"মৃতদেহৰ চিনাকি"(-উচ্চজিৎ কলিতা )

মৃতদেহবোৰৰ গলিত
মোৰ মৃত্যু হোৱাৰ পিছত
সমাধিস্থলীত এপিটাফ্ খোদিত কৰা

 
 
 
 
 
 
 
 
 
 
শিল্পীজনক বিচাৰি মই কবৰখানালৈ গৈছিলোঁ,
তাত ঘূৰি ফুৰা মৃতদেহবোৰৰ এটাই
মোক শিল্পীৰ ঠিকনাটো দিছিল ।
কবৰভূমিৰ এচুকত এটা পৰিত্যক্ত গাঁতত
হাতুৰী-বটালি লৈ ব্যস্ত আছিল শিল্পী,
মৃতদেহৰ দৰে জীৰ্ণ-শীৰ্ণ তেওঁৰ হাতভৰি
মৃতদেহৰ দৰেই বীভৎস তেওঁৰ হাঁহি,
আৰু জকজকাই ওলাই থকা কামিহাড় ।
মোক দেখি (নে শুনি) সুধিলে –
মই হিন্দু নে মুছলমান,
বৌদ্ধ নে জৈন,
শিখ নে খৃষ্টান
নে মই এজন অধৰ্মী নাস্তিক;
মোৰ মৃত্যুৰ আগমুহূৰ্তত মোক
কোৰাণ শুনোৱা হৈছিল নে গীতা,
নে মোৰ বুকুত আঁৰি দিয়া হৈছিল এটা ক্ৰছ !
মই ক’লোঁ – মোৰ চিনাকি,
মই মাত্ৰ এটা গেলিব ধৰা মৃতদেহ ।
ঢেকঢেকাই হাঁহি উঠিল শিল্পী,
কাৰণ সোধাত ক’লে –
মৃতদেহৰ চিনাকি মাথোঁ মৃতদেহ বুলি ক’ব পৰাজন
কেতিয়াও সঁচাকৈয়ে মৃতদেহ হ’ব নোৱাৰে !
নিজকে খেপিয়াই চাই দেখিছিলোঁ
তেতিয়াও মোৰ মৃত্যু হোৱা নাছিল

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!