৰ পানেইক অকলৈ লগ পাই কলেঃ-“পানেই, মোক এবাৰ এঠাইত দেখা দিব পাৰিবিনে ? মোৰ তোৰে সৈতে চাৰি আষাৰমান কথা কবলগীয়া আছে।” জঙ্কিৰ এই কথাত পানেয়ে কলেঃ-“বাৰু এতিয়া আমি থাকোঁ, ছেগ চাই মই সোৱণশিৰীৰ বালিলৈ যাম, তইও তালৈকে যাবি; কি কথা কবলৈ খুজিছ কবি।” পানেই আৰু জঙ্কিৰ মাজত মুহূৰ্তৰ ভিতৰতে কথা-বতৰা পতা হল, কোনোৱে তত ধৰিব নোৱাৰিলে। নাচ-বাগ ৰাতিও চলিব ধৰিলে। আকৌ ডেকা-গাভৰুৰ খাবৰ সময় হল। তেতিয়া পানেয়ে নিজৰ কথামতে এটা চল দেখুৱাই সোৱণশিৰীৰ বালিলৈ অকলৈ অকলৈ গল। জঙ্কিয়েও “মই ঘৰৰ পৰা আহোঁ” বুলি ঘৰলৈ মুখ কৰি গল হয়, কিন্তু প্ৰকৃততে ঘৰলৈ নগৈ সোৱণশিৰীৰ বালি পালেগৈ; চকুৰ নিমিষতে তড়িতৰ বলতেনে সি পানেইৰ ওচৰ চাপিল। তাৰ পাছত কব ধৰিলে-পানেই-
পানেই-জঙ্কি!
জঙ্কি-তই আহিছ?
পানেই-আহিছো জঙ্কি!
জঙ্কি-তোক এটা কথা সুধিবলৈ মন কৰিছোঁ।
পানেই-কি কথা জঙ্কি সোধ!
জঙ্কি-কচোন পানেই তই মোক ভাল পাৱনে?
পানেই-(হাঁহি হাঁহি)কেলেইনো লাগিছে তোক এই কথা জঙ্কি?
জঙ্কি-পানেই তই বেজাৰ পালি নেকি? তেন্তে একোকে নোসোধোঁ।
পানেই-(আকৌ হাঁহি হাঁহি) সোধ। নোসোধনো কেলই-
জঙ্কি-তেন্তে কচোন-তই মোক মৰম কৰনে?
পানেই-মই কব নোৱাৰোঁ।
জঙ্কি-মই বুজিলো পানেই! তই মোক ভাল নাপাৱ। নহলেনো আজিৰ নাচত তই মাজে মাজে কমুদৰ ফালে কেলেই বাৰে বাৰে চাইছিলি?
পানেই-এ আয়!তই কি কথাবিলাক কৱচোন!
জঙ্কি-এৰা পানেই মই বৰিহাকৈ বুজিছোঁ। তই মোক ভাল নাপাৱ। তই কমুদকহে ভাল পাৱ। তাহানি সৰুৰে পৰা দুয়ো যে একেলগে ভূঁই ৰখিছিলোঁ, ভালুক ওলাওঁতে যে একেলগে লৰ মাৰিছিলোঁ, নাৱত উঠি যে নাম গাইছিলোঁ, তাৰ পাছত যে দুয়ো অনেক ঠাইত একেলগে হাতত ধৰাধৰি কৰি ফুৰিছিলোঁ, তই সকলোকে পাহৰিলি হৱলা পানেই। মই হলে পাহৰা নাই। তোৰ আশাতহে ইমান দিন জীয়াই আছোঁ পানেই! এতিয়া তই যদি মোক ভাল নাপাওঁ বুলি কৱ তেন্তে আৰু মোৰ থাকিবলৈ ঠাই নাই। পানেই! মোৰ আই-বোপাই সৰুতে মৰিল। লৰাকালৰে পৰা তোৰে লগত ডাঙৰ হলোঁ। তোকেহে মই আপোন বুলি জানিছিলোঁ। পানেই তইও এতিয়া মোক ভাল নোপোৱাত পৰিলি।
পানেয়ে জঙ্কিৰ এইবিলাক কথা তবধ মনেৰে শুনিব ধৰিলে। মোৰ আজলী মিৰি-জীয়ৰীৰ মৰমত বেথা লাগিল। তাই এতেদিনে অতি যতন কৰি যে জানৰ মুখটি বান্ধি থৈছিল আজি জঙ্কিৰ বাক্যৰূপ কোব চাবত তাই হৃদয়ৰ সেই জানৰ মুখটি মুকলি হল। খুন্দা খাই থকা নৈটি ববলৈ ধৰিলে। আজলী পানেইৰ চকুৰ পৰা গিৰ গিৰ কৰি পানী ওলাল। তাই কথা কব নোৱৰাত পৰিল। তেতিয়াই জঙ্কিয়ে তাইক সাবট মাৰি ধৰি তাইৰ চকুৰ পানী মচি দিলে। পানেয়ে তাৰ পাছত কলে- “জঙ্কি, তোক মই ভালপাওঁ; তই আজি মিছাই মোক কমুদলৈ চোৱা কথাটো ধৰিলি।” জঙ্কি-“পানেই, মোৰ দোষ খেম। বেজাৰ নকিৰিবি! লাহৰী ঐ। এই জনম থাকে মানে মইও তোকে ভাল পাম। পানেই তই নেৰিবি। কচোন, তই মোত বিয়া সোমাবিনে?”
পানেই-“আয়ে-বোপায়ে দিলে তোলৈ যামতো!”
জঙ্কি-“মাৰ বাপেৰে কিজানি তোক মোলৈ নিদিয়ে। মোৰ কেৱে নাই। হাতত টকা-কড়িও নাই।” পানেই-

Subscribe
Notify of
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Biswajit Sutradhar
9 years ago

May I upload some important literary pieces of our literature in Pdf format in this site? Yes, I will type those pieces of literature in Ramdhenu keyboard and make them pdf file and upload in Xahitya.org. If i get permission, I will try my best….

Biswajit Sutradhar
9 years ago

Miri jiori is my partner from my childhood and I thing this novel is the best novel of Assam…

5 years ago

miri jiyari moi schoolot thakutei pohisilu.aibar ako pohibo pai khub val lagil

Anonymous
1 year ago

উপন্যাস খন বহু দিনৰ পৰা বিচাৰি আছিলোঁ। অশেষ ধন্যবাদ