মৃণ্ময়ী ভেনাছ – প্ৰশান্ত কুমাৰ দাস
তাৰ পাছত এদিন দেৱতা ভলকানোই দুখন যাদুকৰী আইনা সাজি, তাৰে এখন নিজৰ বাবে ৰাখি আনখন পত্নী ভেনাছক দি দিলে৷ নিজৰ আইনাখনেৰে ভলকানোই যে নিজৰ বৰ্তমানকে দেখিছিল, তেনে নহয়; খনিকৰ ঈশ্বৰে সেই আইনাখনত দেখিবলৈ পাইছিল অতীত আৰু ভবিষ্যতৰো প্ৰতিবিম্ব৷ কিন্তু আইৰণি আছিল এয়ে যে কালৰ সকলো ৰূপ দেখিবলৈ পোৱা সেই যাদুকৰী আইনাৰে কিন্তু দেখিবলৈ পোৱা নাছিল পত্নী ভেনাছৰ চলনাবোৰ৷ সুন্দৰী ভেনাছ কোনোকালেই স্বামীৰ বিশ্বস্ত হ’ব নোৱাৰিলে৷ ভেনাছ আছিল পৰকীয়া প্ৰেমকাতৰ এক দেৱী৷ পুৰুষৰ প্ৰেম অবিহনে থাকিব নোৱাৰিছিল তেওঁ৷ নিত্য নতুন পুৰুষৰ মাজত প্ৰেম-ভালপোৱাৰ নামত দেৱীয়ে আচলতেনো কি বিচাৰি ফুৰিছিল হয়তো তেওঁ নিজেও নাজানিছিল৷ প্ৰেম বিচাৰি আনকি সৰগৰ সেই দেৱীয়ে মৰ্ত্যৰ মৰণশীল মনুষ্যৰ বুকুতো লৈছিল আশ্ৰয়৷ তথাপিতো কতোৱেই তৃপ্ত হ’ব পৰা নাছিল৷ স্বামীয়ে উপহাৰ দিয়া সেই যাদু আইনাৰ সহায়ত দেৱী ভেনাছে স্বামীকে চলনা কৰি মজি ৰৈছিল পৰকীয়া প্ৰেমত৷ জমনি নহয় নে?
একো জমনি নহয়৷ গাৰ চাদৰখন ঠিক কৰি মই উত্তৰ দিছিলোঁ৷ নিয়ৰে আচল কথাবোৰ ঢাকি ৰাখিবলৈ সদায় কিছুমান নতুন নতুন কাহিনী কৈছিল৷ যদিও মই আচল কথাহে শুনিবলৈহে তাৰ কাষলৈ আহিছিলোঁ৷ সি উচ্চাৰণ কৰা প্ৰতিটো বাক্য শুনি গৈছিলোঁ উন্মুখ হৈ৷ তাৰ কাহিনীবোৰ মোৰ বাবে বৰ জৰুৰী নাছিল, কিন্তু শুনি থাকিবলৈ বেয়াও লগা নাছিল৷ তাৰ কথাবোৰত বিভোৰ হৈ থাকোঁতে হঠাৎ একোবাৰ মোৰ ভাব হৈছিল যেন নিয়ৰে আচলতে আচল কথাবোৰৰ পৰা পলাই ফুৰিছে৷
: তাৰ পাছত কি হ’ল নুশুনা? ভেনাছে সেই যাদু আইনাৰে কি কৰিলে জানিব নোখোজা?
হঠাৎ কহিনী কোৱা বন্ধ কৰি সি সুধিলে৷ তাৰ চৰকাৰী কোৱাৰ্টাৰৰ বিছনাত আউজি কথাবোৰ শুনি থাকোঁতে আইনাখনত নিজকে চায়ো আছিলোঁ মই৷ কপালৰ ফোঁটটো ঠিক কৰি লোৱাৰ চলেৰে সংগোপন ব্যাকুলতাৰে মই আইনাত ভেনাছৰ সৌন্দৰ্যকে কল্পনা কৰিব বিচাৰিছিলোঁ৷ ভেনাছ প্ৰেমৰ দেৱী, অনম্ত সৌন্দৰ্যৰ প্ৰতীক৷ আইনাত ভেনাছক বিচাৰোঁতে বাৰে বাৰে বিৰিঙি উঠিছিল মোৰ ৰুক্ষ শুষ্ক মুখখন৷ বুজিছিলোঁ বয়স বাঢ়ি আহিছে৷ জীৱনৰ পৰা দ্ৰুততাৰে পাৰ হৈ গৈছে মহাৰ্ঘ সময়৷ নিঃসহায় মানুহৰ দৰে আশ্ৰয় বিচাৰি মই পৰম আকুলতাৰে চাইছিলোঁ নিয়ৰৰ মুখলৈ৷
সি আচল কথাবোৰ সদায়ে অপ্ৰাসংগিক কৰি, তাৰ সলনি কিছুমান কাহিনী, কল্প-কাহিনীৰ অৱতাৰণাৰে সময়বোৰ পাহৰাই ৰাখিব বিচাৰিছিল৷ মোৰ বাবে সেই কাহিনীবোৰ জৰুৰী নাছিল৷ জৰুৰী আছিল আমাৰ নিজৰ সঁচা কাহিনীবোৰ৷ মই জানিব খুজিছিলোঁ আমাৰ দুয়োৰে ভৱিষ্যতৰ বিষয়ে সিনো ভাবিছে কি৷ নিৰৱে মই তাৰ মুখলৈ চাই ৰ’লোঁ৷ বেচেৰাই ভেনাছৰ কাহিনী ক’বলৈ ৰৈ আছিল৷ পিছে মোৰ অন্তৰত কোনো কৌতূহল নাছিল৷ কৌতূহল নাছিল ভলকানোৰ প্ৰতিও৷ মই সেইমুহূৰ্তত মোৰ যি সামান্য উৎসুকতা আছিল আইনাখনৰ প্ৰতিহে৷ আইনাতকৈ আপোন আৰু আছেনো কি? নিয়ৰে আৰু একো নক’লে৷ ময়ো নুসুধিলোঁ একো৷ সি পাকঘৰলৈ গৈ চাহ দুকাপ বনাই আনিলে৷ ঠিক তেতিয়াই ঘটি গ’ল অঘটনটো৷ চাহ কাপ ল’বলৈ হাত মেলোতেই মোৰ হাতৰ পৰা মজিয়াত সৰি পৰিল আইনাখন৷ ঝনাৎ কৈ এটা শব্দ হ’ল৷ দেখিলোঁ মুহূৰ্তৰ ভিতৰতে আইনাখন ভাঙি চুচৰ্মৈ হৈছে৷ চাৰিও ফালে চিটিকি পৰিছে চিচাৰ টুকুৰাবোৰ৷
বহুপৰ আমাৰ কাৰো মুখত একো মাত নাছিল৷ দুয়ো অসহায় আৰু কৰুণ দৃষ্টিৰে চাই ৰ’লোঁ আইনাৰ খণ্ডিত টুকুৰাবোৰলৈ৷ তাত আমাৰ দুয়োৰে মুখৰ অলেখ ভগ্নাংশ৷
চাহ কাপ সি লাহেকৈ বিছনাতে থ’লে৷
:ছৰী! মই তোমাক এখন নতুন আইনা কিনি দিম৷ মই ক’লোঁ৷
নিয়ৰে ম্লান হাঁহি এটা মাৰি মজিয়াত মোৰ ওচৰত বহি পৰিল৷ সি মোক ভঙা টুকুৰাবোৰ বুটলি দিয়াত সহযোগ কৰিলে৷ মনটো হঠাৎ মৰি গ’ল মোৰ৷ কি যেন অজান ভীতিবোধ এটাই মোৰ ভিতৰখন চেপি ধৰিলে৷ ভাঙি যোৱা এটা শব্দ, চৌপাশে সিঁচৰতি হৈ পৰা চিচাৰ টুকুৰাবোৰ, আৰু কাহিনী এটা কোৱা আৰু শুনাৰ যি মধুৰ পৰিৱেশ ৰুমটোত ইমান পৰে বিৰাজ কৰি আছিল, সেয়া মুহূৰ্তৰ ভিতৰতে বিনষ্ট হোৱাৰ এই অপ্ৰত্যাশিত ঘটনাই আমাৰ ভাবনাৰ মাজত নিমিষতে এটা অদৃশ্য ব্যৱধান সৃষ্টি কৰি পেলালে৷ কিবা এক অশুভ ইংগিতৰ দৰে লাগিল মোৰ৷
:ছৰী নিয়ৰ৷
:একো নাই, একো নাই৷ ছৰী কিয় এখন সামান্য আইনাৰ বাবে?
