‘মি এণ্ড মাই চিষ্টাৰ’ – লিংগ বৈষম্যৰ এক জীৱন্ত দলিল (প্ৰশান্ত কুমাৰ বৰা)
ছেটেলাইট চেনেল ‘প্ৰাগ নিউজ’ৰ দেওবৰীয়া অনুষ্ঠান প্ৰাগ ছবিঘৰত যোৱা ৭ ছেপ্টেম্বৰৰ দুপৰীয়া উপভোগ কৰিলোঁ ‘মি এণ্ড মাই চিষ্টাৰ’ নামৰ ছবিখন। ২০১২ চনত মুক্তি লাভ কৰা এই ছবিখনে সেই সময়তে যথেষ্ট চৰ্চা লাভ কৰিছিল যদিও ছবিখন চোৱাৰ সুযোগ পোৱা নাছিলোঁ। সেই সুযোগ অকস্মাতে হাততে আহি পৰাত অথলে যাবলৈ নিদিলোঁ, উপভোগ কৰিলোঁ সমগ্ৰ ছবিখন। প্ৰায় ডেৰ ঘণ্টা সময় এক অপ্ৰকাশ্য অনুভূতিয়ে আন্দোলিত কৰি ৰাখিলে মনটো। নিজকে ধিক্কাৰ দিলোঁ, দুবছৰৰ আগতেই কিয় নাচালো ছবিখন ছবিঘৰলৈ গৈ! অসমীয়া ছবিৰ বেয়া দিনবোৰৰ মাজত জন্ম লৈ বহু ভাল ভাল ছবিয়েও দৰ্শকৰ আশানুৰূপ সমাদৰ নোপোৱাকৈ ৰৈ গৈছে। ‘মি এণ্ড মাই চিষ্টাৰ’ ছবিখনো নিঃসন্দেহে তাৰ ব্যতিক্ৰম নহয়। নিজৰ প্ৰথমখন ছবিতে এক শক্তিশালী বিষয়বস্তু শক্তিশালী বক্তব্যৰে ৰুচিপূৰ্ণভাৱে দৰ্শকলৈ আগবঢ়াই সাহসৰ পৰিচয় দিয়া নিপন ধলুৱাক নশলাগি নোৱাৰিলোঁ। একবিংশ শতিকাৰ এই মাজভাগতো আমাৰ সমাজত নাৰীৰ প্ৰতি হোৱা অবিচাৰ, জীৱনৰ খোজে খোজে একাংশ নাৰীয়ে ভোগ কৰিব লগা হোৱা অত্যাচাৰ আৰু উত্পীড়ণৰ এখন জীয়া ছবি চেলুলয়দৰ মাধ্যমেৰে তুলি ধৰাত প্ৰযোজক ধলুৱাৰ লগতে পৰিচালক ৰাজেশ ভূঞা আৰু ছবিখনৰ কলা–কুশলীসকল নিশ্চিতভাৱে সফল হৈছে। তথাকথিত ৰূপত শিক্ষিত আৰু আৰ্থিকভাৱে নিৰাপত্তাধীন সমাজ এখনকো নাৰী–বিদ্বেষৰ বিষবাষ্পই আজি কলুষিত নকৰাকৈ এৰা নাই। বহুক্ষেত্ৰত নাৰী নিজেই নাৰীৰ শত্ৰু হৈ পৰাৰ বিপৰীতে আন এচাম হৃদয়ৱান লোকৰ প্ৰচেষ্টাত জীৱন সংগ্ৰামত তিষ্ঠি থকাৰ সাহস আৰু অনুপ্ৰেৰণা পাই আহিছে নিৰ্যাতনৰ বলি হোৱা একাংশ নাৰীয়ে। দুটা পৰিয়ালৰ দুগৰাকী নাৰীৰ আৱেগ–অনুভূতি অতি সূক্ষ্মৰূপত উপস্থাপন কৰি ছবিখনে সমাজৰ সন্মুখত এক জ্বলন্ত সমস্যাক তুলি ধৰিছে। প্ৰস্তুতি