মুঠি (সমুদ্রকাজল শইকীয়া)

মুঠি (চনেট)


এনেকৈ ধৰি থাকিনো লাভ কি – মাজে মাজে খুলি দিওঁ হাতৰ মুঠি

পিছ মুহূৰ্ততে এয়া কি ভুল কৰিবলৈ ওলাইছোঁ বুলি মুঠিটো

জোৰেৰে মাৰোঁ। এৰি দিলেই চোন ভাল যেনিয়ে যায় যাওক গুছি।

হাত নেমেলিলেনো ক’ৰ পৰা আহি পৰিবহি মাণিকী মাধুৰীটো?

 

মুঠি মাৰিয়েই ৰাখিব নোৱাৰিম নে সযতনে এই এমুঠন?

হাতৰটো এৰি কিয়নো বাঞ্ছা কৰোঁ বাৰু বাৰে বাৰে বাটৰটোকে?

মুঠিতে ভুকু। মুঠিতে পকাকল। কঠিয়াডৰা। মাহ প্ৰসাদকণ।

তলুৱা ঘামিছে। কিমান সময় সৰকি পৰিল আঙুলিৰ ফাঁকে?

 

টান মুঠি – শিথিল মুঠিৰ খেলাত অৱস হৈ আহিছে স্নায়ুতন্ত্ৰ।

শুনিছোঁ মৰা মানুহৰো মুঠি টান। মুঠি টান হয় খেতিয়কৰ।

ধান খেৰৰ জুমুঠি দেহা। নাজানোঁ কোনে কেনেকৈ কি জাৰিলে মন্ত্ৰ।

জাকৰুৱা মুঠিৰ সমদলতো ভাগ লোৱা নহ’ল এই মুঠিৰ।

 

খুলিলোঁ মুঠি, মাৰিলোঁ মুঠি, লাভৰ মূৰত হাতত একো নৰ’ল,

মুঠতে হাতৰ মুঠিত সোলোক ঢোলোক মুঠেই মুঠিটোহে ৰ’ল।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!