মই আস্বস্ত হ’ব নোৱাৰিলো৷ সি তেতিয়া এটা পুনৰ মীথ এটা ক’বলৈ ধৰিলে৷
:জানানে আইনাক লৈ ৰোমানবিলাকৰ কি অবচেচন আছিল? তেওঁলোকে বিশ্বাস কৰিছিল যে মানুহে ছবাৰ জন্ম লয়, ছবাৰ মৰে, তাৰ পাছতহে আত্মাৰ মুক্তি ঘটে৷ যদি কোনোবা এটা জনমত কেনেবাকৈ আইনা ভাঙে, তেন্তে সেই আইনাৰ ভঙা টুকুৰাত মানুহজনৰ আত্মাটো বন্দী হৈ যায়৷ সাত বছৰ দুখভোগৰ পাছতহে পুনৰ মুকলি হয় সেই বন্দী আত্মা৷
কথাটো শুনি থাকোঁতে একমুহূৰ্তৰ অন্যমনস্কতাতে মোৰ আঙুলিত ভঙা চিচাই বিন্ধি পেলালে৷ সংগোপনে চাই দেখিলোঁ তেজ বিৰিঙিছে৷ কষ্টেৰে নিয়ৰৰ পৰা লুকুৱালোঁ আঙুলিৰ তেজখিনি৷ মনটো আৰু বেয়া লাগিল৷ নিয়ৰে কিয় ক’লে এই কথাখিনি?
আবেলি সি যেতিয়া তাৰ স্কুটাৰত তুলি মোক নদীৰ পাৰে পাৰে চহৰখনলৈ লৈ গৈছিল, তেতিয়াও মই তাৰ সেই কথাটোকে ভাবি আছিলোঁ৷ বতাহত মোৰ আঁচল উৰিছিল, চুলি উৰিছিল৷ আৰম্ভণিৰ দিনবোৰত আমি প্ৰায়ে নদী পাৰলৈ আহিছিলোঁ৷ নদীঘাটৰ শিলত বহি আমি একেলগে চাই ৰৈছিলোঁ কিদৰে দিন এটা জীৱনৰ পৰা সৰি পৰে৷ সময়বোৰে সদায়ে মোৰ দৰে আবেগিক মানুহবোৰক ঠগাই থৈ যায়৷ দিনান্তক কেইটামান মুহূৰ্তৰ বাবে ৰঙীণ কৰি তুলি আমাক আচলতে সময়ে চলনা কৰে৷ সংগোপনে তুলি লৈ যায় দিন এটাৰ সপোন৷ নদীৰ সিপাৰে ডুবন্ত বেলিটোৱে এৰি থৈ যোৱা সেই ৰক্তিম আভাৰ মাজত আচলতে বিষাদবোৰকে সিঁচি থৈ যায়৷ সিদিনা নিয়ৰৰ স্কুটাৰেৰে আহি থাকোঁতে বেলিৰ বিষণ্ন পোহৰত দৃশ্যমান শান্ত নদীৰ ফালে চাই চাই মোৰো মন বিষাদেৰে ভৰি পৰিল৷ নিয়ৰেনো আচলতে কি বুজাব খুজিছিল? কিন্তু তাক মোৰ একো সোধা নহল৷ মৰ্মাহত হৈছিলোঁ মই৷ ভিতৰি ভিতৰি যেন ভাঙি পৰিব খুজিছিলোঁ৷ কথাটো মোক শুনোৱাৰ জানো কিবা প্ৰয়োজনীয়তা আছিল৷ মোৰ মনৰ অৱস্থা সি কিয় বুজি পাব নোৱাৰিলে? আইনাৰ কাহিনীবোৰলৈ মই ভয় কৰা নাছিলো৷ সঁচা বুলিও বিশ্বাস কৰা নাছিলো টেবুবোৰ৷ কিন্তু তাৰ আচৰণত এনে লাগিছিল যেন আইনাখন মজিয়াৰ পকাত ভঙা নাছিল, ভাঙিছিল মোৰ বুকুৰ ভিতৰত৷ চহৰখনৰ আটাইতকৈ ব্যস্ত পথটোত আমি ৰৈছিলোঁ৷ প্ৰায়ে অহাৰ দৰে সিদিনাও আমি আহি ৰেস্তোঁৰাত বহি কফিৰ অৰ্ডাৰ দিছিলোঁ৷ সিদিনাই আছিল প্ৰথমটো দিন, য’ত নিয়ৰক মোৰ পৰ যেন লাগিছিল৷ যেন এটা স্বাৰ্থপৰ, অনুভূতিহীন মানুহ সি৷ সি মোৰ অন্তৰত দুখ দি কেনেকৈ এনে কথা ক’ব পাৰিছে ভাবি মই উত্তৰ পোৱা নাছিলো৷ মোৰ বাবে আইনা ভঙাটো কোনো অশুভ ঘটনাৰ ইংগিত নহ’লহেঁতেন যদিহে এইকথাবোৰ ক’বলৈ তাৰ মনত ইচ্ছা জাগি নুঠিলহেঁতেন৷
মোৰ মৌনতাত সি সম্ভৱতঃ আচৰিত হ’ল, কফি কাপ শেষ কৰিবলৈ গৈ ৰৈ গ’ল৷ মোৰ কাপটোলৈ ইংগিত কৰি ক’লে, “কি হ’ল নুচুলাই যে? আইনা এখনৰ বাবে ইমান দুখ কৰিবা? টকা এশও নহয় দাম৷”
মই তাৰ চকুলৈ চালোঁ, “নিয়ৰ, মাহঁতে বৰকৈ বিয়াৰ কথা উলিয়াই আছে৷ তুমি কি ভাবিছা? ঘৰত কথাটো উলিয়াইছিলা নে?“
:কি কথা? সি আচৰিত হ’ল৷ মুখলৈ নিয়া কফিকাপ আঁতৰাই ল’লে৷
মই একো নক’লো৷ বুজিলোঁ মোৰ ধাৰণাই ঠিক৷ সি আঁতৰি যাব খুজিছে৷ যদি কোনোবা যাবই খোজে, কোনে কাক ধৰি ৰাখিব পাৰে? চকুহাল সেমেকি উঠিছিল মোৰ৷ লুকুৱাব নোৱাৰিলো মই৷
নিয়ৰে লাহেকৈ মোৰ হাতখন খামুচি ধৰিলে৷
: বুজিবলৈ চেষ্টা কৰা মৃণ্ময়ী৷ তুমিতো সকলো জানা ন৷ ভুল নুবুজিবা৷
: নুবুজো৷
