মূল-হুমায়ূন আহমেদ/অনুবাদ — কলচুম বিবি
সিহঁত
নিউৰ’লজিৰ অধ্যাপক ৰহমান খান বৰ বিৰক্ত হৈছে। তেওঁৰ সন্মুখত বহি থকা বুৰ্বকটোক জোৰকৈ এক থাপ্পৰ দিবলৈ বৰ ইচ্ছা হৈছে। বুৰ্বকটো তেওঁৰ সন্মুখত টেবুলখনৰ অন্য এটা মূৰত বহিছে। ইমান দূৰ পৰ্য্যন্ত হাত নাযায়। অৱশ্যে তেওঁৰ হাতত প্লাষ্টিকৰ দীঘল স্কেল এডাল আছে। তেওঁ স্কেলেৰে বুৰ্বকটোৰ মাথাত থাচ কৰি কোব দি ক’ব পাৰে-যা ভাগ।
কি কি কাৰণত তেওঁ এই কামটো কৰিব নোৱাৰিলে তাৰ দ্ৰুত চিন্তা কৰিব ধৰিলে।
প্ৰথম কাৰণ মুৰ্খটোৱে তাৰ ল’ৰাটোক লৈ আহিছে। ল’ৰাৰ সন্মুখত দেউতাকৰ গালত থাপ্পৰ দিব নোৱাৰি বা স্কেলেৰে মূৰত কোব মাৰি দিয়া নাযায়। থাপ্পৰ গ’ল। এইটো টেকনিকেলি সম্ভব নহয়। বাকী থাকিল স্কেলৰ কোব।
দ্বিতীয় কাৰণ বুৰ্বকটোৱে পাঁচশ টকা ভিজিট দি তেওঁৰ কাষলৈ আহিছে। চৰকাৰী নিয়মমতে প্ৰাইভেট প্ৰেকটিচনাৰসকলে তিনিশ টকাৰ বেছি ভিজিট লব নোৱাৰে। তেওঁ লয়- তাৰপিছতো ৰোগী নকমে। যিয়ে পাঁচশ টকা ভিজিট দি আহিছে তাৰ মূৰত স্কেলেৰে কোবাব নোৱাৰি।
তৃতীয় কাৰণ স্কেলপাত প্লাষ্টিকৰ। তেওঁ যোৱাবাৰ জাৰ্মানীৰ পৰা আনিছে। স্কেলপাত তিনিফুট দীঘল। ফোল্ড কৰিব পাৰি। মূৰত মাৰি দিলে স্কেলপাত ভাঙি যাব পাৰে।
অধ্যাপক আনিচুৰ ৰহমানে স্কেলপাত হাতত লৈ ভ্ৰূ কোঁচ খুৱাই ভাবিছে এই তিনিটা কাৰণৰ কোনটোৰ জোৰ আছে। বৈজ্ঞানিকভাৱে ক’ব পাৰি ৱেইটেজ ক’ত আছে?
তেওঁ লক্ষ্য কৰিলে বুৰ্বকটোৱে পকেটত হাত ভৰাই কাৰ্ড বাহিৰ কৰি তেওঁৰ ফালে আগুৱাই দিছে।
-চাৰ এইখন মোৰ কাৰ্ড। মোৰ নাম জালাল। কাপোৰ কাটিঙৰ ব্যৱসায় কৰোঁ। বঙ্গবাজাৰত মোৰ এখন দোকান আছে। মোৰ ভতিজাই দোকান চায়, মই সময় নাপাওঁ। দোকানৰ নাম জালাল গাৰ্মেণ্টচ।
আনিচুৰ ৰহমানে হাতৰ স্কেল নমাই থ’লে। টিচু বক্সৰ পৰা টিচু পেপাৰ আনি নিজৰ নাকটো মচি টিচু পেপাৰ ৱেষ্ট পেপাৰ বক্সটোৰ ফালে দলিয়াই দিলে। বাস্কেট নপৰিল। যেতিয়াই তেওঁ ৰোগী চোৱাৰ সময়ত এই কামটো কৰে আৰু যেতিয়াই ৱেষ্ট বক্সত টিচু নপৰে তেতিয়াই তেওঁ ধৰি লয় এই ৰোগীৰ চিকিৎসাই কোনো ফল নিদিয়ে। যদিও এইধৰণৰ কথা মনত ভাবি লোৱাৰ কাৰণ নাই। কুসংস্কাৰ, বেয়া ধৰণৰ সংস্কাৰ। বিজ্ঞানৰ মানুহ হৈ এইধৰণৰ কামক প্ৰশ্ৰয় দিয়া উচিত নহয়।
-চাৰ মোৰ দোকানখনত এবাৰ যদি পদধূলি দিয়ে তেনেহ’লে অত্যন্ত সুখী হম। আপোনাৰ দৰে কেইবাজনো বিশিষ্ট ব্যক্তি বজাৰলৈ যাব।
-আপোনাৰ নাম জালাল?
-হয়। মোৰ ভতিজাৰ নাম ৰিয়াজ। ফিল্ম আৰ্টিষ্ট ৰিয়াজ যে আছে তেওঁৰ সৈতে চেহেৰাৰ কিঞ্চিত মিলো আছে। যদিও তাৰ গাৰ ৰং ৰিয়াজ ভাইতকৈ ভাল।
-আপুনি আপোনাৰ ল’ৰাটো ডাক্তৰক দেখুৱাবলৈ আহিছিল?
-হয় জোনাব। মোৰ এটাই ল’ৰা তাৰ নাম হাৰুন। ভাল নাম হাৰুন অৰ ৰচিদ। বাগদাদৰ খলিফাৰ নামেৰে নামে ৰাখিছোঁ।
-আপুনি ইমান কথা কিয় কৈছে জানিব পাৰোনে? ৰোগী দেখুৱাবলৈ আহিছে ৰোগীৰ বিষয়ে কথা ক’ব। কি ৰোগ সেইটো ক’ব। পৃথিৱীৰ কথা আৰম্ভ কৰিছে।
-জোনাব মোৰ ভুল হৈছে। ক্ষমা কৰি দিব। আগতে মই ইমান কথা কোৱা নাছিলোঁ। কম কৈছিলোঁ। পত্নীৰ মৃত্যুৰ পিছত কথা কোৱাটো বাঢ়ি গৈছে। আগতে পাণো খোৱা নাছিলোঁ। পত্নীৰ মৃত্যুৰ পিছৰ পৰাই পাণ খাবলৈ ধৰিছোঁ-এতিয়া দিনভৰ পাণ খাওঁ। ক’লে বিশ্বাস নকৰিব চাহ য’ত খাওঁ তাতে এগালমান পাণ থাকে।
-আপোনাৰ ল’ৰাৰ সমস্যা কি?
