মূল্য — হোমেন শইকীয়া

বিলাসী গাড়ীৰ আৰামি জীৱন
আৰামি শুৱনি কোঠা,
আত্মীয়ৰ লগত লাহ-বিলাসিতাই
জীৱনৰ যেন শিৰোনামা।

আনন্দ ফুৰ্তিৰ মাজতে আবদ্ধ
তেনেজন আৰামি মানুহৰ জীৱন,
তাতোতকৈ আনন্দৰ সমভাগি হৈছে
বিলাতী কুকুৰৰ মিলন।

অথচ এটা চুইছৰ তিপাতেই
বন্ধ হৈ যায় গাড়ীৰ আইনা খন,
নিজৰ কোটি টকাৰ মাজতো বিচাৰি নাপাই
সামান্য দহ টকীয়া নোট এখন,
যেতিয়াই খিড়িকীৰ কাষত আহি পৰে
সৰু মলিময় হাত খন।

পিন্ধনত সামান্যতম ফটা কাপোৰযোৰ
জধলা চুলি কোছাৰ সৈতে,
মুখত ক্ষীণ আৰু অকৃপন হাঁহিটোৰে
গাড়ীৰ খিড়িকীলৈ আগবঢ়াই হাতখন
কেৱল ৰাতিৰ আহাৰ মুঠিৰ বাবে।

দৰিদ্ৰতাৰ অলংকাৰেৰে বিভূষিত
অকণমানি ল’ৰা-ছোৱালী কেইটা,
সামান্যতম দহটকীয়া নোট খনেই দিয়ে
সীমাহীন আনন্দৰ মধুময়তা খিনি।

ফুট-পাথৰ কাষৰ সৰু পঁজাটোত
বিৰিঙি উঠে ক্ষীণ মমডালৰ
পোহৰকণ,
যদিহে লাখ টকীয়া মানুহজনৰ
অকণমান দয়া ওপজে তেনেজনৰ ওপৰত,
যদিহে তুলি দিব পাৰে সামান্যতম টকাৰ নোট এখন সিহঁতৰ হাতত।

পিছে তেনেবোৰ কথাৰনো
প্ৰয়োজনীয়তা বা ক’ত?
নিজৰেই যেতিয়া বিলাসী জীৱন
উপলব্ধিনো হয় কেনেকৈ!

বিলাতী কুকুৰৰ বিলাতী আহাৰ
বিলাসী গাড়ীৰ বিলাসী যাত্ৰা
নতুন কাপোৰৰ নতুন ফেশ্যন,
এই বোৰতেইটো উৰি যায় তেওঁলোকৰ
হাজাৰ হাজাৰ টকাৰ টোপোলা।

তাৰ পৰা জানো কিবা লাভ হয়
তেনেজন লাখপতি মালিকৰ?
মানুহৰেই যদি নুবুজা মূল্য
অৰ্থহীন তোমাৰ সকলোতি ব্যয়ৰ।

মূল্য বুজি উঠা মাথোঁ মানুহৰ বন্ধু
বিলাতী কুকৰৰ নহয়,
মৰম আৰু শ্ৰদ্ধা দিয়া মাথোঁ মানুহক
তোমাৰ লাখ টকীয়া সম্পত্তিক নহয়।

মৰিলেও কান্ধত নিব তোমাক
চাৰিটি মানুহেই নদীৰ পাৰলৈ বুলি,
যত আছে ধন-সোন আৰু সম্পত্তি
ইয়াতেই থাকিব পৰি,
সিপুৰিলৈ বুলি মাথোঁ ঢাপলি মেলিব
তোমাৰ সকলোটি এৰি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!