মোৰ মুখৰ পৰা আৰু একো কথাই ওলাই নাহিল৷ সকলো মোৰেই দোষ৷ মই মানুহ চিনি নাপাওঁঁ৷ অলপতে বিশ্বাস কৰোঁ, অলপতে গলি যাওঁ৷ সি যেতিয়া কৈছিল মই এই জাত-পাত, এই বামুণ-শূদিৰ কথাবোৰত বিশ্বাস নকৰোঁ৷ মই বুজাম ঘৰত৷ নামানিলে কোৰ্টত গৈ ৰেজিষ্টাৰ কৰিম৷ নিয়ৰৰ কথা শুনি বুকু ভৰি গৈছিল, ভাল লগা অনুভৱে চকুহাল চলচলীয়া কৰি তুলিছিল৷ কিয় জানো মনত প্ৰত্যয় হৈছিল তেনে নিশ্চয় একো খেলিমেলিখন নহ’ব৷ বিচৰা ধৰণেই হ’ব সকলো৷ নিশ্চয় গ্ৰহণ কৰিব মোক৷ তেওঁলোক সকলো শিক্ষিত মানুহ৷ পুৰণা নিয়মবোৰকে ধৰি থাকিব নে? নিয়ৰে বুজালে মাকে নিশ্চয় মানি ল’ব৷ নিয়ৰতো একমাত্ৰ সন্তান৷
ৰেস্তোঁৰাৰ বাহিৰত ব্যস্ত পৃথিবীৰ সমস্ত কোলাহ’ল তল পেলাই সি মোক লাহেকৈ কৈ উঠিছিল—আমি চিৰকাল থাকিম, থাকিম বিশ্বস্ত বন্ধুৰ দৰে৷ আগৰ দৰে৷
নিয়ৰ স’তে মই যোগাযোগ বন্ধ কৰি দিয়াৰ আজি দহ বছৰ পাছতো চহৰৰ উৎকট কোলাহলৰ মাজত কোৱা তাৰ সেই শেষ কথাষাৰ পাহৰিব নোৱাৰিলো৷ সি বন্ধুত্ব ৰক্ষা কৰি চলাৰ কথা কৈছিল৷ কৈছিল চিৰকাল আমি বন্ধু হৈ থাকিম৷ কেনে বন্ধু? যাক মন গ’লে কাতৰ হৈ চুমা খাব পাৰি? মন গ’লে যাৰ বুকুৰ আঁচল খহাব পাৰি৷
নিয়ৰ ট্ৰেন্সফাৰ হৈ গুচি গ’ল৷ মই ৰৈ গ’লোঁ৷ ঘৰখন চলোৱাৰ দায়িত্ব মোৰ ওপৰত৷ যিখন কলেজত মই দৰ্শন পঢ়ুৱাইছিলোঁ, তাত মোৰ পোষ্টটো পাৰ্মানেণ্ট নাছিল৷ পোন্ধৰ বছৰ আগতে ইণ্টাৰভিউ দি যোগ্যতাৰ প্ৰমাণ দিয়া স্বত্বেও চাকৰিটোৰ কোনো নিশ্চয়তা নাপালোঁ৷ আন কলেজলৈ যোৱাৰো কোনো সুযোগ নাথাকিল৷ চাকৰিটো কেতিয়াবা ছেংচন হ’ব, কামৰ স্থায়িত্ব আহিব, দৰমহা বাঢ়িব, সেই আশাত হয়তো মই কেতিয়াও বন্দী হৈ নাথাকিলোহেঁতেন, যদিহে নিয়ৰে মোক এনেদৰে মাজসাগৰত এৰি থৈ নগ’লহেঁতেন৷ নিয়ৰক বাদ দি মই যে জীৱনটোৰ একো কথাই কল্পনা কৰিব পৰা নাছিলো৷ আনকি নিয়ৰ গুচি যোৱাৰ পাছতো মই বহুদিনলৈ মানি ল’ব পৰা নাছিলো যে সি এনেদৰে সকলোবোৰ তুচ্ছ কৰি থৈ যাব পাৰিব৷
নিজকে পথ হেৰুৱা দূৰণিৰ সৰ্বস্বান্ত পথিক যেন লাগিছিল৷ এই অসহনীয় অনুভৱটো আঁতৰি যাব খোজা নাছিল মৃণ্ময়ক লগ পোৱাৰ পাছতো৷
মৃণ্ময়ে নতুন কৈ জইন কৰিছিল কলেজখনত৷ বয়সত সি সৰু৷ কিন্তু কেতিয়ানো মোক সি নামকাঢ়ি মাতিবলৈ লৈছিল খেয়ালেই কৰা নাছিলো৷ মাজে মাজে কেণ্টিনলৈ গৈ আমি চাহ খাওঁ৷ কথা পাতি থাকোঁতে লাহে লাহে কোমল হৈ পৰা তাৰ মুখখন দেখি মোৰ নিয়ৰলৈ মনত পৰি যায়৷ সি কিবা খোজে, সি কিবা জানিবও বিচাৰে৷ মই সতৰ্ক হওঁ, যাতে সি প্ৰশ্ৰয় পাব নোৱাৰে৷ আচলতে নিয়ৰ গুচি যোৱাৰ পাছত মই নিজকে বহুত অকলশৰীয়া আৰু অসহায় অনুভৱ কৰিছিলোঁ৷ ঘৰৰ পৰা তিনিশ মাইল দূৰৰ সেই সৰু চহৰখনত সংকুচিত হৈ পৰিছিল মোৰ জীৱন৷ কলেজ আৰু ঘৰ৷ ঘৰ আৰু কলেজ৷ এয়াই আছিল প্ৰত্যাহিকতা৷ টাবৰ ফুলবোৰ ফুলি উঠালৈ বাট চোৱা বা কেতিয়াবা সন্ধিয়া চেতাৰত হাত বুলাই বৰগীত এফাঁকি গোৱাত বাদে মোৰ আৰু কৰিব লগীয়া একোৱেই নাছিল৷ নিয়ৰ থাকোঁতে সময়বোৰ যে কেনেকৈ গৈছিল গমেই পোৱা নাছিলো৷ বন্ধৰ দিনবোৰ আৰু দুগুণ ভাল লগা আছিল৷ তেতিয়া সি প্ৰায়ে মোক স্কুটাৰত তুলি তাৰ ছাইটলৈ লৈ আনিছিল৷ চৰকাৰী বিভাগটোৱে মানুহৰ খেতিপথাৰবোৰত নদীৰ পৰা পানী বোৱাই দিবলৈ যিবোৰ নল-নলা সাজি দিছিল, সেইবোৰ চলোৱাৰ দায়িত্বত আছিল নিয়ৰ৷ বন্ধৰ দিনত ছাইট চাবলৈ যাওঁতে গাৱঁৰ কোনোবা মানুহে জোৰ কৰি নিজৰ ঘৰলৈ লৈ আনিছিল আমাক৷ কেতিয়াবা আমি উৎসৱ পাৰ্বনৰো ভাগ পাইছিলোঁ৷ দিনবোৰ ৰঙীণ হৈ গৈ আছিল৷ বাথৌ পূজাত ভাগ লওঁতে বা বাগৰুম্বাৰ নাচ চাই থাকোঁতে অথবা আপোন বিভোৰ হৈ চেৰজাৰ সুৰ শুনি থাকোঁতে কেতিয়ানো মোক নিয়ৰে জু খাবলৈ শিকালে, জুৰ লগত গাহৰিৰ সোৱাদো ল’বলৈ শিকালে গমেই নাপালো৷ পাঁচ বছৰ পাছত নতুনকৈ জইন কৰি মৃণ্ময়ে যেতিয়া প্ৰথম কোনোবা এদিন মোক কলেজৰ শূন্য কেণ্টিনত তুমি বুলি সম্বোধন কৰিছিল, তেতিয়াও কিন্তু মোৰ মনত জুৰ নিচা লাগিয়েই আছিল৷ তেতিয়াও মোৰ কাণত বাজিয়ে আছিল চেৰজাৰ সুৰ৷ মৃণ্ময়ক মোৰ ভাল লাগিছিল, তথাপিতো বিচৰা নাছিলো যে মনৰ মাজত সি আহি থিতাপি লওক৷ তেতিয়ালৈ মোৰ ধাৰণা এটা হৈ গৈছিল যে পুৰুষ মাত্ৰেই একে৷ সকলো লোভী৷ লোভ কেবল নাৰী শৰীৰৰ৷ কিন্তু সেই নিদাৰুণ নিঃসংগতা আৰু নিৰুৎসাহৰ মাজত এদিন সন্ধিয়া মোৰ ভাঁড়াঘৰলৈ আহি যেতিয়া মই মানুহজনীৰ জ্বৰ উত্তপ্ত হাতখনত সি আন্ধাৰত আকুলভাবে খামুচি ধৰিছিল, তেতিয়া মোৰ সেই চেতন-অৰ্ধচেতন অৱস্থাত বুজি উঠিছিলোঁ যে জীৱনত নিজৰ বুলি ভাবিবলৈ, বুকুত মুৰ থৈ উচুপিবলৈ পুৰুষ মানুহ এজন সঁচাকৈয়ে লাগে৷ তাৰ পিছত এদিন এটা ফৰকাল দেওবাৰে মই তাক মোৰ স্কুটিত তুলি সেই ঠাই এখনলৈ লৈ আনিলোঁ য’ত নিয়ৰে এৰি থৈ যোৱা ইৰিগেছন বিভাগৰ ছাইটটো আছিল৷ মই তাক নদীখন দেখুৱালোঁ, মই তাক পথাৰখন দেখুৱালোঁ, যেনেকৈ নিয়ৰে মোক দেখুৱাইছিল৷ মই সেইকথাবোৰো কৈ গলোঁ যিবোৰ মোক নিয়ৰে কৈছিল৷ মই ক’লোঁ, পথাৰে হ’ল আচল৷ পথাৰ নাথাকিলে একো নাই৷ পথাৰে আমাৰ সকলো স্মৃতি ধাৰণ কৰে৷ পথাৰ নাৰীৰ দৰে৷
: পথাৰ নাৰীৰ দৰে৷ মোৰ কথা বুজা নুবুজাকৈ শলাগিছিল মৃণ্ময়ে৷ মই তাক বড়ো গাঁৱখনলৈকো লৈ গলোঁ৷ গোৱৰ মাটিৰে লেপা বহল চোতাল এখনৰ পিৰালিত বহি আমি দুয়ো জু খালোঁ৷ শুনিলোঁ চেৰজাৰ সুৰ৷ বহুদিনৰ মূৰত মই আকৌ হেৰাই গ’লোঁ সপোনবোৰৰ মাজত৷ মোৰ মনৰ ভিতৰত নিচাগ্ৰস্ত অলেখ সপোনে ভিৰ বান্ধিলে৷ ওভতা পথত স্কুটীখন চলাইছিল মৃণ্ময়ে, কঁকালত সাৱটি ধৰি সেইদিনা মই তাক অনৰ্গল নিয়ৰৰ কথাকে কৈ গ’লোঁ৷ নিয়ৰে এইটো কৰিছিল, নিয়ৰে সেইটো কৰিছিল৷ নিয়ৰ এনেকুৱা আছিল, নিয়ৰ তেনেকুৱা আছিল৷
চহৰ পোৱাৰ আগতে এজোপা বটগছৰ তলত অকস্মাতে ব্ৰেক মাৰি ৰৈ দিছিল মৃণ্ময়ে৷ সেই নিৰ্জন ৰিঙা ৰিঙা দুপৰীয়াতো ভৰাই তুলি সি কৈছিল, “নিয়ৰৰ কথা পাহৰি যোৱা৷ তুমি মৃণ্ময়ী, মই মৃণ্ময়৷ আহা আমি এক হওঁ৷”
মানুহে জীৱনৰ অনিশ্চয়তাবোৰলৈ সদায়ে ভয় কৰে৷ কিন্তু তাৰ পাছতো অনিশ্চয়তাবোৰেই দেখোন জীৱনটো মোহনীয় কৰি তোলে৷ কত মানুহ লগ পোৱা যায়, কত মানুহ এৰি থৈ অহা যায়৷ এৰি অহাজনেৰে আকৌ মুখামুখি হওঁ৷ বহু বছৰ আগতে যেতিয়া নিয়ৰৰ স’তে মই ৰাতিপুৱা একেলগে স্কুললৈ ওলাই গৈছিলোঁ, আদবাটত যেতিয়া সি ৰাস্তাৰ দাঁতিৰ বগৰীবোৰ পাৰি দিছিল, আমি জানো জানিছিলোঁ যে এদিন আমি আকৌ এনেকৈ বগৰী পাৰি খাবলৈ লগালগি হম! আমি জানো জানিছিলোঁ ঘৰৰ পৰা বহু দূৰৈত এদিন এখন কলেজত কাম কৰিবলৈ আহি এখন সৰু চহৰত আমাৰ আকৌ দেখা হ’ব আৰু সি মোক ছাইট দেখুৱাবলৈ আনি পাৰি দিব ৰাস্তাৰ পকা বগৰীবোৰ!