-অঙ্ক সমস্যা।
-অঙ্ক বুজিব নোৱাৰাৰ সমস্যা?
-নহয়, এইটো সি বুজে। যি অঙ্ক দিব চকুৰ পলকতে কৰি দিব। চকুৰ পতা পেলোৱাৰ আগতেই অঙ্ক শেষ।
-এইটোতো কোনো সমস্যা হব নোৱাৰে।
-সঁচা কথা কওঁ চাৰ। এইটো ভাল। তাক টেষ্ট কৰিবৰ বাবে দূৰ দূৰণিৰ পৰা মানুহ আহে। এবাৰ মেগাজিন অনুষ্ঠানলৈ লৈ যাবলৈ টেলিভিচনৰ পৰাও আহিছিল। লৈ গৈছিল। মেগাজিন অনুষ্ঠানটো আপুনি চাইছেনে নাই নাজানো। বহুতেই চাইছে। মই নিজে চাব পৰা নাই। বচা বচা অনুষ্ঠান চলাৰ সময়ত কাৰেণ্ট নাছিল। অনুষ্ঠানৰ শেষত এটা পুৰণি দিনৰ গান আছিল- “আমাৰ স্বপ্নে দেখা ৰাজকন্যা থাকে, সাত সাগৰ তেৰ নদীৰ।” এইটো মাত্ৰ দেখিছোঁ। সাগৰিকা ছবিৰ গান। সাগৰিকা ছবিখনো চাইছোঁ। উত্তম সুচিত্ৰাৰ ছবি।
-জালাল চাহাব।
-হয়
-আপুনি আপোনাৰ ল’ৰাটো লৈ গুচি যাওক। এই ল’ৰাটোক চাবলৈ একো নাই। মই নিউৰ’লজিৰ কিবা সমস্যা হ’লেহে চাওঁ।
-পাঁচশ টকা মই আপোনাৰ এচিষ্টেণ্টটক ভিজিট দিছোঁ।
-ভিজিটৰ টকা ঘূৰাই লৈ যাব মই কৈ দিছোঁ। আনিচুৰ ৰহমানে বেল টিপিলে।
-জালালে কাতৰ হৈ ক’লে, জোনাব সমস্যাটো এবাৰ শুনক। মইতো সমস্যা ক’বই পোৱা নাই। বৰ বিপদত আছোঁ।
-মোৰ নিজৰো শৰীৰ ভাল নহয়। আজি মই ৰোগী নাচাওঁ।
-কাইলৈ আহিম? কাইলৈ অৱশ্যে মোৰ মাল লৈ চাঁপাইনবাবগঞ্জ যোৱাৰ কথা। মই নিজে মাল লৈ ক’লৈকো যোৱা নাই। ল’ৰা অকলে থাকে। মাক মৰা স্নেহ বঞ্চিত ল’ৰা। তাৰ লগতে থাকিব লাগে। এই যে কাইলৈ যাম ল’ৰাকো লগত লৈ যাম। মাল লৈ যোৱাৰ বাবে মোৰ এজন কৰ্মচাৰী আছিল-ইদৰিচ নাম। যোৱা এপ্ৰিল মাহৰ ন তাৰিখে এঘাৰ হাজাৰ টকাৰ মাল আৰু নগদ ছয় হাজাৰ টকা লৈ পলাইছে। থানাত জিডি এণ্ট্ৰি কৰিছোঁ।
-ষ্টপ ইট।
-জোনাব কি ক’লে?
-ষ্টপ ইট বুলি ক’লোঁ। কথা নক’ব।
-হয় বাৰু। ল’ৰাটোক এবাৰ চাবনে?
-চাইছোঁ আপোনাৰ ল’ৰাক। দয়া কৰি কথা নক’ব।
-আজি চাই দিলে বৰ উপকাৰ হ’ব। তেতিয়াহ’লে কাইলৈ আহিবলগীয়া নহয়। পাৰ্টিক মোবাইলেৰে খবৰ দিছোঁ। পাৰ্টিয়ে যদি দেখা পায় মই কথা দি কথা ৰখা নাই তেনেহ’লে পিছত সমস্যা হ’ব। ব্যৱসায়ৰ আচল পুঁজি গুডউইল।
-ষ্টপ ইট।
-হয় বাৰু।
-আপুনি দয়া কৰি বাহিৰত গৈ বহক। মই আপোনাৰ ল’ৰাৰ লগত কথা পাতিম।
-মই বাহিৰলৈ গুচি গ’লে লাভ নহ’ব ছাৰ। মোৰ ল’ৰাই দেউতাক অবিহনে একো নুবুজে। তাৰ মাক যেতিয়া জীৱিত আছিল তেতিয়াও এই অৱস্থাই আছিল। এইটো লৈয়ে তাৰ মাকৰ বৰ আক্ষেপ আছিল। তাৰ মাকে হাৰুন হাৰুন বুলি গল ফালি দিলেও ল’ৰাই উত্তৰ নিদিয়ে। অথচ মই এবাৰ লাহেকৈ হাৰুন বুলি মাতিলে –দেউতা বুলি দৌৰি আহে। লোকৰ মুখত শুনো ল’ৰাবোৰ মাকৰ ভক্ত। ছোৱালীবোৰ বাপেকৰ ভক্ত। আমাৰ ক্ষেত্ৰত উল্টা নিয়ম।
-জালাল চাহাব।
-হয়।
-আপুনি বাহিৰলৈ গৈ বহিব? এতিয়াই বাহিৰলৈ যাওক। ৰাইট নাও। আপুনি যদি তিনি ছেকেণ্ডৰ ভিতৰত বাহিৰলৈ নাযায় মই দাৰোৱানৰ জৰিয়তে বাহিৰ কৰি দিম।
-খং কৰিছে কিয় ছাৰ?
