মুকুতাৰ দৰে জ্বলি আছে তোমাৰ খোজ — অনিতা গগৈ
মুকুতাৰ দৰে জ্বলি আছে তোমাৰ খোজ
—অনিতা গগৈ
.
সকলো সেউজীয়া হেৰুৱাৰ আহ্লাদত
তিলে তিলে বাঢ়ি অহা
এখন মৰুভূমি মই
.
হঠাৎ এদিন
নুবুজা সুৰৰ মায়াৰে বিভোৰ তুমি
মৰূদ্যানৰ সন্ধানত বাটকুৰি বাই
থমকি ৰ’লাহি বুকুত
.
সিদিনা
মৰি অহা আঙুৰৰ বাগিছাখনত
বাট হেৰুৱাই ৰৈ আছিল জোনটো
অকোৱা পকোৱা আঙুৰলতাৰ দৰে
আমাৰ আঙুলিত আঙুলি থৈ জ্বলিছিল
সেমেকা জোনাকৰ- জেঙুলি
.
নিৰৱধি বিষাদ বালিচৰত
নিস্তৰংগ শূন্যতাৰ
কবৰ খান্দি
তুমি তুলি অনা এখামোচ মাটি
মোৰ নগ্ন নাভিমূলত
ৰুই দিয়া
সেই এচমকা সেউজীয়া ঘাঁহ
.
মুকুতাৰ দৰে জ্বলি আছে
তোমাৰ নিয়ৰসৰা খোজ
এতিয়া চৰাইবোৰে তাত খুচৰি ফুৰিছে শামুক৷