সৰুতে তাৰ প্ৰতি থকা ভাললগা মধুৰ অনুভৱবোৰ আকৌ এবাৰ যে নতুন ৰূপত ঠন ধৰি উঠিব, মই কাহানিও কল্পনা কৰা নাছিলো৷
: হ’ব আৰু৷ কিমান শুনিম নিয়ৰৰ কথা! এদিন মৃণ্ময়ে হাঁহি মাৰি কৈ দিলে৷
মই কোৱা নিয়ৰৰ কথাবোৰ মৃণ্ময় যিদিনা শুনি বিৰক্ত হল, সিদিনাই বুজিলোঁ নিয়ৰৰ কথাবোৰ কৈ থকাৰ মোৰ আৰু কোনো প্ৰয়োজন নাই৷ মোকো নিয়ৰৰ স্মৃতিৰ পৰা মুক্তি লাগে৷
বহুকাল ধৰি মই আইনাত নিজক ভালদৰে চোৱা নাছিলোঁ৷ গ্ৰীষ্মৰ শেষৰ বৰ্ষামুখৰ এদিন কমন ৰূমত কোনো নাথাকোঁতে আচম্বিতে মৃণ্ময়ে মোৰ ওঁঠত চুমা খাই দিলে৷ মোক মানুহজনীক কিবা অদ্ভুত শিহৰণ এটাই কঁপাই তুলিলে৷ ঘৰলৈ আহিও বহুপৰলৈ সেই মধুৰ কঁপনি অনুভৱ কৰি থাকিলোঁ৷ বাৰে বাৰে সিদিনা আইনাৰ সমুখত চালোঁ নিজক৷ এখন বিবৰ্ণ মুখ, য’ৰ পৰা মৃত শুকান বাকলিৰ দৰে এৰাই যাব ধৰিছিল নাৰীত্বৰ কমনীয়তাবোৰ৷ নিজৰ এই জীৰ্ণ ৰূপ দেখি মই উদ্বিগ্নতাত সংকুচিত হৈ গ’লোঁ৷ মৃণ্ময়ে জানো মোক সঁচাকৈ ধুনীয়া দেখে? এই চেহেৰাৰে তাক মই কিমান দিনলৈ সুখী কৰি ৰাখিব পাৰিম? যদি মোহ হেৰাই যায় তাৰ? বয়সৰ পাৰ্থক্যই যদি এদিন তাৰ মনত বিৰাগৰ জন্ম দিয়ে? আৰু তাৰ ঘৰখন? তাৰ ঘৰখনে জানো বয়সৰ এই গঢ়মিলবোৰ মানি ল’ব? যদি নলয়, সি জানো ঘৰখনক আওকান কৰিব পাৰিব? কথাবোৰে মোক কেতিয়াবা অস্থিৰ কৰিছিল, তথাপিতো মই তাক একোৱেই সোধা নাছিলো৷ সংকোচ হৈছিল৷ নিয়ৰৰ দৰে সিয়ো বিৰক্ত হ’ব বুলি ভয় হৈছিল৷ আচলতে মৃণ্ময়ক হেৰুৱাবলৈ মোৰ মুঠেও সত যোৱা নাছিল, কিন্তু তাক পাবলৈকো সাহস কৰিব পৰা নাছিলো৷ কিবা এক অদ্ভুত অবুজ মায়াই তাক মোৰ আপোন কৰি তুলিছিল৷ কেতিয়াবা সি মোৰ সন্তানৰ দৰে বুকুৰ মাজত কুচিমুচি সোমাই পৰিব খুজিছিল, কেতিয়াবা পিতৃৰ দৰে হৈ পৰিছিল কৰ্তৃত্বশীল৷ ভাললগা এই সময়বোৰৰ মাজতে এদিন আইনাৰ সমুখত আচম্বিতে আৱিষ্কাৰ কৰি পেলালোঁ যে মোৰ দুৰ্ভাগ্যৰ সাতটা বছৰ শেষ হৈ গ’ল৷ ভাবি মই আচৰিত হলোঁ যে কিমান আনপ্ৰেডিক্টেবল এই জীৱন, এজন যদি হেৰাই যায়, আন এজনক বিচাৰি পোৱা যায়৷ সিদিনা আইনাৰ সমুখত বহি বহি মই নিজক সযতনে সজালোঁ৷ কেতিয়াও কাহানিও নকৰা যতনেৰে নিজক সজাই তুলিলোঁ আকুলভাবে৷ লাহে ধীৰে ফণীয়ালোঁ চুলিবোৰ৷ চকুত কাজল সানিলোঁ, ওঁঠত গাঢ় ৰঙা লিপষ্টিকেৰে বোলালোঁ৷ মুখত লোচন৷ নখত দিলোঁ উজ্জ্বল পলিছ৷ নিজলৈ একধ্যানে চাই চাই এসময়ত মই স্তব্ধ হৈ পৰিলোঁ আৰু হঠাৎ ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলোঁ৷ কিয়, কিয় মই আজিও নিয়ৰক পাহৰিব পৰা নাই? কিয় মই মৃণ্ময়ৰ মাজত নিয়ৰকে বিচাৰি ফুৰিছোঁ? হয়তো মই মৃণ্ময়ৰ পৰাও নিজক লুকুৱাই ৰাখিব পৰা নাছিলোঁ৷ এনে লাগিছিল মৃণ্ময় যেন লাহে লাহে ৰুঢ় হৈ আহিছে৷ হৈ পৰিছে সন্দেহপ্ৰৱণ৷ খুৱ কৌশলেৰে মোৰ ভাৰ্জিনিটিৰ কথা পৰ্যন্ত উলিয়াই চাইছে সি –ব্লিডিং, হাইমেন …! মই বিব্ৰত হৈ পৰিছিলোঁ৷ আহত হৈছিলোঁ৷ অসহায় অনুভৱ কৰিছিলোঁ৷ মৃণ্ময়ৰ ওচৰৰ পৰা উভতি যোৱাৰ কোনো পথ খোলা নাছিল মোৰ৷ ঘৰৰ পৰা উলিওৱা কেবাজনো দৰাক মই ইতিম্যধে নাকচ কৰিছোঁ৷ কলেজতো কথাবোৰ জনাজানি হৈছে৷ ভাড়াঘৰৰ মালিকনীয়ে এদিন মাতি নি মৰমৰে উপদেশো দিলে, “মতামানুহৰ কোনো সজাত নাই, বৰকৈ আহি থাকিব নিদিবা৷ বিয়াখনৰ কথাটো এতিয়াই ঘৰুৱাভাবে বন্দোবস্ত নকৰিলে পাছত বিপদত পৰিবা৷”
দেউতাৰো বেমাৰ যিমানে বেছি হৈ আহিছিল সিমানে মোক লৈ তেওঁৰ দুশ্চিন্তা বাঢ়ি গ’ল৷ মায়ে মোক দঢ়াই দঢ়াই ক’লে, “তুমিহে হে জানা, কি ভাবিছা৷ ছোৱালী মানুহৰ কিন্তু বয়স ৰৈ নাথাকে৷“
: কি ভাবিছা মৃণ্ময়?
শেষত এদিন মই সোধা প্ৰশ্নৰ উত্তৰত সি ক’লে, “ভাবিছোঁ ৰ’বা৷ কিন্তু একো দেখোন উৱাদিহ পোৱা নাই৷ দুজনী ভনী৷ সিহঁত বিয়া হোৱালৈতো ৰ’বই লাগিব৷”
: তেনেহলে ব’লা আমি কোৰ্টতে কৰি থৈ দিওঁ৷
: মোৰ ওপৰত বিশ্বাস নাই?
: আমি মেচিওৰড হৈছোঁ৷ বয়স ৰৈ নাথাকে৷ তুমি ঘৰততো কথাটো পাতি চোৱা৷
: পাতিছিলোঁ৷
: পাতিছিলা? মোকতো কোৱা নাই?
: পাতিছিলোঁ৷ তোমাৰ ফ’টো এখন খুজি পঠিয়াইছিল!
: মানে? তুমি দিলা নেকি?
: খং নাখাবা৷ মাইকীমানুহৰ কামেই সেইবোৰ৷ সিহঁতে সেইবোৰে ভাল পায়৷
: তুমি দিলা নেকি?
: দিলোঁ৷
: দিলা? ফটো ক’ত পালা?
: কলেজ ফাংচনৰ ফ’টো এখন আছিল৷ এনলাৰ্জ কৰি তাকে দি পঠিয়ালোঁ৷
মৃণ্ময়ে ক্লাছত জেণ্ডাৰ ডিছক্ৰিমিনেছন পঢ়ুৱাইছিল৷ তেনেহ’লে সি পঢ়ুৱাইছিলনো কি? মাকে মোৰ ফ’টো বিচৰা কথাটোত হয়ভৰ দিয়াতকৈ সি বাৰু মোক মানুহজনীকে এবাৰ ঘৰলৈ লৈ যোৱাৰ ইচ্ছা কিয় কৰিব নোৱাৰিলে? ফ’টো চাই কি কৰিব? যদি ৰিজেক্ট কৰে? তেন্তে সেয়াও সি মানি লব?
: মোক নজনালা? তাৰ পাছত?