-তিনি ছেকেণ্ড। জাষ্ট থ্ৰি ছেকেণ্ড।
জালাল মিঞা থিয় হ’ল। তাৰ ল’ৰাটোও লগে লগে উঠি থিয় হ’ল। জালাল মিঞাই ক’লে, বাবা তুমি বহা। ডাক্তৰ চাহাবে তোমাৰ লগত কথা পাতিব।
ল’ৰাটো লগে লগে বহিল।
-তেওঁ যি সুধিব উত্তৰ দিবা। তোমাৰ যে মাথাত যন্ত্ৰণা হয় এইটো ক’বা।
ল’ৰাটোৱে মূৰ লৰাই সঁহাৰি দিলে।
-বাবা মই বাহিৰত আছোঁ কোনো সমস্যা নাই।
ল’ৰাটোৱে এইবাৰো অতি বাধ্য ল’ৰাৰ দৰে মূৰ লৰালে।
আনিচুৰ ৰহমান খান ল’ৰাটোৰ ফালে চালে। শান্ত, ভদ্ৰ অৱয়ব। চুলি পৰিপাটিকৈ আঁচুৰিছে। যদিও মূৰত চুলি কম। এই বয়সত ল’ৰাটোৰ মূৰত সম্পূৰ্ণ চুলি থাকিব লাগে। বুদ্ধিহীন ডাঙৰ ডাঙৰ চকু। চকুৰ দৃষ্টি টেবুলৰ খুৰাৰ ফালে।
-তোমাৰ নাম কি?
-হাৰুন অল ৰচিদ।
-বাগদাদৰ খলিফা?
-নহয়।
-মই তোমাক ধেমালি কৰিছোঁ, তুমি যে বাগদাদৰ খলিফা নহয় সেয়া মই জানো। তোমাৰ সমস্যাটো কি?
-নাজানো।
-তোমাৰ দেউতাই তোমাক মোৰ কাষলৈ কিয় আনিছে?
-নাজানো।
-তোমাৰ দেউতাই তোমাৰ মূৰত বিষ হোৱাৰ কথা কৈছিল। মূৰ বিষায় নেকি?
-হয়।
-কেতিয়া?
-যেতিয়া অঙ্ক কৰোঁ।
-মইতো শুনিলোঁ তুমি ডাঙৰ গণিতজ্ঞ। অঙ্ক কৰিলেই যদি মূৰ বিষায় তেনেহ’লে কি হ’ব? এতিয়া মূৰত বিষ আছে?
-নাই।
-আচ্ছা তোমাক এটা অঙ্ক কৰিবলৈ দিওঁ–চাওঁ অঙ্কটো কৰাৰ সময়ত মূৰৰ বিষ হয় নে নহয়। দুইৰ লগত চাৰি যোগ কৰিলে কিমান হয়?
হাৰুন অল ৰচিদে এই প্ৰশ্নটোৰ লৰালৰিকৈ উত্তৰ নিদিলে। টেবুলৰ খুৰাৰ পৰা মূৰ তুলি আনিচুৰ ৰহমানৰ ফালে চাই ভয়ে ভয়ে ক’লে- ছয় হয়।
আনিচুৰ ৰহমানে ক’লে- এইটো পাৰিছা। তুমি যে এজন গণিতজ্ঞ তোমাৰ দেউতাই ঠিকেই কৈছিল। কাগজ কলম অবিহনেই অংকটো কৰি পেলালা। এতিয়া কোৱা মূৰ বিষাইছে?
-মূৰ বিষোৱা নাই।
-তোমাৰ কোনো অসুখ-বিসুখ নাই। যোৱা ঘৰলৈ যোৱাঁ। ঘৰলৈ গৈ শুবাগৈ।
হাৰুন ঠিয় হ’ল। আনিচুৰ ৰহমানে ক’লে, তুমি তোমাৰ দেউতাক কম কথা ক’বলৈ কবা। মোৰ ধাৰণা তোমাৰ দেউতাৰ অনৰ্গল কথা শুনা বাবে তোমাৰ মূৰত ধৰে। আচ্ছা যোৱা বিদায়।
হাৰুন অল ৰচিদ আনিচুৰ ৰহমানক অবাক কৰি ক’লে, দেউতাৰ কথা শুনিলে মোৰ মূৰত নধৰে। আপুনি যিবোৰ অঙ্ক দিছে সেইবোৰ অঙ্ক কৰিলেও মূৰত নধৰে। সিহঁতে যি অঙ্ক দিয়ে সেইবোৰ কৰিলেহে মূৰত ধৰে।
-সিহঁত মানে কোন?
-মই সিহঁতক চিনি নাপাওঁ। ক’তো দেখা নাই। তেওঁলোকে হঠাৎ মূৰৰ ভিতৰত অঙ্ক দি দিয়ে।
-তুমি বহা।
হাৰুন বহিল। আনিচুৰে তাৰ ফালে হাউলি আহি ক’লে, স্পষ্টকৈ কোৱাঁ কি ক’বলৈ বিচাৰিছা? মূৰৰ ভিতৰত অঙ্ক কিদৰে সুমুৱাই দিব? নাকৰ ফুটাৰে? কথা কোৱা নাই কিয়? কথা কোৱাঁ।
হাৰুন অল ৰচিদ আকৌ চকীৰ খুৰাৰ ফালে চাই আছে। আনিচুৰ ৰহমানে ল’ৰাটোক ধমক দিবলৈ গৈয়ো দিব নোৱাৰিলে। কাৰণ ল’ৰাটোৱে কান্দিছে।
-কান্দিছা কিয়?
-আপুনি মোৰ সৈতে ঠাট্টা কৰিছে এইবাবে কান্দিছো।
-চ’ৰি আৰু ঠাট্টা নকৰোঁ। কোক খাবা? মোৰ ফ্ৰিজত কোকৰ কেন আছে। খাবা?
-হয় খাম।
আনিচুৰ ৰহমান খান ল’ৰাটোৰ ফালে চাই আছে। তেওঁৰ চকুত এতিয়া মমতাৰ গভীৰ চাপ। ল’ৰাটো অনেক সময় ধৰি মানসিক চাপত আছিল এই অৱস্থাত তাক কোক খাবলৈ কোৱা হৈছে। তাৰ অৱস্থাত আনে কেতিয়াও নকয় খাম বুলি। সি কৈছে। তাক কোক দিয়া হৈছে। সি আগ্ৰহ কৰি চুমুক দিছে। ল’ৰাটোৰ চেহেৰা সুন্দৰ। বেছ সুন্দৰ। মুখমণ্ডল অত্যন্ত মায়াসনা।
দৰ্জাত শব্দ হ’ল। ল’ৰাৰ দেউতাকে মূৰ উলিয়াই সুধিলে, চাৰ আহিম?
আনিচুৰ ৰহমানে কঠিন মাতেৰে ক’লে, না।
-ঠিক আছে ছাৰ। মই বাহিৰতে আছোঁ। এক মিনিট সময় দিলে হাৰুনৰ মূল বিষয়টো কওঁ। সি ভালদৰে ক’ব নোৱাৰিব। নাৰ্ভাচ স্বভাৱৰ ল’ৰা।
-আপুনি বাহিৰত বহক।
-ভাল বাৰু ছাৰ। প্ৰয়োজন হ’লে মাত দিব মই যাম। অলপ সময়ৰ কাৰণে মাত্ৰ ৰাস্তাৰ কাষত থকা পাণ-চিগাৰেটৰ দোকানখনলৈ যাম। পাণ শেষ হৈ গৈছে। ছাৰ আপোনাৰ কাৰণে এটা পাণ আনিম নেকি? মোৰ লগত ময়মনসিংহৰ বৰ ভাল জৰ্দা আছে, মিকচাৰ জৰ্দা।
-আপুনি বাহিৰতে থাকক। দৰ্জা বন্ধ কৰি দিয়ক। অলপ সময়তে বহুত কথা কৈ পেলাইছে।
দৰ্জা বন্ধ হ’ল। আনিচুৰ ৰহমানে ল’ৰাটোৰ ফালে চাই ক’লে, তুমি ক’বলৈ বিচাৰিছা যে তোমাৰ মূৰৰ ভিতৰত কোনোবাই যেন অঙ্ক সুমুৱাই দিয়ে।
-হয়।
-আৰু তুমি সেই অঙ্ক কৰি থাকা?
-হয়।
-অঙ্ক কৰা শেষ হ’লে তেওঁলোকে কি অংকৰ উত্তৰ নিবলৈ তোমাৰ কাষলৈ আহে?
-নাহে।
-তেনেহ’লে তেওঁলোকে অঙ্কৰ উত্তৰ পায় কেনেকৈ?
-তেওঁলোকে মূৰৰ ভিতৰৰ পৰাই লৈ যায়।
-অঙ্ক দিয়া-নিয়া এইটো কি তোমাৰ মাৰ মৃত্যুৰ পিছৰ পৰা আৰম্ভ হৈছে?
-নাই তাতকৈয়ো আগতে। মই যেতিয়া ক্লাছ ফ’ৰত পঢ়োঁ তেতিয়া।
-প্ৰথম তোমাক যিটো অঙ্ক কৰিব দিছিল সেইটো তোমাৰ মনত আছে?
-আছে।
-অঙ্কটো কোৱা মই কাগজত লিখি লও।
-ক’বলৈ নোৱাৰো।
-কিয়?
-ক’বলৈ মন যোৱা নাই।
-সিহঁতে যি অঙ্ক দিয়ে সেইবোৰ কৰিবলৈ তোমাৰ কিমান সময় লাগে?
-কোনো কোনোটোৰ খুব কম সময় লাগে। আকৌ কোনো কোনোটোত বহুত বেছি সময় লাগে। শেষ নহয় চলিয়েই থাকে।
-এতিয়া কি কিবা অঙ্ক কৰিছা?
-হুঁ। এই শেষে হোৱা নাই। সহজ অঙ্ক কিন্তু শেষ নহয়।
-এই অঙ্কটো কি মোক ক’বানে?
-এইটো হ’ল এটা হৰণ অঙ্ক। বাইশক সাতেৰে হৰণ।
-এইটোতো খুব সহজ অঙ্ক। ৰ’বা মই চাওঁ-আনিচুৰ ৰহমানে কাগজ কলম আনিলে। হাঁহিমুখে ক’লে, এইটো হৈছে -৩.১৪২।
হাৰুনে ক’লে, শেষ কৰক। শেষ নহ’ব, চলিয়েই থাকিব।
আনিচুৰ ৰহমানে ক’লে, শেষ নহ’ব মানে কি? শেষ হ’বই হ’ব। এটা সময়ত পৌনঃপুনিকলৈ আহিব। পৌনঃপুনিক কি জানা?
-জানো।
-স্কুলত শিকাইছে?
-না তেওঁলোকে শিকাইছে।
-তেওঁলোক মানে কোন?
-মই নাজানো।
-এজন নহয় অনেক জন?
-অনেকজন। সিহঁতৰ মাজত এজনী ছোৱালী আছে।
-ছোৱালী আছে বুজিলোঁ, কি কৰে, তাইৰ চেহেৰা দেখিছা?
-নাই। ডিঙিৰ মাত শুনিছোঁ।
-ডিঙিৰ মাত কেনেকুৱা?
-বৰ মিঠা কিন্তু ভগা ভগা।
-তেওঁলোকে তোমাক কেৱল অঙ্কই দিয়ে নে গল্প-গুজবো কৰে?
-ছোৱালীজনীয়ে মাজে মাজে ধেমালি কৰে।
-কি কয়?
-কয় যে তেওঁলোকে কেৱল মোৰ দ্বাৰা অঙ্ক কৰায় সেইটো নহয় বহুতক দি কৰায়।
-তুমি কেতিয়াও সোধা নাই- আপোনালোক কোন?
