মৃত্যুক জয় কৰা ছোৱালীজনী —সুকুমাৰ পায়েং

দেখাত তেনেই সাধাৰণ এজনী ছোৱালী৷ ভলীবল প্ৰিয় তাইৰ৷ দেশৰ হৈ ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্বও কৰিছে৷ ইচ্ছা তাইৰ CISF ত যোগদান কৰি দেশৰ সুৰক্ষাৰ বাবে কাম কৰাৰ৷ সপোনক বাস্তৱক কৰাৰ পণ লৈ CISF ত ভৰ্তি হোৱাৰ ইচ্ছাৰে পৰীক্ষা দিবৰ বাবে পদ্মাৱতী নামৰ ৰেলখনত দিল্লীলৈ ৰাওনা হৈছিল৷ সময় আছিল অতি নিষ্ঠুৰ৷ মানুহ মুখাধাৰী দুস্কৃতিকাৰীৰ এটা দলে তাই পিন্ধি থকা সোণৰ হাড়ডাল দখল কৰিবলৈ গৈ তাইক চলন্ত ৰেলৰ পৰা গতিয়াই দিলে৷ তাই কিবা এটা কৰিব পৰাৰ শক্তি গোটাবলৈ সাজু হোৱাৰ আগতেই তাইৰ ভৰিৰ ওপৰত এখনৰ পাছত এখনকৈ ৰেল চলি গৈছিল৷ তাই ওৰে নিশা পৰি ৰৈছিল ৰেল ট্ৰেকত৷ চকুপানীবোৰেও তাইৰ সংগ ত্যাগ কৰিছিল৷ তাইৰ ভৰিৰ কটা মাংসৰ ওপৰত এন্দুৰৰ উৎপাত বাঢ়িছিল৷ তাই নীৰৱে সহ্য কৰি গৈছিল৷ মৃত্যু বিচাৰিছিল৷ মুক্তি বিচাৰিছিল!
অৱশেষত মানুহ আহিছিল৷ মানুহ! জীৱন বচাবলৈ এখন ভৰিৰ বিচ্ছেদ অপৰিহাৰ্য বুলি চিকিৎসকে জনালে৷ আনখন ভৰিটো লগাব লাগিব লোহাৰ ছটা৷ সকলোৱে দুখ কৰিলে৷ গাভৰু ছোৱালীজনীৰ এই অৱস্থা! কি কৰিব তাই এতিয়া? কেনেকৈ ভৱিষ্যত জীৱন পাৰ কৰিব? চিকিৎসালয়ত নিজৰ হেৰুওৱা ভৰিখন চাই তায়ো হয়তো ভয় খাইছিল৷ সকলোতে যেন আন্ধাৰ! উশাহ ল’বলৈও যে ইমান কষ্ট! বহুতে বহুত কথা প্ৰচাৰ কৰিলে৷ তাই হেনো স্ব-ইচ্ছাই মৰিব বিচাৰিছিল৷ তাই মিছলীয়া৷ কিবা এটা কৰিম -তাই ভাবিলে৷ কথাৰে নহয় কামেৰে উত্তৰ দিব৷ পৰিয়ালক জনালে তাই, পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ বগাব, নাম যাৰ এভাৰেষ্ট৷ মানুহে হাঁহিলে, পাগলী হ’ল সেইজনী৷ কৃত্ৰিম ভৰিৰে এনে সপোন দেখা ভাল নহয় বুলি ইতিকিং কৰিলে৷ আকাশত চাং পতা কথা৷ তাই হাৰ নামানিলে৷ লাঞ্জনাবোৰ আশীৰ্বাদ হিচাপে ল’লে৷ কঠোৰ পৰিশ্ৰমৰ মাজতো তাই অনুভৱ কৰিলে, ভবা আৰু কৰাৰ মাজত আছে আকাশ-পাতাল পাৰ্থক্য৷ তথাপি তাই হাৰিব নোৱাৰে৷ জিকিব লাগিব৷ নিজক সান্তনা দিলে৷ অৱশেষত সকলো বাধা নেওচি সকলোকে অবাক কৰি কৃত্ৰিম ভৰিৰে এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম ভাৰতীয় নাৰী হিচাপে তাই নিজৰ নাম লিপিবদ্ধ কৰিলে৷ তেতিয়াৰ পৰা আজিলৈকে তাই ৰৈ থকা নাই৷ এটাৰ পাছত এটাকৈ প্ৰতিখন মহাদেশৰ ওখ শৃংগবোৰ পৰাজিত কৰাৰ পাছত এইবছৰৰ জানুৱাৰী মাহত অতিকৈ দুৰ্গম এণ্টাকৰ্টিকাত অৱস্থিত মাউণ্ট ভিনশ্যন সফলতাৰে আৰোহণ কৰি বিশ্ববাসীৰ চকু কপালত তুলিলে৷
হয়, মই কৈছোঁ ২০১৫ বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰাপ্ত পৰ্বত আৰোহনকাৰী অৰুণিমা সিনহাৰ কথা৷ মৃত্যুক জীৱন দিয়া এনে যোদ্ধাই আমাক শিকাই যায়, ভাগ্য নহয়, কৰ্মহে সলনি কৰিব পাৰে মোৰ, আপোনাৰ জীৱন৷ সমস্যা যে সদায় সমস্যা নহয়, সেয়া তেওঁ আকৌ প্ৰমাণ কৰিলে৷ যিসকলে জীৱনৰ বিভিন্ন সমস্যাৰ পাল্লাত পৰি নিজৰ জীৱন ইতি পেলোৱাৰ কথা মাজে মাজে চিন্তা কৰে, কৰিছে অথবা যিসকলে নিজৰ সক্ষমতাৰ ওপৰত অবিশ্বাসৰ ডাৱৰ কঢ়িয়াই লৈ ফুৰিছে, তেওঁলোকেও কওক, জীৱন জিন্দাবাদ৷ মানুহ আমি৷ মৰি যাম, হাৰি নাযাওঁ৷
( দুদিনমানৰ আগতে আকৌ দুজন ছাত্ৰৰ আত্মহত্যাৰ খবৰে জীৱন কৌশলভিত্তিক শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আকৌ আমাক ভাবিবলৈ বাধ্য কৰিছে৷ এনে খবৰে মোক, আপোনাক মৰ্মাহত কৰে৷ সেয়ে, আহক সকলোৱে বৃত্তিমূলক শিক্ষাৰ লগতে জীৱন কৌশলৰ শিক্ষা প্ৰদানৰ ওপৰতো গুৰুত্ব দিওঁ৷ মনত ৰাখিব, আপোনাৰ মোৰ দায়িত্ব বহুত৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!