: তাৰ পাছত একো নাই৷ জানাইতো চব৷
: কি জানো?
: নানানটা আপত্তি, আৰু কি! যিবোৰ থাকেই আৰু৷
: তুমি কি ক’লা?
: মই কি কম তুমিয়ে কোৱা৷ ভনী দুজনীৰ বিয়ালৈ বাট চাবইতো লাগিব৷
: কথাবোৰ জানো সহজ মৃণ্ময়? বয়সজানো ৰৈ থাকিব? সিহঁত কিমান সৰু৷ সিহঁতৰ বিয়াৰ কথা অহাই নাই৷ তথাপি মই যেনিবা বাটেই চালোঁ, পাচত…
মৃণ্ময়ে মোক বাধা দি ক’লে, ” নহয় নহয় মৃণ্ময়ী৷ তুমি আৰু মোৰ বাবে বাট চাব নালাগে৷ মোৰ একো নিশ্চয়তা নাই৷ তোমাক ৰখাই থৈ অন্যায় কৰিব নোৱাৰোঁ৷”
মই খহি পৰিছিলোঁ৷ তাৰ কথাবোৰে যেন মোক অটল খাদ এটালৈ ঠেলা মাৰি দিছিল৷ কথাবোৰ আগতে কিয় ভাবিব নোৱাৰিলা? ক’ব খুজিছিলো৷ নক’লো, কৈ একো লাভ নাই৷ বহুপৰ থৰ হৈ বহি ৰৈছিলোঁ নদীৰ পাৰৰ পাৰ্কৰ সেই চকীত৷ নিজকে বহুত তুচ্ছ যেন লাগিছিল৷ একোৱেই নক’লো তাক৷ সেয়াই মোৰ স্বাভাৱ৷ ভোল যোৱা আৰু মানি লোৱা৷ মই খং প্ৰকাশ কৰিব নোৱাৰো, কাকো টানকৈ ক’ব নোৱাৰো৷ মই আনক দুখ দিব নোৱাৰো৷ শেষত সকলো নিজেই সহোঁ৷ নিজৰ মাজতে সকলো যাতনা সামৰি থওঁ৷
সময়ৰ সোঁতে হেনো সকলো ধুই নিয়ে৷ দেউতাই সদায় এই এটা কথাকে কৈছিল৷ ঠিকেই, টাইম ফেক্টৰ! মৃত্যুৰ আগমুহূৰ্ততো দেউতাই তাকেই কৈ গ’ল৷ চিৰি ভাঙি ঘৰলৈ উঠি আহোঁতে কথাটো মোৰ আজি আকৌ মনত পৰিল৷ সময়ৰ ওচৰত হেনো সকলো জাঁজিৰ দৰে৷ সুখো দুখো৷ চিৰিত খোজবোৰ দিওঁতে ভাগৰ লাগিছিল৷ আঁঠুদুটা বিষাইছিল৷ ডাক্টৰে কৈছে বয়স হ’লে গাঁঠিৰ ফ্লুইডবোৰ কমি আহে৷ মোৰহে হেনো আগতীয়া লক্ষণ দেখা গৈছে৷ ডাক্তৰে মিঠাবোৰো কমকৈ খাবলৈ দিছে৷ চিন্তা-হতাশাবোৰ নাহিবলৈ কিবা টেবলেটও দিছিল৷ টেবলেটবোৰ নিজেই এৰিলোঁ, মন সুস্থিৰ ৰাখিবলৈ মাজে মাজে যোগ-ধ্যানো কৰোঁ৷ আলোচনী এখনত পঢ়িবলৈ পাই শুবৰ পৰত ক্লাছিকেল সংগীতো শুনাৰ অভ্যাস কৰিছিলোঁ৷ দুদিনমান ব্ৰহ্মকুমাৰী প্ৰাৰ্থনাসভালৈকো অহা-যোৱা কৰিছিলোঁ৷ নাই, সকলো মিছা৷ মন শান্ত কৰি ৰাখিব পৰাটো সহজ কথা নহয়? যিমানে চেষ্টা নকৰো কিয় চিন্তাবোৰ দেখোন শেষত ঘূৰি ঘূৰি আহিয়েই যায়৷ জীৱিত মানুহৰ নিস্তাৰ ক’ত! চিন্তাক কোনে বাধা দিব? বজাৰৰ বেগদুখন বহুত ভাৰী হৈ পৰিছিল৷ কলেজ শেষ কৰি এই সামান্য বজাৰখিনি কৰোঁতেই আন্ধাৰ হৈ গল৷ জীৱনটোৰ দৰেই দিনবোৰো লাহে লাহে চুটি আহিছে৷ আন্ধাৰত চিৰিবোৰ মনিব পৰা নাছিলো৷ লাইটটো জ্বলাবলৈ গৈ দেখোঁ কোনোবা এটা বাৰন্দাত থিয় হৈ আছে৷
:পেহী!
: কোন? কানু?
: অ’৷ অথনিতে আহিলোঁ৷
: কি ল’ৰাও তই৷ চ’ক খুৱাই মাৰিলিহেঁতেন দেখোন মোক৷ লাইটটোও জ্বলাই ল’ব নোৱাৰনে? ভূতৰ নিচিনা থিয় হৈ আছ যে আন্ধাৰত?
কানু এনেকুৱাই৷ কোনো খবৰ নিদিয়াকৈ হঠাৎ আহি ওলায়৷ পইচা অলপ খুজি লৈ গুচি যায়৷ কেতিয়াবা পইছা বিচাৰি মাহঁতে ঘৰৰ পৰাও পঠিয়াই দিয়ে তাক৷ লগত হয়তো নতুনকৈ শালত লগোৱা চাদৰ বা গামোচা দুখন৷ নহ’লেঘৰতে খুন্দা চিৰা বা সান্দহ৷ আচলতে কেৱল সেইটো উদ্দেশ্যতে কানুক ঘৰৰ পৰা মোৰ ওচৰলৈ পঠিয়াই নিদিয়ে৷ মই বাৰু ভালে কুশলে আছোঁনে নাই সেয়াও জানিব খোজে মাহঁতে৷ কানুৰ হাতত পঠিয়াই দিয়া চিঠিখনত মায়ে কঁপা কঁপা আখৰেৰে দুনাই সেই বিয়াবাৰুৰ কথাকে উল্লেখ কৰে৷ খবৰ দিয়ে কোনো নতুন দৰাৰ৷ আছে যদি দুখনমান ভাল ফটোকে কানুৰ হাতত দি পঠিয়াবি৷ মায়ে চিঠিত লিখে৷ দুখী হওঁ মই৷ দেউতাৰ ইচ্ছা পূৰণ নহ’ল৷ মাৰ মনৰ সুখৰ বাবেই বিয়াখন কেতিয়াবা পাতিবৰ মন যায়৷ কিন্তু মাক সেইকণ সুখ দিবলৈকো অসমৰ্থ মই৷ দীৰ্ঘদিনৰ মূৰকত কেতিয়াবা দৰাৰ খবৰ ওলায় আৰু নোহোৱা হৈ যায়৷ চাহ মিঠাই খাই গুচি যায় দৰাৰ বাৰ্তাবাহক, যাওঁতে সোনকালে খবৰটো দিম বুলি ক’য়, কিন্তু কোনো খৱৰ নিদিয়ে৷ মায়ে পৰম আশাৰে কেৱল বাট চায়৷ প্ৰতিবাৰে উৎসাহতে কানুক পঠিয়াই খবৰটো দিয়ে মোক৷ নৰহৰি ওজা, টাউনত সূতাৰ ব্যৱসায়৷ গজেন বৰা, চিনেমা হলৰ মেনেজাৰ৷ চন্দন শইকীয়া, সুতৰ কাৰবাৰী, ডিভোৰ্চী, ল’ৰা-ছোৱালী এহাল আছে৷ ইত্যাদি৷ মই হা না একো উত্তৰ নিদিওঁ৷ বহুতে হেনো মই কিমান দৰমহা পাওঁ, কিমান জমা কৰিছোঁ সেইবোৰো জানিব খোজে৷ আনকি মোৰ ঋতুচক্ৰৰ বিষয়েও উৎসুকতা দেখুৱাইছে৷ দৰা বিচাৰি হতাশ হোৱা মায়ে শেষত এদিন কান্দু-মান্দু হৈ কৈয়ে পেলায়, ” জাননে তোৰ বেয়া বেয়া বদনাম উলিয়াই নিজৰ মানুহবোৰেই বিয়াবোৰ ভাঙি দিয়ে৷ চবৰেনো কিয় ইমান হিংসা আমালৈ!”