-সুধিছিলো। তেওঁলোকে উত্তৰ নিদিয়ে, কেৱল হাঁহে।
আনিচুৰ ৰহমানে ঘড়ীৰ ফালে চালে। ৰাতি দহটা বাজে। নিজৰ ওপৰতেই তেওঁৰ এতিয়া বিৰক্তি লাগিছে। তেওঁ ল’ৰাটোক দীঘলীয়া সময় দিলে। যাৰ কোনো প্ৰয়োজন নাছিল। এওঁলোক আছিল শেষ ৰোগী সেইবাবেই সময় দিয়া গৈছে। তাৰ বাহিৰে কাইলৈ শুক্ৰবাৰ। তেওঁৰ চেম্বাৰ বন্ধ। ল’ৰাটো সুস্থ তথা স্বাভাৱিক। সামান্য কিছু হয়তো মানসিক সমস্যা আছে। সেই সমস্যাৰ সমাধান চাইকিয়াট্ৰিষ্টে কৰিব। তেওঁ চাইকিয়াট্ৰিষ্ট নহয়। এই কথাটো ল’ৰাটোৰ দেউতাকক বুজাই ক’ব লাগিব। তথাপিও সেই অলগৰ্দ্ধটোৰ লগত কথা পাতিবলৈ নাপালে ভাল হয়। তাৰ লগত কথা পতাৰ অৰ্থ এখন উপন্যাসৰ অৰ্দ্ধেক অংশ শুনি পেলোৱা।
আনিচুৰ ৰহমান ঘৰলৈ ৰাতি এঘাৰটাত উভতিল। আধাঘণ্টা দেৰিকৈ। তেওঁৰ ৰুটিন হৈছে চাৰে দহটাৰ ভিতৰত ঘৰলৈ উভতি অহা। ডাঙৰ টাৱেল এখন মেৰিয়াই খালী দেহাৰে ৰকিং চেয়াৰত ক্ষন্তেক বিশ্ৰাম কৰা। বিশ্ৰাম কৰি কৰিয়েই খবৰ কাগজ পঢ়া। আনে খবৰ কাগজ পঢ়ে ৰাতিপুৱা। তেওঁ এই সময়ত পঢ়ে। তেওঁৰমতে কিছুমান খোৱা বস্তু আছে তাজা তাজা খাবলৈ ভাল নহয়, অলপ বাহী হ’লে ভাল লাগে। বাংলাদেশৰ খবৰ সেই পৰ্যায়ৰ। বাহী ভাল, তাজা ভাল নহয়। তেওঁ খবৰ কাগজ পঢ়ি পঢ়িয়েই ঘৰত ব্ৰিউ কৰা এক মগ ব্লেক কফি খায়। তেওঁৰ একমাত্ৰ কন্যা জেনিফাৰৰ লগত ধেমালি কৰে। পত্নী ৰুমানাৰ লগত কথা পাতে। ঠিক এঘাৰটাত বাথৰূমত সোমায়। বাকী আধাঘণ্টা বাথৰূমৰ বাথটাবত কটায়। বাথটাব পানীৰে ভৰি থাকে। তেওঁ ডিঙিলৈকে ডুবি পানীতে শুই থাকে। কফিৰ মগটো তেতিয়াও শেষ নহয়। তেওঁ কফিত চুমুক দিয়ে। বাথৰূমৰ দৰ্জা খোলা থাকে। জেনিফাৰে যাতে বাথৰূমলৈ অহা-যোৱা কৰিব পাৰে তাৰবাবে এই ব্যৱস্থা। তাই দেউতাকৰ অসম্ভব অনুৰাগী। দেউতাক যিমান সময় ঘৰত থাকে সিমান সময় কিছু ক্ষণৰ পিছে পিছে তাই দেউতাকৰ লগত কথা পাতিবলৈ বিচাৰে।
তেওঁ আজি পলমকৈ উভতিল কিন্তু সময়মতেই বাথৰূমত সোমাল। মাজৰ আধাঘণ্টাৰ কাৰ্যসূচী বাতিল হৈ গ’ল। জেনিফাৰে তেওঁক কফিৰ মগ দি গ’ল। মিহিকৈ ক’লে, খবৰ কাকত দিমনে দেউতা?
আনিচুৰ ৰহমানে ক’লে, না।
-তুমি আজি ৰাতি মোৰ লগত মুভি চাবা নেকি?
-চাব পাৰি। কাইলৈ ছুটি বাবে ৰাতি সাৰে থাকিব পাৰি। কিবা ভাল মুভি আনি ৰাখিছ?
-এমেডিউচ চাবা?
-বিষয়বস্তু কি?
-মোজাৰ্টৰ লাইফ।
-এইবোৰ হাই ফাই বিষয় ভাল নালাগে। ভূত-প্ৰেতৰ ছবি আছে নে?
-বহুতকেইখন আছে কোনখন চাব?
-যিখন সকলোতকৈ ভয়ঙ্কৰ সেইখন, আৰু এটা কথা মা তোৰ কেলকুলেটৰ আছেনে?
-আছে।
-এটা কাম কৰাচোন পটককৈ ২২ ক ৭ ৰে হৰণ কৰি ৰিজাল্টটো লৈ আহ।
-কিয়?
-এনেই।
আনিচুৰ ৰহমান গাত চাবোন সানিব ধৰিলে। আজিৰ কফিটো আন দিনাতকৈ খাই ভাল লাগিছে। এইটো চিন্তাৰ বিষয়। তেওঁ দীৰ্ঘদিনৰ অভিজ্ঞতাৰ পৰা দেখিছে যে ৰাতি কফি খাই বৰ ভাল লাগে বাবে নৈশ আহাৰ খাই ভাল নালাগে।
তেওঁ দুপৰীয়া এটা কল আৰু ছেণ্ডুইচ খায়। ৰাতিৰ খোৱাটো এইবাবেই তেওঁৰ বাবে জৰুৰী।
জেনিফাৰে বাথৰুমত কেলকুলেটৰ লৈ সোমাল। মিহিকৈ ক’লে, হৰণ কৰিলোঁ। ৰিজাল্ট হৈছে ৩.১৪১৮ ৫৭১৭
আনিচুৰ ৰহমানে ক’লে, ইমানেই।
জেনিফাৰে ক’লে, মোৰ কেলকুলেটৰ দশমিকৰ পিছত আঠ ডিজিট পৰ্যন্ত হয়, ইয়াতকৈ বেছি নহয়।
-আচ্ছা ঠিক আছে।
-তুমি এইটোৰে কি কৰিবা?