পৰাশৰ, বৰষাৰাণী বিষয়া, সৌৰভ হাজৰিকাৰ লগতে শিশু শিল্পী দুগৰাকীৰ স্বাভাৱিক আৰু মনপৰশা অভিনয় সমৃদ্ধ নিপন ধলুৱাৰ এই ছবিখন এক কথাত কবলৈ গ’লে লিংগ বৈষম্যৰ এক জীৱন্ত দলিল। ছবিখন আৰম্ভণিতে মাথোঁ অসমীয়াতে নিৰ্মাণ কৰা হৈছিল যদিও আমিৰ খানৰ জনপ্ৰিয় টেলিভিশ্যন শ্ব’ সত্যমেৱ জয়তেৰ দ্বাৰা অনুপ্ৰাণিত হৈ পিছলৈ অসমীয়াকে ধৰি মুঠ ৭ টা ভাষাত মুক্তি দিয়া হয়। এই ভাষাকেইটা আছিল হিন্দী, মাৰাঠী, বেংগলী, ভোজপুৰী, ৰাজস্থানী আৰু ইংৰাজী। জুবিন গাৰ্গৰ মনপৰশা সংগীতে ছবিখন আৰু বেছি হৃদয়স্পৰ্শী কৰি তুলিছে। বহুসংখ্যক ভিডিঅ’ ছবিৰ দক্ষ পৰিচালক ৰাজেশ ভূঞাৰ সৰ্পিল পৰিচালনাৰ বাহিৰেও চিত্ৰগ্ৰহণ, কলা নিৰ্দেশনা, সম্পাদনা আদি সকলো দিশতে ছবিখনে সাৱলীল গতি অক্ষুন্ন ৰাখিব পাৰিছে। ছবিখনৰ আটাইতকৈ শক্তিশালী দিশ হৈছে শক্তিশালী সংলাপ ৰচনা। অতি সাম্প্ৰতিক কালৰ বহু সংখ্যক অসমীয়া ছবিত দেখা পোৱাৰ দৰে অভিনয়ৰ জড়তা বা সংলাপ প্ৰক্ষেপনৰ অতি নাটকীয়তাই ছবিখনক বৰ বেছি আক্ৰান্ত কৰা নাই। অৱশ্যে কিছু কিছু ক্ষেত্ৰ্ৰত ছবিখন আৰু বেছি সুন্দৰ কৰাৰ থল ৰৈ নোযোৱা বুলি ক‘ব নোৱাৰি। সমাজ পৰিৱৰ্তনৰ যথেষ্ট শক্তিশালী বাৰ্তা বহন কৰাৰ পাছতো বিয়োগাত্মকভাৱে ছবিখনৰ কাহিনীটো শেষ কৰাটোক বাস্তৱৰ জীয়া প্ৰতিফলন বুলি ধৰি ল‘লেও বহুতে হয়তো ইয়াক মানি ল‘বলৈ টান পাব। ছবিখনৰ শেষ দৃশ্যটিত শিশুটিয়ে হাতত লৈ থকা ছবিখনত অংকিত কন্যা শিশুটিৰ গাত পূৰণ চিন দি উচুপি উঠা দৃশ্যই আমাৰো চকু সেমেকাই তুলিলে। সি যি কি নহওক, এনে এখন সুন্দৰ ছবি চোৱাৰ সুযোগ দিয়াৰ বাবে প্ৰাগ নিউজলৈ অশেষ ধন্যবাদ থাকিল। ‘মি এণ্ড মাই চিষ্টাৰ’ এতিয়াও চোৱাৰ সৌভাগ্য নোহোৱাসকলক সম্ভৱস্থলত এবাৰ ছবিখন চাবলৈ অনুৰোধ জনালোঁ। আমাৰ দৃঢ় বিশ্বাস, আপোনাৰ সন্মুখত ই চিন্তাৰ এক নতুন দিগন্ত উদ্ভাষিত কৰি তুলিব।