কি বদনাম মা? সুধিব খুজিও ৰৈ যাওঁ৷ নুসুধো৷
কানু নাথাকিল৷ ৰাতিৰ ৰেলত উঠি গুচি গ’ল৷ মোৰো আজিকালি কি জানো হৈছে, মানুহ-দুনুহ একোৱেই ভাল নলগা হৈছে৷ অকলশৰে থাকিবলৈ পালেই ভালপাওঁ৷ কানুক জোৰ নকৰিলোঁ৷ দৌৰাদৌৰিকৈ ৰান্ধি দিয়া ভাত কেইটাখাই কানু গুচি গ’ল৷ আগতে মই ঘৰলৈ গ’লে বা মোৰ ইয়ালৈ ঘৰৰ কোনোবা আহিলে এৰাএৰি হ’বৰ মন নগৈছিল৷ বিদায়ৰ বহু পাছলৈ মোৰ মন শুদা শুদা লাগিছিল৷ আজিকালি কাৰো বাবে ইমান দুখ নালাগে৷ কাকোৱেই ইমান মিছ নকৰো৷ কানু সৰু থাকোঁতে মোৰ বিছনাত শুৱাই ক’ত সাধু কৈছিলোঁ তাক৷ কানুটোৰ গোঁফ গজিল৷ মাতটো মোটা হল৷ চালচলন বোৰ গহীন হ’ল৷ মদগজ ডেকা এটাৰ দৰে ওখপাখ হল৷ আজি কালি কাকো বিশ্বাস কৰিবলৈ মন নাযায়৷ কানু যোৱাৰ পাছত নিশা শুবৰ পৰত নাইটীটো পিন্ধোতে অকস্মাতে আইনাখনত দেখিলোঁ নিজক৷ আগতে শুবৰ পৰত লাইফ চাইজৰ এই ড্ৰেচিং আইনাখনৰ সমুখত বহি গোটেই গাটোতে কিবা কিবি সানিছিলোঁ৷ আইনাত নিজক চাই চাই চুলিবোৰ ফণিয়াইছিলোঁ৷ মুখত ঘঁহিছিলো গাখীৰৰ সৰ বা গোলাপজল৷ চকুৰ গুৰিৰ ক’লা দাগবোৰ বা তলে তলে পকা চুলিবোৰ দেখোতেও কেতিয়াও মোৰ নিজৰ প্ৰতি বিৰাগ জন্মা নাছিল৷ আজিকালি আইনাত নিজক চাবলৈ অলপো মন নাযায়৷ এনে লাগে যেন মই মোৰ দেহত আন কাৰোবাৰ চেহেৰা এটাহে পিন্ধি আছোঁ৷ নিজৰ উদং শৰীৰটোলৈ চাই আজি পুনৰ তেনেভাৱ হল৷ এনেদৰে চালোঁ যেন আনৰহে শৰীৰ৷ ৰ’দ-পানী নপৰা নিৰ্যাসহীন এজোপা গছৰ দৰে শৰীৰৰ সকলোবোৰ শুকাই আহিব ধৰিছে৷ নিৰীহ নিস্তৰংগ বুকুখনত হেৰাই যাব ধৰিছে নাৰীত্বৰ সমস্ত আকুতি৷ মোৰ মাজত এতিয়া আৰু একো নাই, আছে কেৱল এটা খোলা৷ মই জানো মুখৰ এই দাগবোৰ, ক’লাপৰি যোৱা চকুৰ এই গুৰিবোৰ, পকি যোৱা চুলিবোৰ হয়তো মই ৰঙেৰে ঢাকি ৰাখিব পাৰিম, কিন্তু ভাঙি যোৱা সম্পৰ্কবোৰে চেহেৰাৰ তলত যি দাগ বহুৱালে, সেই দাগ আঁতৰাম কেনেকৈ? সেয়ে আজি কালি মই কলৈকো যাব নোখোজো৷ ফেছাৰ্ছ বা সৰস্বতী পূজাৰ দিনটোত কলেজ প্ৰাংগনত মোক যেতিয়া কোনেও নেদেখে, পাছদিনা মই শুনাকৈ কোনোবা কলিগে শূন্যতে ইতিকিং কৰি কয়— আনছ’ছিয়েল৷ প্ৰাউডী!