-এনেই, কোনো কাৰণ নাই। আজি ৰাতি কি ৰান্ধিছে?
-আজি ৰাতি তোমাৰ খুব পচন্দৰ খানা আছে। ইলিশ মাছৰ কণীৰ ভূনা। ভকুৱা মাছৰ মাথাৰ মুড়িঘণ্ট।
-মাংস নাই?
-বোধকৰো নহয়। মাংস ৰান্ধিবলৈ কম?
-প্ৰয়োজন নাই। তই এটা কাম কৰচোন মা, এই অঙ্কটো কম্পিউটাৰত কৰি চা আৰু বেছি ডিজিট পোৱা যায় নে নাযায়।
-কিয় দেউতা?
-এনেই মা। No particular reason.
ৰাতি খাবলৈ গৈ আনিচুৰ ৰহমান আচৰিত হ’ল। মাছৰ বাহিৰেও দুই ধৰণৰ মুৰ্গীৰ জাল ফ্ৰাই, গৰুৰ কলিজা ভূনা। এজন ডাক্তৰ হিচাপে কলিজা ভূনাৰ দৰে হাই কলেষ্টৰেল ডায়েট খোৱা একেবাৰেই উচিত নহয়। কিন্তু যাবতীয়া হাই কলেষ্টৰেল ডায়েট তেওঁৰ অতি পচন্দৰ।
ৰুমানাই ক’লে, তুমি জেনিফাৰক পাইৰ ভেলু উলিয়াব দিছা কিয়?
আনিচুৰ ৰহমানে ক’লে, বাইশক সাতেৰে হৰণ কৰিবলৈ কৈছোঁ।
-এইটো হ’ল পাই। পৰিধি ডিভাইডেড বাই ব্যাস। পৰিধি হৈছে 2πr আৰু ব্যাস হৈছে 2r, হৰণ কৰিলে থাকে π।
-তুমি এইবোৰ জানা কেনেকৈ?
ৰুমানাই ক’লে, তুমি প্ৰায়েই ভুল কৰা যে মই ফিজিক্স পঢ়িছোঁ।
আনিচুৰ ৰহমানে ক’লে, এইটোতো ফিজিক্স নহয় এইটো মেথ।
ৰুমানাই ক’লে, মনে মনে খোৱাচোন। কোনটো ফিজিক্স কোনটো মেথ সেইটো লৈ তুমি গৱেষণা কৰিব নালাগে।
আনিচুৰ ৰহমানে ক’লে, পাই বস্তুটোৰ মান কিমান?
-মান হ’ল ৩ .১৪।
-এইটো হ’ব কেনেকৈ এইটোতো পইণ্ট ওৱান ফ’ৰ শেষ নহয় চলিয়েই থাকে।
-চলি থাকিলেই সৱ সংখ্যা ল’ব লাগিব? প্ৰয়োজননো কি?
আনিচুৰ ৰহমানে ক’লে, সেইটো ঠিক কোনো দৰকাৰ নাই। পণ্ডশ্ৰম। একেবাৰেই পণ্ডশ্ৰম।
ৰুমানাই ক’লে, তুমি ডাক্তৰ মানুহ তুমি পাই লৈ হৈ চৈ কৰিছা কিয়?
আনিচুৰ ৰহমানে ক’লে, হৈ চৈ ক’ত কৰিছোঁ। হৈ চৈ কৰা নাইতো।
-খানা কেনে হৈছে?
-অসাধাৰণক দহ দি গুণ দিলে যি হয় সেইটো হৈছে। পৃথিৱীৰ শ্ৰেষ্ঠ কলিজা ভূনা আজি ৰাতি খালোঁ।
-ইলিছ মাছৰ কণীতকৈও ভাল হৈছে?
-এইটোতো এটা সমস্যাত পেলালা শ্যাম ৰাখোঁ নে ৰাধা ৰাখোঁ।
ৰুমানাই ক’লে, তুমি ডাক্তৰ মানুহ ডাক্তৰি কৰিয়ে থাকা। পাইৰ মান, বাংলা সাহিত্য এইবোৰত যোৱাৰ দৰকাৰ নাই। শ্যাম ৰাখোঁ নে ৰাধা ৰাখোঁ বুলি একো নাই। বাক্যটো হ’ল শ্যাম ৰাখোঁ নে কুল ৰাখোঁ।
-চ’ৰি।
-চ’ৰি ক’বলৈ একো নাই। এনেই এনেই চ’ৰি কৈছা কিয়?
