মূল্য – আব্দুল ৰাকিব

মূল্য:
“কথাটো বুজি নেপালোঁ চাৰ!
বাবাটোৰ জন্মদিনৰ আয়োজনৰ বাবে আপুনি তিনি লাখ টকাৰ বাজেট ধৰিছে ৷ অথচ নতুন স্কুলবেগটো কিনিবলৈ অনুমতি নিদিলে !”
উদ্যোগপতিজনে মিচিকিয়ালে ৷
“বেগটো পেলাবৰ হ’ল জানো!
মই তাক মোতকৈও সমৃদ্ধিশালী হোৱাটো বিচাৰোঁ ৷
শৈশৱৰ পৰাই যদি সি সম্পদৰ মূল্য নুবুজে,সম্পদ ৰক্ষা কৰিব কেনেকৈ!”
——————————————————————————————
নিষিদ্ধ:

ল’ৰালিৰ প্ৰিয়তম বন্ধুৰ বিয়া ৷
সেই কলনিখনত যে তেওঁৰ কিমান স্মৃতি ৷
কিন্ত তেওঁ যাব নোৱাৰে৷
মন্ত্ৰী হ’ল বাবে!
নাঃ!
কেনেকৈ যাব?
ঠিকাদাৰে যোগান ধৰা অভিসাৰিকা আৰু সুৰাৰ বটলটো সাৱটি কলনিখন উচ্ছেদৰ আদেশটো
তেৱেঁই দিয়া নাছিল জানো!
বৰ্তমানক বেচি সোনালী ভৱিষ্যতৰ মৰীচিকা খেদা দুৰ্ভগীয়া মন্ত্ৰীজনৰ আজি
শৈশৱত প্ৰবেশ নিষিদ্ধ৷
——————————————————————————————-
জল কুঁৱৰী :

শৈশৱতে হেঁপাহ জাগিছিল৷
পুৰ্ণিমাৰ চোতালত তৰাৰ চন্দ্ৰতাপৰ তলত
আইতাকে কোৱা সাধুবোৰৰ নায়িকাৰ প্ৰতি তাৰ কৌতূহল তীব্ৰ হৈ আহিছিল৷
পুৱতি নিশাতে লাঙি জালখন লৈ ওলাই যোৱা তাৰ ডেকা মনটোৰ অৱচেতন গৰা এটাত শৈশৱৰ হেঁপাহটো কিবাকৈ তেতিয়াও ওলমি আছিল৷
আহহহ্,
কেনেবাকৈ লগ পাই গ’লে!!
সেইদিনা সি মাছলৈ যাওঁতে আকাশত পুৱতি তৰাটোৱে বেচিকৈ টিপ টিপাইছিল৷
তাৰ মাছ ধৰা নহ’ল৷
জীৱনৰ গৰিমা হেৰুৱাই ডুবিটোত জাপ দিয়া ছোৱালীজনীক সি মৰিবলৈ নিদিলে৷
পৃথিৱীয়ে পোহৰ দেখাৰ আগতেই তাইৰ জীৱনৰ অন্ধকাৰক আন্ধাৰতে সামৰি এটা নতুন আলোকৰ প্ৰতিশ্ৰুতি দি সি ঘৰ সোমোৱালেহি৷
বাৰী মাকক ক’লে,
“আই তোৰ কাৰণে জলকুঁৱৰী আনিলো৷”
—————————————————

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!