কেতিয়াবা কোনো আত্মীয় ছোৱালীৰ বিয়াতো যেতিয়া সকলোৰে পৰা মই দূৰে দূৰে থাকোঁ, তেতিয়াও মই শুনাকৈ নিজৰে কোনোবাই কৈ উঠে— ঈৰ্ষা! আৰুনো কি! আজিকালি কোনো কথাই গা পাতি নলওঁ৷ মই সহজভাবেই মানি লৈছোঁ যে এগৰাকী নাৰী হিচাপে পুৰুষৰ পৃথিৱীত মই বাতিল হৈ গৈছোঁ৷
মোৰ সপোনবোৰ আকাংক্ষাৰ সপোন নাছিল৷ মোৰ সপোনবোৰ আছিল টোপনিত দেখা সপোনবোৰৰ দৰেই৷ ৰাস্তাৰ দাঁতিৰ বগৰী, নদীঘাটৰ ৰক্তিম সন্ধিয়া, এখন স্নেহাৰ্ত পুৰুষ হাতৰ স্পৰ্শ, টাবত ৰুৱা কেইজোপামান ফুলপুলি…আৰু মন গ’লেই চেতাৰত হাতবুলাই যেন কিবা এটা গাব পাৰোঁ— সখী ভাবনা কাহাৰে বলে, সখী যাতনা কাহাৰে বলে…
নিয়ৰৰ স’তে এৰাএৰি হ’ব লগা হোৱাটো হয়তো আছিল মোৰ ভবিতব্য৷ সি আছিল মোৰ টোপনিৰ মোহময় অলীক সপোন৷ সপোন ভাঙিলে সকলো অদৃশ্য হৈ যায়৷ নিয়ৰো তেনেদৰে অদৃশ্য হৈ গ’ল৷ সি যে মোৰ বাবে অকণোৱেই ত্যাগ স্বীকাৰ কৰিব নুখজিলে, সেইকথা মনত পৰিলে মই আজিও আহত হওঁ সঁচা, কিন্তু তাক দোষ দিব নুখোজোঁ৷ তাৰ সীমাবদ্ধতাক বুজি নাপাবলৈ মোৰ ভালপোৱা ইমান ঠুনুকা নাছিল, নাছিল বাবেই হয়তো গ্ৰহণ কৰিব পাৰিলোঁ তাৰ স্বাৰ্থপৰতাকো৷ কিন্তু মৃণ্ময়ৰ কথা আছিল বেলেগ৷ তাক হয়তো মই জীৱনত কোনো কালে ক্ষমা কৰিব নোৱাৰিম৷ সি মোক সকলোধৰণে লঘু কৰি থৈ গ’ল৷ কলেজখন এৰি আন এটা চাকৰি কৰিবলৈ গুচি যাওঁতে সি মোক মাতষাৰো দি থৈ যাবলৈ ইচ্ছা নকৰিলে৷ অথচ মইতো কেতিয়াও তাৰ স’তে নিবিড় হ’বই খোজা নাছিলোঁ৷ তাকতো মই কেতিয়াও নিজলৈ বুলি পাবই খোজা নাছিলোঁ৷ সি মোৰ দুৰ্বলতাবোৰতে আঘাত হানিলে৷ চোৰৰ দৰে সি মোৰ মনত গোপনে আবেগ জগাই তুলিলে৷ মোৰ অসহায়ত্ব, একাকিত্বৰ সুযোগ লৈ সি মোক সপোনৰ মাজলৈ লৈ গ’ল আৰু সপোনবোৰ ভাঙি দি অকলে এৰি গুচি গ’ল নিৰ্দয়ভাবে৷ মই মোৰ মাজতে জীয়াই থাকিব বিচাৰিছিলোঁ৷ কি প্ৰয়োজন আছিল ইমান আব্দাৰ দেখুৱাৰ, কি দৰকাৰ আছিল চেনেহ যঁচাৰ! নিয়ৰ আঁতৰি গৈ কৰি তোলা জীৱনৰ শূন্যতাখিনিক মই অন্তত টাবৰ ফুলৰে, চেতাৰৰ মুৰ্চনাৰে অলপ হ’লেও ভৰাই ৰাখিব পাৰিছিলোঁ৷ কিন্তু মৃণ্ময়ে মোৰ টাববোৰো ভাঙি থৈ গল, ফুলবোৰো উভালি থৈ গ’ল, চিঙি থৈ গ’ল চেতাৰৰ তাঁৰবোৰো৷ মোৰ নিজলৈ একোৱেই বাকী নাথাকিল৷
এখন শূন্য পৃথিৱীত একাকী জীৱনটো মানি ল’বলৈ কৰা মোৰ অপ্ৰাণ চেষ্টাৰ মাজত হঠাৎ ক’ৰ পৰা জানো আহি সকলোবোৰ সন্তৰ্পনে আউল লগাই দিলে প্ৰভাত দাসে৷ পঞ্চাছ বছৰ বয়সত নিঃসন্তান মানুহজনে জীৱনটো নতুনকৈ আৰম্ভ কৰিব খুজিছিল৷ বিছটা বছৰ একেলগে কটোৱাৰ পাছত ঘৈণীয়েকে এৰি থৈ গৈছিল মানুহজনক৷ সকলো পুৰণিৰ মায়া এৰি ঘৈণীয়েকে এজন ৰিটেয়াৰ্ড কৰ্ণেলৰ সতে পলাই গৈ দূৰ চহৰ এখনত নতুনকৈ সংসাৰ ৰচাৰ কাহিনীটো শুনি মই আচৰিত হৈছিলোঁ৷ আচৰিত হৈছিলোঁ এই ভাবি যে তাৰমানে জীৱনটো ক’তো থমকি নৰয়৷ প্ৰভাত দাসৰ ঘৰৰ চৌহদতে এখন নাৰ্চাৰী আছিল৷ মই ফুল বিচাৰি আহোঁতে তেওঁ মোক বহিবলৈ দি দুই এটা কথা পাতিছিল৷ প্ৰথমে ভাবিছিলোঁ এই আগ্ৰহ- আতিথ্যবোৰ আন দহজন পুৰুষ মানুহৰ দৰেই তেওঁৰো স্বভাৱজাত আচৰণ৷ নাৰীক অকলশৰীয়া যেন পালে সকলোৱে সুযোগ বিচাৰে৷ বয়সস্থ বিবাহিত পুৰুষবোৰতো লেকাম নোহোৱা ঘোঁৰাৰ দৰে৷ তাতে আৰু তেওঁ ডিৰ্ভোচী মানুহ৷ তেওঁ জোৰকৈ উপহাৰ হিচাপে যাচিব খোজা ফুলপুলিটোৰ দাম ময়ো জোৰ কৰি দি থৈ আহিছিলোঁ৷ মোক এতিয়া আৰু কাৰো মৰমৰ প্ৰয়োজন নাই৷ মোক কাৰো দয়াও নালাগে৷ কিন্তু প্ৰভাত দাসে যেতিয়া মোৰ ব্যক্তিগত জীৱনটোৰ বিষয়ে জনাৰ প্ৰয়োজনবোধ নকৰিলে, বা ক’ব নুখুজিলে নিজৰো কথা, কেৱল যেতিয়া ক’লে ফুলবোৰৰ কথাকে, মোৰনো শুনাত কি ক্ষতি? মোক দেখিলেই তেওঁ কৈ যায় অৰ্নগল–ফুলবোৰ কেনেকৈ ফুলে, কিয় ফুলে, ফুলিলে কি হয়৷ তেওঁ কয়, ফুলেই হেনো সকলোতকৈ সৰল আৰু কোমল৷ ফুলে বেয়াবোৰ অকণো সহিব নোৱাৰে৷ সেইবাবে ফুল অলপতে মৰি যায়৷ যদি ফুল মৰি যায় জানিবা জগতখন কলুষতাৰে ভৰিছে৷ পৃথিৱীৰ পৰা হেনো বহু ফুল মৰি চিৰকালৰ বাবে নোহোৱা হৈ গ’ল৷ বিজ্ঞানীয়ে হেনো বহু ফুলগছ ক্লোনিং কৰিহে পুনৰ জনম দিব লগা হৈছে৷
জৈৱ প্ৰকৃতিৰ এই কথাবোৰ তেওঁ নিজস্ব অনুভৱেৰে যি দাৰ্শনিক ব্যাখ্যা দিছিল শুনিতো ভালেই লাগিছিল৷ এদিন তেওঁ ভাবুক হৈ ক’লে, “এই যে দেখিছা ৰঙ-বিৰঙী ফুলবোৰ, আৰু তাৰ গোন্ধবোৰ বা আমাৰ এই যে জনা আৰু দেখা জগতখন, জানানে এই সকলোবোৰ আমাৰ ভাৱৰহে প্ৰকাশ৷ জাগতিক অস্তিত্বৰ ইয়াৰ আৰু সত্য বুলিবলৈ আন একো নাই৷” জীৱনৰ মাজবয়সত এগৰাকী ডিভোৰ্চী ফুলবিক্ৰেতাই কোৱা এই কথাষাৰে মোক হতভম্বিত কৰি তুলিছিল৷ এই কথাতো হেগলে কৈছিল, যিবোৰ কথা মই সদায় কলেজত পঢ়ুৱাওঁ৷ প্ৰভাত দাসে যে হেগল জানি কথাটো ক’ব মোৰ বিশ্বাস হোৱা নাছিল৷ ঠিকেই, তেও
গল্পটোৱে নিৰী জীৱনৰ অনেক কথাই কৈ গ’ল ৷
চকুৰ পলক নেপেলোৱাকৈ গল্পটো পঢ়িলোঁ ৷
গল্পটো পঢ়িলোঁ । সুন্দৰ কথনভংগী ।