আনিচুৰে ক’লে, চ’ৰি কোৱাৰ বাবেও চ’ৰি।
ৰাতিটো তেওঁৰ খুব ভালদৰে কটালে। তিনিজন মিলি ফ্ৰাইডে দা থাৰ্টিন ছবিখন চালে।
ছবি চাই ভয় খোৱাৰ আনন্দ পূৰাপূৰি উপভোগ কৰি শুই গ’ল। টোপনি খুব ভাল নহ’ল। সকলো সময়তে সপোন দেখিলে তেওঁ বাইশক কেতিয়াবা সাতেৰে হৰণ কৰিছে আৰু কেতিয়াবা তিনিৰে হৰণ কৰিছে আকৌ কেতিয়াবা পাঁচেৰে কৰিছে। ৰাতি কেইবাবাৰো টোপনি ভাগিল। এইদৰে কেতিয়াও নহয়। তেওঁ টোপনিৰ টেবলেট অবিহনেই এটা টোপনিতেই ৰাতি পাৰ কৰা মানুহ।
পিছৰ তিনি সপ্তাহ আনিচুৰ ৰহমানে অতি ব্যস্ততাৰে কটালে। তেওঁ বাংগালোৰলৈ এখন চেমিনাৰ এটেণ্ড কৰিবলৈ গুচি গ’ল। ঘূৰি আহি ৰাজশাহী মেডিকেল কলেজৰ এম বি বি এচ ফাইনেল পৰীক্ষাৰ এক্সটাৰ্নেল একজামিনাৰ হিচাপে ৰাজশাহীলৈ গ’ল। ৰুমানাৰ এজনী ভনীয়েক, মাহীয়েকৰ ছোৱালীৰ লৰালৰিকৈ বিয়া ঠিক হৈ গ’ল। তথাপিও ইয়াৰ ফাঁকে ফাঁকে পাই বিষয়ক কিছু তথ্য সংগ্ৰহ কৰিলে। যেনে-
১. এই সংখ্যাটিৰ মান এতিয়াও নিৰ্ণয় কৰা হোৱা নাই। বৰ শক্তিশালী কম্পিউটাৰৰ সহায়ত চেষ্টা কৰা হৈছে। সংখ্যা দশমিকৰ পিছত চলি থাকে। কেতিয়াও পৌনঃপুনিক শেষ নহয়।
২. মহান গ্ৰীক গণিতজ্ঞ পাইথাগোৰাছৰ ধাৰণা ‘পাই’ প্ৰকৃতিৰ এটি ৰহস্যময় বিষয়। যিয়ে এই ৰহস্য উদ্ঘাটন কৰিবলৈ পাৰিব তেওঁ প্ৰকৃতিৰ এটা ডাঙৰ ৰহস্য উদ্ঘাটন কৰিব পাৰিব।
৩. আমেৰিকান এষ্ট্ৰন’মাৰ কাৰ্ল চেগান ‘পাই’ৰ ৰহস্য লৈ এখন গ্ৰন্থ লিখিছে। গ্ৰন্থখনৰ বিষয়বস্তু হৈছে ‘পাই’ মানে ঈশ্বৰে কিবা ক’বলৈ বিচাৰিছে। এইটো তেওঁৰ ভাষা।
তেওঁ ইয়াৰ মাজতে হাৰুন অল ৰচিদ নামৰ ল’ৰাটোৰ খবৰ উলিওৱাৰ চেষ্টা কৰিলে। সমস্যা হ’ল ল’ৰাটোৰ নামৰ বাহিৰে তেওঁৰ আৰু একো মনত নাই। ল’ৰাটোৰ দেউতাকে এখন ভিজিটিং কাৰ্ড দিছিল সেই কাৰ্ডখন তেওঁৰ ঘূৰাই দিছে। ক’ত যে তেওঁৰ এখন দোকান বা শ্ব’-ৰুম আছে বুলি কৈছিল ঠাইটুকুৰাৰ নাম মনত পেলাব নোৱাৰিলে। কেৱল মনত আছে সেই দোকানত ভদ্ৰলোকৰ এজন আত্মীয় বহে যাৰ চেহেৰা ফিল্মৰ কোনো নায়ক বা নায়িকাৰ চেহেৰাৰ দৰে। এই তথ্যখিনিৰে কাৰোবাক বিচাৰি উলিওৱা নিতান্তই অসম্ভৱ কথা। তাৰ উপৰিও তেওঁ তেওঁৰ এচিছটেণ্টক দায়িত্ব দিছে -ঢাকাৰ আটাইবোৰ স্কুললৈ সি গৈ হাৰুন অল ৰচিদ নামৰ এঘাৰ বাৰ বছৰীয়া কোনো ল’ৰা আছে নে নাই বিচাৰিব। সেই অনুসন্ধানেও একো ফল দিয়া নাই।
আনিচুৰ ৰহমানৰ জীৱনযাত্ৰা পদ্ধতিত সামান্য পৰিৱৰ্তন হৈছে। তেওঁ এতিয়া আৰু ৰাতি চাৰে দহটাত ঘৰলৈ ঘূৰি নাহে। তেওঁ ঘূৰি আহে এঘাৰটাত। এই আধাঘণ্টা সময় গভীৰ নিষ্ঠাৰে পাইৰ মান উলিওৱাৰ চেষ্টা কৰে।
হালধীয়া প্ৰচ্ছদৰ এশ পৃষ্ঠাৰ এটা বন্ধোৱা বহী তেওঁ কিনি আনিছে। বহীখনত আধাতকৈ বেছি লিখি পেলাইছে। অঙ্ক এতিয়াও চলি আছে। কামটো কৰি তেওঁ আনন্দ পাইছে। দহটা বজাৰ পিছতেই অঙ্ক কেতিয়া আৰম্ভ কৰিব বুলি অস্থিৰ অনুভব কৰে। বহীখন তেওঁ ঘৰলৈ নিনিয়ে। অতি মূল্যৱান সম্পদৰ দৰে চেম্বাৰৰ ড্ৰয়াৰত তলা লগাই থৈ দিয়ে। বহীখনৰ বিষয়ে বা অঙ্কৰ বিষয়ে তেওঁ কাৰো লগতেই কথা নাপাতে। মাজে মাজে তেওঁৰ পত্নীয়ে উদ্বিগ্ন হৈ প্ৰশ্ন কৰে, তোমাৰ কিবা সমস্যা হৈছে নেকি? তোমাক সকলো সময়তে অস্থিৰ কিয় লাগে?
তেওঁ লৰালৰিকৈ ক’লে, অস্থিৰ হোৱা নাইতো।
-বোধকৰোঁ ৰাতি তোমাৰ টোপনি ভাল নহয়। তুমি বিৰবিৰাই থকা প্ৰায়ে শুনো।
-মোৰ টোপনিৰ কোনো সমস্যা নাই।
-এজন ডাক্তৰক দেখুৱাব নেকি?
-মিছামিছি কিয় ডাক্তৰক দেখুৱাব লাগে?
-তেনেহ’লে ব’লক কিছুদিন বাহিৰত থাকি ফুৰি আহোঁ।
-ব’লা যাওঁ। ক’ত যাব বিচাৰিছা?
