মুকুতা মণি — ৰঞ্জনা দত্ত
কেনিয়াৰ দৌৰবীদ এবেল মুটাই অন্তিম লক্ষ্যৰ পৰা মাত্ৰ কেইমিটাৰ মান দূৰত্বত। হঠাতে তেওঁৰ কাষত থকা চিহ্ন খুটা বোৰৰ চিন বোৰ দেখি ৰৈ গ’ল, ভাবিলে তেওঁ অন্তিম লক্ষ্যত উপনীত হ’ল। স্পেইনৰ দৌৰবীদ ইভান ফাৰ্নাণ্ডেজ তেওঁৰ ঠিক পিছতে আছিল, তেওঁ কি হৈছে ধৰিব পাৰি কেনিয়ান জনক দৌৰি থাকিবৰ বাবে চিঞৰি ক’লে। মুটাইয়ে স্পেনিছ ভাষা নাজানিছিল বাবে ফাৰ্নাণ্ডেজৰ কথা একো বুজি পোৱা নাছিল।
কি হ’বলৈ গৈ আছে তাক অনুমান কৰিব পাৰি ফাৰ্নাণ্ডেজে পিছফালৰ পৰা জোৰত ঠেলা মাৰি মুটাইক বিজয়ৰ লক্ষ্যত উপনীত কৰালে।
এজন সংবাদদাতাই ইভানক প্ৰশ্ন কৰিলে
“তুমি কিয় এনে কাম কৰিলা?”
“মোৰ এটা ডাঙৰ সপোন আছে যে এদিন আমি সকলোৱে এখন সুন্দৰ সমাজত বাস কৰিম য’ত আমি নিজক ঠেলি নিয়াৰ উপৰিও আন সকলোকে সমানে ঠেলি নি বিজয় প্ৰাপ্ত হোৱাৰ বাবে সহায় কৰিম। প্ৰয়োজন সাপেক্ষে পিছফালৰ পৰা ঠেলাও দিম “ ইভানে উত্তৰ দিলে।
সাংবাদিকজনে নেৰানেপেৰাকৈ প্ৰশ্ন সোধাত লাগিল
“কিন্তু তুমি কেনিয়ানজনক বিজয় প্ৰাপ্ত হোৱাত সহায় কৰিলা কিয়?”
ইভানে উত্তৰ দিলে “মই তেওঁক জিকিবলৈ সহায় কৰা নাই। তেওঁ আগতেই বিজয় প্ৰাপ্ত হৈছে। খেলখন তেওঁৰেই আছিল।”
সাংবাদিক জনে আকৌ প্ৰশ্ন কৰিলে “কিন্তু তুমি নিশ্চিত ভাবে জিকিব পাৰিলা হেতেঁন!”
ইভানে তেওঁৰ ফালে চাই হাঁহি এটা মাৰি ক’লে
“কিন্তু এনেদৰে জিকা খেলখনৰ পৰা মই কি পালোহেঁতেন? সেই মেডেলটোৰ কি সন্মান থাকিলহেতেঁন? মোৰ মায়ে এই বিষয়ে কি বুলি ভাবিলেহেতেঁন? এই মূল্যবোধ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বিয়পি পৰিলহেতেঁন।
আমি আমাৰ ল’ৰা-ছোৱালী আৰু ভৱিষ্যত প্ৰজন্মক নৈতিক আৰু মূল্যবোধৰ শিক্ষা দিয়াত বা তেওঁলোকক সৎপথেৰে যোৱাত আৰু কিদৰে অনুপ্ৰাণিত কৰিব পাৰো কওঁকচোন?
দুৰ্বল অসহায় মানুহৰ সহায় হৈ তেওঁলোকক মানসিক আৰু শাৰীৰিক ভাবে সবল কৰি তোলাতকৈ আজিকালি আমাৰ মাজৰ সৰহ ভাগ লোকেই মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকক পিছ পেলাই নিজে আগবাঢ়ি যোৱাত ব্যস্ত। আহক আমি আগবাঢ়ি যোৱাৰ লগে লগে সকলোকে সমান উদ্যমেৰে জীৱন বাটত সুন্দৰ ভাবে আগুৱাই যোৱাত কিছু সহায় কৰোঁ।