-মালয়েচিয়ালৈ যাব? বৰ সুন্দৰ ঠাই বুলি শুনিছোঁ।
-যাব পাৰি। ।
আনিচুৰ ৰহমান পোন্ধৰ দিনৰ বাবে সকলোকে লৈ মালয়েচিয়ালৈ গ’ল। বহীখন লগত লৈ নগ’ল। পোন্ধৰ দিন আনন্দ কৰি কটালে। দেশলৈ ঘূৰি আকৌ সেই আগৰ ৰুটিন। যদিও অঙ্ক কৰাৰ সময় আৰু অলপ বঢ়ালে। এতিয়া তেওঁ প্ৰায় পঞ্চলিছ মিনিট অঙ্ক কৰে। ঘৰলৈ আগৰ দৰেই এঘাৰটাত ঘূৰে৷ ৰোগী পোন্ধৰ মিনিট কম চায়।
ছয় মাহৰ ভিতৰত আনিচুৰ ৰহমানৰ বহী হ’ল দহটা। অঙ্ক কৰাৰ সময়ো বাঢ়িল। তেওঁ এইবাৰ ঘড়ী চাই অঙ্কৰ নামতে এঘণ্টা সময় দিয়ে। তেওঁৰ বৰ ভাল লাগে।
এটা ডিচেম্বৰ মাহৰ কথা। হাড় কঁপোৱা শীত পৰিছে। ক’ল্ড ৱেভ আৰম্ভ হৈছে। কুঁৱলী পৰিছে। আনিচুৰ ৰহমান চেম্বাৰত বহি আছে। ৰাতি আঠটা। দুজন ৰোগী আহিছিল। তেওঁলোকক চোৱা শেষ হৈছে। চেম্বাৰত আৰু কোনো নাই। আনিচুৰ ৰহমানে তেওঁৰ এচিছটেণ্টক ছুটি দিছে। তেওঁৰ মনত বৰ আনন্দ। তিনিঘণ্টা টানি-মুনি পোৱা গৈছে। মন লগাই অঙ্ক কৰিব পাৰিব। তেওঁ এখন নতুন বহী উলিয়ালে। আৰু তেতিয়াই তেওঁৰ মূৰৰ ভিতৰৰ পৰা কোনোবা এজনে কৈ উঠিল। ছোৱালীৰ মাত। অতি মিঠা মাত যদিও ভগা ভগা।
-আনিচুৰ ৰহমান ভালে আছে?
-কোন- কোন- কোন?
-আমি আপোনাৰ সমৰ্পণ দেখি আনন্দিত হৈছোঁ।
-কোন? আপোনালোক?
-এতিয়াৰ পৰা আমি আপোনাৰ লগে লগে থাকিম। আপোনাক অঙ্ক কৰিবলৈ সহায় কৰিম।
-আপোনালোক কোন?
-আমি কোন সেইটো জৰুৰী নহয়। যিটো অঙ্ক আপুনি কৰিছে সেইটোহে জৰুৰী।
আনিচুৰ ৰহমানে হতাশ হৈ ক’লে, মোৰ কি মাথা বেয়া হৈ গৈছে নেকি?
-আজেবাজে কথা কৈ সময় নষ্ট নকৰিব। অঙ্ক কৰক।
-এই অঙ্কটো কেতিয়াবা শেষ হ’বনে?
-না।
-যি অঙ্ক শেষ নহয় সেই অঙ্ক কৰি লাভ কি?
-শেষ নহ’লেও এটা ছিৰিজ ওলাই আহিব। আমাক ছিৰিজৰ প্ৰয়োজন। ছিৰিজৰ শেষ নাই।
-ছিৰিজ কি?
-১ ২ ৩ ৪ ৫ ৬ এটা ছিৰিজ যিটো চলি থাকে। আকৌ ২ ৪ ৬ ৮ ১০ আন এটা ছিৰিজ। কোনো ছিৰিজেই শেষ নহয়।
-একেই অঙ্ক আপোনালোকে বহুতক দি কৰাইছে? মই যিমান দূৰ জানো হাৰুন অল ৰচিদেও এই অঙ্ক কৰিছে।
-যি মুহূৰ্তত আপুনি আৰম্ভ কৰিলে আমি হাৰুনক আঁতৰাই দিছোঁ। তাক অন্য কাম দিছোঁ। তাক ছিৰিজ কৰিবলৈ দিছোঁ।
-হাৰুনৰ লগত যোগাযোগ কৰিব পাৰি নেকি?
-অৱশ্যেই পাৰি সি আমাৰ লগতে আছে। এদিন আমি আপোনাকো আমাৰ মাজলৈ লৈ আহিম।
-কেতিয়া?
-সেইটোতো এতিয়া ক’ব নোৱাৰো। হাৰুনৰ লগত কথা পাতিব?
-অ।
-বেলেগ এদিন কথা পতাই দিম। হ’বনে?
-বাৰু।
-অঙ্ক কৰক।
-বাৰু।
হাৰুন অল ৰচিদৰ খবৰ পোৱা গৈছে। তাৰ দেউতাক আহি খবৰ দি গৈছে। ল’ৰাটোৰ অক্টোবৰৰ ১১ তাৰিখে মৃত্যু হৈছে। মূৰত প্ৰবল যন্ত্ৰণা। হস্পিটেললৈ লৈ গৈ থাকোঁতে মৃত্যু হৈছে। মৃত্যৰ সময়ত তাৰ নাকৰ পৰা কলকলকৈ তেজ ওলাইছিল। ল’ৰাটোৰ দেউতাকে কান্দি কান্দি ক’লে, ছাৰ মই আপোনাৰ কাষলৈ আহিছিলোঁ কাৰণ ল’ৰাটোৱে প্ৰায়ে আপোনাৰ কথা কৈছিল।
মানুহজনৰ হয়তো আৰু বহুত কথা ক’বলগীয়া আছিল। আনিচুৰ ৰহমানে তেওঁক সুযোগ নিদিলে। মানুহৰ লগত কথা পাতি তেওঁ এতিয়া সময় নষ্ট নকৰে। তেওঁ কাম কৰিব বিচাৰে। কামটো প্ৰয়োজন। আন সকলোৱেই অপ্ৰয়োজনীয়।